Saturday, 6 June 2020

"তালাকৰ বিকৃত ৰূপ" লেখক মুকতাবুল হুছেইন

তালাকৰ বিকৃত ৰূপ লেখক মুকতাবুল হুছেইন 

বিশুদ্ধতাৰ বাছনিত তিলমানো অশুদ্ধতা বিচাৰি নোপোৱা পূৰ্নাংঙ্গ ধৰ্ম্ম ব্যৱস্থাৰ নামেই হৈছে পবিত্ৰ ইছলাম । জীৱনৰ প্ৰত্যেকটো ক্ষণতেই আমি কেনেকৈ আগুৱাই যাব লাগিব , প্ৰতিটো ঘাত-প্ৰতিঘাতত আমি কি প্ৰক্ৰিয়াৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ইত্যাদি ইত্যাদি সকলো বিষয়তেই আল্লাহে আমাক বিধান নিৰ্দ্ধাৰন কৰি দিছে । কিন্তু দূৰ্ভাগ্যজনক বিষয় যে , আল্লাহ প্ৰদত্ত এনে বহুতো নিখুত বিধানক বিকৃত প্ৰলেপ সনাৰ বাবেই বিশ্ব দৰবাৰত আজি ইছলাম সমালোচিত ! আল্লাহৰ নিখুঁত বিধানৰ পবিত্ৰ বাণী সাধাৰণ মানুহৰ মাজত প্ৰচাৰ হোৱাৰ পৰিৱৰ্তে প্ৰচাৰ হৈছে পবিত্ৰ বিধানৰ বিকৃত ৰূপ , যাৰ বাবেই আজি আমি সমালোচনাৰ পাত্ৰ ! সামগ্ৰিক প্ৰেক্ষাপটত এনে এক বহুল চৰ্চিত বিষয় হৈছে - " তালাক " বা পবিত্ৰ ইছলামত বিবাহ বিচ্ছেদৰ বিধান । অতি পৰিতাপৰ বিষয় যে , আল্লাহে নিদিষ্ট কৰি দিয়া বিধানত আমি অতিআভিযান্ত্ৰিকতা দেখুৱাবলৈ যোৱাৰ বাবেই আজি  চৰকাৰে আমাৰ ধৰ্মীয় বিধানতো হস্তক্ষেপ কৰাৰ সুযোগ পাইছে ! আমাৰ অস্তিত্ব অক্ষুন্ন ৰখাৰ স্বাৰ্থত  গণভোট সংগ্ৰহ কৰাৰ দৰে এক দুখলগা পৰিস্থিতিৰ উদ্ভৱ হৈছে । সেয়েহে এনেবোৰ স্পৰ্শকাতৰ বিষয়ৰ বিস্তৃত বিশ্লেষণ কৰাটো আজি সময়ৰ আহ্বান ।
 মহান আল্লাহৰ বাবে স্বামী-স্ত্ৰীৰ সাংসাৰিক বিচ্ছেদ কেতিয়াও উৎসাহিত বিষয় বা কাম্য নহয় । তথাপিও এগৰাকী সৰ্ব্বোত্তম মানৱ বিধান ৰচনাকাৰী হিচাবে আল্লাহে এই তালাকৰ এক মাৰ্জিত ও সুশৃংখলিত বিধান প্ৰয়োজন সাপেক্ষে প্ৰয়োগ কৰি মৰ্য্যদাপূৰ্ণ পৰিবেশত বিবাহ বিচ্ছেদৰ নিতী নিৰ্দ্ধাৰন কৰি দিছে । বিষয়বস্তুৰ গুৰুত্ব প্ৰতি লক্ষ্য ৰাখি আল্লাহে পবিত্ৰ কোৰআনত " আত-তালাক " (৬৫ নং) নামেৰে এক বিশেষ চুৰাও নাজিল কৰিছে । উক্ত চুৰাৰ সৰ্ব্বপ্ৰথম আয়াততেই আল্লাহে ৰাছূলুল্লাহ (চঃ) ক উদ্দেশ্যি কৈছে : " হে নবী ! তোমালোকে যেতিয়া তিৰোতা সকলক তালাক দিয়া , তেওঁলোকৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা । ইদ্দতৰ সময় কাল সঠিক ভাবে গননা কৰিবা । এই ইদ্দতৰ সময়ত তোমালোকে তেওঁলোকক ঘৰৰ পৰা উলিয়াই নিদিবা আৰু তেওঁলোকেও যেন নিজে ওলাই নাযায় । তেওঁলোকৰ ইদ্দতৰ সময় উকলিবৰ হলে হয় তেওঁলোকক দাম্পত্য বান্ধোনত সদভাৱে ৰাখিবা নাইবা ভালভাৱে তেওঁলোকৰ লগত দাম্পত্য সম্পৰ্ক চ্ছেদ কৰিবা আৰু তোমালোকৰ মাজত দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা ( আত-তালাক /১,২ )।

