Monday, 12 August 2019

জীৱ-জন্তুৰ প্ৰতি দয়া-মমতা আৰু কৰুনা প্ৰদৰ্শন কৰাটো ঈমানৰ অংগ। লেখক- শ্বাহিদুল ইছলাম

কোনো বিশেষ জন্তুক নহয় ইছলাম ধৰ্মই পৃথিৱীৰ প্ৰতিটো জীৱ জন্তুৰ প্ৰতি দয়া, মমতা আৰু চেনেহ প্ৰদৰ্শন কৰাৰ উপদেশ আৰু শিক্ষা দিয়ে এয়া মুছলমানৰ ধাৰ্মিক কৰ্তব্য । জীৱ-জন্তুক আহাৰৰ বাবে হত্যা কৰাটো এক প্ৰাকৃতিক নিয়ম। মুছলমানৰ বাবে নিতান্ত প্ৰয়োজনত মাত্ৰ আহাৰৰ বাবে সামান্ন কেইবিধমান জন্তুক হত্যা কৰাটো জায়েজ বা বৈধ কৰি দিয়া হৈছে যদিও তাৰমানে এইটো নহয় যে মুছলমানে বৈধ বুলিয়ে কোনো জন্তৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শণ কৰি অকাৰনতে হকে-বিহকে হত্যা কৰি পূৱা-গধূলি তাৰ মাংহ ভক্ষণ কৰিব। সদায় সদায় হালাল পহু মাৰি তাৰ মাংস ভক্ষণ কৰিব লাগিব বুলি কোনো নিৰ্দেশ ইচলামৰ কতো দিয়া হোৱা নাই আৰু ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক।

কোৰআনত মুছলমান সকলক জীৱ-জন্ত সকলৰ প্ৰতি দয়া মমতা প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে। আল্লাহে কোৰআনত কৈছে-
👉 "আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব। (আল-কোৰআন ৬:৩৮)"

মানুহ হৈছে শ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ সেয়ে আল্লাহে মানুহৰ কামত সহায় হড পৰাকৈ বেলেগ বেলেগ জীৱ-জন্ত সমূহক সৃষ্টি কৰিছে । মানুহক জীৱ-জন্তুৰ ওপৰত শ্ৰেষ্টত্ব দিয়া হৈছে । আল্লাহে জীৱজন্তৰ ওপৰত মানুহৰ কতৃত্ব স্থাপন কৰি কোৰআনত ঘোষনা কৰিছে -

👉 "আৰু চতুষ্পদ জন্তুবোৰ তেৱেঁই সৃষ্টি কৰিছে,তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ লগতে আৰু নানা ধৰণৰ উপকাৰ আছে আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা। (আল-কোৰাআন ১৬:৫)"

👉 "আৰু তোমালোকৰ বাবে আছে তাত সৌন্দৰ্য,যেতিয়া তোমালোকে চৰাবলৈ পুৱাৰ ভাগত সেইবোৰক খেদি নিয়া আৰু যেতিয়া সন্ধিয়া (পথাৰৰ পৰা) ঘৰলৈ লৈ আহা। (আল-কোৰআন ১৬:৬)"

👉 "আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা দেশত, য’ত প্ৰাণান্তৰ কষ্টবিহীন তোমালোকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ ৰব অতি স্নেহশীল, পৰম দয়ালু। (আল-কোৰআন ১৬:৭)"

নিজে খোৱাৰ বাবে আৰু দুখীয়া দৰিদ্ৰক এসাঁজ খোৱাবৰ বাবেহে মুছলমান সকলে নিদিষ্ট কিছু জীৱ-জন্ত হত্যা কৰাৰ অনুমতি দি কোৰআনত কোৱা হৈছে -

👉 "সেইবোৰ পহুৰ ৰক্ত আৰু মাংস আল্লাহৰ ওচৰত গৈ নাপায়, বৰং তেওঁৰ ওচৰত গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, এই কাৰণে যে, তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণ সকলক। (আল-কোৰআন ২২:৩৭)

আল্লাহৰ প্ৰতিটো মখলুকাত অৰ্থাৎ সৃষ্টিৰ প্ৰতি দয়া ও চেনেহ প্ৰদৰ্শন কৰাৰ কথা বহুতো হাদিছত পোৱা যায় যিবোৰ হাদিছত কেতিয়া, কত আৰু কোন কোন ক্ষেত্ৰত মুছলমান সকলে জীৱ-জন্তু হত্যা কৰিব পাৰে তাক নিৰ্ধাৰণ কৰি দি জীৱ জন্তুৰ প্ৰতি মুছলমান এজনক তলত দিয়া ধৰনে দ্বায়িত্ব পালনৰ নিৰ্দেশ দিয়া হৈছে -
👉অনাহকতে জীৱ-জন্তুৰ হত্যা কৰাৰ পৰা বিৰত থকা।
👉জীৱ-জন্তুক দূ:ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা।
👉জীৱ-জন্তুক অধিক কামৰ বোজা দিয়াৰ পৰা বা সিহঁতক কষ্ট দিব পৰা যিকোনো কামৰ পৰা বিৰত থকা।
👉পালিত জীৱ-জন্তুৰ প্ৰতি অবহেলা কৰাৰ পৰা বিৰত থকা।
👉মনোৰঞ্জনৰ বাবে জীৱ-জন্তুক লৈ খেল-ধেমালী পতা যেনে জীৱ-জন্তুৰ মাজত যুঁজ বাগৰ লগাই দি আনন্দ লোৱাৰ পৰা বিৰত থকা।
👉জীৱ-জন্তক লৈ ব্যৱসায়ত লিপ্ত হোৱাৰ পৰা বিৰত থকা।

অনাহকত ঘন-চিৰিকা এটা মাৰিলেও আমি তাৰ বাবে আল্লাহ তা'আলাক জবাব দিব লাগিব । পানীৰ বাবে ছটফটাই থকা কুকুৰ এটাক কুৱাৰ নিজৰ পৰা পানী তুলি পাণ কৰোৱাই আল্লাহৰ সন্তুষ্টি লাভ কৰাৰ উল্লেখ চহীহ হাদিছত আছে।

#মনত_ৰাখিব
আল্লাহে মানুহক সমগ্ৰ মখলুকাতৰ সৰ্বোত্তম ৰূপে সৃষ্টি কৰিছে-
"নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো (কোৰআন ৯৫:৪)" কিন্ত সেই শ্ৰেষ্টত্ব বজাই ৰাখিব নোৱাৰিলে মানুহ হৈ যায় নিকৃষ্টতকৈও নিকৃষ্ট - "তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো (আল-কোৰাআন ৯৫:৫)"

জীৱ-জন্তুৰ প্ৰতি দয়া-মমতা আৰু কৰুনা প্ৰদেশৰ কৰাটো ঈমানৰ অংগ।

No comments:

Post a Comment