Sunday, 15 July 2018

উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্ৰহণ লেখক - জুবাইৰ ৰহমান

উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্ৰহন

অন্যায় অত্যাচাৰৰ বিস্তৃতি পৰিমণ্ডলত ঘনকৃষ্ণ মেঘমালাৰ বুকু ফালি পুনৰ এটি জ্যোতিষ্মান বিদ্যুতৰ চমকত আৰব গগণ উদ্ভাসিত হৈ উঠিল। আৰব জাহানৰ অন্যতম তেজস্বী পুৰুষ উমাৰ বিন খাত্তাবে ইছলাম ধর্ম গ্রহণ কৰিলে। তেওঁৰ ইছলাম গ্রহণৰ ঘটনা সংঘটিত হয় নবুওৱতৰ ৬ষ্ঠ বর্ষত [1] হামযাহ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণৰ মাত্র ৩ দিন পিছত। নাবী কাৰীম চাল্লাল্লাহু আলাইহি অছাল্লামে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণৰ কাৰণে আল্লাহৰ সমীপত প্রার্থনা কৰিছিল।

ইমাম তিৰমিযীয়ে আব্দুল্লাহ বিন উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা এই বিষয়টি বর্ণনা কৰিছে আৰু ইয়াক বিশুদ্ধ হিচাবে সাব্যস্ত কৰিছে। অনুৰূপভাৱে তাবাৰাণীয়ে ইবনে মাছউদ আৰু আনাছ ৰাদ্বিয়াল্লাহু আনহুমৰ মাধ্যমত বর্ণনা কৰিছে যে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ‘হে আল্লাহ! উমাৰ বিন খাত্তাব অথবা আবূ জাহিল বিন হিশ্বামৰ মাজৰ পৰা যিজন তোমাৰ ওচৰত অধিক প্রিয় তেওঁৰ দ্বাৰা ইছলামক শক্তিশালী কৰি দিয়া’।

আল্লাহে এই প্রার্থনা গ্রহণ কৰিলে আৰু উমাৰ মুছলিম হৈ গ’ল। এই দুজনৰ মাজত আল্লাহৰ ওচৰত উমাৰ ৰাদ্বিয়াল্লাহু আনহু অধিক প্রিয় আছিল। [2]

উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণ সম্পর্কিত সমস্ত বর্ণনা একত্রিত কৰি দৃষ্টি নিক্ষেপ কৰিলে এইটো স্পষ্ট হৈ উঠে যে, তেওঁৰ অন্তৰত ইছলামে ধীৰে ধীৰে স্থান লাভ কৰি থাকে। ইছলাম গ্রহণ সম্পর্কিত বিষয়াদি চমুকৈ তুলি ধৰাৰ পূর্বে তেওঁৰ মেজাজ আৰু আবেগ ও অনুভূতি সম্পর্কে সংক্ষেপে আলোকপাত কৰাটো উচিত বুলি ভাৱোঁ। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ উগ্র মেজায, ৰূঢ় প্রকৃতি আৰু বীৰত্বৰ কাৰণে তেওঁ আৰব সমাজত বিশেষভাৱে বিখ্যাত আছিল। মুছলিমসকলে কিছুকালৰ কাৰণে তেওঁৰ হাতত উৎপীড়িত ও নিগৃহীত হ’বলগীয়া হৈছিল। কিন্তু তৎসত্ত্বেও এটি লক্ষ্যণীয় বৈশিষ্ট্যৰ আভাষ যেন প্রথমৰ পৰাই তেওঁৰ মাজত পৰিলক্ষিত হৈছিল। তেওঁৰ আচৰণ দেখি ধাৰণা হৈছিল যে , ভাৱাবেগৰ দুই বিপৰীতমুখী শক্তিয়ে যেন তেওঁৰ অন্তৰ ৰাজ্যত পৰস্পৰে পৰস্পৰৰ লগত সংঘর্ষত লিপ্ত হৈ আছে। ইফালে তেওঁ তেওঁৰ পূর্ব-পুৰুষসকলৰ অনুসৃত ৰীতি-নীতি ও আচাৰ-অনুষ্ঠানৰ প্রতি অত্যন্ত শ্রদ্ধাশীল আছিল আৰু মদ্যপান ও আমোদ-প্রমোদৰ প্রতি তেওঁৰ যথেষ্ট আসক্তি আছিল। আনহাতে মুছলিমসকলৰ ঈমান ও আকীদা আৰু বিপদ-আপদত তেওঁলোকৰ ধৈর্য ধাৰণৰ অসাধাৰণ ক্ষমতা দেখি তেওঁ হতবাক হৈ গৈছিল আৰু সপ্রশংস দৃষ্টিত তেওঁলোকৰ ফালে চাই আছিল। অধিকন্তু কোনো কোনো সময়ত জ্ঞানী ব্যক্তিসকলৰ দৰে তেওঁৰ মনত তত্ত্ব-চিন্তাৰ উদ্রেকও হৈছিল। তেওঁ নিজ মনতে নানা বিষয়, নানা কথা চিন্তা কৰি থাকে। কোনো কোনো সময়ত এইটোও তেওঁৰ ভাৱ হৈছিল যে, ইছলামে যি পথৰ সন্ধান দিছে, যি পথত চলাৰ কাৰণে উদাত্ত আহ্বান জনাইছে সম্ভৱতঃ সেইটোৱেই উত্তম ও পবিত্রতম পথ। এইকাৰণে প্রায়েই তেওঁ দ্বিধা দ্বন্দ্বত ভুগিছিল, কোনো কোনো সময়ত বিচলিত বোধ কৰিছিল, কেতিয়াবা বা নিৰুৎসাহিত বোধ কৰিছিল। [3]
উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণ সম্পর্কিত বিৱৰণাদিৰ সমন্বিত চমুকৈ হৈছে- এদিন ৰাতি তেওঁ ঘৰৰ বাহিৰত অৱস্থানৰ  মাজেৰে ৰাতি যাপন কৰিবলগীয়া হয়। তেওঁ হাৰামলৈ আগমন কৰে আৰু ক্কাবা’হ গৃহৰ পর্দাৰ অভ্যন্তৰত প্রৱেশ কৰে। নাবী কাৰীম চাল্লাল্লাহু আলাইহি অছাল্লামে সেই সময়ত নামাজত লিপ্ত আছিল। নামাজত তেওঁ ছূৰাহ ‘আলহাক্কা’ তিলাওৱাত কৰিছিল। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে নীৰৱে গভীৰ মনোযোগৰ সৈতে তিলাওৱাত শ্রৱণ কৰিলে আৰু ইয়াৰ ঝংকাৰ, বাক্য বিন্যাস ও সুৰ-মাধূর্যত মুগ্ধ, চমৎকৃত ও হতবাক হৈ গ’ল।
উমাৰৰ বর্ণনা সূত্রে এইটো কোৱা হৈছে যে, তেওঁ কৈছেঃ মই মনতে ভাৱিলোঁ, আল্লাহৰ কছম, কুৰাইশ্বসকলে যেনেকৈ কৈ থাকে তেওঁ হৈছে এজন কবি। কিন্তু এই সময়ত নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত পাঠ কৰেঃ
‘নিশ্চয় এয়া (কুৰআন) এক মহা সন্মানিত ৰাছূলৰ (জিব্ৰীল ‘আঃ)-ৰ (বাহিত) বাণী। আৰু এয়া কোনো কবিৰ কথা নহয়, তোমালোকে খুবেই কম বিশ্বাস কৰা’। (আল-হাক্কাহ ৬৯/৪০-৪১)
উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘মই মনে মনে ক’লো, আৰু এয়াতো হৈছে মোৰেই মনৰ কথা, সেয়া কেনেকৈ তেওঁ জানিলে! নিশ্চয় মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে এজন মন্ত্র-তন্ত্রধাৰী গনক। মোৰ মনত এই ভাৱৰ উদয় হোৱাৰ ঠিক পিছতেই মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে তিলাওৱাত কৰিলেঃ
‘‘আৰু এয়া কোনো গণকৰ কথাও নহয়, তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। এয়া বিশ্বজগতৰ প্রতিপালকৰ ওচৰৰ পৰা অৱতীর্ণ।’ (আল-হাক্কাহ ৬৯/৪২-৪৩)
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাতত ছূৰাহৰ শেষলৈকে তিলাওৱাত কৰিলে আৰু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে সেইটো শ্রৱণ কৰিলে। এই প্রসঙ্গত উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, ‘সেই সময়ত ইছলামে মোৰ অন্তৰ ৰাজ্যত স্থান অধিকাৰ কৰি বহি পৰিল’। [4]
প্রকৃতপক্ষে, উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ অন্তৰ ৰাজ্যত এইটোৱেই আছিল ইছলামৰ বীজ ৰোপনৰ প্রথম সময়। কিন্তু তেতিয়াও তেওঁৰ চেতনাত অজ্ঞতাপ্রসূত আবেগ, আত্মপক্ষ সমর্থনৰ প্রতি প্রবল আকর্ষণ আৰু পূর্ব-পুৰুষসকলৰ ধর্মীয় অনুভূতি ও বিশ্বাসৰ ঐতিহ্যগত প্রভাৱে জগদ্দল প্রস্তৰৰ দৰে তেওঁৰ মন-মস্তিষ্কক ইমানেই প্রভাৱিত কৰি ৰাখিছিল যে ইছলামৰ প্রাথমিক অনুভূতিৰ কার্যকাৰিতা তেনেকুৱা এটা নাছিল বুলিয়েই কব পাৰি। সেয়েহে, বাপ-দাদাৰ আমলৰ পৰা চলি অহা সংস্কাৰক জীয়াই ৰখাৰ ক্ষেত্ৰতেই তেওঁৰ আগ্রহ আছিল ঐকান্তিক।

তেওঁ আছিল অত্যন্ত কঠোৰ প্রকৃতিৰ লোক। তেওঁৰ স্বভাৱগত কঠোৰতাৰ কাৰণেই তেওঁ আছিল ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছলিমসকলৰ অন্যতম বিপজ্জনক শত্রু। তেওঁ ইমানেই বিপজ্জনক আছিল যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ উদ্দেশ্যে এদিনাখন তেওঁ খোলা তৰোৱাল হাতত লৈ বহির্গত হয়। ৰুদ্র মেজাজত যোৱাৰ পথত এটা পর্যায়ত আকস্মিকভাৱে নঈম বিন আব্দুল্লাহ নাহহাম আদভী [5] নাইবা বনু যুহৰা [6] নাইবা বনু মাখযুমৰ [7] কোনো এজন ব্যক্তিৰ লগত তেওঁৰ সাক্ষাৎ হয়। তেওঁৰ ভ্রূ-যুগল কুঞ্চিত অৱস্থাত দেখি সেই ব্যক্তিয়ে প্ৰশ্ন কৰিলে, ‘হে উমাৰ! কি উদ্দেশ্যত ক’লৈ যোৱা? তেওঁ ক’লে, ‘মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ উদ্দেশ্যে গৈ আছোঁ।’ লোকজনে ক’লে, ‘মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰি বনু হাশ্বিম আৰু বনু যুহৰাৰ পৰা কেনেকৈ ৰক্ষা পাবা? উমাৰে ক’লে, ‘ধাৰণা হৈছে তোমালোকেও পূর্ব পুৰুষসকলৰ ধর্ম পৰিত্যাগ কৰি বে-দ্বীন হৈ গৈছা। লোকজনে ক’লে, ‘উমাৰ! এটি আজব কথা তোমাক শুনাম নেকি? তোমাৰ ভগ্নী ও ভগ্নীপতিয়ে তোমালোকৰ ধর্ম পৰিত্যাগ কৰি বে-দ্বীন হৈ গৈছে।’

এই কথা শুনি উমাৰ প্রজ্জ্বলিত অগ্নিকুণ্ডত ঘৃতাহুতি দিয়াৰ দৰে ক্রোধাগ্নিত দপ দপকৈ জ্বলি উঠিল আৰু পোনে পোনে ভগ্নীপতিৰ গৃহাভিমুখে যাত্রা কৰিলে। তাত খাব্বাব বিন আৰাত্তে এখন ছহীফাৰ সাহায্যত ছূৰাহ ত্ব-হা’ৰ অংশ বিশেষ স্বামী-স্ত্রী দুয়োজনকে তালিম দি আছিল। খাব্বাবে তেওঁলোকক তালিম দিয়াৰ কাৰণে নিয়মিত তালৈ যাতায়াত কৰিছিল। খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া উমাৰ ৰাদ্বিয়াল্লাহু আনহু তালৈ গমন কৰাৰ শব্দ শ্রৱণ কৰিলে তেতিয়া তেওঁ ঘৰৰ ভিতৰলৈ গৈ আত্মগোপন কৰিলে আৰু উমাৰৰ ভগ্নী ফাত্বিমাই ছহীফাখন লুকুৱাই ৰাখিলে। কিন্তু উমাৰে ঘৰৰ ওচৰলৈ গৈ খাব্বাবৰ কণ্ঠস্বৰ শুনিবলৈ পাইছিল। সেয়ে তেওঁ প্ৰশ্ন কৰিলে, ‘কাৰোবাৰ কণ্ঠত যেন মধুৰ আওৱাজ শুনিবলৈ পাইছোঁ’!

তেওঁৰ ভগ্নীয়ে উত্তৰ দিলে, ‘নাই তেনেকুৱা একো নাই। আমিয়েই পৰস্পৰে কথাবার্তা কৈছিলোঁ’। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘সম্ভৱতঃ তোমালোক উভয়েই বে-দ্বীন হৈ গৈছা’? ভগ্নীপতি ছাঈদে ক’লে, ‘আচ্ছা উমাৰ! কোৱাচোন, তোমালোকৰ ধর্মৰ বাহিৰে অন্য কোনো ধর্মত যদি সত্য থাকে তেন্তে কৰণীয় কি হ’ব’? এই কথা শুনা মাত্রকে উমাৰ খঙত জ্বলি উঠি ভগ্নীপতিক নির্মমভাৱে প্রহাৰ কৰিবলৈ ধৰিলে। নিৰুপায় ভগ্নীয়ে জোৰ কৰি ভ্রাতাক স্বামীৰ পৰা পৃথক কৰি দিলে। ইয়াতে অধিক ক্রুব্ধ হৈ উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ ভগ্নীৰ গলত এনেদৰে চেপি ধৰিলে যে, লগে লগে তেওঁৰ মুখমণ্ডল ৰক্তাক্ত হৈ গ’ল। ইবনে ইছহাক্কৰ বর্ণনাত আছে যে, তেওঁ মূৰত আঘাতপ্রাপ্ত হৈছিল। ভগ্নীয়ে ক্রোধ ও আবেগ জড়িত কণ্ঠত ক’লে, ‘উমাৰ! তোমাৰ ধর্মৰ বাহিৰে অন্য ধর্ম যদি সত্য হয়, এই কথা কৈ তেওঁ কালেমা শ্বাহাদত পাঠ কৰিলে, ‘মই সাক্ষ্য প্রদান কৰিছোঁ যে, আল্লাহৰ বাহিৰে সত্য কোনো উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা ও ৰাছূল’। শ্বাহাদতৰ এই বাণী শ্রৱণ কৰা মাত্রেই উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ভাৱান্তৰ আৰম্ভ হৈ গ’ল। তেওঁ তেওঁৰ ভগ্নীৰ ৰক্তাক্ত মুখমণ্ডল দেখি লজ্জিত হ’ল। তাৰ পিছত তেওঁ ভগ্নীক সম্বোধন কৰি মৰমসনা মাতেৰে ক’লে, ‘তোমালোকৰ ওচৰত যে কিতাবখন আছে সেইখন মোক এবাৰ পঢ়ি চাবলৈ দিয়া’। ভগ্নীয়ে ক’লে, ‘তুমি অপবিত্র হৈ আছা। অপবিত্র লোকে এইখন স্পর্শ কৰিব নোৱাৰে। কেৱল-মাত্র পবিত্রসকলেই এই কিতাব স্পর্শ কৰিব পাৰিব। তুমি গোছল কৰি আহা, তেতিয়াই কিতাব স্পর্শ কৰিব পাৰিবা। উমাৰে গোছল কৰি পাক-পবিত্ৰ হ’ল। তাৰ পিছত ছহীফাখন হাতত ললে আৰু বিছমিল্লাহিৰ ৰহমানিৰ ৰহীম পঢ়িলে। কবলৈ ধৰিলে, এয়াতো অতি পবিত্র নাম! তাৰ পিছত ছূৰাহ ত্ব-হাৰ পৰা পাঠ কৰিলেঃ

‘‘১. ত্ব-হা-। ২. আমি তোমাক দুখ-কষ্টত পতিত কৰিবলৈ তোমাৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা নাই; ৩. বৰং যিয়ে ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছো), ৪. যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে তেওঁৰ তৰফৰ পৰা এই নাযিলকৃত, ৫. পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে। ৬. আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে লগতে ভূগৰ্ভত যি আছে সেই সকলো তেওঁৰেই। ৭. আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে। ৮. আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই। ৯. আৰু মূছাৰ বৃত্তান্ত তোমাৰ ওচৰত আহি পাইছেনে? ১০. তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছো। আশা কৰো মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰো’। ১১. যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মূছা! ১২. ‘নিশ্চয় ময়েই তোমাৰ ৰব, এতেকে তোমাৰ জোতা যোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা। ১৩. ‘আৰু মই তোমাক মনোনীত কৰিছো। সেয়ে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা। ১৪. ‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা’। (ত্ব-হা ২০/১-১৪)
তেওঁ ক’লে, ‘এয়াতো অতি উত্তম আৰু অতি সন্মানিত কথা। মোক মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)-ৰ সন্ধান কোৱা।’ উমাৰৰ এই কথা শুনি খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ গোপনীয় অৱস্থানৰ পৰা ওলাই আহি ক’লে, ‘উমাৰ! সন্তুষ্ট হৈ যোৱা। মোৰ আশা যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বিগত বৃহস্পতিবাৰে ৰাতি তোমাৰ সম্পর্কে যি প্রার্থনা কৰিছিল (হে আল্লাহ! উমাৰ বিন খাত্তাব অথবা আবূ জাহিল বিন হিশ্বামৰ দ্বাৰা ইছলামক শক্তিশালী কৰি দিয়া) সেইটো কবুল হৈছে। এই সময়ত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাফা পর্বতৰ ওচৰৰৰ গৃহত অৱস্থান কৰি আছে’।
খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৰ মুখৰ পৰা এই কথা শুনাৰ পিছত উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ তৰোৱালখন কোষত ভৰাই লৈ সেই ঘৰৰ বহিৰাঙ্গনত উপস্থিত হৈ দৰ্জাত কৰাঘাত কৰিলে। দৰ্জাৰ ফাকেৰে এজন ব্যক্তিয়ে লক্ষ্য কৰি দেখিলে যে, কোষবদ্ধ তৰোৱালসহ উমাৰ থিয় হৈ আছে। তৎক্ষণাৎ ৰাছূলুল্লাহ ৰাদ্বিয়াল্লাহু আনহুক সেইটো অৱগত কৰোৱা হ’ল। উপস্থিত লোকৰ যিসকল তাত উপস্থিত আছিল সকলোৱেই লগে লগে সংঘবদ্ধ হৈ গ’ল। সকলোৰে মাজত এই সন্ত্রস্ত ভাৱ লক্ষ্য কৰি হামযাহ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰশ্ন কৰিলে, ‘বিষয়টো কি, এনেকুৱা কি হৈছে’? তেওঁলোকে উত্তৰ দিলে, ‘উমাৰ চোতালত থিয় হৈ আছে’।

হামযাহে ক’লে, ‘ঠিক আছে। উমাৰ আহিছে, দৰ্জা খুলি দিয়া। যদি তেওঁ সদিচ্ছা লৈ আগমন কৰিছে তেনেহ’লে আমাৰ তৰফৰ পৰাও ইন-শ্বা-আল্লাহ সদিচ্ছাৰ কোনো অভাৱ নহ’ব। আৰু যদি তেওঁ কোনো বেয়া উদ্দেশ্য লৈ আগমন কৰিছে তেনেহ’লে আমি তেওঁক তেওঁৰ তৰোৱালৰ দ্বাৰাই খতম কৰিম’। ইফালে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰৰ ভিতৰত অৱস্থান কৰি আছিল আৰু তেওঁৰ ওপৰত ওহী নাযিল হৈছিল। ওহী নাযিল সমাপ্ত হোৱাত তেওঁ বৈঠক ঘৰত উমাৰৰ ওচৰলৈ আগমন কৰিলে। তেওঁ তেওঁৰ কাপোৰ আৰু তৰোৱালৰ কোষত ধৰি জোৰকৈ টানি ক’লে,

‘উমাৰ! যেনেকৈ ওৱালীদ বিন মুগীৰাৰ ওপৰত অৱতীর্ণ হৈছিল তেনেকৈ আল্লাহৰ তৰফৰ পৰা যেতিয়ালৈকে তোমাৰ ওপৰত লাঞ্ছনা, অৱমাননা আৰু শিক্ষামূলক শাস্তি অৱতীর্ণ নহয় তেতিয়ালৈকে তুমি পাপাচাৰৰ পৰা বিৰত নহ’বা নেকি?’ তাৰ পিছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত দু‘আ কৰিলে,
‘হে সর্বশক্তিমান প্রভূ! তোমাৰ ইচ্ছা নাইবা অনিচ্ছাই হৈছে চূড়ান্ত। এই উমাৰ বিন খাত্তাবৰ দ্বাৰা ইছলামৰ শক্তি আৰু সন্মান বৃদ্ধি কৰা’। নাবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রার্থনা শ্রৱণৰ পিছত উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ অন্তৰত এনেকুৱা এক স্পন্দনৰ সৃষ্টি হৈ থাকিল যে, তেওঁ অস্থিৰ হৈ পৰিল আৰু পাঠ কৰিলে, ‘মই সাক্ষ্য প্রদান কৰিছোঁ যে, আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য নাই আৰু সচাঁকৈয়ে আপুনি আল্লাহৰ ৰাছূল।’

উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ মুখৰ পৰা তাওহীদৰ এই বাণী শুনাৰ লগে লগে ঘৰৰ ভিতৰত থকা লোকসকলে ইমান জোৰে ‘আল্লাহু আকবৰ’ ধ্বনি উচ্চাৰণ কৰিলে যে, মছজিদুল হাৰামত অৱস্থানকাৰী লোকসকলেও সেইটো স্পষ্টভাৱে শুনিবলৈ পালে। [8] আৰব মুলুকত এইটো সর্বজন বিদিত বিষয় আছিল যে, উমাৰ বিন খাত্তাব আছিল অত্যন্ত প্রতাপশালী আৰু প্রভাৱশালী ব্যক্তি। তেওঁ ইমানেই প্রতাপশালী আছিল যে, তেওঁৰ লগত প্রতিদ্বন্দ্বিতা কৰাৰ দৰে সাহস সেই সমাজত আন কাৰোৱেই নাছিল। এইকাৰণে তেওঁৰ ইছলাম গ্ৰহণৰ কথা প্রচাৰ হোৱা মাত্রকে মুশ্বৰিক মহলত ক্রন্দন আৰু বিলাপৰ ঢৌ উঠিল আৰু তেওঁলোকে অতি লাঞ্ছিত ও অপমানিত বোধ কৰিবলৈ ধৰিলে। পক্ষান্তৰে তেওঁৰ ইছলাম গ্রহণ কৰাৰ ফলত মুছলিমসকলৰ শক্তি সাহস ও মান মর্যাদা উল্লেখযোগ্য মাত্রাত বৃদ্ধি পাবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত আনন্দৰ জোৱাৰ উঠিল। ইবনে ইছহাক্কে নিজ সূত্রৰ বৰাতত উমাৰৰ বর্ণনাত উদ্ধৃত কৰিছে যে, ‘যেতিয়া মই মুছলিম হৈ গ’লো তেতিয়া চিন্তা-ভাৱনা কৰি থাকিলোঁ যে, মক্কাত কোন কোন ব্যক্তিয়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সকলোতকৈ প্রভাৱশালী শত্রু হিচাবে কাম কৰে গৈছে। তাৰ পিছত মনে মনে ক’লো, এই আবূ জাহিলেই হৈছে তেওঁৰ সকলোতকৈ ডাঙৰ শত্রু। তৎক্ষণাৎ তাৰ গৃহলৈ গমন কৰি দৰ্জাত কৰাঘাত কৰিলোঁ। সি বাহিৰলৈ ওলাই আহি (খুশ্ব আমদেদ, খুশ্ব আমদেদ) বুলি মোক অত্যন্ত আন্তৰিকতাৰ সৈতে স্বাগতম জনালে আৰু ক’লে, ‘কেনেকৈ এই অভগাৰ কথাটো আজি মনত পৰিল’? প্রত্যুত্তৰত কোনো ভূমিকা নকৰিয়েই মই প্ৰত্যক্ষভাৱে ক’লো, ‘তোমাক মই এই কথা কবলৈ আহিলোঁ যে, আল্লাহ আৰু তেওঁৰ ৰাছূল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনত মই বিশ্বাস স্থাপন কৰিছোঁ আৰু আল্লাহৰ তৰফৰ পৰা যি তেওঁৰ ওপৰত অৱতীর্ণ হৈছে তাৰ ওপৰতো বিশ্বাস স্থাপন কৰিছোঁ’। মোৰ কথা শ্রৱণ কৰা মাত্রেই সি সশব্দে দৰ্জা বন্ধ কৰি দি ক’লে, ‘আল্লাহে তোমাৰ বেয়া কৰক আৰু যিবোৰ মোৰ ওচৰত লৈ আহিছা সেইবোৰৰো বেয়া কৰক’।[9]

ইমাম ইবনে জাওযীয়ে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ বর্ণনা উদ্ধৃত কৰি কৈছে যে, যেতিয়াই কোনো ব্যক্তি মুছলিম হৈ যায় তেতিয়াই জনসাধাৰণে তেওঁৰ পিছত লাগি পৰে আৰু তেওঁক মাৰধৰ কৰে। তেৱোঁ সিহঁতক ওলোটাই মাৰধৰ কৰে। এইকাৰণে যেতিয়া মই মুছলিম হৈ গ’লো তেতিয়া মোৰ মামা আছী বিন হাশ্বীমৰ ওচৰলৈ গ’লো  আৰু তেওঁক মই মুছলিম হোৱাৰ খবৰ জানলোঁ। মোৰ কথা শুনা মাত্রেই তেওঁ ঘৰৰ ভিতৰত প্রৱেশ কৰিলে। তাৰ পিছত কুৰাইশ্বৰ এজন ডাঙৰ নেতাৰ ঘৰলৈ গ’লো (সম্ভৱতঃ আবূ জাহিলৰ প্রতি ইঙ্গিত কৰা হৈছে) আৰু তেওঁকো বিষয়টি সম্পর্কে অৱগত কৰিলোঁ, কিন্তু তেৱোঁ গৈ ঘৰৰ ভিতৰত প্রৱেশ কৰিলে। [10]

ইবনে ইছহাক্কে বর্ণনা কৰিছে যে, ইবনে উমাৰে কৈছে, যেতিয়া ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম কবুল কৰিলে তেতিয়া তেওঁ ক’লে, এনেকুৱা কোন আছা যিয়ে কোনো কথাকে খুব দ্ৰুত প্রচাৰ কৰিব পাৰে? লোকসকলে ক’লে, জামীল বিন মা’মাৰ জুমাহী। এই কথা শুনাৰ পিছত তেওঁ জামীল বিন মা’মাৰ জুমাহীৰ ওচৰলৈ গ’ল, মই তেওঁৰ সৈতেই আছিলোঁ। উমাৰে তেওঁক ক’লে যে, তেওঁ মুছলিম হৈ গৈছে। আল্লাহৰ শপত এই কথা শুনা মাত্রেই অত্যন্ত উচ্চকণ্ঠত তেওঁ ঘোষণা কৰি থাকিল যে, খাত্তাবৰ পুত্র উমাৰ বে-দ্বীন হৈ গৈছে। উমাৰ তেওঁৰ পিছফালেই আছিল, তৎক্ষণাৎ তেওঁ এইবুলি উত্তৰ দিলে যে, ‘এওঁ মিছা কৈছে। মই বে-দ্বীন হোৱা নই, বৰং মুছলিম হৈছোঁ’।

যিয়েই নহওঁক, মানুহে তেওঁৰ ওপৰত লাগি পৰিল আৰু মাৰপিট আৰম্ভ হৈ গ’ল। এটা পক্ষত জনতা আৰু অন্য পক্ষত উমাৰ; মাৰপিট চলিয়েই থাকিল। সূর্য প্রায় মূৰৰ ওপৰলৈ উঠালৈকে মাৰপিট চলিয়েই থাকিল। উমাৰে ক্লান্ত হৈ বহি পৰিল। ৰাইজে তেওঁক আগুৰি ধৰি থিয় হৈ আছিল। উমাৰে ক’লে, ‘যোৱা আনন্দ কৰা। আল্লাহৰ শপত! আমি যদি সংখ্যাত তিনিশ হ’লোহেঁতেন তেনেহ’লে মক্কাত তোমালোকে অৱস্থান কৰিলাহেঁতেন, নে আমি কৰিলোহেঁতেন সেইটো দেখাদেখি হৈ গ’লহেঁতেন। [11]

এই ঘটনাৰ পিছত মুশ্বৰিকসকল অধিক ক্রোধান্বিত আৰু সংঘবদ্ধ হৈ উঠিল আৰু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ঘৰত আক্রমণ কৰি তেওঁক হত্যা কৰাৰ এক গভীৰ ষড়যন্ত্রত লিপ্ত হ’ল। যিটো ছহীহুল বুখাৰীৰ মাজত ইবনে উমাৰৰ পৰা বর্ণিত হৈছে। তেওঁ কৈছে যে, উমাৰে ভীত-সন্ত্রস্ত অৱস্থাত ঘৰৰ ভিতৰতেই অৱস্থান কৰি আছিল। এনে সময়ত আবূ ‘আমৰ আছ বিন ওৱায়েল ছাহমীয়ে তালৈ আগমন কৰিলে। তেওঁ ইয়ামান দেশত তৈয়াৰ কৰা নক্সা অঁকা এযোৰ চাদৰ আৰু ৰেচমৰ দ্বাৰা সুসজ্জিত সুন্দৰ জামা পৰিহিত অৱস্থাত আছিল। তেওঁৰ সম্পর্ক আছিল ছাহম গোত্রৰ সৈতে আৰু জাহেলিয়াত যুগত এই গোত্রই বিপদ-আপদত আমাক সাহায্য কৰিব বুলি প্রতিজ্ঞাবদ্ধ আছিল।