দেখা গৈছে যে তালাকৰ বিধানৰ বেলিকা আল্লাহে ইদ্দত সময় কালৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । মহিলাৰ তিনিটা ৠতুকাল , অৰ্থাৎ তিনিমাহ সময় ইদ্দতৰ সৰ্বোচ্চ সীমা নিৰ্দ্ধাৰন কৰি দিছে । প্ৰথম , দ্বিতীয় আৰু তৃতীয় হিচাবে তিনিটা পৰ্য্যায়ত এই তালাক প্ৰক্ৰিয়া সম্পন্ন হয় । ইয়াৰে তৃতীয় তালাকৰ জৰিয়তেহে স্বামী-স্ত্ৰীৰ বিচ্ছেদ চুড়ান্ত হয় । এই ইদ্দত সময় সীমাৰ ভিতৰত দ্বিতীয় তালাক দিয়াৰ পাছতো তৃতীয় তালাকৰ আগলৈকে তেওঁলোকৰ মতৰ পৰিৱৰ্তন হলে উভয়ে পুনৰ দাম্পত্য জীৱন অক্ষুন্ন ৰখাত কোনো বাধা নাই । বিচ্ছেদ চুড়ান্ত হলে পতিয়ে পত্নীক দিয়া বস্তু ঘুৰাই লোৱা বিধিসঙ্গত নহয় । ৠতুকালীন অৱস্থাত তালাক দিয়াটো শ্বৰীয়তৰ পৰিপন্থী । গৰ্ভৱতী তিৰোতাৰ ক্ষেত্রত এই ইদ্দত কাল সন্তান প্ৰসৱ কৰালৈকে নিৰ্দ্ধাৰন কৰা হৈছে । এইবোৰ হৈছে আল্লাহে নিৰ্ধাৰণ কৰি দিয়া সীমা । আল্লাহে কৈছে : যি আল্লাহৰ নিৰ্ধাৰিত সীমা লঙ্ঘন কৰে , সি নিজৰেই অনিষ্ট কৰে ।

তালাক সম্পৰ্কে ইমান স্পষ্ট আৰু উত্তম নিতী সমূহ  আল্লাহে বিধান কৰি দিয়াৰ পাছতো আমাৰ সমাজত "মাছআলা " ৰ কবলত আক্ৰান্ত হৈ তালাকে আজি বিকৃত ৰূপ ধাৰণ কৰিছে ! তিনিটা ঋতুকালৰ ইদ্দত সময় সীমাক কোনো গুৰুত্ব নিদি একেবাৰতেই একে সময়তেই এক , দুই তিনি বুলি তালাক উচ্চাৰণ কৰিলেই চুড়ান্ত তালাক হৈ যোৱাৰ বিধি সমাজত প্ৰচলিত হৈ আছে । লক্ষ্যনীয় বিষয় যে , স্বয়ং আল্লাহে দুগৰাকী ন্যায়পৰায়ণ সাক্ষী তালাকৰ সময়ত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ পাছতো আল্লাহৰ এই হুকুম নশ্চাৎ কৰি কোৱা হৈছে : " মই মোৰ বিবিক তালাক দিলোঁ " , এই শব্দ কেইটা স্ত্ৰীয়ে শুনক বা নুশুনক , কেৱল নিজে শুনাকৈ কলেই তালাক হৈ যায় । কোনোবা মানুহক সাক্ষী ৰখাৰ কোনো প্ৰয়োজন নাই ( বেহেস্তী জেওৰ , প্ৰকাশক : মৰ্কজ সাহিত্য পৰিষদ , হোজাই , পৃষ্ঠা ৩৪৮ )।
স্বামী ব্যতিত আন কোনেও তালাক দিয়াৰ অধিকাৰ নাই । অৱশ্যে স্বামীয়ে যদি কাৰোবাক কয় , তুমি এওঁক ( মোৰ স্ত্ৰীক ) তালাক দি দিয়া । তেন্তে সেইজনে দিলেও তালাক হৈ যাব ( বেহেস্তী জেওৰ , পৃষ্ঠা ৩৪৭ )। চিন্তা কৰক ! নিকাহ কৰিব এজনে , স্ত্ৰী সম্ভোগ কৰি সন্তান জন্ম দিব এজনে , কিন্তু বিচ্ছেদৰ বেলিকা তৃতীয় ব্যক্তিক তালাক দিয়াৰ অনুমোদন ! হায় ৰে হায় !!

