পিপুলচ ৰিপ্লাবিক অফ চাইনাৰ প্ৰথম প্রিমিয়াৰ ঝো এনলাই (Zhou Enlai) য়ে আমেৰিকা সম্পৰ্কে এক আমোদজনক মন্তব্য কৰি কৈছিল "আমেৰিকান সকলে অতি সহজে ঐতিহাসিক স্মৃতি সমূহ পাহৰি পেলায়" !
হয়, তথাকথিত ইছলামিক সন্ত্ৰাসবাদৰ ইতিহাস আজি পাহৰি পেলাইছে আমেৰিকাই। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰায় চাৰিটা দশক জুৰি বিশ্বৰ বিভিন্ন ভৌগোলিক ক্ষেত্ৰত নিজৰ প্ৰভূত্ব স্থাপনৰ লক্ষ্যৰে আমেৰিকা আৰু ছভিয়েত ইউনিয়নৰ মাজত চলা শীতল যুদ্ধত ভৌগোলিক ভাবে গুৰুত্বপূৰ্ণ আফগানিস্তানক সজোৱা হৈছিল বলীৰ পঠা। দক্ষিণ-পূব এছিয়াত প্ৰভুত্ব বিস্তাৰ আৰু ইয়াৰ দেশসমূহৰ ওপৰত পুলিচগিৰি দেখুৱাবলৈ আফগানিস্তানত ঘাটি স্থাপন কৰিব খুজিছিল আমেৰিকাই কিন্ত তাৰ আগতে আফগানিস্তানৰ ভুমি দখল কৰি লৈছিল ছভিয়েত ইউনিয়নে। তাৰ পাছতে সমাজবাদী ছভিয়েত দখলদাৰী বাহিনীক উৎখাত কৰি নিজে খুটিপাতি বহাৰ লক্ষ্যৰে আফগানিস্তানৰ বুকুত আৰাম্ভ হৈছিল আমেৰিকাৰ দৰে সাম্ৰাজ্যবাদী শক্তিৰ কুটিল খেল। আমেৰিকাৰ ছত্ৰছায়াত ভলাৰ আৰু অস্ত্ৰৰে বলিয়ান হৈ আফগানিস্তানত জন্ম হৈছিল গেৰিলা মুজাহাদিন বাহিনীৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰোনান্ড ৰেগনৰ সময়ত বিশ্বৰ দুই মহাশক্তিৰ মাজত তুংগত উঠিছিল শীতল যুদ্ধ। তেতিয়া হোৱাইট হাউচতো আমন্ত্ৰিত হৈছিল আফগান মুজাহাদিন সকল । নামমাত্ৰ ভিছা পাচপোৰ্টত আমেৰিকা ভ্ৰমনৰ সুবিধা পাইছিল আফগানিস্তানৰ চৰমপন্থী মুজাহাদিন নেতাসকল। দখলকাৰী ছভিয়েত বাহিনীৰ বিৰুদ্ধে আফগান সকলক চৰমপন্থী হবলৈ উৎসাহিত কৰি মুজাহাদিন সকলক ''আফগান স্বাধীনতা যোদ্ধা' (Afghan Freedom Figjter) বুলি অভিহিত কৰিছিল আমেৰিকাই। তেতিয়া আমেৰিকাৰ দৃষ্টিত ওচামা-বিন-লাডেন আছিল এজন আফগান বীৰ (Hero of Afghanistan)। আমেৰিকাৰ মিডিয়াই প্ৰকাশ কৰিছিল আফগান বীৰ ওছামা- বিন লাডেনৰ বিভিন্ন বীৰ গাথা । লাডেনৰ ওপৰত “Anti-Soviet warrior puts his army on the road ৰ দৰে প্ৰবন্ধ লিখি তেওঁক শান্তিৰ বাৰ্তাবাহক বীৰ যোদ্ধা ৰূপে বিশ্ববাসীৰ আগত প্ৰক্ষেপন কৰিছিল আমেৰিকাৰ মিডিয়াই একমাত্ৰ নিজ স্বাৰ্থ চৰিতাৰ্থ কৰিবলৈ। ফলত আমেৰিকান সাম্ৰাজ্যবাদৰ কুটিল চক্ৰান্তৰ সন্মুখত এটা সময়ত হাৰ মানিছিল সমাজতান্ত্ৰিক ছভিয়েত ইউনিয়ন। আফগানিস্তান ত্যাগ কৰিবলৈ বাধ্য হৈছিল ছভিয়েত বাহিনী আৰু সেই সুযোগতে শান্তিৰক্ষাৰ নাম লৈ এইবাৰ তেজপিয়া আমেৰিকাই নিজে খুটি পুতি বহিছিল আফগানিস্তানৰ বুকুত। চৰম প্ৰতাৰনা কৰিছিল আফগান জনগনক আৰু তাৰ পৰিনতিত আমেৰিকাৰ ছত্ৰছায়াতে ডাঙৰ দীঘল হোৱা আফগান মুজাহাদিন সকলে এইবাৰ আমেৰিকাই দিয়া বন্দুক আমেৰিকাৰ মুৰত ধৰি কৈছিল " তোমালোকেওঁ নিজৰ দেশলৈ যোৱাগৈ, স্বাধীনতা তোমালোকৰ পৰাও বিচাৰো আমি" আৰু তেতিয়াই সেই একে ছভিয়েত ইউনিয়নৰ বিৰুদ্ধে আখ্যা পোৱা আফগান স্বাধীনতা যোদ্ধা আৰু বীৰ লাডেন হৈ পৰিছিল কুখ্যাত ইছলামিক সন্ত্ৰাসবাদী। এইবাৰ আমেৰিকান সাম্ৰাজ্যবাদৰ কুটিল ষড়যন্ত্ৰৰ কবলত পৰিছিল আফগান মুজাহাদিন সকল। আফগানিস্তানৰ বুকুত কেবাটাও ভূৱা মুজাহাদিন বাহিনীৰ জন্ম দিছিল আমেৰিকাই আৰাম্ভ হৈছিল তেজৰ ফাকুখেল ..... বিশ্বৰ প্ৰান্তে প্ৰান্তে তথাকথিত ইছলামিক সন্ত্ৰাসবাদৰ এই একেই ইতিহাস আৰু এই ইতিহাস সৌ সিদিনাৰ, মাত্ৰ চাৰি দশক আগৰ। মাত্ৰ দুটা দশকৰ অন্তৰালত আমেৰিকাই পাহৰি পেলোৱা এই কলা ইতিহাসৰ লগত ইছলামৰ ১৪০০ বছৰীয়া সোনালী ইতিহাসৰ কোনো সম্পৰ্ক নাই। নিজে জনম দি লালন-পালন কৰি ডাঙৰ দীঘল কৰা তথাকথিত ইছলামিক সন্ত্ৰাসবাদ বৰ্তমান আমেৰিকাৰ দৰে সাম্ৰাজ্যবাদী শক্তিৰ বাবে এফালে যেনেকৈ নিজৰ ক্ষমতা দখলৰ আহিলা আনফালে ইছলামক বদনাম কৰাৰো এক অঘোন অস্ত্ৰ।
সেয়ে, বিশ্ব সাম্ৰাজ্যবাদৰ হাতোৰাত বন্দী আজিৰ সাধাৰণ মুছলমান । তথাকথিত ইছলামিক সন্ত্ৰাসবাদৰ হাতত আটাইতকৈ অধিক জীৱননাশ হৈছে মুছলমানৰ অথচ সেই একে সন্ত্ৰাসবাদৰ নামতে পদে পদে লাঞ্ছনা আৰু বদনাম মুৰ পাতি লব লাগে মুছলমান সকলেই। ইছলামিক সন্ত্ৰাসবাদৰ প্ৰকৃত জন্মদাতাই এদিন তাৰ পৰিনতি ভোগ কৰিবই। দুনিয়া আৰু আখিৰাত মিলিয়ে মানব জীবন, এয়ে মুছলমানৰ বিশ্বাস । গতিকে ধৈৰ্য্য ধৰা কাকো একো ছাফাই দিয়াৰ দৰকাৰ নাই, সত্য এদিন প্ৰকাশ পাবই, ন্যায় সকলোৱে পাব, এই দুনিয়াত নহলে.... আখিৰাতত।
No comments:
Post a Comment