তেওঁ প্ৰশ্ন কৰিলে, ‘বিষয়টো কি’? উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘মই মুছলিম হৈ গৈছোঁ আৰু এইকাৰণেই আপোনাৰ জাতিয়ে মোক হত্যা কৰিবলৈ ইচ্ছুক। আছ-এ ক’লে, ‘সেইটো সম্ভৱ নহয়’। আছ-ৰ এই কথা শুনি মই মনত কিছু শান্তি পালোঁ, কিছু তৃপ্তি অনুভব কৰিলোঁ। তাৰ পিছত আছ-এ তাৰ পৰা উভতি গৈ ৰাইজৰ লগত দেখা-সাক্ষাৎ কৰাৰ উদ্যোগ গ্রহণ কৰিলে। তেতিয়া জনতাৰ ভিৰত সমগ্র উপত্যকা ভৰি পৰিছিল। সাধাৰণ জনতাৰ সন্মুখভাগত থকা লোকসকলক প্ৰশ্ন কৰিলে, ‘তোমালোকে ক’লৈ গৈ আছা’? উত্তৰত তেওঁলোকে ক’লে, ‘আমি খাত্তাবৰ ল’ৰাৰ কিবা এটা হেস্তনেস্ত কৰিবলৈ ওলাইছোঁ। কাৰণ, সি বে-দ্বীন (বিধর্মী) হৈ গৈছে’। আছ-এ ক’লে, ‘নাই, সেইফালে যোৱাৰ কোনো পথ নাই’। এই কথা শুনা মাত্রেই ৰাইজ পুনৰ অগ্রসৰ নহৈ তেওঁলোকৰ পূর্বৰ স্থান অভিমুখে উভতি গ’ল। [12]

উমাৰৰ ইছলাম গ্রহণৰ কাৰণে মুশ্বৰিকসকলৰ এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল যিটো ইতিপূৰ্বে আলোচিত হ’ল। আনহাতে মুছলিমসকলৰ অৱস্থা সম্পর্কে কিছু ধাৰণা লাভ কৰা সম্ভৱ হ’ব ইয়াৰ সমান্তৰালভাৱে আলোচিত পিছৰ ঘটনাটিৰ পৰা। মুজাহিদে ইবনে আব্বাছৰ পৰা বর্ণনা কৰিছে, মই উমাৰ বিন খাত্তাব ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিলোঁ যে, কি কাৰণত লকব বা উপাধি ‘ফাৰূক’ হৈছে। তেতিয়া তেওঁ মোক ক’লে, ‘মোৰ তিনিদিন পূর্বে হামযাহ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম গ্ৰহণ কৰিছিল, তাৰ পিছত তেওঁ তেওঁৰ ইছলাম গ্রহণৰ ঘটনা বর্ণনা কৰি শেষত ক’লে যে, ‘মই যেতিয়া মুছলিম হ’লো তেতিয়া মই ক’লো, ‘হে আল্লাহৰ ৰাছূল (চাল্লাল্লাহু আলাইহি অছাল্লাম)! আমি সত্যৰ ওপৰত প্রতিষ্ঠিত নহয় নে, যদি জীৱিত থাকো নাইবা মৰি যাওঁ? নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘নিশ্চয়! সেই সত্ত্বাৰ শপথ যাৰ হাতত মোৰ জীৱন, তোমালোকে যদি জীৱিত থাকা নাইবা মৃত্যুমুখত পতিত হোৱা হক্ক বা সত্যৰ ওপৰতেই তোমালোক আছা’।

উমাৰৰ বর্ণনা : ‘তেতিয়া মই সকলোকে লক্ষ্য কৰি ক’লো যে, গোপনীয়তাৰ আৰু কি প্রয়োজন? সেই সত্তাৰ শপত যিয়ে আপোনাক সত্য সহকাৰে প্রেৰণ কৰিছে, আমি নিশ্চয় গোপনীয়তা পৰিহাৰ কৰি মুক্তভাৱে ওলাই আহিম’।
তাৰ পিছত আমি দুটি শাৰী বান্ধি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দু্ই শাৰীৰ মাজত লৈ বাহিৰলৈ ওলাই আহিলোঁ। এটা শাৰীৰ শীৰ্ষত আছিল হামযাহ ৰাদ্বিয়াল্লাহু আনহু আৰু আনটো শাৰীৰ শীৰ্ষত আছিলোঁ মই। আমাৰ যোৱাৰ কাৰণে ৰাষ্টাত যঁটাৰ আটাৰ দৰে পাতল ধূলিকণা উৰি গৈছিল। এনেদৰে আগুৱাই লাহে লাহে আমি মছজিদুল হাৰামত গৈ প্রৱেশ কৰিলোঁ। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘কুৰাইশ্বসকলে যেতিয়া মোক আৰু হামযাহক মুছলিমসকলৰ লগত দেখিলে তেতিয়া মনে মনে তেওঁলোক ইমানেই আঘাতপ্রাপ্ত হ’ল যে, এনেকুৱা আঘাত ইতিপূর্বে আৰু কেতিয়াও পোৱা নাই। সেইদিনাই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ উপাধি দিছিল ‘ফাৰূক’ [13]

ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৱে  কৈছে যে, যেতিয়ালৈকে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম ধর্ম গ্রহণ কৰা নাই তেতিয়ালৈকে আমি ক্বাবা’হগৃহৰ ওচৰত নামায আদায় কৰিবলৈ সাহস কৰা নাই’। [14]

ছুহাইব বিন ছিনান ৰূমীয়ে বর্ণনা কৰিছে যে,  ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে যিদিনা ইছলাম গ্রহণ কৰিলে সিদিনাৰ পৰা ইছলামে তাৰ গোপন প্রকোষ্ঠৰ পৰা ওলাই আহিল বহিৰ্জগতলৈ। সেইদিনাৰ পৰা প্রকাশ্যে প্রচাৰ আৰু মানুহক প্রকাশ্যে দ্বীনৰ আহ্বান জনোৱা সম্ভৱ হ’ল’।
পূর্বৰ সূত্রৰ পৰাই কোৱা হৈছে, ‘আমি গোলাকাৰ হৈ আল্লাহৰ ঘৰৰ ওচৰত বৈঠক কৰিলোঁ আৰু আল্লাহৰ ঘৰ প্রদক্ষিণ কৰিলোঁ। যিসকলে আমাৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছিল আমি তাৰ প্রতিশোধ গ্রহণ কৰিলোঁ আৰু সিহঁতৰ কোনো কোনো অন্যায়ৰ প্রতিবাদও কৰিলোঁ’। [15]
ইবনে মাছউদৰ বর্ণনাঃ ‘যেতিয়াৰ পৰা উমাৰ ৰাদ্বিয়াল্লাহু আনহু মুছলিম হৈছিল তেতিয়াৰ পৰা আমি সমানভাৱে শক্তিশালী হৈছিলোঁ আৰু মান-সন্মানৰ সৈতে বসবাস কৰিব পাৰিছিলোঁ’। [16]

[1] ইবনুল জাওযী লিখিত তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ১১। [2] তিৰমিযী আৰওৱাবুল মানাকৰ আবীহাফছ উমাৰ বিন খাত্তাব ২য় খণ্ড ২০৯ পৃঃ। [3] শাইখ মুহাম্মাদ গাযালীঃ ফিক্কহুছ ছীৰাহ ৯২-৯৩ পৃঃ। তেওঁ উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ মানসিকতাৰ দুই বিপৰীতমুখী ধাৰা সম্পর্কে আলোচনা কৰিছে। [4] ইবনে জাওযী তাৰীখে উমাৰ বিন খাত্তাব ৬ পৃঃ। ইবনে ইছহাক্কে আতা আৰু মোজাহিদৰ পৰা একেই ধৰণে বর্ণনা কৰিছে। কিন্তু তাৰ শেষাংশ এইটোৰ লগত সামান্য পৃথক। দ্রষ্টব্য ছীৰাতে ইবনে হিশ্বাম ১ম খণ্ড ৩৪৬ ও ৩৪৮ পৃঃ আৰু ইবনে জাওযীয়ে নিজেও যাবেৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা তেওঁৰ দৰেই বর্ণনা কৰিছে। কিন্তু ইয়াৰ শেষাংশতো এই বর্ণনাৰ বিপৰীত আছে, দ্রঃ তাৰীখে উমাৰ বিন খাত্তাব ৯-১০ পৃঃ। [5] এই বর্ণনা হৈছে ইবনে ইছহাক্কৰ দ্রঃ ইবনে হিশ্বাম ১ম খণ্ড ৩৪৪ পৃঃ। [6] এই বর্ণনা আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত দ্রঃ ইবনে জাওযী তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ১০ আৰু মুখতাছাৰুছ ছীৰাহ আব্দুল্লাহ ৰচিত ১০৩ পৃঃ। [7] এই বিষয়টি ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত হৈছে, দ্রঃ মুখতাছাৰুছ ছীৰাহ ১০২ পৃঃ। [8] তাৰীখে ইবনে উমাৰ পৃঃ ৭, ১০, ১১। শাইখ আব্দুল্লাহ মুখতাছাৰুছ ছীৰাহ পৃঃ ১০২-১০৩। ছীৰাতে ইবনে হিশ্বাম ১ম খণ্ড ৩৪৩-৩৪৬। [9] ইবনে হিশ্বাম ১ম খণ্ড পৃঃ ৩৪৯-৩৫০। [10] তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ৮। [11] তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ৮ ও ইবনে হিশ্বাম ১ম খণ্ড ৩৪৮-৩৪৯ পৃঃ। [12] ইবনে হিশ্বাম ১ম খণ্ড ৩৪৯ পৃঃ। [13] ইবনে জাওযী- তাৰীখে উমাৰ বিন খাত্তাব ৬-৭ পৃঃ। [14] শাইখ আব্দুল্লাহ - মুখতাছাৰুছ ছীৰাহ পৃঃ ১০৩। [15] ইবনে জাওযী, তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ১৩। [16] ছহীহুল বুখাৰীৰ উমাৰ বিন খাত্তাবৰ ইছলাম গ্রহণ অধ্যায় ১ম খণ্ড ৫৪৫ পৃঃ।

Thursday, 24 May 2018

কাবাৰ চাবি আৰু আল্লাহৰ ন্যায় , লেখক - শ্বাহিদুল ইছলাম

নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে (কুৰআন ৪:৫৮)

জাহিলিয়াতৰ যুগত কাবাগৃহৰ চাবি (Key of Kaaba) ৰ গৰাকী আছিল ওচমান বিন তালহা আৰু তেওঁৰ পৰিয়াল আৰু তেওঁলোক আছিল অ-মুছলমান। মুছলমান সকলে মক্কা বিজয়ৰ পাছত নবী হজৰত মহাম্মদ (ছ:) য়ে মক্কাত উপস্থিত হৈ কাবাগৃহৰ পিনে অগ্ৰসৰ হোৱাৰ খবৰ পাই ওচমান বিন তালহাই কাবাৰ দুবাৰত তলা লগাই চাবি সহ কাবাগৃহৰ ছাদ (roof) ত আত্মগোপন কৰিছিল। নবী (ছ:) কাবাৰ দুৱাৰ বন্ধ দেখা পাই ইয়াৰ চাবি বিচৰাত উপস্থিত লোকসকলে চাবিপাত ওচমান বিন তালহাৰ হাতত আছে আৰু তেওঁ কাবাৰ ছাদত আত্মগোপন কৰা বুলি নবী (ছ:) ক জনাই দিয়ে। তেতিয়া আলী (ৰা:) য়ে ওচমান বিন তালহাক কাবাৰ চাবিপাত ঘুৰাই দিবলৈ কয় যিহেতু নবী (ছ:) য়ে চাবিপাত বিচাৰি আছিল। তেতিয়া ওচমান বিন তালহাই কৈছিল "হে মহাম্মদ , মই যদি আপোনাক নবী বুলি বিশ্বাস কৰিলো হয় মই কাবাৰ দুবাৰ বহু আগতেই খুলি দিলো হয় ,মই যিহেতু আপোনাক আল্লাহৰ নবী বুলি বিশ্বাসে নকৰো গতিকে মই কাবাৰ চাবি আপোনাক ঘুৰাই নিদিওঁ" ।

এই উত্তৰ পোৱাৰ পাছত আলী (ৰা:) য়ে ওচমান বিন তালহাৰ হাতৰ পৰা চাবিপাত কাঢ়ি লৈ কাবাৰ দুৱাৰখন খুলি দিয়াত নবী (ছ:) কাবাৰ ভিতৰত প্ৰবেশ কৰি দুই ৰাকাত ছালাত আদায় কৰে।

কাবাগৃহৰ ভিতৰত নবী (ছ:) ৰ খুড়া আল আব্বাছ ইবনে আব্দুল মুতাল্লিবে নবী (ছ:) ক কাবাৰ চাবি পাতৰ মালিকী স্বত্ব তেওঁ আৰু তেওঁৰ পৰিয়ালক প্ৰদান কৰিবলৈ অনুৰোধ কৰিবলৈ ধৰে আৰু তেতিয়াই কাবা গৃহৰ ভিতৰত নাজিল হৈছিল ছুৰা আন নিছাৰ আয়াত নং ৫৮ ,যিটো হল কাবাগৃহৰ ভিতৰত নাজিল হোৱা কুৰআনৰ একমাত্ৰ আয়াত যাৰ দ্বাৰা আল্লাহে কাবাৰ চাবিপাত ইয়াৰ প্ৰকৃত গৰাকী ওচমান বিন তালহাক ঘুৰাই দিবলৈ নিৰ্দেশ দিছিল-
"নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।" (কুৰআন ৪:৫৮)

আল্লাহৰ এই নিৰ্দেশ পোৱা মাত্ৰেই নবী (ছ:) য়ে লগে লগে আলী (ৰা:) ক কাবাৰ চাবিপাত ওচমান বিন তালহাক ঘুৰাই দি তেওঁৰ পৰা ক্ষমা খুজিবলৈ আদেশ দিছিল। আলী (ৰা:) য়ে ওচমান বিন তালহাৰ ওচৰলৈ গৈ কাবাৰ চাবিপাত তেওঁক ঘুৰাই দি তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থী হোৱাত ওচমান বিন তালহাই আচৰিত হৈ আলী (ৰা:) ৰ পৰা ইয়াৰ কাৰন জানিব বিচৰাত আলী (ৰা:) য়ে কৈছিল " হে ওচমান বিন তালহা, আল্লাহে তোমাৰ ওপৰত কুৰআনৰ আয়াত নাজিল কৰিছে আৰু নবী (ছ:) ক তোমাৰ আমানত তোমাক ঘুৰাই দিয়াৰ নিৰ্দেশ দিছে "

এই কথা শুনা মাত্ৰেই ওচমান বিন তালহাই কৈ উঠিছিল "আস-হাদু আন লা-ইলাহা ইল্লাল্লাহু ওৱা আস-হাদু আন্না মহাম্মাদান আবদুহু ওৱা ৰছুলুহু" অৰ্থাৎ মই সাক্ষদান কৰো যে আল্লাহ এক আৰু মহাম্মদ আল্লাহৰ প্ৰেৰিত ৰছুল "

এনেকৈ ইছলামৰ ন্যায় আৰু সততাৰ প্ৰতি আকৃষ্ট হৈয়ে ওচমান বিন তালহাই গ্ৰহন কৰিছিল ইছলাম ধৰ্ম আৰু তেতিয়াৰ পৰা আজিলৈকে কাবাগৃহৰ চাবিৰ গৰাকী হৈ আছে ওচমান বিন তালহা (ৰা:) ৰ বংশধৰ সকলে। যেতিয়াই কাবাৰ দুবাৰ খুলিব লগা হয় আৰবৰ বাদশাহে কাবাৰ চাবি বিচাৰি অনুৰোধ কৰিব লগা হয় কাবাৰ চাবিৰ জিম্মাদাৰ ওচমান বিন তালহা (ৰা:) ৰ বৰ্তমানৰ বংশধৰ জনক আৰু এয়া চলি থাকিব কিয়ামতলৈকে কাৰন এই সিদ্ধান্ত স্বয়ং আল্লাহ ৰাব্বুল আল আমিনৰ ।

