ইছলামত নাৰীৰ অধিকাৰ
নাৰী আৰু পুৰুষ উভয়ে মানৱ জাতিৰ অন্তৰ্ভুক্ত হ'লেও উভয় শ্ৰেণীৰ মাজত নাম, শাৰীৰিক- মানসিক আদি বহুতো প্ৰভেদ বিদ্যমান ।
সংশ্লিষ্ট বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰভেদৰ পৰিপ্ৰেক্ষিতত দুয়ো শ্ৰেণীৰ চাল- চলন, কাজ- কৰ্ম আৰু চিন্তাধাৰাৰ মাজতো প্ৰচুৰ ভিন্নতা পৰিলক্ষিত হয়। শাৰিৰীকভাৱে এগৰাকী পুৰুষ নাৰীতকৈ তুলনামূলকভাৱে অধিক শক্তিশালী । গঠন আৰু অৱয়ব কঠোৰ পৰিশ্ৰমৰ অনুকূল। মানসিকভাৱেও পুৰুষ শক্তিশালী। যেনে, ধৈৰ্য্য, সাহস, হঠকাৰীতা, সংবেদনশীলতা, বিবেকৰ সঠিক পৰিচালনা ইত্যাদি সকলো ক্ষেত্ৰতেই নাৰী, পুৰুষৰ তুলনাত পিছপৰা।
সংশ্লিষ্ট প্ৰভেদৰ সৈতে সংগতি ৰাখি আল্লাহ তাআ'লাই দুয়ো শ্ৰেণীৰ অধিকাৰ আৰু কৰ্ম ক্ষেত্ৰৰ মাজতো প্ৰভেদ ৰাখিছে। কিছু ক্ষেত্ৰত পুৰুষৰ অধিকাৰ নাৰীতকৈ অধিক আৰু কিছু ক্ষেত্ৰত নাৰীৰ অধিকাৰ অধিক। কিন্তু সামগ্ৰিকভাৱে পুৰুষৰ অধিকাৰ নাৰীতকৈ সামান্য বেছি। কাৰণ কৰ্তৃত্ব আৰু দায়িত্বৰ বোজা মূলতঃ পুৰুষেই বহন কৰিব লগা হয়।
সাম্প্ৰতিক বিশ্বত নগ্নতা, অশ্লীলতা, তথা যৌনতাৰ কৰাল গ্ৰাসত নিমজ্জিত পশ্চিমীয়া তথাকথিত বুদ্ধিজীৱীৰ তৰল মস্তিষ্কপ্ৰসূত চিন্তাধাৰাৰ ফলত নিঃসৃত এক শ্লোগান হ'ল -" নাৰী-পুৰুষৰ সমান অধিকাৰ"। বাক্যৰ বাহ্যিক দিশ যিমান মধুৰ তাতকৈ শতগুণ কদৰ্যময় তাৰ অভ্যন্তৰ। এই শ্লোগানৰ অন্তৰালত নিহিত হৈ আছে নাৰীক ভোগৰ সামগ্ৰীত পৰিণত কৰাৰ এক ভয়ংকৰ কু অভিসন্ধি।
শ্লোগানৰ ভাৱাৰ্থ হল - অফিচ, আদালত, মেল - মিটিং, ৰাজহুৱা স্থান ইত্যাদিত পুৰুষে যেনেদৰে অবাধভাৱে যাব পাৰে নাৰীয়ে কিয় নোৱাৰে? পুৰুষে যেনেকৈ উপাৰ্জন কৰিব পাৰে নাৰীয়ে কিয় নোৱাৰে? এনেধৰণৰ মুখৰোচক শ্লোগানৰ চক্ৰবেহুত আৱদ্ধ নিজকে অতি আধুনিক মনোভাৱাপন্ন বুলি জ্ঞান কৰা তথাকথিত মুছলিম বুদ্ধিজীৱী সকলেও পশ্চিম বিশ্বৰ ইহুদী-খ্ৰীষ্টানৰ সুৰত সুৰ মিলাই নিজৰ গৱেষণাধৰ্মী মনোভাৱ বা বিদ্বেষৰ কাৰণে ইছলামী পণ্ডিত আলিম উলামা সকলৰ ওপৰত অভিযোগ উত্থাপন কৰে। আলিম- উলামা সকল হেনো প্ৰাচীন মনোভাৱাপন্ন, আধুনিকতাৰ পৰশৰ পৰা বঞ্চিত। নাৰীক গৃহাভ্যন্তৰত আৱদ্ধ কৰি ৰখাৰ পক্ষপাতী ইত্যাদি ইত্যাদি।
