Thursday, 24 May 2018

কাবাৰ চাবি আৰু আল্লাহৰ ন্যায় , লেখক - শ্বাহিদুল ইছলাম

নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে (কুৰআন ৪:৫৮)

জাহিলিয়াতৰ যুগত কাবাগৃহৰ চাবি (Key of Kaaba) ৰ গৰাকী আছিল ওচমান বিন তালহা আৰু তেওঁৰ পৰিয়াল আৰু তেওঁলোক আছিল অ-মুছলমান। মুছলমান সকলে মক্কা বিজয়ৰ পাছত নবী হজৰত মহাম্মদ (ছ:) য়ে মক্কাত উপস্থিত হৈ কাবাগৃহৰ পিনে অগ্ৰসৰ হোৱাৰ খবৰ পাই ওচমান বিন তালহাই কাবাৰ দুবাৰত তলা লগাই চাবি সহ কাবাগৃহৰ ছাদ (roof) ত আত্মগোপন কৰিছিল। নবী (ছ:) কাবাৰ দুৱাৰ বন্ধ দেখা পাই ইয়াৰ চাবি বিচৰাত উপস্থিত লোকসকলে চাবিপাত ওচমান বিন তালহাৰ হাতত আছে আৰু তেওঁ কাবাৰ ছাদত আত্মগোপন কৰা বুলি নবী (ছ:) ক জনাই দিয়ে। তেতিয়া আলী (ৰা:) য়ে ওচমান বিন তালহাক কাবাৰ চাবিপাত ঘুৰাই দিবলৈ কয় যিহেতু নবী (ছ:) য়ে চাবিপাত বিচাৰি আছিল। তেতিয়া ওচমান বিন তালহাই কৈছিল "হে মহাম্মদ , মই যদি আপোনাক নবী বুলি বিশ্বাস কৰিলো হয় মই কাবাৰ দুবাৰ বহু আগতেই খুলি দিলো হয় ,মই যিহেতু আপোনাক আল্লাহৰ নবী বুলি বিশ্বাসে নকৰো গতিকে মই কাবাৰ চাবি আপোনাক ঘুৰাই নিদিওঁ" ।

এই উত্তৰ পোৱাৰ পাছত আলী (ৰা:) য়ে ওচমান বিন তালহাৰ হাতৰ পৰা চাবিপাত কাঢ়ি লৈ কাবাৰ দুৱাৰখন খুলি দিয়াত নবী (ছ:) কাবাৰ ভিতৰত প্ৰবেশ কৰি দুই ৰাকাত ছালাত আদায় কৰে।

কাবাগৃহৰ ভিতৰত নবী (ছ:) ৰ খুড়া আল আব্বাছ ইবনে আব্দুল মুতাল্লিবে নবী (ছ:) ক কাবাৰ চাবি পাতৰ মালিকী স্বত্ব তেওঁ আৰু তেওঁৰ পৰিয়ালক প্ৰদান কৰিবলৈ অনুৰোধ কৰিবলৈ ধৰে আৰু তেতিয়াই কাবা গৃহৰ ভিতৰত নাজিল হৈছিল ছুৰা আন নিছাৰ আয়াত নং ৫৮ ,যিটো হল কাবাগৃহৰ ভিতৰত নাজিল হোৱা কুৰআনৰ একমাত্ৰ আয়াত যাৰ দ্বাৰা আল্লাহে কাবাৰ চাবিপাত ইয়াৰ প্ৰকৃত গৰাকী ওচমান বিন তালহাক ঘুৰাই দিবলৈ নিৰ্দেশ দিছিল-
"নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।" (কুৰআন ৪:৫৮)

আল্লাহৰ এই নিৰ্দেশ পোৱা মাত্ৰেই নবী (ছ:) য়ে লগে লগে আলী (ৰা:) ক কাবাৰ চাবিপাত ওচমান বিন তালহাক ঘুৰাই দি তেওঁৰ পৰা ক্ষমা খুজিবলৈ আদেশ দিছিল। আলী (ৰা:) য়ে ওচমান বিন তালহাৰ ওচৰলৈ গৈ কাবাৰ চাবিপাত তেওঁক ঘুৰাই দি তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থী হোৱাত ওচমান বিন তালহাই আচৰিত হৈ আলী (ৰা:) ৰ পৰা ইয়াৰ কাৰন জানিব বিচৰাত আলী (ৰা:) য়ে কৈছিল " হে ওচমান বিন তালহা, আল্লাহে তোমাৰ ওপৰত কুৰআনৰ আয়াত নাজিল কৰিছে আৰু নবী (ছ:) ক তোমাৰ আমানত তোমাক ঘুৰাই দিয়াৰ নিৰ্দেশ দিছে "

এই কথা শুনা মাত্ৰেই ওচমান বিন তালহাই কৈ উঠিছিল "আস-হাদু আন লা-ইলাহা ইল্লাল্লাহু ওৱা আস-হাদু আন্না মহাম্মাদান আবদুহু ওৱা ৰছুলুহু" অৰ্থাৎ মই সাক্ষদান কৰো যে আল্লাহ এক আৰু মহাম্মদ আল্লাহৰ প্ৰেৰিত ৰছুল "

এনেকৈ ইছলামৰ ন্যায় আৰু সততাৰ প্ৰতি আকৃষ্ট হৈয়ে ওচমান বিন তালহাই গ্ৰহন কৰিছিল ইছলাম ধৰ্ম আৰু তেতিয়াৰ পৰা আজিলৈকে কাবাগৃহৰ চাবিৰ গৰাকী হৈ আছে ওচমান বিন তালহা (ৰা:) ৰ বংশধৰ সকলে। যেতিয়াই কাবাৰ দুবাৰ খুলিব লগা হয় আৰবৰ বাদশাহে কাবাৰ চাবি বিচাৰি অনুৰোধ কৰিব লগা হয় কাবাৰ চাবিৰ জিম্মাদাৰ ওচমান বিন তালহা (ৰা:) ৰ বৰ্তমানৰ বংশধৰ জনক আৰু এয়া চলি থাকিব কিয়ামতলৈকে কাৰন এই সিদ্ধান্ত স্বয়ং আল্লাহ ৰাব্বুল আল আমিনৰ ।

Story of the Key of Kaaba by Mufti Menk

https://youtu.be/Gv-wVovnFiI