Story of the Key of Kaaba by Mufti Menk

https://youtu.be/Gv-wVovnFiI

Wednesday, 14 March 2018

ইছলামত অমঙ্গল বুলি কিবা আছ নেকি ? লিখক - মুফতি জামালুদ্দিন


ইছলামত অমঙ্গল বা কুলক্ষণক বিশ্বাস কৰা এটি কুসংস্কাৰ বুলি গন‍্য কৰা হয়, যিটো সম্পূর্ণ হাৰাম।কুলক্ষণ সম্পর্কে কোৰআনত আল্লাহ তা‘আলাই কৈছে,
" এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেইটো নাজানে।" (আল-‘আৰাফ ১৩১)।
আৰবসকলে যাত্রা ইত্যাদি কামৰ প্রাকক্ষণত চৰাই উৰুৱাই দি তাৰ শুভাশুভ নির্ণয় কৰিছিল। চৰাই সোঁফালে গ’লে শুভ বুলি ভাৱি সেই কামত নামি পৰিছিল আৰু বাওঁফালে গ’লে অশুভ বুলি ভাৱি তাৰ পৰা বিৰত আছিল। এনেদৰে শুভাশুভ নির্ণয়ৰ বিধান প্রসঙ্গত মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে-
‘কুলক্ষণত বিশ্বাস কৰা শ্বিৰ্ক’।
(আবুদাঊদ, তিৰমিযী; মিশকাত হা/৪৫৮৪)
মাহ, দিন, সংখ্যা, নাম ইত্যাদিক দুর্ভাগ্য বা অশুভ প্রতীক হিচাবে চিহ্নিত কৰাও তাওহীদ পৰিপন্থী হাৰাম আক্কীদাৰ অন্তর্ভুক্ত। যেনে- বহু দেশত হিজৰী চনৰ ছফৰ মাহত বিবাহ কৰাৰ পৰা বিৰত থকা হয় আৰু প্রতি মাহৰ শেষ বুধবাৰক চিৰস্থায়ী কুলক্ষণ বুলি ভৱা হয়। বিশ্বজুৰি আজি ১৩ সংখ্যাক ‘অশুভ তেৰ’ বা (Unluckey thirteen) বোলা হয়। কোনোৱে যদি এবাৰ তেৰ ক্রমিকত পৰি যায় তেনেহ’লে তাৰ আৰু দুশ্চিন্তাৰ সীমা নাথাকে। বহুতে কণা, খোৰা, পাগল আদি প্রতিবন্ধীসকলক কামৰ আৰম্ভণিতে দেখিলে মূৰৰ ওপৰত হাত দি বহি যায়। দোকান খুলিবলৈ গৈ পথত এনেকুৱা কোনো কণা-খোৰাক বা বিধবা দেখিবলৈ পালে তেওঁৰ আৰু দোকান খোলা নহয়। অশুভ বুলি ভাৱি তেওঁ উভতি আহে। অথচ এনে জাতীয় আক্কীদা পোষণ কৰা হাৰাম আৰু শ্বিৰ্ক। এইকাৰণে যিসকলে কুলক্ষণত বিশ্বাসী ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে  তেওঁলোকক তেখেতৰ উম্মতৰ অন্তর্ভুক্ত বুলি গণ্য কৰা নাই। ইমৰান বিন হুছাইন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে-
‘যি ব্যক্তিয়ে নিজে কুলক্ষণত বিশ্বাস কৰে আৰু যাৰ কাৰণে আনৰ মাজত কুলক্ষণৰ প্রতি বিশ্বাসৰ প্রৱণতা সৃষ্টি হয় আৰু যি ব্যক্তিয়ে ভাগ্য গণনা কৰে ও যাৰ কাৰণে ভাগ্য গণনা কৰা হয় (বর্ণনাকাৰীয়ে ভাৱে যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই সম্পর্কেও কৈছিল) আৰু যিয়ে জাদু কৰে ও যাৰ কাৰণে জাদু কৰা হয় সেই ব্যক্তি আমাৰ দলভুক্ত নহয়’।
( তাবাৰাণী, ছিলছিলা ছহীহাহ হা/২১৯৫)
কোনোবাই কোনো বিষয়ে কুলক্ষণত নিপতিত হ’লে সি ইয়াৰ কাৰণে কাফফাৰা দিব লাগিব। কাফফাৰা ইয়াত কোনো অর্থ নাইবা ইবাদত নহয়; বৰং পাপ বিমোচক এটি দু‘আ, যিটো আব্দুল্লাহ বিন আমৰ বর্ণিত হাদীছত আহিছে। তেওঁ কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিন ক’লে, কুলক্ষণে যি ব্যক্তিক কোনো কামৰ পৰা ফিৰাই ৰাখে, নিশ্চয় সি শ্বিৰ্ক কৰে। ছাহাবীসকলে আৰজ কৰিলে, ইয়া ৰাছূলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম)! তাৰ কাফফাৰা কি হ’ব? তেওঁ ক’লে, সেই ব্যক্তিয়ে কব-
উচ্চাৰণ : আল্লা-হুম্মা লা খায়ৰা ইল্লা খায়ৰুকা ওৱালা ত্বায়ৰা ইল্লা ত্বায়ৰুকা ওৱালা ইলা-হা গায়ৰুকা।
অৰ্থাৎ
‘হে আল্লাহ! আপোনাৰ কল্যাণৰ বাহিৰে কোনো কল্যাণ নাই। আপোনাৰ সৃষ্ট কুলক্ষণৰ বাহিৰে কোনো কুলক্ষণ নাই। আৰু আপোনাৰ বাহিৰে কোনো (হক) মা‘বূদও নাই’।
(আহমাদ হা/৭০৪৫; ছিলছিলা ছহীহাহ হা/১০৬৫)
সুলক্ষণ-কুলক্ষণৰ ধাৰণা মনত জন্ম লোৱা স্বভাৱগত বিষয়, যিটো সময়ত বাঢ়ে ও কমে। ইয়াৰ সকলোতকৈ গুৰুত্বপূর্ণ চিকিৎসা আল্লাহৰ ওপৰত তাওৱাক্কুল বা নির্ভৰ কৰা। যেনে- ইবনু মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,
‘আমাৰ মাজত এনেকুৱা কোনো নাই যে, মনত কুলক্ষণ সংক্রান্ত একোৱেই উঁকি নিদিয়ে। কিন্তু তাওৱাক্কুলৰ (আল্লাহৰ ওপৰত নির্ভৰতা) দ্বাৰা আল্লাহ তা‘আলাই তাক দূৰ কৰি দিয়ে’।
( আবুদাঊদ হা/৩৯১০; মিশকাত হা/৪৫৮৪)