পাঠক সমাজ! সম অধিকাৰৰ এই শ্লোগানৰ অন্তৰ্নিহিত ৰহস্য উদ্ঘাটন কৰিবলৈ হ'লে তেওঁলোকৰ অভিপ্ৰায়ৰ ফালে দৃষ্টিপাত কৰা আৱশ্যকীয় বুলি অনুভূত হয় । ইউৰোপৰ এগৰাকী বুদ্ধিজীৱীয়ে মন্তব্য কৰিছিল "কাৰ্যালয়ত এগৰাকী সুন্দৰী মহিলা কৰ্মচাৰী নাথাকিলে নিৰস মুহূৰ্ত পাৰ কৰিব লগা হয়" । অৰ্থাৎ নাৰী হ'ল পুৰুষৰ নিৰস মুহূৰ্ত, অৱসন্নতা দূৰীকৰণ, আৰু চিত্তবিনোদনৰ এক আহিলা, এক কথাত উপভোগৰ সামগ্ৰী। বিজ্ঞাপন, মডেলিং, ফিল্ম, বিউটী কন্টেষ্ট, মিছ ইউনিভাৰ্ছ, মিছ ওৱৰ্ল্ড, ফেশ্বন শ্ব' ইত্যাদি সকলোতে সুন্দৰী আৰু আৱেদনয়ী নাৰীক অগ্ৰাধিকাৰ দিয়া হয়।
আয়োজক সকল আৰু কৰ্তৃপক্ষই নাৰীৰ শৰীৰ আৰু সৌন্দৰ্যক ব্যৱহাৰ কৰি কোটি কোটি টকা উপাৰ্জন কৰে, সেই উপাৰ্জনৰ সিংহভাগ ধন তেওঁলোকে লাভ কৰাৰ বিপৰীতে সংশ্লিষ্ট মডেল - অভিনেত্ৰী সকলক সামান্য ধনহে প্ৰদান কৰে। নাৰীৰ দেহ আৰু সৌন্দৰ্য ক্ৰয় কৰে সামান্য ধনৰ বিনিময়ত আৰু বিক্ৰী কৰে প্ৰচুৰ ধনৰ বিনিময়ত। এগৰাকী নাৰীক ভোগ আৰু পণ্য সামগ্ৰিত পৰিণত কৰাৰ ইয়াতকৈ প্ৰকৃষ্ট উদাহৰণ আৰু আছেনে? এয়াই আধুনিক বুদ্ধিজীৱী প্ৰদত্ত নাৰী স্বাধীনতা আৰু অধিকাৰৰ প্ৰকৃত স্বৰূপ।
সৃষ্টিকৰ্তা মহাপ্ৰজ্ঞাময় আল্লাহ তাআ'লাই সৃষ্টিগতভাৱে নাৰীক এনে কিছুমান যোগ্যতা প্ৰদান কৰিছে যি, কোনো পুৰুষক প্ৰদান কৰা নাই। আনহাতে পুৰুষক এনে কিছুমান যোগ্যতা প্ৰদান কৰিছে যি, কোনো নাৰীক প্ৰদান কৰা নাই। জন্মগতভাৱেই নাৰী পুৰুষৰ যোগ্যতাৰ ব্যৱধান আছে। যোগ্যতাৰ ব্যৱধানৰ হেতু অনিবাৰ্যভাৱে কামৰ ব্যৱধানো বিদ্যমান। আৰু কামৰ ব্যৱধান হোৱা হেতুকে স্বাভাৱিকভাৱে কৰ্মস্থলৰো ব্যৱধান আহি যায়।
যোগ্যতাৰ ব্যৱধানঃ - নাৰীৰ গৰ্ভধাৰণ, সন্তান প্ৰতিপাল, সন্তানক দুগ্ধপান কৰোৱা, ঋতুস্ৰাৱ আৰু প্ৰসৱ কালীন কষ্ট সহ্য কৰা ক্ষমতা ইত্যাদি এনে এক যোগ্যতা যি, কোনো পুৰুষৰ মাজত নাই।
আনহাতে পুৰুষৰ শাৰীৰিক শ্ৰম কৰাৰ ক্ষমতা পৰিপূৰ্ণ ৰূপে বিদ্যমান। কিন্তু নাৰীৰ এই ক্ষমতা নিচেই সামান্য।
কৰ্মৰ ব্যৱধান - যোগ্যতাৰ তাৰতম্য ঘটাৰ কাৰণে স্বাভাৱিকতে কৰ্মৰো ব্যৱধান ঘটে। সেয়েহে বাহিৰৰ কঠোৰ শ্ৰমেৰে উপাৰ্জন কৰাৰ আৰু পৰিয়ালৰ ভৰণ - পোষণৰ গুৰুদায়িত্ব গ্ৰহণ কৰাৰ যোগ্যতা পুৰুষৰ মাজত বিদ্যমান। সংশ্লিষ্ট কামৰ বাবে পৰ্যাপ্ত শাৰিৰীক শক্তি আৰু ক্ষমতা নথকা হেতুকে ৰন্ধা- বঢ়া, সন্তান চোৱা - চিতা কৰা সন্তানৰ প্ৰাথমিক শিক্ষা, নীতিশিক্ষা ইত্যাদি ঘৰুৱা দায়িত্ব সমূহ যাৰ বাবে বিশেষ কোনো শাৰিৰীক শ্ৰম কৰিব লগা নহয় নাৰীৰ ওপৰত অৰ্পন কৰা হৈছে।