পুনৰ কি কৈছে চাওক : " যদি কোনোবাই পত্নীক কয় যে : তুমি যেতিয়া লক্ষ্ণৌলৈ যাবা, তেতিয়া তুমি তালাক । তেন্তে লক্ষ্ণৌলৈ নোযোৱা লৈকে তালাক নহয় । তালৈ যেতিয়া যাব তেতিয়াহে তালাক হব । অৰ্থাৎ কোনো ঠাইৰ নাম উল্লেখ কৰি তালাক দিলে তালৈ নোযোৱা পৰ্য্যন্ত তালাক নহয় , গলেই তালাক ( বেহেস্তী জেওৰ , পৃষ্ঠা ৩৫০ )।

কোনোবাই যদি তালাক দি লগে লগে " ইন শ্বা আল্লাহ" কৈ দিয়ে , তেন্তে তালাক নহয় ! কিন্তু সামান্য সময় ৰৈ " ইন শ্বা আল্লাহ " কলে তালাক হৈ যাব ( বেহেস্তী জেওৰ , পৃষ্ঠা  ৩৫০ )।

সন্মানীয় দ্বীনি ভাই সকল ! সঁচাকৈয়ে যদি আমি পবিত্ৰ ইছলামত ইমান আনিছোঁ , তেন্তে আল্লাহৰ বিধানৰ পবিত্ৰ মৰ্য্যদা হানি কৰি  বিকৃত ৰূপ দিবলৈ কৰা সকলো ধৰণৰ অপচেষ্টাৰ বিৰুদ্ধে মাত মাতিবলৈ মাৰ বান্ধি উলাই আহক । অন্যথা বিশ্বৰ জনগণৰ দৃষ্টিত পবিত্ৰ ইছলাম সদায়েই সমালোচনাৰ মূখ্য বিষয় হৈ থাকিব , অনা ইছলাম লোকলৈ ইছলামৰ ভূৱা বাতৰি যাব , ইছলামীয় দাৱাতৰ প্ৰতি অনা ইছলামীয় লোকৰ আকৰ্ষণ হ্ৰাস পাব !! 

ত্বথ্য দাঙি ধৰি মুক্ত কণ্ঠৰে সেয়েহে আমি আপোনালোকক সদায়েই আহ্বান জনাই চিঞৰি চিঞৰি কৈ আহিছোঁ 

                                 " জাগা মুমিন জাগা "

Saturday, 23 May 2020

ইছলামত নাৰীৰ অধিকাৰ , লেখক মুফ্তী ছাদিকুৰ ৰহমান ক্বাছিমী

ইছলামত নাৰীৰ অধিকাৰ 


নাৰী আৰু পুৰুষ উভয়ে মানৱ জাতিৰ অন্তৰ্ভুক্ত হ'লেও উভয় শ্ৰেণীৰ মাজত নাম, শাৰীৰিক- মানসিক আদি বহুতো প্ৰভেদ বিদ্যমান ।
সংশ্লিষ্ট বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰভেদৰ পৰিপ্ৰেক্ষিতত দুয়ো শ্ৰেণীৰ চাল- চলন, কাজ- কৰ্ম আৰু চিন্তাধাৰাৰ মাজতো প্ৰচুৰ ভিন্নতা পৰিলক্ষিত হয়। শাৰিৰীকভাৱে এগৰাকী পুৰুষ নাৰীতকৈ তুলনামূলকভাৱে অধিক শক্তিশালী । গঠন আৰু অৱয়ব কঠোৰ পৰিশ্ৰমৰ অনুকূল। মানসিকভাৱেও পুৰুষ শক্তিশালী। যেনে, ধৈৰ্য্য, সাহস, হঠকাৰীতা, সংবেদনশীলতা, বিবেকৰ সঠিক পৰিচালনা ইত্যাদি সকলো ক্ষেত্ৰতেই নাৰী, পুৰুষৰ তুলনাত পিছপৰা। 
সংশ্লিষ্ট প্ৰভেদৰ সৈতে সংগতি ৰাখি আল্লাহ তাআ'লাই দুয়ো শ্ৰেণীৰ অধিকাৰ আৰু কৰ্ম ক্ষেত্ৰৰ মাজতো প্ৰভেদ ৰাখিছে। কিছু ক্ষেত্ৰত পুৰুষৰ অধিকাৰ নাৰীতকৈ অধিক আৰু কিছু ক্ষেত্ৰত নাৰীৰ অধিকাৰ অধিক। কিন্তু সামগ্ৰিকভাৱে পুৰুষৰ অধিকাৰ নাৰীতকৈ সামান্য বেছি। কাৰণ কৰ্তৃত্ব আৰু দায়িত্বৰ বোজা মূলতঃ পুৰুষেই বহন কৰিব লগা হয়।

