Wednesday, 14 March 2018

মছজিদত মহিলাৰ প্ৰৱেশ নিষেধ নেকি? লিখক - মুকিব আলী


" মছজিদ চৌহদত মহিলাৰ প্ৰৱেশ নিষেধ " শীৰ্ষক ফলকখনি বহুতো মছজিদৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত আঁৰি থোৱা আমি বহতেই প্ৰত্যক্ষ কৰিছোঁ । অসম তথা ভাৰতবৰ্ষৰ গৰিষ্ঠ সংখ্যক মুচলীমেই মহিলাই মছজিদত প্ৰৱেশ কৰাটো এক অপৰাধ হিচাবে গণ্য কৰি আহিছে ! কিন্তু শ্বৰীয়তৰ দৃষ্টিভংগীত এনে ধাৰণা কিমান শুদ্ধ , সেই দিশটো আমি তথ্য ভিত্তিক অনুসন্ধান কৰি চাইছো নে ?
এই সন্দৰ্ভত আলোচনাৰ আৰম্ভণিতে আমি কেইটিমান দিশ অতি সুক্ষ্মভাৱে পৰ্য্যালোচনা কৰাৰ প্ৰয়োজন আছে ! উদাহৰণ স্বৰূপে, শ্বৰীয়তে মহিলাক মছজিদত চালাত (নামাজ) আদায় কৰাতকৈ নিজৰ ঘৰৰ আভ্যন্তৰীণ কোঠাতহে চালাত আদায় কৰাটো উত্তম বুলি ঘোষণা কৰিছে । কিন্তু এই ঘোষণাই মছজিদত মহিলা প্ৰৱেশ কৰাটো অপৰাধ নুবুজাই যদিও আমাৰ কিছু সংখ্যক তথাকথিত নেতাই মুহাম্মদ (চঃ) য়ে এই সন্দৰ্ভৰ বিধান অতি স্পষ্ট কৰি থৈ যোৱাৰ পাছতো শ্বৰীয়তক নিজ খেয়াল খুচিৰে নিজৰ হাতত তুলি লৈছে ! নবী(চঃ) য়ে দি যোৱা বিধানক অগ্ৰাজ্য কৰি মুচলীম সমাজক বিপথে পৰিচালিত কৰিছে । নিম্ন উল্লেখিত হাদীছ কেইটিয়ে এই অভিযোগৰ বাস্তৱতা বহন কৰে -
১] ইবনু ওমৰ (ৰাঃ) বৰ্ণনা কৰিছে , ৰাছূল (চঃ) কৈছে : " আল্লাহৰ দাসী বা বান্দী সকলক মছজিদলৈ যাবলৈ বাধা নিদিবা ( আবুদাউদ /৫৬৬ )।
২] চালিম ইবনু আব্দুল্লাহ (ৰাঃ) তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে , নবী (চঃ) কৈছে : "তোমালোকৰ কাৰোবাৰ স্ত্ৰী চালাতৰ বাবে মছজিদলৈ যোৱাৰ অনুমতি বিচাৰিলে স্বামীয়ে যেন তেওঁক বাধা নিদিয়ে ( বুখাৰী /৮২৪)।
৩] ইবনু ওমৰ (ৰাঃ) ৰ পৰা বৰ্ণিত , ৰাছূল (চঃ) কৈছে : " তোমালোকৰ পত্নী সকলে যদি ৰাতি মছজিদলৈ যোৱাৰ অনুমতি বিচাৰে তেন্তে যাবলৈ দিবা ( বুখাৰী / ৮১৬ )।
৪] আবু হুৰাইৰাহ ( ৰাঃ) বৰ্ণনা কৰিছে , নবী (চঃ) কৈছে : " চালাতত পুৰুষৰ সৰ্ব্বোত্তম শাৰী হৈছে প্ৰথম শাৰী আৰু মহিলাৰ সৰ্ব্বোত্তম শাৰী হৈছে শেষৰ শাৰী ( আবুদাউদ /৬৭৮ )।
৫] আবু হুৰাইৰাহ (ৰাঃ) দ্বাৰা বৰ্ণিত , ৰাছূল (চঃ) কৈছে : " আল্লাহৰ মছজিদলৈ যোৱাত মহিলা সকলক বাধা নিদিবা , কিন্তু তেওঁলোকে যেন সুগন্ধি ব্যৱহাৰ কৰি নাযায় ( আবুদাউদ /৫৬৫ )।
৬] আবুবক্কৰ (ৰাঃ) ৰ ছোৱালী আছমা (ৰাঃ) কৈছে : " মই ৰাছূলুল্লাহ (চঃ) ক কোৱা শুনিছো -" তোমালোকৰ যিসকল বান্দী আল্লাহ ও শেষ দিনৰ ওপৰত বিশ্বাসী, তেওঁলোকে যেন চালাতত পুৰুষ সকলে মূৰ তোলাৰ আগতে তেওঁলোকে আগতীয়াকৈ মূৰ নোতোলে যাতে পুৰুষৰ গুপ্তাংগ দৃষ্টিগোচৰ নহয় ( আবুদাউদ /৮৫০ )।