ইছমাইল (আঃ) ৰ ভৰিৰ আঘাতত জমজম কুঁৱাৰ সৃষ্টি হৈছিল নেকি ? লেখক - জুবাইৰ ৰহমান


ইছমাইল (আঃ) ৰ ভৰিৰ আঘাতত জমজম কুঁৱাৰ সৃষ্টি হৈছিল এইটো এটা গোগাট মিছা কথা আৰু ই চহীহ বুখাৰী হাদিছৰ দ্বাৰা_্ প্ৰমাণিত।
ছা‘ঈদ ইবনু জুবাইৰ (ৰাঃ)ৰ পৰা বর্ণিত। ইবনু ‘আব্বাছ (ৰাঃ)য়ে কৈছে, নাৰী জাতিয়ে সর্বপ্রথম কঁকালবান্ধ বনোৱা শিকিছে ইছমাঈল (আঃ)ৰ মাকৰ পৰা। হাযেৰা (আঃ)য়ে কঁকালবান্ধ লগাইছিল ছাৰাহ (আঃ)ৰ পৰা নিজৰ মর্যাদা গোপনে ৰখাৰ কাৰণে। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে হাযেৰা (আঃ) আৰু তেখেতৰ শিশু সন্তান ইছমাঈল (আঃ)ক লগত লৈ বাহিৰ হ’ল এই অৱস্থাত যে, হাযেৰা (আঃ)য়ে সন্তানক দুধ পান কৰাই আছিল। অৱশেষত য’ত কা‘বা ঘৰ অৱস্থিত, ইব্ৰাহীম (আঃ)য়ে তেওঁলোক উভয়কে তালৈ লৈ আহি মছজিদৰ ওখ অংশত যমযম কুঁৱাৰ ওপৰত অৱস্থিত এডাল ডাঙৰ গছৰ তলত তেওঁলোকক ৰাখিলে। তেতিয়া মক্কাত নাছিল কোনো মানুহ, নাছিল কোনো পানীৰ ব্যৱস্থা। পিছত তেখেতে তেওঁলোকক তাতেই এৰি থৈ গ’ল। ইয়াৰোপৰি তেখেতে তেওঁলোকৰ ওচৰত থৈ গ’ল এখন মোনাৰ ভিতৰত কিছু খেজুৰ আৰু এটি পাত্ৰত কিছু পৰিমাণে পানী। ইয়াৰ পিছত ইব্ৰাহীম (আঃ) উভতি গ’ল। তেতিয়া ইছমাঈল (আঃ) ৰ মা পিছুৱাই আহিল আৰু কবলৈ ধৰিলে, হে ইব্ৰাহীম! আপুনি ক’লৈ গৈ আছে? আমাক এনেকুৱা এক ময়দানত এৰি থৈ গৈছে, য’ত নাই কোনো সাহায্যকাৰী আৰু নাই কোনো ব্যৱস্থা। তেওঁ বাৰে বাৰে এই কথা তেখেতক ক’লে। কিন্তু ইব্ৰাহীম (আঃ) য়ে তেওঁৰ ফালে দৃষ্টিপাত নকৰিলে। তেতিয়া হাযেৰা (আঃ) য়ে তেখেতক ক’লে, ইয়াৰ আদেশ আপোনাক আল্লাহে দিছে নেকি? তেখেতে ক’লে, হয়। হাযেৰা (আঃ)য়ে ক’লে, তেনেহ’লে আল্লাহে আমাক ধ্বংস নকৰে।  পিছত তেওঁ উভতি আহিল আৰু ইব্ৰাহীম (আঃ) য়েও সন্মুখলৈ গুচি গ’ল। গৈ গৈ তেখেতে যেতিয়া গিৰিপথৰ বাওঁফালে উপস্থিত হ’ল, য’ত স্ত্রী আৰু সন্তানে তেখেতক আৰু দেখা পোৱা নাছিল, তেতিয়া তেখেতে কা‘বা ঘৰৰ ফালে মুখ কৰি থিয় হ’ল। ইয়াৰ পিছত তেখেতে দুই হাত তুলি এই দু‘আ কৰিলে, আৰু ক’লে,
‘হে আমাৰ ৰব! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালো। হে আমাৰ ৰব! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’। (ইব্ৰাহীম ৩৭) ।
আৰু ইছমাঈল (আঃ)ৰ মাকে ইছমাঈল (আঃ) ক স্বীয় স্তনৰ দুধপান কৰালে আৰু নিজে সেই পাত্ৰৰ পৰা পানী পান কৰিলে। অৱশেষত পাত্ৰত যি পানী আছিল সেইখিনি নাইকিয়া হ’ল। তেওঁ নিজে তৃষ্ণার্ত হ’ল আৰু তেওঁৰ শিশু পুত্রটিও তৃষ্ণাত কাতৰ হৈ পৰিল। তেওঁ শিশুটিৰ ফালে চাবলৈ ধৰিলে। তৃষ্ণাত তেওঁৰ বুকু ধৰফৰ কৰিছে অথবা ৰাবীয়ে কৈছে, তেওঁ মাটিত পৰি ছটফটাই আছে। শিশু পুত্রৰ এই কৰুণ অৱস্থাৰ প্রতি চোৱাটো অসহনীয় হৈ পৰাত তেওঁ আঁতৰি গ’ল আৰু তেওঁৰ অৱস্থানৰ ওচৰৰ ‘ছাফা’ পৰ্বতক একমাত্র তেওঁৰ নিকটতম পর্বত হিচাবে পালে। ইয়াৰ পিছত তেওঁ তাৰ ওপৰত উঠি থিয় হ’ল আৰু ময়দানৰ ফালে লক্ষ কৰিলে। ইফালে-সিফালে চাই দেখিলে, ক’ৰবাত কাৰোবাক দেখা পাই নেকি? কিন্তু তেওঁ কাকো দেখা নাপালে। তেতিয়া ‘ছাফা’ পর্বতৰ পৰা নামি আহিল। আনকি যেতিয়া তেওঁ ময়দানৰ তললৈকে আহি পালে, তেতিয়া তেওঁ তেওঁৰ কামিজৰ এক প্রান্ত তুলি ধৰি এজন ক্লান্ত-শ্রান্ত মানুহৰ দৰে দৌৰিবলৈ ধৰিলে। অৱশেষত ময়দান অতিক্রম কৰি ‘মাৰওৱা’ পাহাৰৰ ওচৰলৈ আহি তাৰ ওপৰত উঠি থিয় হ’ল। ইয়াৰ পিছত ইফালে-সিফালে লক্ষ কৰিলে, কাৰোবাক দেখা পাই নেকি? কিন্তু কাকো দেখা নাপালে। এনেদৰে সাতবাৰ দৌৰা-দৌৰি কৰিলে।
ইবনু ‘আব্বাছ (ৰাঃ) য়ে ক’লে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, এইকাৰণেই মানুহে এই পর্বতদ্বয়ৰ মাজত ছায়ী কৰি থাকে। ইয়াৰ পিছত তেওঁ যেতিয়া মাৰওৱা পাহাৰত উঠিল, তেতিয়া এটি শব্দ শুনিবলৈ পালে আৰু তেওঁ নিজকে নিজেই ক’লে, অলপ অপেক্ষা কৰা। তেওঁ মনোযোগেৰে শুনিলে। তেতিয়া তেওঁ ক’লে, তুমি তো তোমাৰ শব্দ শুনাইছা। যদি তোমাৰ ওচৰত কোনো সাহায্যকাৰী থাকে। হঠাৎ য’ত যমযম কুঁৱা অৱস্থিত তাত তেওঁ এজন ফিৰিস্তা দেখিবলৈ পালে। সেই ফিৰিস্তাই নিজ ভৰিৰ গোৰোৱাৰ দ্বাৰা আঘাত কৰিলে অথবা তেওঁ কৈছে, নিজ পাখিৰ দ্বাৰা আঘাত কৰিলে। ফলত পানী বাহিৰ হব ধৰিলে। তেতিয়া হাযেৰা (আঃ) য়ে চাৰিওফালে নিজ হাতে বান্ধ দি এটা হাউজৰ দৰে কৰি দিলে আৰু হাতৰ অঞ্জলিৰে তেওঁৰ পাত্ৰটিত পানী ভৰাবলৈ ধৰিলে। তেতিয়াও পানী উপচি উঠি আছিল। ইবনু ‘আব্বাছ (ৰাঃ) য়ে ক’লে, নাবী চাল্লাল্লাহু আলাইহি অাল্লামে কৈছে, ইছমাঈলৰ মাকক আল্লাহে ৰহম কৰক। যদি তেওঁ বান্ধ নিদি যমযমক এনেদৰে এৰি দিলেহেঁতেন নাইবা কৈছে, যদি অঞ্জলি ভৰাই পানী পাত্ৰত জমা নকৰিলেহেঁতেন, তেনেহ’লে যমযম এটি কুঁৱা নহৈ এটি প্রবাহমান নিজৰাত পৰিণত হ’লহেঁতেন। ৰাবীয়ে কৈছে, ইয়াৰ পিছত হাযেৰা (আঃ) য়ে পানী পান কৰিলে, আৰু শিশু পুত্রকো দুধ পান কৰালে, তেতিয়া ফিৰিস্তাই তেওঁক ক’লে, আপুনি ধ্বংসৰ কোনো আশঙ্কা নকৰিব। কিয়নো ইয়াতেই আল্লাহৰ ঘৰ আছে। এই শিশুটি আৰু তেওঁৰ পিতা দুয়োজনে মিলি ইয়াত ঘৰ নির্মাণ কৰিব আৰু আল্লাহে তেওঁৰ আপোনজনক কেতিয়াও ধ্বংস নকৰে। সেই সময়ত আল্লাহৰ ঘৰৰ স্থানটি যমীনৰ পৰা টিলাৰ দৰে ওখ আছিল। বানপানীৰ ফলত সেইটো সোঁফালে বাওঁফালে ভাঙি গৈছিল। ইয়াৰ পিছত হাযেৰা (আঃ) য়ে এনেদৰেই দিন যাপন কৰিছিল। অৱশেষত জুৰহুম গোত্রৰ এদল লোক তেওঁলোকৰ কাষেৰে অতিক্রম কৰিছিল। অথবা ৰাবীয়ে কৈছে, জুৰহুম পৰিবাৰৰ কিছু লোক কাদা নামৰ ওখ ভূমিৰ পথেৰে এইফালে আহিছিল। সিহঁতে মক্কাত সমতল ভূমিত অৱতৰণ কৰিলে আৰু সিহঁতে দেখিবলৈ পালে এজাক পক্ষী চক্রাকাৰে উৰিছে। তেতিয়া সিহঁতে ক’লে, নিশ্চয় এই পক্ষীসমূহে পানীৰ ওপৰত উৰিছে। আমি এই ময়দানৰ পথেৰে বহুবাৰ অতিক্রম কৰিছোঁ। কিন্তু ইয়াত কোনো পানী নাছিল। তেতিয়া সিহঁতৰ এজন বা দুজন লোকক তালৈ পঠালে। সিহঁতে তালৈ গৈয়েই পানী দেখিবলৈ পালে। সিহঁতে তাৰ পৰা উভতি আহি সকলোকে পানীৰ সংবাদ দিলে। সংবাদ শুনি সকলোৱেই সেইফালে অগ্রসৰ হ’ল। ৰাবীয়ে কৈছে, ইছমাঈল (আঃ)ৰ মা পানীৰ ওচৰত আছিল। সিহঁতে তেখেতক ক’লে, আমি আপোনাৰ নিকটৱর্তী স্থানত বসবাস কৰিব বিচাৰোঁ। আপুনি আমাক অনুমতি দিবনে? তেখেতে জবাব দিলে, হয়। কিন্তু, এই পানীৰ ওপৰত তোমালোকৰ কোনো অধিকাৰ নাথাকিব। সিহঁতে হ’ব বুলি মত প্রকাশ কৰিলে।
ইবনু ‘আব্বাছ (ৰাঃ)য়ে ক’লে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, এই ঘটনাই ইছমাঈলৰ মাকক এটি সুযোগ আনি দিলে। আৰু তেখেতেও মানুহৰ সাহচর্য বিচাৰিছিল। ইয়াৰ পিছত সিহঁতে তাত বসতি স্থাপন কৰিলে আৰু সিহঁতৰ পৰিবাৰ-পৰিজনৰ ওচৰতো সংবাদ পঠালে। তাৰ পিছত সিহঁতেও আহি তাত একেলগে বসবাস কৰিলে। পৰিশেষত তাত সিহঁতৰো কেইটিমান পৰিয়ালৰ বসতি স্থাপন হ’ল। আনহাতে ইছমাঈলও যৌৱনত উপনীত হ’ল আৰু সিহঁতৰ পৰা আৰবী ভাষা শিকিলে। যৌৱনত উপস্থিত হৈ তেওঁ সিহঁতৰ ওচৰত অধিক আকর্ষণীয় ও প্রিয়পাত্র হৈ উঠিল। ইয়াৰ পিছত যেতিয়া তেওঁ পূর্ণ যৌৱনপ্ৰাপ্ত হ’ল, তেতিয়া সিহঁতে তেওঁৰ লগত সিহঁতৰেই এগৰাকী ছোৱালীক বিবাহ দিলে। এই সময়তে ইছমাঈলৰ মা হাযেৰা (আঃ)য়ে ইন্তিকাল কৰে। ইছমাঈলৰ বিবাহৰ পিছত ইব্ৰাহীম (আঃ)য়ে তেখেতৰ পৰিত্যক্ত পৰিজনৰ অৱস্থা চোৱাৰ কাৰণে ইয়ালৈ আহিল। কিন্তু তেখেতে ইছমাঈলক নাপালে। তেখেতে তেওঁৰ স্ত্রীক তেওঁৰ সম্বন্ধে প্ৰশ্ন কৰিলে। স্ত্রীয়ে ক’লে, তেওঁ আমাৰ জীৱিকাৰ সন্ধানত বাহিৰলৈ গৈছে। ইয়াৰ পিছত তেখেতে পুত্রবধূক তেওঁলোকৰ জীৱন যাত্রা আৰু অৱস্থা সম্বন্ধে প্ৰশ্ন কৰিলে। তেওঁ ক’লে, আমি অতি দূৰৱস্থাত, অত্যধিক অভাৱ ও খুব কষ্টত আছোঁ। তেওঁ ইব্ৰাহীম (আঃ)ৰ ওচৰত তেওঁলোকৰ দুর্দশাৰ অভিযোগ কৰিলে। তেখেতে ক’লে, তোমাৰ স্বামী ঘৰলৈ আহিলে, তেওঁক মোৰ ছালাম জনাই কবা, তেওঁ যেন তেওঁৰ ঘৰৰ দৰ্জাৰ চৌকাঠ সলনি কৰি লয়। ইয়াৰ পিছত যেতিয়া ইছমাঈল (আঃ) ঘৰলৈ আহিল, তেতিয়া তেওঁ যেন কিছু আভাস পালে। তেতিয়া তেওঁ তেওঁৰ স্ত্রীক প্ৰশ্ন কৰিলে, তোমালোকৰ ওচৰলৈ কোনোবা আহিছিল নেকি? স্ত্রীয়ে ক’লে, হয়। এনেকুৱা এনেকুৱা আকৃতিৰ এজন বৃদ্ধ লোক আহিছিল আৰু মোক আপোনাৰ সম্বন্ধে প্ৰশ্ন কৰিছিল। মই তেখেতক আপোনাৰ সংবাদ দিলোঁ। তেখেতে মোক আমাৰ জীৱন যাত্রা সম্পর্কে প্ৰশ্ন কৰিলে, মই তেখেতক জনালোঁ, আমি খুব কষ্ট ও অভাৱত আছোঁ। ইছমাঈল (আঃ)য়ে প্ৰশ্ন কৰিলে, তেখেতে তোমাক কিবা নাছীহাত কৰিছে নেকি? স্ত্রীয়ে ক’লে, হয়। তেখেতে মোক নির্দেশ দিছে, মই যেন আপোনাক তেখেতৰ ছালাম পৌঁছাই দিওঁ আৰু তেখেতে পুনৰ কৈছে, আপুনি যেন আপোনাৰ ঘৰৰ দৰ্জাৰ চৌকাঠ সলনি কৰি লয়। ইছমাঈল (আঃ)য়ে ক’লে, এইজনেই মোৰ পিতা। এই কথাৰ দ্বাৰা তেখেতে মোক নির্দেশ দি গৈছে, মই যেন তোমাক পৃথক কৰি দিওঁ। এতেকে তুমি তোমাৰ আপোনজনৰ ওচৰলৈ গুচি যোৱা। এই কথা কৈ, ইছমাঈল (আঃ)য়ে তেওঁক তালাক দি দিলে আৰু সেই লোকসকলৰ পৰা অন্য এগৰাকী ছোৱালীক বিবাহ কৰালে। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে এওঁলোকৰ পৰা দূৰত থাকিল, আল্লাহে যিমানদিন ইচ্ছা কৰিলে। ইয়াৰ পিছত তেখেতে পুনৰ এওঁলোকক চাবলৈ আহিল। কিন্তু এইবাৰো তেখেতে ইছমাঈল (আঃ)ক দেখা নাপালে। তেখেতে পুত্রবধূৰ ওচৰত উপস্থিত হ’ল আৰু তেওঁক ইছমাঈল (আঃ) সম্পর্কে প্ৰশ্ন কৰিলে। তেওঁ ক’লে, তেওঁ আমাৰ খাদ্যৰ সন্ধানত বাহিৰলৈ গৈছে। ইব্বাহীম (আঃ)য়ে প্ৰশ্ন কৰিলে, তোমালোক কেনে আছা? তেখেতে তেওঁলোকৰ জীৱন-যাপন ও অৱস্থা জানিব বিচাৰিলে। তেতিয়া তেওঁ ক’লে, আমাৰ ভাল আৰু আমি স্বচ্ছল অৱস্থাত আছোঁ। আৰু তেওঁ আল্লাহৰ প্রশংসাও কৰিলে। ইব্ৰাহীম (আঃ)য়ে প্ৰশ্ন কৰিলে, তোমালোকৰ প্রধান খাদ্য কি? তেওঁ ক’লে, মাংস। তেখেতে পুনৰ জানিব ইচ্ছা কৰিলে, তোমালোকৰ পানীয় কি? তেওঁ ক’লে, পানী। ইব্ৰাহীম (আঃ)য়ে দু‘আ কৰিলে, হে আল্লাহ! তেওঁলোকৰ মাংস আৰু পানীত বৰকত দিয়া। নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, সেই সময়ত তেওঁলোকৰ তাত খাদ্যশস্য উৎপাদন হোৱা নাছিল। যদি হ’লহেঁতেন তেনেহ’লে ইব্ৰাহীম (আঃ)য়ে সেই বিষয়েও তেওঁলোকৰ কাৰণে দু‘আ কৰিলেহেঁতেন। বর্ণনাকাৰীয়ে কৈছে, মক্কাৰ বাহিৰে অন্য ক’তো কোনেও কেৱল মাংস আৰু পানীৰ দ্বাৰা জীৱন ধাৰণ কৰিব নোৱাৰে। কিয়নো, কেৱল মাংস আৰু পানী জীবন-যাপনৰ অনুকূল হ’ব নোৱাৰে।
ইব্ৰাহীম (আঃ)য়ে ক’লে, যেতিয়া তোমাৰ স্বামী উভতি আহিব, তেতিয়া তেওঁক ছালাম কবা, আৰু তেওঁক মোৰ পক্ষৰ পৰা হুকুম কৰিবা যে, তেওঁ যেন তেওঁৰ ঘৰৰ দৰ্জাৰ চৌকাঠ ঠিক ৰাখে। ইয়াৰ পিছত ইছমাঈল (আঃ) যেতিয়া উভতি আহিল, তেতিয়া তেওঁ ক’লে, তোমালোকৰ ওচৰলৈ কোনোবা আহিছিল নেকি? তেওঁ ক’লে, হয়। এজন সুন্দৰ চেহেৰাৰ বৃদ্ধ লোক আহিছিল আৰু তেওঁ তেখেতৰ প্রশংসা কৰিলে, তেখেতে মোক আপোনাৰ বিষয়ে প্ৰশ্ন কৰিছিল। মই তেখেতক আপোনাৰ সংবাদ জনাইছোঁ। ইয়াৰ পিছত তেখেতে মোৰ ওচৰত আমাৰ জীৱন-যাপন সম্পর্কে জানিব বিচাৰিলে। মই তেখেতক জনাইছোঁ যে, আমি ভালে আছোঁ। ইছমাঈল (আঃ)য়ে ক’লে, তেখেতে তোমাকে আন একো আদেশ কৰা নাই? তেওঁ ক’লে, হয়। তেখেতে আপোনাৰ প্রতি ছালাম জনাই আপোনাক নির্দেশ দিছে যে, আপুনি যেন আপোনাৰ ঘৰৰ চৌকাঠ ঠিক ৰাখে। ইছমাঈল (আঃ)য়ে ক’লে, এইজনেই মোৰ পিতা। আনহাতে তুমি হ’লা মোৰ ঘৰৰ দৰ্জাৰ চৌকাঠ। এই কথাৰ দ্বাৰা তেখেতে মোক নির্দেশ দিছে, মই যেন তোমাক স্ত্রী হিচাবে বাহাল ৰাখো। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে এওঁলোকৰ পৰা দূৰত থাকিল, যিমান দিন আল্লাহে বিচাৰিলে। ইয়াৰ পিছত তেখেত পুনৰ আহিল। (দেখিবলৈ পালে) যমযম কুঁৱাৰ ওচৰত থকা এডাল বৃহৎ গছৰ তলত বহি ইছমাঈল (আঃ)য়ে তেওঁৰ এডাল তীৰ মেৰামতি কৰি আছে। যেতিয়া তেওঁ নিজ পিতৃক দেখা পালে, তেওঁ থিয় হৈ তেখেতৰ ফালে আগুৱাই গ’ল। ইয়াৰ পিছত এজন বাপ-বেটাৰ লগত, এজন বেটা-বাপৰ সাক্ষাৎ হ’লে যেনেকুৱা কৰে তেওঁলোক উভয়ে তাকেই কৰিলে। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে ক’লে, হে ইছমাঈল! আল্লাহে মোক এটি কামৰ নির্দেশ দিছে। ইছমাঈল (আঃ)য়ে ক’লে, আপোনাৰ ৰব! আপোনাক যি আদেশ কৰিছে, সেইটো কৰক। ইব্ৰাহীম (আঃ)য়ে ক’লে, তুমি মোক সহায় কৰিবা নে? ইছমাঈল (আঃ)য়ে ক’লে, মই আপোনাক সহায় কৰিম। ইব্ৰাহীম (আঃ)য়ে ক’লে, আল্লাহে মোক ইয়াত এটি ঘৰ বনাবলৈ নির্দেশ দিছে। এইবুলি তেওঁ ওখ টিলাটোৰ ফালে ইঙ্গিত কৰিলে যে, ইয়াৰ চাৰিওফালে ঘেৰ দি। তেতিয়া তেওঁলোক উভয়ে কা‘বা ঘৰৰ দেৱাল তুলিবলৈ লাগি গ’ল। ইছমাঈল (আঃ)য়ে পাথৰ আনিলে, আৰু ইব্ৰাহীম (আঃ)য়ে নির্মাণ কৰিলে। পৰিশেষত যেতিয়া দেৱাল ওখ হৈ গ’ল, তেতিয়া ইছমাঈল (আঃ)য়ে (মাকামে ইব্ৰাহীম নামে খ্যাত) পাথৰটি আনিলে আৰু ইব্ৰাহীম (আঃ)ৰ কাৰণে তাক যথাস্থানত ৰাখিলে। ইব্ৰাহীম (আঃ)য়ে তাৰ ওপৰত থিয় হৈ নির্মাণৰ কাম কৰিবলৈ ধৰিলে। আৰু ইছমাঈল (আঃ)য়ে তেখেতক পাথৰ যোগান ধৰি থাকে। তেতিয়া তেওঁলোক উভয়ে এই দু‘আ কৰি থাকিল, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’। তেওঁলোক উভয়ে পুনৰ কা‘বা ঘৰ তৈয়াৰ কৰি থাকে আৰু কা‘বা ঘৰৰ চাৰিওফালে ঘূৰি ঘূৰি এই দু‘আ কৰি থাকে- ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’। (আল-বাকাৰাহঃ ১২৭) (বুখাৰী ৩৩৬৪, ২৩৬৮) (আঃ প্রঃ ৩১১৪, ইঃ ফাঃ ৩১২২)