কৰ্মস্থলীৰ ব্যৱধান - কৰ্মৰ ব্যৱধান হোৱাৰ লগে লগে কৰ্মস্থলীৰো ব্যৱধান ঘটে। কাৰণ কৰ্ম সম্পাদনৰ বাবে অনুকূল পৰিৱেশ আৰু ঠাইৰ প্ৰয়োজন। কৰ্তাৰ যোগ্যতা আৰু ক্ষমতাই নিৰ্ভৰ কৰে উক্ত ঠাইৰ পৰিৱেশৰ ওপৰত। বাহিৰৰ ৰদ, বৰষুণ ধুমুহা, দুৰ্ঘটনা, যুদ্ধ আদি প্ৰাকৃতিক - অপ্ৰাকৃতিক সকলো ঘাত প্ৰতিঘাতৰ সৈতে মুকাবালা কৰি উপাৰ্জন কৰা নাৰীৰ বাবে সম্পূৰ্ণৰূপে সম্ভৱপৰ নহয়। গতিকে উপাৰ্জনৰ সেই দায়িত্ব শক্তিশালী পুৰুষ জাতিক প্ৰদান কৰা হৈছে।
সাৰকথা হ'ল - উল্লেখিত তিনিওটা ব্যৱধান পৰস্পৰে পৰস্পৰৰ সৈতে সংপৃক্ত। দায়িত্বৰ শ্ৰেণীবিভাজন কৰিলে দেখা যায় যে, নাৰীৰ দায়ীত্ব চাৰিটা, যথা- গৰ্ভধাৰণ, দুগ্ধপান, সন্তান প্ৰতিপালন আৰু ঋতুস্ৰাৱ তথা প্ৰসৱৰ কষ্ট সহ্য কৰা। বিপৰীতে পুৰুষৰ কেৱল দুটা দায়িত্ব। যথা- উপাৰ্জন তথা স্ত্ৰী-সন্তানৰ চোৱা- চিতা কৰা আৰু পৰিয়ালৰ কৰ্তৃত্বভাৰ গ্ৰহণ কৰা। মাত্ৰ দুটা দায়িত্ব পোৱাৰ পিছতো আৰু দায়িত্ব সম্পাদনৰ পৰ্যাপ্ত ক্ষমতা থকাৰ স্বত্বেও চাৰিটা দায়িত্ব প্ৰাপ্ত নাৰীৰ দ্বাৰা পুৰুষৰ দুই দায়িত্বৰ অতিৰিক্ত বোজা নাৰীৰ ওপৰত জাপি দিয়া চৰম কাপুৰুষালিৰ পাৰিচায়ক নহয়ন? এয়া নাৰীৰ অধিকাৰ নে নাৰীৰ প্ৰতি চৰম অন্যায়? সম অধিকাৰৰ শ্লোগান চৰম গতিত চলিছে, পুৰুষে অকলে কিয় কৰ্তৃত্ব কৰিব? নাৰীয়েও কৰিব। পুৰুষে অকলে কিয় উপাৰ্জন কৰিব? নাৰীয়েও কৰিব লাগিব। সম অধিকাৰৰ শ্লোগানদাতা সকলে যদি পুৰুষৰ দুটা দায়িত্ব নাৰীৰ ওপৰত জাপি দিব খোজে তেনেহ'লে নাৰীৰ চাৰিটাৰ পৰা কেৱল দুটা দায়িত্ব গৰ্ভধাৰণ আৰু সন্তানক দুগ্ধপান কৰোৱা এই দুই দায়িত্ব লৈ লওক, পাৰিবনে???
দূৰ্বল নাৰীৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়াৰ পিছতো গৰ্বেৰে সৈতে কৈ ফুৰিছ আমি নাৰীক অধিকাৰ দিছোঁ, আৰু অধিকাৰৰ হকে মাত মাতিছোঁ। তথাকথিত নাৰীবাদী সকলে এফালে নাৰীৰ দেহ-সৌন্দৰ্য্যৰ দ্বাৰা আনফালে শাৰিৰীক শ্ৰমৰ দ্বাৰা নাৰীক অৰ্থ উপাৰ্জনৰ আহিলা বনাই কৃতদাসীৰ স্তৰলৈ অৱনমিত কৰি পেলাইছে। এয়া অধিকাৰ নে শোষণ?