এনে অসংখ্য হাদীছে মহিলাই মছজিদত চালাত আদায় কৰাৰ বৈধতা দাঙি ধৰে। কোৱা বাহুল্য যে, নিশ্চিত ভাবে মহিলাই মছজিদলৈ যোৱাটো ওমৰ(ৰাঃ) বাবে অপছন্দীয় আছিল, কিন্তু নবী (চঃ)ৰ স্পষ্ট হুকুমৰ বিপৰীতে তেখেতে কেতিয়াও মন্তব্য দিয়া নাছিল। নিম্ন উল্লেখিত হাদীছে ইয়াৰ প্ৰমাণ বহন কৰিছে -
" ওমৰ(ৰাঃ) এগৰাকী পত্নী আতিকা বিন্তে জায়িদ ফজৰ আৰু ঈশ্বাৰ চালাতত সদায়েই মছজিদত উপস্থিত আছিল । এবাৰ তেখেতক প্ৰশ্ন কৰা হল -" আপুনি কিয় চালাতৰ বাবে ঘৰৰ বাহিৰলৈ আহে, অথচ আপুনি ভালদৰে জানে যে ওমৰ ( ৰাঃ) ইয়াক মাথোঁ অপছন্দ কৰাই নহয়, মৰ্য্যদা হানি বুলিও গন্য কৰে ? এনে কি প্ৰতিবন্ধক আছে যাৰ বাবে আপোনাৰ স্বামীয়ে বাধা দিয়া নাই?  উত্তৰত কোৱা হল , প্ৰতিবন্ধক এয়েই যে আল্লাহৰ ৰাছূল (চঃ) কৈছে, 'বান্দীসকলক মছজিদলৈ যাবলৈ নিষেধ নকৰিবা' ( বুখাৰী /৮৪৭ )।
ইয়াৰ পাছতো বহুতেই ওমৰ(ৰাঃ) ই মহিলা মছজিদলৈ যোৱাটো বন্ধ কৰোৱা বুলি কৰা অপপ্ৰচাৰ প্ৰকৃততে এগৰাকী মহান চাহাবীৰ ওপৰত অনা এক ভূৱা অপবাদহে মাথোঁ !
ইয়াতকৈ ৰহস্যজনক বিষয় যে, সাম্প্ৰতিক সময়ত মহিলাই বজাৰ-হাট, ক'ৰ্ট-কাছাৰী আদি সকলো ৰাজহুৱা স্থানত মুক্ত মনেৰে ঘূৰি ফূৰোতেও কাহানিও কাকো আপত্তি কৰা দেখা নাযায় ! কিন্তু চালাতৰ বাবে মছজিদলৈ অহাৰ প্ৰশ্ন আহিলেই, বৰ্তমান জামানাৰ দোহাই দি ইয়াক বাধা দিয়াৰ ফতোৱাৰ অভাৱ নাই ! অথচ আবু হুৰাইৰাহ (ৰাঃ) ই ৰাছূল (চঃ) ৰ পৰা বৰ্ণনা কৰিছে, আল্লাহে কৈছে : " আদম সন্তান সকলে জামানা বা সময়ক দূষাৰুপ কৰি মোক কষ্ট দিয়ে ! অথচ ময়েই জামানা, সকলো কাৰ্য্যব্যৱস্থা মোৰ হাততেই ! ৰাতি আৰু দিনক ময়েই সলনি কৰো ( বুখাৰী /৫৭৪২ )।
আমি পাহৰি গলে নহব যে মহান আল্লাহে নিৰ্দ্ধাৰণ কৰি দিয়া বিধান পৃথিৱীৰ কোনো ব্যক্তিৰেই সলনি কৰাৰ তিলমানো অধিকাৰ নাই ! যিহেতু আল্লাহে কৈছে -" আল্লাহ আৰু তেখেতৰ ৰাছূল গৰাকীয়ে কোনো বিষয় সিদ্ধান্ত দিয়াৰ পাছত কোনো মুমিন পুৰুষ আৰু মুমিন নাৰীয়ে সেই বিষয়ত নিজে আন সিদ্ধান্ত দিয়াৰ অধিকাৰ নাই । যি আল্লাহ আৰু তেওঁৰ ৰাছূলৰ অবাধ্য হয় , সি প্ৰকাশ্যেই বিপথগামী ( আল- কোৰআন , ৩৩/৩৬ )।
সেয়েহে মহান আল্লাহৰ বিপৰীতে লোৱা যিকোনো সিদ্ধান্ত আমি সদায় প্ৰতিবাদ কৰা উচিত। সমাজৰ সকলো মছজিদতেই মহিলাই চালাত আদায় কৰিব পৰাকৈ আচুতীয়া ব্যৱস্থা ৰখাৰ ওপৰত গুৰুত্ব দিয়া উচিত। কিয়নো সময় অতিবাহিত হোৱাটো স্বাভাৱিক, কিন্তু মানচুখ ঘোষিত নোহোৱাকৈ হাদীছক কাহানিও পুৰণি হোৱা বুলি অৱজ্ঞা কৰাটো একেবাৰেই অনুচিত।

No comments:

Post a Comment