মছজিদত মহিলাৰ প্ৰৱেশ নিষেধ নেকি? লিখক - মুকিব আলী


" মছজিদ চৌহদত মহিলাৰ প্ৰৱেশ নিষেধ " শীৰ্ষক ফলকখনি বহুতো মছজিদৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত আঁৰি থোৱা আমি বহতেই প্ৰত্যক্ষ কৰিছোঁ । অসম তথা ভাৰতবৰ্ষৰ গৰিষ্ঠ সংখ্যক মুচলীমেই মহিলাই মছজিদত প্ৰৱেশ কৰাটো এক অপৰাধ হিচাবে গণ্য কৰি আহিছে ! কিন্তু শ্বৰীয়তৰ দৃষ্টিভংগীত এনে ধাৰণা কিমান শুদ্ধ , সেই দিশটো আমি তথ্য ভিত্তিক অনুসন্ধান কৰি চাইছো নে ?
এই সন্দৰ্ভত আলোচনাৰ আৰম্ভণিতে আমি কেইটিমান দিশ অতি সুক্ষ্মভাৱে পৰ্য্যালোচনা কৰাৰ প্ৰয়োজন আছে ! উদাহৰণ স্বৰূপে, শ্বৰীয়তে মহিলাক মছজিদত চালাত (নামাজ) আদায় কৰাতকৈ নিজৰ ঘৰৰ আভ্যন্তৰীণ কোঠাতহে চালাত আদায় কৰাটো উত্তম বুলি ঘোষণা কৰিছে । কিন্তু এই ঘোষণাই মছজিদত মহিলা প্ৰৱেশ কৰাটো অপৰাধ নুবুজাই যদিও আমাৰ কিছু সংখ্যক তথাকথিত নেতাই মুহাম্মদ (চঃ) য়ে এই সন্দৰ্ভৰ বিধান অতি স্পষ্ট কৰি থৈ যোৱাৰ পাছতো শ্বৰীয়তক নিজ খেয়াল খুচিৰে নিজৰ হাতত তুলি লৈছে ! নবী(চঃ) য়ে দি যোৱা বিধানক অগ্ৰাজ্য কৰি মুচলীম সমাজক বিপথে পৰিচালিত কৰিছে । নিম্ন উল্লেখিত হাদীছ কেইটিয়ে এই অভিযোগৰ বাস্তৱতা বহন কৰে -
১] ইবনু ওমৰ (ৰাঃ) বৰ্ণনা কৰিছে , ৰাছূল (চঃ) কৈছে : " আল্লাহৰ দাসী বা বান্দী সকলক মছজিদলৈ যাবলৈ বাধা নিদিবা ( আবুদাউদ /৫৬৬ )।
২] চালিম ইবনু আব্দুল্লাহ (ৰাঃ) তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে , নবী (চঃ) কৈছে : "তোমালোকৰ কাৰোবাৰ স্ত্ৰী চালাতৰ বাবে মছজিদলৈ যোৱাৰ অনুমতি বিচাৰিলে স্বামীয়ে যেন তেওঁক বাধা নিদিয়ে ( বুখাৰী /৮২৪)।
৩] ইবনু ওমৰ (ৰাঃ) ৰ পৰা বৰ্ণিত , ৰাছূল (চঃ) কৈছে : " তোমালোকৰ পত্নী সকলে যদি ৰাতি মছজিদলৈ যোৱাৰ অনুমতি বিচাৰে তেন্তে যাবলৈ দিবা ( বুখাৰী / ৮১৬ )।
৪] আবু হুৰাইৰাহ ( ৰাঃ) বৰ্ণনা কৰিছে , নবী (চঃ) কৈছে : " চালাতত পুৰুষৰ সৰ্ব্বোত্তম শাৰী হৈছে প্ৰথম শাৰী আৰু মহিলাৰ সৰ্ব্বোত্তম শাৰী হৈছে শেষৰ শাৰী ( আবুদাউদ /৬৭৮ )।
৫] আবু হুৰাইৰাহ (ৰাঃ) দ্বাৰা বৰ্ণিত , ৰাছূল (চঃ) কৈছে : " আল্লাহৰ মছজিদলৈ যোৱাত মহিলা সকলক বাধা নিদিবা , কিন্তু তেওঁলোকে যেন সুগন্ধি ব্যৱহাৰ কৰি নাযায় ( আবুদাউদ /৫৬৫ )।
৬] আবুবক্কৰ (ৰাঃ) ৰ ছোৱালী আছমা (ৰাঃ) কৈছে : " মই ৰাছূলুল্লাহ (চঃ) ক কোৱা শুনিছো -" তোমালোকৰ যিসকল বান্দী আল্লাহ ও শেষ দিনৰ ওপৰত বিশ্বাসী, তেওঁলোকে যেন চালাতত পুৰুষ সকলে মূৰ তোলাৰ আগতে তেওঁলোকে আগতীয়াকৈ মূৰ নোতোলে যাতে পুৰুষৰ গুপ্তাংগ দৃষ্টিগোচৰ নহয় ( আবুদাউদ /৮৫০ )।
এনে অসংখ্য হাদীছে মহিলাই মছজিদত চালাত আদায় কৰাৰ বৈধতা দাঙি ধৰে। কোৱা বাহুল্য যে, নিশ্চিত ভাবে মহিলাই মছজিদলৈ যোৱাটো ওমৰ(ৰাঃ) বাবে অপছন্দীয় আছিল, কিন্তু নবী (চঃ)ৰ স্পষ্ট হুকুমৰ বিপৰীতে তেখেতে কেতিয়াও মন্তব্য দিয়া নাছিল। নিম্ন উল্লেখিত হাদীছে ইয়াৰ প্ৰমাণ বহন কৰিছে -
" ওমৰ(ৰাঃ) এগৰাকী পত্নী আতিকা বিন্তে জায়িদ ফজৰ আৰু ঈশ্বাৰ চালাতত সদায়েই মছজিদত উপস্থিত আছিল । এবাৰ তেখেতক প্ৰশ্ন কৰা হল -" আপুনি কিয় চালাতৰ বাবে ঘৰৰ বাহিৰলৈ আহে, অথচ আপুনি ভালদৰে জানে যে ওমৰ ( ৰাঃ) ইয়াক মাথোঁ অপছন্দ কৰাই নহয়, মৰ্য্যদা হানি বুলিও গন্য কৰে ? এনে কি প্ৰতিবন্ধক আছে যাৰ বাবে আপোনাৰ স্বামীয়ে বাধা দিয়া নাই?  উত্তৰত কোৱা হল , প্ৰতিবন্ধক এয়েই যে আল্লাহৰ ৰাছূল (চঃ) কৈছে, 'বান্দীসকলক মছজিদলৈ যাবলৈ নিষেধ নকৰিবা' ( বুখাৰী /৮৪৭ )।
ইয়াৰ পাছতো বহুতেই ওমৰ(ৰাঃ) ই মহিলা মছজিদলৈ যোৱাটো বন্ধ কৰোৱা বুলি কৰা অপপ্ৰচাৰ প্ৰকৃততে এগৰাকী মহান চাহাবীৰ ওপৰত অনা এক ভূৱা অপবাদহে মাথোঁ !
ইয়াতকৈ ৰহস্যজনক বিষয় যে, সাম্প্ৰতিক সময়ত মহিলাই বজাৰ-হাট, ক'ৰ্ট-কাছাৰী আদি সকলো ৰাজহুৱা স্থানত মুক্ত মনেৰে ঘূৰি ফূৰোতেও কাহানিও কাকো আপত্তি কৰা দেখা নাযায় ! কিন্তু চালাতৰ বাবে মছজিদলৈ অহাৰ প্ৰশ্ন আহিলেই, বৰ্তমান জামানাৰ দোহাই দি ইয়াক বাধা দিয়াৰ ফতোৱাৰ অভাৱ নাই ! অথচ আবু হুৰাইৰাহ (ৰাঃ) ই ৰাছূল (চঃ) ৰ পৰা বৰ্ণনা কৰিছে, আল্লাহে কৈছে : " আদম সন্তান সকলে জামানা বা সময়ক দূষাৰুপ কৰি মোক কষ্ট দিয়ে ! অথচ ময়েই জামানা, সকলো কাৰ্য্যব্যৱস্থা মোৰ হাততেই ! ৰাতি আৰু দিনক ময়েই সলনি কৰো ( বুখাৰী /৫৭৪২ )।
আমি পাহৰি গলে নহব যে মহান আল্লাহে নিৰ্দ্ধাৰণ কৰি দিয়া বিধান পৃথিৱীৰ কোনো ব্যক্তিৰেই সলনি কৰাৰ তিলমানো অধিকাৰ নাই ! যিহেতু আল্লাহে কৈছে -" আল্লাহ আৰু তেখেতৰ ৰাছূল গৰাকীয়ে কোনো বিষয় সিদ্ধান্ত দিয়াৰ পাছত কোনো মুমিন পুৰুষ আৰু মুমিন নাৰীয়ে সেই বিষয়ত নিজে আন সিদ্ধান্ত দিয়াৰ অধিকাৰ নাই । যি আল্লাহ আৰু তেওঁৰ ৰাছূলৰ অবাধ্য হয় , সি প্ৰকাশ্যেই বিপথগামী ( আল- কোৰআন , ৩৩/৩৬ )।
সেয়েহে মহান আল্লাহৰ বিপৰীতে লোৱা যিকোনো সিদ্ধান্ত আমি সদায় প্ৰতিবাদ কৰা উচিত। সমাজৰ সকলো মছজিদতেই মহিলাই চালাত আদায় কৰিব পৰাকৈ আচুতীয়া ব্যৱস্থা ৰখাৰ ওপৰত গুৰুত্ব দিয়া উচিত। কিয়নো সময় অতিবাহিত হোৱাটো স্বাভাৱিক, কিন্তু মানচুখ ঘোষিত নোহোৱাকৈ হাদীছক কাহানিও পুৰণি হোৱা বুলি অৱজ্ঞা কৰাটো একেবাৰেই অনুচিত।

ফতোৱা কি, কোনে দিব পাৰে আৰু ফতোৱা দিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন ? লেখক - শ্বাহিদুল ইছলাম

ফতোৱা কি ?
দি ইছলামিক ছুপ্ৰিম কাউন্সিল অফ আমেৰিকাৰ মতে যুগৰ পৰিবৰ্তনৰ লগে লগে কোনো পৰিবৰ্তিত পৰিস্থিতত কোনো বিষয়ৰ লগত ইচলাম ধৰ্মীয় কোনো বিষয়ৰ মতানৈক্য সৃষ্টিৰ উপক্রম হলে বা সেই বিষয়ত কিবা স্পষ্টীকৰণৰ প্ৰয়োজন হলে সেই নিদিষ্ট বিষয়টোৰ ওপৰত যদি কোনো মুছলমানে মতামত বিচাৰে তেতিয়া তাৰ ওপৰত উপযুক্ত অৰ্হতা সম্পন্ন কোনো মুছলমান আলিমে দিয়া ৰায়ক সাংক্ষেপে ফতোৱা বুলি কোৱা হয়।

ফাতোৱা কোনে দিব পাৰে ?
অটোমান সাম্ৰাজ্যৰ পতনৰ পাছত বৰ্তমান বিশ্বৰ কতো মুছলমান সকলৰ বাবে কোনো উমৈহতীয়া কেন্দ্রীয় ইছলামিক ধাৰ্মিক কর্তৃপক্ষ নাই গতিকে ইছলামিক দেশ সমূহত সাধাৰণতে তাৰে চৰকাৰৰ তত্বাৱধানত যি সর্বোচ্চ ধর্মীয় পৰিষদ (Supreme Religious Council) গঠন কৰি দিয়া হয় তেওঁলোকে ফতোৱা দিয়াৰ ক্ষমতা লাভ কৰে। অনা-মুছলমান দেশ সমূহত প্ৰকৃতপক্ষে ফতোৱা জাৰি কৰাৰ বাবে কোনো নিদিষ্ট কর্তৃপক্ষ নাই যদিও এইবোৰ দেশত কোনো উচ্চ স্তৰৰ ইছলামিক ধাৰ্মিক প্ৰতিষ্ঠান বা সংগঠনে ফতোৱা দিয়ে আৰু আমিও তাকে মানি লওঁ, যেনে ভাৰতত দাৰুল উলুম দেওঁবন্দে ফতোৱা জাৰি কৰা ফতোৱা যথেষ্ঠ গুৰুত্ব সহকাৰে লোৱা হয়। দেওঁবন্দৰ ফতোৱা জাৰি কৰাৰ সুকীয়া বিভাগ এটাও আছে।
এতিয়া প্ৰশ্নটো হল, ফতোৱা দিব পাৰিব কোনে বা ফতোৱা দিয়া জনৰ কি কি যোগ্যতা থাকিব লাগিব এই সম্পৰ্কে আমাৰ আলিম উলেমা সকলৰ মাজত মতভেদ আছে যদিও সংখ্যাগৰিষ্ঠ আলিম উলেমাৰ মতে " ফতোৱা দিব পাৰে এজন বা এদল উপযুক্ত অৰ্হতা সম্পন্ন মুফতিয়েহে। ইয়াত আৰু এটা মনকৰিবলগীয়া কথা হল ফতোৱা জাৰি কৰিবলৈ মুফতি ডিগ্ৰী থকাটোৱে যথেষ্ট নহয় মুফতি জন ইজতিহাত সম্পন্ন অৰ্থাৎ কোৰআন আৰু হাদিছ সমূহ বিশ্লেষণ কৰাৰ সতন্ত্ৰ ক্ষমতা থাকিব লাগিব বুলি সকলো আলিম-উলেমাই মত পোষন কৰে। ইয়াৰ উপৰিও কিছুমান আলিমৰ মতে মুফতি গৰাকী ' অনুশীলন কৰি থকা মুফতি,(Practising Mufti) হোৱা উচিত । কথাটো আমি এনেকৈ বুজাব পাৰি, যিদৰে আইনৰ ডিগ্ৰী ললেই ব্যক্তি এগৰাকী উকিল হব নোৱাৰে তাৰ বাবে তেওঁ আদালতত গৈ অনুশীলন কৰিব লাগিব। ঠিক সেইদৰে ফতোৱা দিয়াৰ বাবে মুফতি ডিগ্ৰীটোৱে প্ৰযাপ্ত নহয় তাৰ বাবে তেওঁৰ অনুশীলনৰো প্ৰয়োজন আছে। এই নীতি অনুসৰন কৰি ইছলামিক দেশসমূহৰ "সর্বোচ্চ ধর্মীয় পৰিষদ" দেশৰ ইজতিহাত সম্পন্ন উৎকৃষ্ট মুফতিৰ দল এখনেৰে গঠন কৰা হয় । ঠিক সেইদৰে দাৰুল উলুম দেওঁবন্দৰ ফতোৱা কমিটিয়ো এজন মূখ্য মুফতিৰ নেতৃত্বত এদল উচ্চ স্তৰৰ মুফতি সকলৰ দ্বাৰাই গঠন কৰা হয়।
গতিকে ওপৰৰ আলোচনাৰ পৰা আমি কব পাৰি যে ফতোৱা কোনো মৌলবী, মৌলানা, ক্বাৰী ডিগ্ৰীধাৰী কোনো আলিম আনকি গোটেই কোৰআন খনকে মুখস্থ কৰি পেলোৱা হাফিজ এজনেও দিয়াৰ ক্ষমতা বা অধিকাৰ নাই। ফতোৱা কেবল এজন ইজতিহাত সম্পন্ন মুফতিয়ে দিব পাৰে আৰু মুফতি গৰাকী অনুশীলন কৰি থকা মুফতি হলে ভাল ।