শ্ৰদ্ধাৰ পাঠক সমাজ! পৱিত্ৰ ইছলামে নাৰীক কিয় উপাৰ্জন আৰু কৰ্তৃত্ব (বাহ্যিক - আভ্যন্তৰীণ আদি পৰিয়ালৰ সামগ্ৰিক দিশ চোৱা- চিতা আৰু পৰিচালনা) ৰ দায়িত্ব অৰ্পন কৰা নাই। সেইফালে আলোকপাত কৰোঁ আহক! নাৰীৰ দায়িত্বৰ বিকেন্দ্ৰীকৰণৰ ফলত সমাজ ব্যৱস্থাত বিশেষকৈ নাৰীৰ ওপৰত অত্যন্ত বিৰূপ প্ৰভাৱ পৰাৰ সমান্তৰালকৈ কেইবাটাও গুৰুতৰ ক্ষতিকৰ দিশ বিদ্যমান
বৈজ্ঞানিক দৃষ্টিকোণত ক্ষতিকৰ দিশঃ-জন্মগতভাৱে দূৰ্বল নাৰী এগৰাকী ঋতুস্ৰাৱৰ ফলত অধিক দৃৰ্বল হৈ পৰে। তাৰ পিছত গৰ্ভৱতী থকা কালীন গৰ্ভস্থ সন্তানে মাতৃৰ শৰীৰৰ পৰা ভিটামিন, কেলছিয়াম, আয়ৰণ আদি অতি লাগতিয়াল উপাদান সমূহ মাতৃৰ পৰা শোষণ কৰি নিঃশেষপ্ৰায় কৰি পেলায়। ইয়াতে শেষ নহয়, বৰঞ্চ প্ৰসৱৰ সময়ত আৰু পিছত প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত দূৰ্বলতাৰ চৰম সীমাত উপনীত হৈ পৰে। ইয়াৰ পিছত আহি পৰে সন্তানৰ দুগ্ধপান, লালন-পালন, আৰু সন্তানৰ আলপৈচান ধৰা। এই প্ৰক্ৰিয়া সমূহৰ ফলত নাৰীৰ অৱস্থা অত্যন্ত পুতৌলগা হৈ পৰে। সেয়েহে এনে এগৰাকী দূৰ্বল সত্বাক উপাৰ্জনৰ দায়িত্বভাৰ অৰ্পন কৰা চৰম অমানৱীয়তাৰ পৰিচায়ক নহয়নে?
আৰ্থিক ক্ষতি - প্ৰসৱ পূৰ্ব্ব আৰু পৰৱৰ্তী সময়ত দীৰ্ঘকাল অৱধি কৰ্মক্ষেত্ৰত অনুপস্থিত থকা আৰু কৰ্তব্যৰত অৱস্থাত বাৰে বাৰে শিশুৰ চোৱা-চিতা কৰা স্তনপান কৰোৱা। এনে প্ৰক্ৰিয়াত কামত প্ৰচুৰ ব্যাঘাত জন্মে। ফলশ্ৰুতিত কৰ্তৃপক্ষই আৰ্থিকভাৱে ক্ষতিৰ সন্মূখীন হয়। বিপৰীতে কোনো পুৰুষ কৰ্মচাৰী থকিলে এনে ক্ষতিৰ সম্ভাৱনীয়তা শূন্য।
পাৰিবাৰিক ক্ষতি - ৰাতিপুৱাৰ পৰা গধুলি লৈকে যেন উশাহ লবলৈ আহৰি নাপায়। সন্তানৰ গা ধুওৱা, ৰন্ধা- বঢ়া কৰা, সন্তানৰ স্কুলৰ বাবে টিফিন, কিতাপ-পত্ৰ, ইত্যাদি প্ৰস্তুত কৰি দিয়া, স্বামীৰ আলপৈচান ধৰি সময়মতে অফিছত যোৱা। অফিছৰ ডিউটি সমাপন কৰি ঘৰত আহি পুনৰ ঘৰুৱা কামত মগ্ন হৈ পৰা ইত্যাদি সকলো প্ৰকাৰৰ কামৰ ব্যস্ততাৰ বাবে পৰিয়ালৰ সদস্য সকলৰ সৈতে এখন্তেক বহাৰ আহৰি নাপায়। ফলশ্ৰুতিত পৰিয়ালৰ মাজত আন্তৰিকতা আৰু প্ৰেম - প্ৰীতি হ্ৰাস পায়।
সামাজিক ক্ষতি - মাতৃৰ ঘৰুৱা কাম-কাজ, চাকৰি ইত্যাদিত ব্যস্ত থকাৰ বাবে সন্তান মাতৃৰ মধুৰ সান্নিধ্যৰ পৰা বঞ্চিত হয়। সমান্তৰালকৈ মাতৃৰ পৰা লাভ কৰিব লগীয়া নীতি জ্ঞানৰ পৰাও চৰমভাবে শিশু বঞ্চিত হয়। শ্ৰেষ্ঠ বিদ্যালয়, নিজৰ ঘৰৰ পিতৃ-মাতৃ প্ৰদত্ত বাল্য কালীন শিক্ষাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ জীৱনৰ প্ৰত্যেক স্তৰতে