ফতোৱা কি ?
দি ইছলামিক ছুপ্ৰিম কাউন্সিল অফ আমেৰিকাৰ মতে যুগৰ পৰিবৰ্তনৰ লগে লগে কোনো পৰিবৰ্তিত পৰিস্থিতত কোনো বিষয়ৰ লগত ইচলাম ধৰ্মীয় কোনো বিষয়ৰ মতানৈক্য সৃষ্টিৰ উপক্রম হলে বা সেই বিষয়ত কিবা স্পষ্টীকৰণৰ প্ৰয়োজন হলে সেই নিদিষ্ট বিষয়টোৰ ওপৰত যদি কোনো মুছলমানে মতামত বিচাৰে তেতিয়া তাৰ ওপৰত উপযুক্ত অৰ্হতা সম্পন্ন কোনো মুছলমান আলিমে দিয়া ৰায়ক সাংক্ষেপে ফতোৱা বুলি কোৱা হয়।
ফাতোৱা কোনে দিব পাৰে ?
অটোমান সাম্ৰাজ্যৰ পতনৰ পাছত বৰ্তমান বিশ্বৰ কতো মুছলমান সকলৰ বাবে কোনো উমৈহতীয়া কেন্দ্রীয় ইছলামিক ধাৰ্মিক কর্তৃপক্ষ নাই গতিকে ইছলামিক দেশ সমূহত সাধাৰণতে তাৰে চৰকাৰৰ তত্বাৱধানত যি সর্বোচ্চ ধর্মীয় পৰিষদ (Supreme Religious Council) গঠন কৰি দিয়া হয় তেওঁলোকে ফতোৱা দিয়াৰ ক্ষমতা লাভ কৰে। অনা-মুছলমান দেশ সমূহত প্ৰকৃতপক্ষে ফতোৱা জাৰি কৰাৰ বাবে কোনো নিদিষ্ট কর্তৃপক্ষ নাই যদিও এইবোৰ দেশত কোনো উচ্চ স্তৰৰ ইছলামিক ধাৰ্মিক প্ৰতিষ্ঠান বা সংগঠনে ফতোৱা দিয়ে আৰু আমিও তাকে মানি লওঁ, যেনে ভাৰতত দাৰুল উলুম দেওঁবন্দে ফতোৱা জাৰি কৰা ফতোৱা যথেষ্ঠ গুৰুত্ব সহকাৰে লোৱা হয়। দেওঁবন্দৰ ফতোৱা জাৰি কৰাৰ সুকীয়া বিভাগ এটাও আছে।
এতিয়া প্ৰশ্নটো হল, ফতোৱা দিব পাৰিব কোনে বা ফতোৱা দিয়া জনৰ কি কি যোগ্যতা থাকিব লাগিব এই সম্পৰ্কে আমাৰ আলিম উলেমা সকলৰ মাজত মতভেদ আছে যদিও সংখ্যাগৰিষ্ঠ আলিম উলেমাৰ মতে " ফতোৱা দিব পাৰে এজন বা এদল উপযুক্ত অৰ্হতা সম্পন্ন মুফতিয়েহে। ইয়াত আৰু এটা মনকৰিবলগীয়া কথা হল ফতোৱা জাৰি কৰিবলৈ মুফতি ডিগ্ৰী থকাটোৱে যথেষ্ট নহয় মুফতি জন ইজতিহাত সম্পন্ন অৰ্থাৎ কোৰআন আৰু হাদিছ সমূহ বিশ্লেষণ কৰাৰ সতন্ত্ৰ ক্ষমতা থাকিব লাগিব বুলি সকলো আলিম-উলেমাই মত পোষন কৰে। ইয়াৰ উপৰিও কিছুমান আলিমৰ মতে মুফতি গৰাকী ' অনুশীলন কৰি থকা মুফতি,(Practising Mufti) হোৱা উচিত । কথাটো আমি এনেকৈ বুজাব পাৰি, যিদৰে আইনৰ ডিগ্ৰী ললেই ব্যক্তি এগৰাকী উকিল হব নোৱাৰে তাৰ বাবে তেওঁ আদালতত গৈ অনুশীলন কৰিব লাগিব। ঠিক সেইদৰে ফতোৱা দিয়াৰ বাবে মুফতি ডিগ্ৰীটোৱে প্ৰযাপ্ত নহয় তাৰ বাবে তেওঁৰ অনুশীলনৰো প্ৰয়োজন আছে। এই নীতি অনুসৰন কৰি ইছলামিক দেশসমূহৰ "সর্বোচ্চ ধর্মীয় পৰিষদ" দেশৰ ইজতিহাত সম্পন্ন উৎকৃষ্ট মুফতিৰ দল এখনেৰে গঠন কৰা হয় । ঠিক সেইদৰে দাৰুল উলুম দেওঁবন্দৰ ফতোৱা কমিটিয়ো এজন মূখ্য মুফতিৰ নেতৃত্বত এদল উচ্চ স্তৰৰ মুফতি সকলৰ দ্বাৰাই গঠন কৰা হয়।
গতিকে ওপৰৰ আলোচনাৰ পৰা আমি কব পাৰি যে ফতোৱা কোনো মৌলবী, মৌলানা, ক্বাৰী ডিগ্ৰীধাৰী কোনো আলিম আনকি গোটেই কোৰআন খনকে মুখস্থ কৰি পেলোৱা হাফিজ এজনেও দিয়াৰ ক্ষমতা বা অধিকাৰ নাই। ফতোৱা কেবল এজন ইজতিহাত সম্পন্ন মুফতিয়ে দিব পাৰে আৰু মুফতি গৰাকী অনুশীলন কৰি থকা মুফতি হলে ভাল ।
ফতোৱা দিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন ?