ফতোৱা দিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন ?
ইচলামিক Jurisprudence ৰ এজন অন্যতম প্ৰবক্তা ইমান শাহাফি (ৰ:) ৰ মতে -
"সেইসকল লোকেহে কোৰআন মজিদক ব্যাখা কৰা বা ফতোৱা দিয়াৰ অধিকাৰ আছে যিসকলে কোৰআন সম্পূৰ্ণৰূপে বুজি পায়, কোৰআনৰ কোনবোৰ আয়াতক ৰহিত (abrogated) কৰা হৈছে আৰু কোনবোৰ আয়াতৰ দ্বাৰা ৰহিত কৰা হৈছে (by which verses they were abrogated) সেইবোৰক চিনাক্ত কৰাৰ দক্ষতা আছে, কোৰআনৰ কোনবোৰ আয়াত ইটোৰ লগত সিটো অনুৰূপ (resemble to each other) তাক নিৰ্ধাৰণ কৰাৰ দক্ষতা থকাৰ লগতে, কোনবোৰ আয়াত মক্কাত নাজিল (revealed) আৰু কোনবোৰ মদিনাত নাজিল হৈছিল তাক নিৰ্নয় কৰিব পাৰে । হাদিছ সমূহৰ কোষ ( corpus - মানব দেহৰ কোষ , ৰক্তকনিকা ) সম্পৰ্কে তেওঁৰ সম্পূৰ্ণ জ্ঞানৰ লগতে চহিহ,জাল,জঈফ হাদিছ সমূহ চিনাক্তকৰণ কৰিৰ যোগ্যতা আছে । তেওঁ নবী (ছ:) ৰ যুগৰ আৰবী ভাষা জনাৰ উপৰিও আৰবী ব্যাকৰন (grammar) আৰু উচ্চাৰণ (eloquence) ৰ লগতে আৰবৰ কবিতা (poetry) সম্পৰ্কে জ্ঞাত।  উপৰঞ্চি ভাবে তেওঁ যি ঠাইত বাস কৰে সেই ঠাইত বসবাস কৰা বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ সংস্কৃতি সম্পর্কেও ভালদৰে অবগত। যদি কোনো ব্যক্তিৰ মাজত এই বৈশিষ্ট্য (attributes) সমূহ একেলগে বিদ্যমান থাকে তেওঁহে ইছলামত কি বৈধ (হালাল) আৰু কি অবৈধ (হাৰাম) তাৰ ওপৰত মাত মাতিব পাৰিব অৰ্থাৎ কোনো বিষয়ৰ ওপৰত ৰায় বা ফতোৱা দিব পাৰিব অন্যথাই নোৱাৰে"।

ইমান শাহাফি (ৰ:) য়ে নিৰ্ধাৰণ কৰি দিয়া ওপৰোক্ত বৈশিষ্ট্য সমুহৰ ভিত্তিত যদি আমি ফতোৱা দিব পৰা যোগ্যতা সম্পন্ন আলিম বিচাৰিব যাওঁ তেনেহলে গোটেই পৃথিৱীত কেইজন যোগ্য আলিম ওলাব তাত সন্দেহ আছে কিন্তু একাংশ মিডিয়াৰ বাবে কাঠ মোল্লা এজনৰ মুখৰ পৰা কিবা মন্তব্য ওলালেই সেয়াই ফতোৱা । সেয়া বাৰু যিয়ে নহওঁক ইছলামৰ কোনো জ্ঞান নথকা বা থাকিলেও মুছলমানক বদনাম কৰাৰ বাবে বা টিআৰপিৰ আশাত মিডিয়াই কৃতত্বহীন একাংশ আলিম-উলেমাই কোনো বিবাদীত বিষয়ৰ ওপৰত দিয়া মন্তব্যক কোনোৱাই ফতোৱা বুলি অপ-প্ৰচাৰ চলালেও আমি মুছলমান সকলে এই বিষয় বোৰ লৈ অতি সাবধগন হব লাগিব। 

Tuesday, 13 March 2018

মৃতকৰ নামত প্ৰচলিত কিছুমান বিদ‘আত আৰু মৃতকৰ কাৰণে কৰণীয় : লেখক জুবাইৰ ৰহমান


মানুহৰ মৃত্যুৰ পিছত মৃতকৰ হকে আম্বিয়া খতম, কুৰআন খতম, জিয়াৰতৰ অনুষ্ঠান, ভোজ-ভাত বা দু‘আৰ অনুষ্ঠান ইত্যাদি কৰা দেখা যায়। এয়া বিধৰ্মীৰ অনুকৰণত কৰা অনুষ্ঠান। এই সকলোবোৰ বিদ‘আত। বিদ‘আতীৰ কোনো আমল কবুল নহয়। ইয়াত টকা খৰচ কৰা আৰু মানুহক দেখুৱাৰ বাহিৰে আন একো লাভ নহয়¸ বৰং বিদ‘আত কৰাৰ কাৰণে জাহান্নামত স্থান নিৰ্ধাৰণ কৰা হয়। মনত যদি আনক দেখুৱাৰ ভাৱ আহে তেনেহ’লে সেইটো ‘ৰিয়া’ত পৰিণত হয়। ‘ৰিয়া’ হ’ল সৰু শ্বিৰ্ক। সৰু শ্বিৰ্ক হ’ল কবিৰা গুনাহ। তৌবাহ নকৰিলে মাফ নহয়।
মানুহৰ মৃত্যু হোৱাৰ লগে লগে তাৰ যাৱতীয় আমল বন্ধ হৈ যায় আৰু সি তাৰ পৰিণতিৰ শেষ পর্যায়ত উপস্থিত হয়। কিন্তু তিনিটা আমল বন্ধ নহয়। সেই তিনিটা আমলৰ ছওৱাব মৃত ব্যক্তিয়ে তাৰ কবৰত পাই থাকে।
.
আমল তিনিটা হ’লঃ-
.
১। ছদকায়ে জাৰিয়া,
২। এনেকুৱা জ্ঞান- যাৰ দ্বাৰা উপকৃত হোৱা যায় আৰু
৩। এনেকুৱা নেক সন্তান- যিয়ে তেওঁৰ কাৰণে দু‘আ কৰে। (ছহীহ বুখাৰী ১২৯১, ছহীহ মুছলিম ৪৩১০, তিৰমিযী ১৩৮০)
দান খয়ৰাত কৰা।
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, ‘মোৰ মা হঠাৎ ইন্তেকাল হৈছে। মোৰ ধাৰণা যে, তেওঁ কথা কোৱাৰ সুযোগ পালে ছাদকাহ কৰিলেহেঁতেন। এতেকে মই যদি তেওঁৰ পক্ষৰ পৰা ছাদকাহ কৰোঁ, তেনেহ’লে তেওঁ নেকী পাবনে?’ তেওঁ ক’লে, “হয়।”  (বুখাৰী ও মুছলিম)
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “মুমিনৰ মৃত্যুৰ পিছত তাৰ আমল ও পুণ্যকর্মসমূহৰ পৰা নিশ্চিতভাৱে যিবোৰ আহি তাৰ সৈতে মিলিত হয়, সেইবোৰ হ’ল; সেই ইলম, যিটো সি শিকি লৈ প্রচাৰ কৰিছে অথবা নেক সন্তান, যাক ৰাখি সি ইন্তেকাল কৰিছে, অথবা কুৰআন মজিদ, যাক সি মিৰাছৰূপে এৰি গৈছে, অথবা মছজিদ, যিটো সি নিজে নির্মাণ কৰি গৈছে, অথবা মুছাফিৰখানা, যিটো সি মুছাফিৰসকলৰ সুবিধার্থে নির্মাণ কৰি গৈছে, অথবা পানীৰ নলা যাক সি (খেতি-বাতি ইত্যাদিৰ উদ্দেশ্যে) প্রবাহিত কৰি গৈছে, অথবা ছাদকাহ, যিটো সি নিজৰ মালৰ পৰা তাৰ সুস্থ ও জীৱিতাৱস্থাত দান কৰি গৈছে। এইবোৰ কর্মৰ ছওৱাব তাৰ মৃত্যুৰ পিছতো সি পাই থাকিব।” (ইবনে মাজাহ, বায়হাকী, ইবনে খুজাইমাহ ভিন্ন শব্দত, ছহীহ তাৰগীব ১০৭ নং)
হজ্জ উমৰাহ কৰা।
আব্দুল্লাহ ইবন আমৰ (ৰাঃ)য়ে কৈছে, আচ বিন ওৱাইল ছাহমীয়ে তেওঁৰ তৰফৰ পৰা ১০০ ক্রীতদাস মুক্ত কৰাৰ অছীয়ত কৰি মৃত্যু বৰণ কৰে। গতিকে তেওঁৰ সৰু ল’ৰা হিছামে ৫০ জন দাস মুক্ত কৰে। ইয়াৰ পিছত তাৰ ডাঙৰ ল’ৰা আমৰ বাকিয়ে ৫০ জন দাস মুক্ত কৰাৰ ইচ্ছা প্রকাশ কৰি ক’লে, ‘(বাপেকৰ তো কাফিৰ অৱস্থাত মৃত্যু গেছে) সেয়েহে মই এই কাম আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক নোসোধাকৈ নকৰোঁ।’ সেয়েহে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ঘটনাটো খুলি কৈ প্ৰশ্ন কৰিলে, “মই বাকী ৫০ জন দাস তেওঁৰ তৰফৰ পৰা মুক্ত কৰিম নে?” উত্তৰত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “তেওঁ যদি মুছলিম হ’লহেঁতেন আৰু তোমালোকে তেওঁৰ তৰফৰ পৰা দাস মুক্ত কৰিলে, অথবা ছাদকাহ কৰিলে অথবা হাজ্জ কৰিলে তাৰ ছওৱাব তেওঁৰ ওচৰ পালেহেঁতেন।” (আবু দাউদ হা/২৮৮৩, বায়হাকী ৬/২৭৯, আহমাদ হা/৬৭০৪)
তেওঁলোকৰ কোনো অছীয়ত থাকিলে তাক পালন কৰক।
তেওঁলোকৰ কোনো বন্ধু থাকিলে তেওঁৰ খাতিৰ কৰক।
তেওঁলোকৰ সম্পৰ্কীয়সকলৰ লগত আত্মীয়তাৰ বন্ধন বজায় ৰাখক।
জানি লব, যিটো আপুনি নিজৰ স্বার্থৰ হকে বা সুনামৰ কাৰণে কৰিব অথবা বদনামৰ পৰা বাঁচিবৰ কাৰণে কৰিব, সেইটো কোনো উপকাৰত নাহিব। বিদ‘আতী কোনো আমল উপকাৰত নাহিব। বৰং নিজেই ক্ষতিগ্ৰস্থ হ’ব।
সকলোতকৈ বেছি উপকাৰী হিচাবে আপুনি প্রত্যেক ফৰজ নামাজৰ শেষাংশত তেওঁলোকৰ কাৰণে দু‘আ কৰক। তেনেহ’লে তেওঁলোকৰ হক আদায় কৰিব পাৰিব। আল্লাহে আমাক সঠিক জ্ঞান দিয়ক। আমিন।