বিদ্যমান থাকে। পিতৃ- মাতৃ উভয়ে বাহিৰা কাম-কাজত ব্যস্ত থাকিলে উক্ত শিক্ষাৰ পৰা সন্তান বঞ্চিত হয়, ফলত তাৰ জীৱনলৈ নৈতিক অৱক্ষয় নামি আহে। এনে সন্তান পৰৱৰ্ত্তী কালত মদাহী, লম্পট, চুৰ, ডকাইত ধৰ্ষণকাৰী ইত্যাদিত পৰিণত হয়। পশ্চিমীয় দেশ বিলাকত পিতৃ-মাতৃ বুঢ়া হলে সন্তানে বৃদ্ধাশ্ৰমত থৈ আহে। সম্প্ৰতি এনে ঘটনা উক্ত দেশবোৰত নিচেই স্বাভাৱিক হৈ পৰিছে । জন্মদাতা পিতৃ-মাতৃৰ বাবে সন্তানৰ ওচৰত দিবলৈ সময় নাই। যেনেদৰে সন্তানৰ পিতৃ-মাতৃৰ সান্নিধ্যৰ প্ৰয়োজনৰ সময়ত পিতৃ-মাতৃয়ে ব্যস্ততাৰ অজুহাত লৈ বঞ্চিত কৰিছিল তদ্ৰুপ সন্তানেও পিতৃ-মাতৃৰ জটিল সন্ধিক্ষণত নিজৰ সান্নিধ্যৰ পৰা বঞ্চিত ৰাখিছে। যেন এক মোক্ষম প্ৰতিশোধ পিতৃ-মাতৃৰ ওপৰত। পশ্চিমীয়া বিশ্ব সম্প্ৰতি এনেধৰনৰ ক্ৰমবৰ্ধমান সামাজিক আৰু নৈতিক অৱক্ষয়ত বাৰুকৈয়ে জৰ্জৰিত।
প্ৰিয় পাঠক সমাজ! নাৰীৰ অধিকাৰৰ শ্লোগানদাতা সকলৰ স্বৰূপ আৰু নাৰীয়ে নিজৰ অধিকাৰৰ প্ৰকৃত মৰ্মাৰ্থ উপলব্ধি কৰিব নোৱাৰি বিকৃতভাৱে স্বধীনতা আৰু অধিকাৰৰ দাবী কৰা আৰু ইয়াৰ অন্তৰালত নিহিত হৈ থকা ক্ষতিকৰ দিশ সমূহ নিশ্চয় উপলব্ধি কৰিব পাৰিছে।। এতিয়া আহোঁ পৱিত্ৰ ইছলামে নাৰীক কেনে ধৰণৰ অধিকাৰ দিছে সেইফালে আলোকপাত কৰোঁ
আত্মীক অধিকাৰ - সন্তান ল'ৰা বা ছোৱালী যিয়েই নহওক কিয়, সিঁহতৰ মৰম - চেনেহ, খোৱা-পিন্ধা ইত্যাদিৰ ক্ষেত্ৰত কোনো ধৰণৰ তাৰতম্য কৰিব নোৱাৰিব। ইছলাম পূৰ্ব আৰবত কন্যা সন্তান হত্যাৰ দৰে হৃদয় বিদাৰক আৰু ভয়ংকৰ প্ৰথা বিদ্যমান আছিল। কন্যা সন্তান জন্মৰ পিছতে কেৱল এই ভয়তে হত্যা কৰা হৈছিল যে, কাৰোবাক জোৱাই বনাব লাগিব। ফুল কুমলীয়া কন্যাশশিশু বিলাকক বিভিন্ন পদ্ধতিৰে হত্যা কৰা হৈছিল। কিছুমানক জীৱন্তে মাটিত দাফন (সমাধিস্থ) কৰি দিয়া হৈছিল । পৱিত্ৰ ইছলামে এইকু প্ৰথা নিৰ্মূল কৰে। আৰু ঘোষণা কৰে জীয়াই থকাৰ অধিকাৰ যেনেদৰে ল'ৰাৰ আছে তদ্ৰূপ ছোৱালীৰো আছে।
শিক্ষাৰ অধিকাৰ - পৃথক শিক্ষালয়ৰ আৰু শিক্ষয়িত্ৰীৰ মাধ্যমত পুৰুষৰ দৰে যিকোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। চৰ্ত হল নিজৰ শৰীৰ আবৃত কৰি পৰপুৰুষৰ দৃষ্টিৰ পৰা নিজকে বচাই ৰাখিব লাগিব পুৰুষ মহিলা উভয়ে একত্ৰিত হৈ শিক্ষা গ্ৰহণ অৰ্থাৎ সহশিক্ষা (CO EDUCATION) হব নোৱাৰিব ।সম্প্ৰতি ইউৰোপ-আমেৰিকাৰ শিক্ষা ব্যৱস্থাত সহশিক্ষা আৰু সহাৱস্থানৰ কু প্ৰভাৱৰ ফলত তেনে শিক্ষালয় সমূহত যৌনতাৰ ইমানেই পয়োভৰ ঘটিছে যে, স্বয়ং নাৰী মুক্তিৰ আন্দোলন কাৰী সকলো স্তম্ভিত হৈ পৰিছে। কুমাৰী মাতৃ আৰু অবৈধ সন্তানেৰে দেশ ভৰি পৰিছে।
