ইছলামত অমঙ্গল বা কুলক্ষণক বিশ্বাস কৰা এটি কুসংস্কাৰ বুলি গন্য কৰা হয়, যিটো সম্পূর্ণ হাৰাম।কুলক্ষণ সম্পর্কে কোৰআনত আল্লাহ তা‘আলাই কৈছে,
" এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেইটো নাজানে।" (আল-‘আৰাফ ১৩১)।

আৰবসকলে যাত্রা ইত্যাদি কামৰ প্রাকক্ষণত চৰাই উৰুৱাই দি তাৰ শুভাশুভ নির্ণয় কৰিছিল। চৰাই সোঁফালে গ’লে শুভ বুলি ভাৱি সেই কামত নামি পৰিছিল আৰু বাওঁফালে গ’লে অশুভ বুলি ভাৱি তাৰ পৰা বিৰত আছিল। এনেদৰে শুভাশুভ নির্ণয়ৰ বিধান প্রসঙ্গত মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে-
‘কুলক্ষণত বিশ্বাস কৰা শ্বিৰ্ক’।
(আবুদাঊদ, তিৰমিযী; মিশকাত হা/৪৫৮৪)
‘কুলক্ষণত বিশ্বাস কৰা শ্বিৰ্ক’।
(আবুদাঊদ, তিৰমিযী; মিশকাত হা/৪৫৮৪)
মাহ, দিন, সংখ্যা, নাম ইত্যাদিক দুর্ভাগ্য বা অশুভ প্রতীক হিচাবে চিহ্নিত কৰাও তাওহীদ পৰিপন্থী হাৰাম আক্কীদাৰ অন্তর্ভুক্ত। যেনে- বহু দেশত হিজৰী চনৰ ছফৰ মাহত বিবাহ কৰাৰ পৰা বিৰত থকা হয় আৰু প্রতি মাহৰ শেষ বুধবাৰক চিৰস্থায়ী কুলক্ষণ বুলি ভৱা হয়। বিশ্বজুৰি আজি ১৩ সংখ্যাক ‘অশুভ তেৰ’ বা (Unluckey thirteen) বোলা হয়। কোনোৱে যদি এবাৰ তেৰ ক্রমিকত পৰি যায় তেনেহ’লে তাৰ আৰু দুশ্চিন্তাৰ সীমা নাথাকে। বহুতে কণা, খোৰা, পাগল আদি প্রতিবন্ধীসকলক কামৰ আৰম্ভণিতে দেখিলে মূৰৰ ওপৰত হাত দি বহি যায়। দোকান খুলিবলৈ গৈ পথত এনেকুৱা কোনো কণা-খোৰাক বা বিধবা দেখিবলৈ পালে তেওঁৰ আৰু দোকান খোলা নহয়। অশুভ বুলি ভাৱি তেওঁ উভতি আহে। অথচ এনে জাতীয় আক্কীদা পোষণ কৰা হাৰাম আৰু শ্বিৰ্ক। এইকাৰণে যিসকলে কুলক্ষণত বিশ্বাসী ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক তেখেতৰ উম্মতৰ অন্তর্ভুক্ত বুলি গণ্য কৰা নাই। ইমৰান বিন হুছাইন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে-
‘যি ব্যক্তিয়ে নিজে কুলক্ষণত বিশ্বাস কৰে আৰু যাৰ কাৰণে আনৰ মাজত কুলক্ষণৰ প্রতি বিশ্বাসৰ প্রৱণতা সৃষ্টি হয় আৰু যি ব্যক্তিয়ে ভাগ্য গণনা কৰে ও যাৰ কাৰণে ভাগ্য গণনা কৰা হয় (বর্ণনাকাৰীয়ে ভাৱে যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই সম্পর্কেও কৈছিল) আৰু যিয়ে জাদু কৰে ও যাৰ কাৰণে জাদু কৰা হয় সেই ব্যক্তি আমাৰ দলভুক্ত নহয়’।
( তাবাৰাণী, ছিলছিলা ছহীহাহ হা/২১৯৫)

কোনোবাই কোনো বিষয়ে কুলক্ষণত নিপতিত হ’লে সি ইয়াৰ কাৰণে কাফফাৰা দিব লাগিব। কাফফাৰা ইয়াত কোনো অর্থ নাইবা ইবাদত নহয়; বৰং পাপ বিমোচক এটি দু‘আ, যিটো আব্দুল্লাহ বিন আমৰ বর্ণিত হাদীছত আহিছে। তেওঁ কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিন ক’লে, কুলক্ষণে যি ব্যক্তিক কোনো কামৰ পৰা ফিৰাই ৰাখে, নিশ্চয় সি শ্বিৰ্ক কৰে। ছাহাবীসকলে আৰজ কৰিলে, ইয়া ৰাছূলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম)! তাৰ কাফফাৰা কি হ’ব? তেওঁ ক’লে, সেই ব্যক্তিয়ে কব-
উচ্চাৰণ : আল্লা-হুম্মা লা খায়ৰা ইল্লা খায়ৰুকা ওৱালা ত্বায়ৰা ইল্লা ত্বায়ৰুকা ওৱালা ইলা-হা গায়ৰুকা।
অৰ্থাৎ
‘হে আল্লাহ! আপোনাৰ কল্যাণৰ বাহিৰে কোনো কল্যাণ নাই। আপোনাৰ সৃষ্ট কুলক্ষণৰ বাহিৰে কোনো কুলক্ষণ নাই। আৰু আপোনাৰ বাহিৰে কোনো (হক) মা‘বূদও নাই’।
(আহমাদ হা/৭০৪৫; ছিলছিলা ছহীহাহ হা/১০৬৫)

সুলক্ষণ-কুলক্ষণৰ ধাৰণা মনত জন্ম লোৱা স্বভাৱগত বিষয়, যিটো সময়ত বাঢ়ে ও কমে। ইয়াৰ সকলোতকৈ গুৰুত্বপূর্ণ চিকিৎসা আল্লাহৰ ওপৰত তাওৱাক্কুল বা নির্ভৰ কৰা। যেনে- ইবনু মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,
‘আমাৰ মাজত এনেকুৱা কোনো নাই যে, মনত কুলক্ষণ সংক্রান্ত একোৱেই উঁকি নিদিয়ে। কিন্তু তাওৱাক্কুলৰ (আল্লাহৰ ওপৰত নির্ভৰতা) দ্বাৰা আল্লাহ তা‘আলাই তাক দূৰ কৰি দিয়ে’।
( আবুদাঊদ হা/৩৯১০; মিশকাত হা/৪৫৮৪)
‘আমাৰ মাজত এনেকুৱা কোনো নাই যে, মনত কুলক্ষণ সংক্রান্ত একোৱেই উঁকি নিদিয়ে। কিন্তু তাওৱাক্কুলৰ (আল্লাহৰ ওপৰত নির্ভৰতা) দ্বাৰা আল্লাহ তা‘আলাই তাক দূৰ কৰি দিয়ে’।
( আবুদাঊদ হা/৩৯১০; মিশকাত হা/৪৫৮৪)
মই এটা লেখা পঠাব পাৰিম নেকি?যদি হয়, তেন্তে 8876102880 নম্বৰত যোগাযোগ কৰিব।
ReplyDeleteসুন্দৰ লিখনি
ReplyDelete