Sunday, 11 March 2018

ইজমা আৰু কিয়াছ কি ? লেখক - জুবাইৰ ৰহমান


ইজমা আৰু কিয়াছক লৈ আমাৰ সমাজত ব্যাপক ভুল ধাৰণা বিদ্যমান। আমি বহুতেই নাজানোঁ যে ইজমা কি আৰু কিয়াছ কি! মানুহে ইজমা-কিয়াছ সম্পর্কে মাৰাত্মক ভুল জ্ঞান ৰখাৰ কাৰণে প্রতিদিনে নতুন নতুন বিষয় ধর্মৰ মাজত ইজমা-কিয়াছৰ নাম দি সুমুৱাই দিয়া হৈছে। বিশেষকৈ বিদ‘আতী, খুব কব জ্ঞানী চুফিবাদী আলিম নামধাৰী লোকসকলে সাধাৰণ মানুহৰ ওচৰত নতুন নতুন বিষয় উপস্থাপন কৰি কয় এইটো ইজমা হৈ গৈছে, সেইটো কিয়াছ হৈ গৈছে। সাধাৰণ মানুহেও নুবুজি সেইবোৰ গ্রহণ কৰিছে আৰু ছহীহ বিষয় উপস্থাপন হ’লেও তেওঁলোকে সেইটো মানিবলৈ অস্বীকাৰ কৰি ইজমা কিয়াছৰ যুক্তি দাঙি ধৰে। অথচ তেওঁলোকে নাজানে ইজমা কি বা কিয়াছ কি!
প্ৰথমতে কোৰআনত আল্লাহে কি কৈছে সেয়া চাওঁ আঁহক-
“আজি মই তোমালোকৰ কাৰণে তোমালোকৰ দ্বীনক পৰিপূর্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূর্ণ কৰিলোঁ আৰু তোমালোকৰ কাৰণে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ।” (ছুৰা আল-মায়িদাহ : ৩)
“হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ দায়িত্বশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত উৎকৃষ্টতৰ।” (ছুৰা আন-নিছা : ৫৯)
“সিহঁত ইমানদাৰ হ’ব নোৱাৰে¸ যেতিয়ালৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্ট বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক [ৰাছুল ছঃ] ন্যায়বিচাৰক বুলি স্বীকাৰ নকৰে।’’ (ছুৰা আন-নিছা : ৬৫)
“কোৱা! তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’’ (আলে-ইমৰান : ৩২, ১৩২; আন-নিছা : ৫৯; আল-আনফাল : ১, ২০, ৪৬; আন-নুৰ : ৫৪, ৫৬; মুহাম্মদ : ৩৩; আল-মুজাদালাহ : ১৩; আত-তাগাবুন : ১২)
“তোমালোকৰ প্রতিপালকৰ ফালৰ পৰা যি অৱতীর্ণ হৈছে তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁক (আল্লাহক) বাদ দি আন কাকো অভিভাভকৰূপে (আউলিয়াৰ) অনুসৰণ নকৰিবা। তোমালোকৰ কম সংখ্যকেই উপদেশ গ্ৰহণ কৰা।’’ (ছুৰা আল-আ’ৰাফ, আয়াত ৩)
     বহুতেই কৈ থাকে কোৰআন হাদীছত সমাধান নাপালে কি কৰিব? অথচ স্বয়ং আল্লাহে কৈছে ,ছুৰা আন-নিছাৰ ৫৯নং আয়াতত মতানৈক্য হ’লে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু কোৰআনৰ ফালে ঘূৰি আহিবলৈ! অর্থাৎ কোৰআন আৰু হাদীছৰ মাজতেই সমাধান নিশ্চয় আছে। তাৰ পিছতো যদি কয় কোৰআন আৰু হাদীছত তো নাই! তেনেহ’লেতো আৰু সহজ, যিটো কোৰআন আৰু হাদীছত নাই সেইটো ইছলামতো নাই!
     ‘‘নিশ্চয় সর্বোত্তম বাণী আল্লাহৰ কিতাব আৰু সর্বোত্তম আদর্শ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদর্শ। আৰু সকলোতকৈ নিকৃষ্ট বিষয় হ’ল (দ্বীনৰ মাজত) নৱ আৱিষ্কৃত বিষয়; আৰু নৱ আৱিষ্কৃত প্রত্যেক বিষয় বিদ‘আত আৰু প্রত্যেক বিদ‘আত হ’ল ভ্রষ্টতা আৰু প্রত্যেক ভ্রষ্টতাৰ পৰিণাম জাহান্নাম।” (ছহীহ মুছলিম : ১৫৩৫ ও ছুনান আন-নাছাঈ : ১৫৭৮, হাদীছৰ শব্দ চয়ন নাছাঈৰ পৰা)
     দ্বীন ইছলাম পৰিপূর্ণ। (ছুৰা আল-মায়িদাহ : ৩)।
     এতিয়া ইজমা কিয়াছৰ নামত দ্বীন ইছলামত নতুন নতুন সংযোজন কি আদৌ সম্ভৱ? ইছলামী শ্বৰীয়তৰ (আইনৰ) তৃতীয় উৎস হ’ল ইজমা। ইজমা হ’ল এই উম্মতৰ দীনি জ্ঞানসম্পন্ন মুজতাহিদসকলৰ ঐক্যমত পোষণ আৰু ইয়াৰ ভিত্তি হ’ল ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামৰ ছহীহ হাদীছ-
‘‘মোৰ উম্মত কেতিয়াও ভ্রষ্ট পথত একমত নহ’ব’’। (মুস্তাদৰাকে হাকিম (১/২০০-২০১) হাদীছ নং- ৩৯৪, ৩৯৬, ৩৯৭, ৩৯৯, ৪০০ আৰু চাওঁক: আবু দাউদ (৪/৯৮) হাদীছ নং- ৪২৫৩; তিৰমিযী (৪/৪৬৬) হাদীছ নং- ২১৬৭; ইবনে মাজাহ (২/১৩০৩) হাদীছ নং- ৩৯৫০)।
     গতিকে উম্মতৰ সকলোৱে যদি কোনো বিষয়ত একমত হয়, তেনেহ’লে সেইটোও আল্লাহ আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুমতিক্রমেই হ’ব আৰু সেইটো হ’ব গ্রহণযোগ্য। এনেধৰণৰ পূর্বৱর্তী কোনো দ্বীনৰ ক্ষেত্রত সিহঁতৰ নবীৰ মুখৰ পৰা কোনো অভয়বাণী শুনোৱা হোৱা নাই। ফলত সিহঁতৰ সকলোৱে একমত হ’লেও সেই মতটো সঠিক হোৱাৰ নিশ্চয়তা নাই। অথচ আমাৰ ইয়াত কম জ্ঞানী লোকসকলেও ইজমাৰ বয়ান কৰি সমাজ চলাই আছে! আজিৰ সমাজৰ ফালে লক্ষ্য কৰিলে সহজে বুজা যায় যে আহলে ছুন্নাত ওৱাল জাম‘আতৰ আলিমসকলে অন্যান্য প্রচলিত বিভিন্ন ফিৰ্কাৰ নিজস্ব মতামত গ্রহণ কৰা নাই। তেওঁলোকে কোৰআন আৰু ছহীহ হাদীছৰ বাহিৰে কোনো মতামত গ্রহণ নকৰে। ব্যক্তিগত কোনো মতামত তেওঁলোকে গ্রহণ নকৰে। গতিকে ইজমা ইজমা কৰি যিসকলে নতুন বিষয় দ্বীনত প্রৱেশ কৰাইছে তেওঁলোকে মূলতঃ ইজমাক লৈ মানুহক বুৰ্বক বনাইছে। আজিৰ সমাজত কিছু সংখ্যক বিদ‘আতী আলিমে নতুনকৈ ইজমা ইজমা কৰি আছে, অথচ আলিমসকলৰ কিছুমানে ৰীতিমতে তেওঁলোকৰ বিৰোধিতা কৰিছে! তেনেহ’লে ইজমা কি ধৰণে হ’ল?
     “যিয়ে আমাৰ এই ধর্মত এনেকুৱা কোনো নতুন বিষয় উদ্ভাৱন কৰিব যিটো ধর্মৰ অন্তর্ভুক্ত নাছিল সি প্রত্যাখ্যাত হব”। (বুখাৰী ও মুছলিম)
     অধিক সংখ্যক আলিমৰ মতে চাৰি খলিফাৰ পিছত উম্মতৰ মাজত ইজমা হোৱাৰ আৰু কোনো সুযোগেই নাই! ইজমাৰ উদাহৰণ হৈছে, যেনেকৈ প্রত্যেক ব্যক্তিৰ কাৰণে পাচ ওৱাক্তত ১৭ ৰাক‘আত ছালাত ফৰজ। এই ফৰজ কমও কৰিব নোৱাৰি বা বেছিও কৰিব পৰা নাযায়। এইটোৱেই হৈছে ইজমা। কোনোবাই যদি কয় ১৭ ৰাক‘আত নহয়, ১৮ ৰাক‘আত বা ১৯ ৰাক‘আত তেতিয়াহ’লে সেইটো গ্রহণযোগ্য নহ’ব। এইটোৱেই ইজমা যে ১৭ ৰাক‘আত ফৰজ ছালাত। এইটো ১৪৫০ বছৰ আগৰ পৰাই প্রকাশিত এটা বিষয়। নতুন বিষয় নহয়। কোনোবাই যদি কয় ৱিতিৰ ছালাত ফৰজ এইটো ইজমা, তেনেহ’লে এইটো ভুল। ফৰজ নিশ্চয় নহয়। ৱিতিৰ ছালাত ছুন্নাতে মুৱাক্কাদা অর্থাৎ খুব গুৰুত্বপূর্ণ ঠিক যেনেকৈ ফজৰৰ ছুন্নাত ছালাত খুব গুৰুত্বপূর্ণ, যদিও কোনো কোনোৱে ওৱাজিব বুলি কৈছে। কিন্তু অধিকাংশ আলিমৰ মতে এইটো ছুন্নাতে মুৱাক্কাদাহ। লক্ষণীয় বিষয় হ’ল কোনোবাই যদি কয় ৱিতিৰ ফৰজ বা ওৱাজিব এইটো ইজমা তেনেহ’লে ভুল। ওপৰৰ হাদীছ লক্ষ্য কৰক “একমত নহ’ব” অর্থাৎ অধিকাংশ আলিমে ছুন্নাতে মুৱাক্কাদাহ বুলি কৈছে যদিও কিছুমানে ওৱাজিব বুলি কৈছে। কিন্তু সকলোৱে একমত দৈনিক পাচ ওৱাক্ত ছালাত ফৰজ। চাৰি ওৱাক্ত নহয় বা ছয় ওৱাক্তও নহয়। এইটোৱেই ইজমা। জাকাত ফৰজ এইটো ইজমা। চিয়াম (ৰোজা) ফৰজ এইটো ইজমা।
ইছলামী শ্বৰীয়তৰ (আইনৰ) চতুর্থ উৎস হ’ল কিয়াছ:
_________________________
     কিয়াছ নির্ভৰ কৰে পূর্বৱর্তী তিনিটা উৎসৰ ওপৰত। গতিকে এইটো মনেসজা একো নহয়। কিয়াছ হৈছে কোৰআন আৰু হাদীছক কিয়ামত পর্যন্ত সংযোগ স্থাপন কৰা। এইটো নতুন কোনো বনোৱা বিষয় নহয়। ইয়াৰ সৰু এটা উদাহৰণ হ’ল- এখন কাগজত কোৰআন লিখা কি নিষেধ? ইয়াত কিয়াছ হৈছে- নিশ্চয় নহয়। কাৰণ তৎকালীন সময়ত চামড়াত¸ গছৰ পাতত¸ বাকলিত লিখা হৈছিল, যদি কাগজ থাকিলহেঁতেন তেনেহ’লে কাগজতো লিখিলেহেঁতেন। এই যে ১৪৫০ বছৰ আগতে নাজিল হোৱা কোৰআনৰ বিধান বর্তমান সময়ত সমন্বয় কৰা এইটোৱেই কিয়াছ। বিল্লাল ৰাদ্বিয়াল্লাহু আনহুক উচ্চস্বৰে আজান দিবলৈ কোৱা হৈছিল যাতে বেছি দূৰলৈকে মানুহে আজান শুনিবলৈ পায়। এজন অন্ধ লোকক আজান শুনিবলৈ পালে মছজিদত হাজিৰ হোৱাৰ নির্দেশ দিয়া হৈছিল। আজান যিমান বেছি দূৰলৈকে যাব সিমানে ছাওৱাব অর্জনৰ কথা হাদীছত আহিছে। ইছলামত জীৱনৰ প্রয়োজনীয়তাত নতুন টেকনোল’জি ব্যৱহাৰ কৰাত নিষেধ কৰা নাই। গতিকে বুজা গৈছে যদি সেই সময়ত মাইক থাকিলহেঁতেন তেনেহ’লে মাইক ব্যৱহাৰ কৰা হ’লহেঁতেন। মাইক ব্যৱহাৰে দ্বীন ইছলামৰ বিধান পৰিৱর্তন কৰা নাই।
     “যিয়ে কোনো ভাল পদ্ধতি প্রচলন কৰিলে তেওঁ তাৰ ছাওৱাব পাব আৰু সেই পদ্ধতি অনুযায়ী যিয়ে কাম কৰিব তেওঁলোকৰ ছাওৱাবো তেওঁ পাব, তাতে তেওঁৰ ছাওৱাবৰ কোনো কম কৰা নহ’ব। আনহাতে যি ব্যক্তিয়ে ইছলামত কোনো বেয়া পদ্ধতি প্রৱর্তন কৰিব তেওঁ তাৰ পাপ বহন কৰিব, আৰু যিসকলে সেই পদ্ধতি অনুসৰণ কৰিব তেওঁলোকৰ পাপও তেওঁ বহন কৰিব, তাতে তেওঁলোকৰ পাপৰ কোনো কম কৰা নহ’ব।” (মুছলিম)
     এই যে সংযোজন অর্থাৎ কানেক্টিভিটি ১৪৫০ বছৰ আগৰ কোৰআন আৰু হাদীছৰ বাণীৰ সৈতে এইটোৱেই হৈছে কিয়াছ, কিয়াছ কোৰআন আৰু হাদীছৰ বাহিৰত নহয়। অথচ সমাজত দ্বীনৰ নামত নতুন বিষয় সংযোজন কৰি কোৱা হৈছে এইটো কিয়াছ! অথচ দ্বীনৰ মাজত প্রত্যেক নতুন সংযোজন বিদ‘আত যিটো গোমৰাহী আৰু যাৰ পৰিণাম জাহান্নাম।
     গতিকে কিয়াছৰ নামত কোৰআন আৰু ছুন্নাহৰ বিপৰীত কোনো বিষয় গ্রহণ কৰা কেনেকৈ সমীচীন হ’ব?
     “যিয়ে আমাৰ এই ধর্মত এনেকুৱা কোনো নতুন বিষয় উদ্ভাৱন কৰিব যিটো ধর্মত অন্তর্ভুক্ত নাছিল সেইটো প্রত্যাখ্যাত হ’ব”। (বুখাৰী ও মুছলিম)
     একেদৰে বাছত যোৱা¸ বিমানত যোৱা, মেচিনত কাপোৰ চিলাই কৰা জায়েজ হয় নে, মাদ্রাছা প্রতিষ্ঠা কৰা জায়েজ নে ইত্যাদি এইবিলাক সম্পর্কে মাছা‘আলা কিয়াছৰ ভিত্তিত হয়। কিন্তু দ্বীন ইছলামৰ কোনো বিষয়েই হেৰ-ফেৰ কৰাৰ সুযোগ নাই।
     গতিকে আমি বুজিব পাৰিছোঁ যে, ইছলাম এনেকুৱা এটা দ্বীনৰ নাম, যিটো সম্পূর্ণভাৱে আগৰে পৰাই আছে আৰু তাৰ বিধানসমূহত বাহিৰৰ কোনো প্রভাৱ তাত পৰা নাই। যিহেতু আল্লাহ তা‘আলাই এই বিধান দিছে, আৰু জ্ঞান-বিজ্ঞানও আল্লাহৰ পক্ষৰ পৰাই দিয়া নিয়ামত বিশেষ, সেয়েহে এই দুটা কেতিয়াও পৰস্পৰ বিৰোধী হ’ব নোৱাৰে। বাস্তৱতো সেইটো ঘটা নাই। আল্লাহৰ কোৰআনৰ কোনো আয়াত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো ছহীহ হাদীছ বিজ্ঞানত পৰীক্ষিত কোনো ধ্রুৱসত্যৰ বিৰোধী হৈছে বুলি— এনেকুৱা কোনো প্রমাণ আজিলৈকে কোনেও দিব পৰা নাই। যদিও কোনো কোনো ক্ষেত্রত বিজ্ঞানৰ কোনো কোনো থিওৰি প্রাথমিকভাৱে আল-কোৰআন আৰু ছহীহ হাদীছৰ সৈতে বিৰোধী হৈছে বুলি ভাৱ হৈ থাকে, তথাপিও তাত আল্লাহৰ কোৰআন আৰু ছহীহ হাদীছেই মূলতঃ গ্রহণযোগ্য হ’ব, কাৰণ এই সমস্ত প্রাথমিক থিওৰি (যিবোৰ পৰীক্ষিত সেইবোৰ সত্য বুলি প্রমাণিত হোৱা নাই) পৰিৱর্তনশীল। আল্লাহৰ কোৰআনৰ কোনো আয়াত, আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো ছহীহ হাদীছ পৰিৱর্তনশীল নহয়। অৱশ্যে কোনো কোনো ক্ষেত্রত খৰধৰকৈ বহুতেই সঠিক অর্থ ও ব্যাখ্যা অনুধাৱন কৰিব নোৱাৰে। সেই ক্ষেত্রত দৰকাৰ প্রকৃত জ্ঞানীৰ ওচৰলৈ উভতি যোৱা। আনহাতে ইছলামে জ্ঞান-বিজ্ঞানক উৎসাহিত কৰিছে, জ্ঞান অর্জনক ফৰজ কৰিছে। ইছলামত বিজ্ঞানীসকলৰ যি কদৰ আছে, অন্যান্য ধর্মৰ সৈতে ইয়াৰ কোনো তুলনাই হ’ব নোৱাৰে। গতিকে দ্বীন (ইছলাম) আৰু জ্ঞান-বিজ্ঞান পৰস্পৰ বিৰোধী বোলা সম্পূর্ণ অযৌক্তিক। সেয়েহে ইছলামী বিধান বাস্তৱায়নত এই সন্দেহৰ অৱতাৰণা কৰা বাতুলতা মাত্র।
     ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নির্দেশ দিছে কোৰআন আৰু ছুন্নাহক দৃঢ়ভাৱে খামুচি ধৰিবলৈ। ইজমা আৰু কিয়াছ কোৰআন আৰু ছুন্নাহৰেই অংশ। বাহিৰৰ একো নহয়। দ্বীন ইছলাম পৰিপূর্ণ। নতুন সংযোজন বা বিয়োজনৰ কোনো সুযোগ নাই। তেনেহ’লে কেনেকৈ ইজমাৰ নামত কিয়াছৰ নামত নতুন বিষয় ইছলামত প্রৱেশ কৰোৱা সম্ভৱ???