ইছলামে এনে সৰুঙা বন্ধ কৰাৰ নিমিত্তে নাৰী পুৰুষৰ শিক্ষালয় পৃথক কৰণৰ নিৰ্দ্দেশ দিছে।
ঘনিষ্টতা বা আত্মীয়তাৰ অধিকাৰ - কন্যাৰ প্ৰতি মৰম চেনেহৰ নিৰ্দেশ পিতৃক, ভগ্নীৰ প্ৰতি মৰম চেনেহৰ নিৰ্দ্দেশ ভ্ৰাতৃক, পত্নীৰ প্ৰতি প্ৰেম ভালপোৱাৰ আৰু আন্তৰিকতাৰ নিৰ্দেশ স্বামীক আৰু মাতৃৰ প্ৰতি সন্মান আৰু সম্ভ্ৰম কৰাৰ নিৰ্দেশ পুত্ৰক পৱিত্ৰ ইছলামে গুৰুত্ব সহকাৰে প্ৰদান কৰিছে। বস্তুত কন্যা, ভগ্নী, স্ত্ৰী, আৰু মাতৃ এই চাৰিওটা স্তৰতে নাৰীক ইছলামে বিশেষকৈ অন্যান্য নাৰীক সাধাৰণ ভাৱে সন্মানৰ পাত্ৰ বনাইছে।
আৰ্থিক বা সম্পত্তিৰ অধিকাৰ-কন্যাই পিতৃৰ সম্পত্তিৰ অধিকাৰী, ভগ্নীয়ে ভ্ৰাতৃৰ সম্পত্তিৰ অধিকাৰ, স্ত্ৰীয়ে স্বামীৰ সম্পত্তিৰ অধিকাৰ, আৰু মাতৃয়ে সন্তানৰ সম্পত্তিৰ অধিকাৰ লাভ কৰে, অৰ্থাৎ এগৰাকী নাৰীয়ে পৰিপূৰ্ণ মালিকানা - অধিকাৰ লাভ কৰে। পুৰুষৰ দৰে নাৰীয়েও গাড়ী, কল- কাৰখানা, ঘৰ, মাটিবাৰী, প্ৰতিষ্ঠান, স্থাৱৰ, অস্থাৱৰ ইত্যাদি সকলো সম্পত্তিৰ মালিক হ'ব পাৰে । লাভ কৰা সম্পত্তি বা নিজে অৰ্জন কৰা সম্পত্তিত কৰো হস্তক্ষেপ কৰাৰ অধিকাৰ নাই । নাৰীৰ নিজৰ পৈতৃক সম্পত্তি, মোহৰাণাৰ বাবদ স্বামীৰ পৰা প্ৰাপ্ত সম্পত্তি, নিজৰ অৰ্জিত সম্পতি ইত্যাদিত স্বামীৰ বাবে স্ত্ৰীৰ অনুমতি অবিহনে খৰছ কৰাৰ কোনো অধিকাৰ নাই। সেই সম্পত্তিৰ একছত্ৰী মালিক স্ত্ৰী নিজে। আনকি স্বামীৰ বাবে স্ত্ৰী, সন্তান, অতিথি ইত্যাদি সকলোৰে ভৰণ পোষণ, আপ্যায়ন আদি যাৱতীয় খৰছ পুৰুষ স্বামীয়ে কৰিব লাগিব। স্ত্ৰীৰ প্ৰাপ্ত আৰু অৰ্জিত সসলো ধন তেওঁৰ হাতত সম্পুৰ্ণ অক্ষত আৰু সুৰক্ষিত থাকিব।
উপৰত উল্লেখিত চাৰিওটা স্তৰতে নাৰীয়ে সকলো প্ৰকাৰৰ অধিকাৰ পুৰুষৰ পৰা লাভ কৰে।
প্ৰণিধানযোগ্য যে, এনেধৰণৰ অধিকাৰ কেৱল পৱিত্ৰ ইছলামেহে প্ৰদান কৰিছে। অন্য কোনো ধৰ্ম বা মতবাদে প্ৰদান কৰা নাই পৱিত্ৰ ক্বুৰআনত প্ৰথমে নাৰীয়ে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সম্পত্তিৰ কথা উল্লেখ কৰা হৈছে আৰু নাৰীৰ সম্পত্তিক মাপকাঠি বনাই পুৰুষে পাব লগা সম্পত্তিৰ অংশ বৰ্ণনা কৰা হৈছে "(এজন) পুৰুষে দুগৰাকী নাৰীৰ সমান সম্পত্তি লাভ কৰিব"
এই আয়াতত কোৱা হৈছে দুগৰাকী নাৰীয়ে যিমান সম্পত্তি লাভ কৰিব এগৰাকী পুৰুষে সিমান লাভ কৰিব অৰ্থাৎ পুৰুষে নাৰীৰ দ্বিগুণ সম্পত্তি লাভ কৰিব। প্ৰশ্নৰ উদয় হয়। সকলো ক্ষেত্ৰতে নাৰীৰ অধিকাৰৰ কথা কোৱা ইছলামে সম্পত্তিৰ ক্ষেত্ৰত এই বৈষম্যমূলক আচৰণ কিয় কৰিলে?