ইচলামিক Jurisprudence ৰ এজন অন্যতম প্ৰবক্তা ইমান শাহাফি (ৰ:) ৰ মতে -
"সেইসকল লোকেহে কোৰআন মজিদক ব্যাখা কৰা বা ফতোৱা দিয়াৰ অধিকাৰ আছে যিসকলে কোৰআন সম্পূৰ্ণৰূপে বুজি পায়, কোৰআনৰ কোনবোৰ আয়াতক ৰহিত (abrogated) কৰা হৈছে আৰু কোনবোৰ আয়াতৰ দ্বাৰা ৰহিত কৰা হৈছে (by which verses they were abrogated) সেইবোৰক চিনাক্ত কৰাৰ দক্ষতা আছে, কোৰআনৰ কোনবোৰ আয়াত ইটোৰ লগত সিটো অনুৰূপ (resemble to each other) তাক নিৰ্ধাৰণ কৰাৰ দক্ষতা থকাৰ লগতে, কোনবোৰ আয়াত মক্কাত নাজিল (revealed) আৰু কোনবোৰ মদিনাত নাজিল হৈছিল তাক নিৰ্নয় কৰিব পাৰে । হাদিছ সমূহৰ কোষ ( corpus - মানব দেহৰ কোষ , ৰক্তকনিকা ) সম্পৰ্কে তেওঁৰ সম্পূৰ্ণ জ্ঞানৰ লগতে চহিহ,জাল,জঈফ হাদিছ সমূহ চিনাক্তকৰণ কৰিৰ যোগ্যতা আছে । তেওঁ নবী (ছ:) ৰ যুগৰ আৰবী ভাষা জনাৰ উপৰিও আৰবী ব্যাকৰন (grammar) আৰু উচ্চাৰণ (eloquence) ৰ লগতে আৰবৰ কবিতা (poetry) সম্পৰ্কে জ্ঞাত। উপৰঞ্চি ভাবে তেওঁ যি ঠাইত বাস কৰে সেই ঠাইত বসবাস কৰা বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ সংস্কৃতি সম্পর্কেও ভালদৰে অবগত। যদি কোনো ব্যক্তিৰ মাজত এই বৈশিষ্ট্য (attributes) সমূহ একেলগে বিদ্যমান থাকে তেওঁহে ইছলামত কি বৈধ (হালাল) আৰু কি অবৈধ (হাৰাম) তাৰ ওপৰত মাত মাতিব পাৰিব অৰ্থাৎ কোনো বিষয়ৰ ওপৰত ৰায় বা ফতোৱা দিব পাৰিব অন্যথাই নোৱাৰে"।
ইমান শাহাফি (ৰ:) য়ে নিৰ্ধাৰণ কৰি দিয়া ওপৰোক্ত বৈশিষ্ট্য সমুহৰ ভিত্তিত যদি আমি ফতোৱা দিব পৰা যোগ্যতা সম্পন্ন আলিম বিচাৰিব যাওঁ তেনেহলে গোটেই পৃথিৱীত কেইজন যোগ্য আলিম ওলাব তাত সন্দেহ আছে কিন্তু একাংশ মিডিয়াৰ বাবে কাঠ মোল্লা এজনৰ মুখৰ পৰা কিবা মন্তব্য ওলালেই সেয়াই ফতোৱা । সেয়া বাৰু যিয়ে নহওঁক ইছলামৰ কোনো জ্ঞান নথকা বা থাকিলেও মুছলমানক বদনাম কৰাৰ বাবে বা টিআৰপিৰ আশাত মিডিয়াই কৃতত্বহীন একাংশ আলিম-উলেমাই কোনো বিবাদীত বিষয়ৰ ওপৰত দিয়া মন্তব্যক কোনোৱাই ফতোৱা বুলি অপ-প্ৰচাৰ চলালেও আমি মুছলমান সকলে এই বিষয় বোৰ লৈ অতি সাবধগন হব লাগিব।

No comments:
Post a Comment