পাঠক সমাজ! এই প্ৰশ্নৰ উত্তৰ জানিবলৈ এক উদাহৰণৰ ফালে আলোকপাত কৰোঁ আহক! ধৰা হওক এগৰাকী ব্যক্তিৰ এজন ল'ৰা আৰু এজনী ছোৱালী। ল' ৰাজন ডাঙৰ আৰু ছোৱালীজনী সৰু। ব্যক্তিগৰাকীয়ে মৃত্যুৰ সময়ত দেৰলাখ টকা এৰি থৈ গ ল। ইছলামৰ নিয়ম অনুযায়ী লৰাই পাব দ্বিগুণ অৰ্থাৎ ল'ৰাই একলাখ আৰু ছোৱালীজনী ফ ৫০হাজাৰ টকা পিতৃৰ মৃত্যুৰ পিছত ঘৰৰ কৰ্তৃত্বভাৰ যিহেতু লৰাৰ ওপৰত ন্যস্ত হয় গতিকে লৰাৰ হাতত থকা একলাখ টকাৰে ভনীয়েকৰ লিখা পঢ়া খৰছ, মাতৃৰ চিকিৎসা আদিৰ বাবদ খৰছ, অতিথিৰসবাবে খৰছ, ভগ্নীৰ বিয়া, যৌতুক আদিৰ খৰছ নিজৰ বিয়াৰ খৰছ,বিবাহৰ সময়ত পত্নীক দিব লগা মোহৰাণাৰ বাবৎ খৰছ ইত্যাদি যাৱতীয় প্ৰকাৰৰ খৰছ বহন কৰাৰ পিছত উক্ত লৰাজনৰ হাতত এটা ফুটা কড়ি অৱশিষ্ট থাকিব নে নাই সন্দেহ আছে। ইয়াৰ বিপৰীতে ছোৱালীয়ে লাভ কৰা 50 হাজাৰ টকাত কেৱল তাইৰেই অধিকাৰ আছে। কোনো খৰছ নাই। বিবাহৰ সময়ত স্বামীৰ পৰা মোহৰাণাৰ বাবত ধন লাভ কৰিব হাতত থকা মূলধনৰ সৈতে অধিক ধন যুক্ত হৈ থাকিব। ইয়াৰ পিছত স্বামীৰ পৰাও উত্তৰাধিকাৰী সূত্ৰে ধন লাভ কৰিব। মুঠতে উক্ত ছোৱালীজনীয়ে পৈতৃক সম্পত্তি হিছাপে লাভ কৰা 50 হাজৰ টকাৰ সৈতে আৰু অতিৰিক্ত যুক্ত হৈ থাকিব, কম নহব !
আশা কৰোঁ উল্লেখিত উদাহৰণৰ দ্বাৰা স্পষ্টভাৱে প্ৰতীয়মান হৈছে যে, পুৰুষৰ সম্পত্তি মহিলাৰ দ্বিগুণ কিয়? পশ্চিম বংগৰ এগৰাকী মুছলমান অধ্যাপকক হিন্দু ছাত্ৰী এগৰাকীয়ে নাৰীক পুৰুষৰ আধা সম্পত্তি দিয়া সন্দৰ্ভত অভিযোগ উত্থাপন কৰাত অধ্যাপক গৰাকীয়ে সুন্দৰ যুক্তিৰে সৈতে বুজাই দিয়াত ছাত্ৰী গৰকীয়ে কবলৈ বাধ্য হৈছে যে, নাৰীক পুৰুষৰ আধা সম্পত্তি প্ৰদান কৰি নাৰীক পুৰুষতকৈ বহুত বেছি অধিকাৰ প্ৰদান কৰিছে ইছলামে ।
ধৰ্মীয় অধিকাৰ - সকলো প্ৰকাৰৰ ইবাদতৰ বাবে পুৰুষে যিমান ছাৱাব (পুণ্য) লাভ কৰিব নাৰীয়েও কোনো কম বেছি নহোৱাকৈ সমান ছাৱাব লাভ কৰিব। পুৰুষে দেশ-ধৰ্ম ৰক্ষা কৰাৰ বাবে যুদ্ধ কৰাৰ নিমিত্তে যিমান ছাৱাব লাভ কৰিব নাৰীয়ে ঘৰত বহি থাকিয়ে সেই ছাৱাব লাভ কৰিব। পুৰুষে কষ্ট কৰি মছজিদত গৈ নামাজ পঢ়ি যিমান নেকী লাভ কৰিব নাৰীয়ে ঘৰত নামাজ পঢ়ি সিমানখিনি লাভ কৰিব। সাৰকথা হল ইবাদত সংক্ৰান্তত ছাৱাবৰ ক্ষেত্ৰত নাৰী পুৰুষৰ মাজত কোনো তাৰতম্য নাই।
বৈবাহিক অধিকাৰ - বিবাহৰ ক্ষেত্ৰত যেতিয়ালৈকে নাৰীয়ে অনুমতি নিদিয়ে তেতিয়ালৈকে বিবাহ সম্পাদিত নহয়। নাৰী যেতিয়া প্ৰাপ্তবয়স্কা হয় ইছলামে তাইক পাত্ৰ নিৰ্বাচন আৰু বিবাহৰ অনুমতি প্ৰদান কৰিছে। অৱশ্যে এইক্ষেত্ৰত নাৰীক তাইৰ অভিভাৱকৰ পছন্দক নিজৰ পছন্দৰ ওপৰত অগ্ৰাধিকাৰ দিয়াৰ পৰামৰ্শ আগবঢ়াইছে। কিন্তু পাত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত নাবালিকাক এই স্বাধীনতা প্ৰদান কৰা নাই। কাৰণ বয়স আৰু জ্ঞান কম থকাৰ বাবে আৱেগৰ বশৱৰ্তী হৈ অনুপযুক্ত পাত্ৰ পছন্দ কৰি পেলাব আৰু এই ভুল সিদ্ধান্তৰ বাবে গোটেই জীৱন আক্ষেপ কৰিব লগা হব পাৰে। । গতিকে অপ্ৰাপ্তবয়ষ্কা নাৰীক এই কৰ্তৃত্ব ইছলামে প্ৰদান কৰা নাই। এই অধিকাৰ অভিভাৱকৰ হাতত দিয়াৰ হৈছে, ইয়াৰ মাজতো নাৰীৰেই লাভ নিহিত হৈ আছে। যদি কোনোবাই জবৰদস্তি কোনো মহিলাক বিবাহ কৰায় তেনেহ'লে উক্ত মহিলাগৰাকীৰ ক্বাজীৰ মাধ্যমত বিবাহ ভংগ কৰাৰ সম্পূৰ্ণ অধিকাৰ থাকিব।
চৰকাৰী অধিকাৰ ভোগ - ইছলামী শাসনব্যৱস্থাত কোনো পুৰুষ যদি বেমাৰ আজাৰ, বাৰ্ধক্যজনিত বা অন্য কোনো কাৰণত নিজে উপাৰ্জন কৰিব নোৱাৰে আৰু উপাৰ্জনক্ষম কোনো ব্যক্তিও নাথাকে তেনেহলে সংশ্লিষ্ট ব্যক্তিজনৰ সম্পূৰ্ণ ভৰণ - পোষণৰ দায়িত্ব লবলৈ চৰকাৰ বাধ্য থাকিব। ইয়াৰ বিপৰীতে কোনো মহিলাৰ যদি উপাৰ্জন কৰিব পৰা কোনো আত্মীয় নাথাকে তেনেহ লে চৰকাৰ উক্ত মহিলা গৰাকী সম্পূৰ্ণ সুস্থ আৰু কাৰ্য্যক্ষম হৈ থকা সত্বেও উক্ত মহিলা গৰাকীৰ ভৰণ পোষণৰ যাৱতীয় খৰছ বহন কৰিবলৈ বাধ্য থাকিব যদি। বিনা কাম বা চাকৰীত চৰকাৰৰ পৰা সুবিধা লাভ কৰিব পাৰে।
ربنا تقبل منا إنك أنت السميع العليم
No comments:
Post a Comment