সাম্প্ৰতিক বিশ্বত নগ্নতা, অশ্লীলতা, তথা যৌনতাৰ কৰাল গ্ৰাসত নিমজ্জিত পশ্চিমীয়া তথাকথিত বুদ্ধিজীৱীৰ তৰল মস্তিষ্কপ্ৰসূত চিন্তাধাৰাৰ ফলত নিঃসৃত এক শ্লোগান হ'ল -" নাৰী-পুৰুষৰ সমান অধিকাৰ"। বাক্যৰ বাহ্যিক দিশ যিমান মধুৰ তাতকৈ শতগুণ কদৰ্যময় তাৰ অভ্যন্তৰ। এই শ্লোগানৰ অন্তৰালত নিহিত হৈ আছে নাৰীক ভোগৰ সামগ্ৰীত পৰিণত কৰাৰ এক ভয়ংকৰ কু অভিসন্ধি।
শ্লোগানৰ ভাৱাৰ্থ হল - অফিচ, আদালত, মেল - মিটিং,  ৰাজহুৱা স্থান ইত্যাদিত পুৰুষে যেনেদৰে অবাধভাৱে যাব পাৰে নাৰীয়ে কিয় নোৱাৰে? পুৰুষে যেনেকৈ উপাৰ্জন কৰিব পাৰে নাৰীয়ে কিয় নোৱাৰে? এনেধৰণৰ মুখৰোচক শ্লোগানৰ চক্ৰবেহুত আৱদ্ধ  নিজকে অতি আধুনিক মনোভাৱাপন্ন বুলি জ্ঞান কৰা  তথাকথিত মুছলিম বুদ্ধিজীৱী সকলেও পশ্চিম বিশ্বৰ ইহুদী-খ্ৰীষ্টানৰ সুৰত সুৰ মিলাই নিজৰ গৱেষণাধৰ্মী মনোভাৱ বা বিদ্বেষৰ কাৰণে ইছলামী পণ্ডিত আলিম উলামা সকলৰ ওপৰত অভিযোগ উত্থাপন কৰে।  আলিম- উলামা সকল হেনো প্ৰাচীন মনোভাৱাপন্ন, আধুনিকতাৰ পৰশৰ পৰা বঞ্চিত। নাৰীক গৃহাভ্যন্তৰত আৱদ্ধ কৰি ৰখাৰ পক্ষপাতী ইত্যাদি ইত্যাদি।

পাঠক সমাজ! সম অধিকাৰৰ এই শ্লোগানৰ অন্তৰ্নিহিত ৰহস্য উদ্ঘাটন কৰিবলৈ হ'লে তেওঁলোকৰ অভিপ্ৰায়ৰ ফালে দৃষ্টিপাত কৰা আৱশ্যকীয় বুলি অনুভূত হয় । ইউৰোপৰ এগৰাকী বুদ্ধিজীৱীয়ে মন্তব্য কৰিছিল "কাৰ্যালয়ত এগৰাকী সুন্দৰী মহিলা কৰ্মচাৰী নাথাকিলে নিৰস মুহূৰ্ত পাৰ কৰিব লগা হয়" । অৰ্থাৎ নাৰী হ'ল পুৰুষৰ নিৰস মুহূৰ্ত, অৱসন্নতা দূৰীকৰণ, আৰু চিত্তবিনোদনৰ এক আহিলা, এক কথাত উপভোগৰ সামগ্ৰী। বিজ্ঞাপন, মডেলিং, ফিল্ম, বিউটী কন্টেষ্ট, মিছ ইউনিভাৰ্ছ, মিছ ওৱৰ্ল্ড, ফেশ্বন শ্ব' ইত্যাদি সকলোতে সুন্দৰী আৰু আৱেদনয়ী নাৰীক অগ্ৰাধিকাৰ দিয়া হয়। 
আয়োজক সকল আৰু কৰ্তৃপক্ষই নাৰীৰ শৰীৰ আৰু সৌন্দৰ্যক ব্যৱহাৰ কৰি কোটি কোটি টকা উপাৰ্জন কৰে, সেই উপাৰ্জনৰ সিংহভাগ ধন তেওঁলোকে লাভ কৰাৰ বিপৰীতে সংশ্লিষ্ট মডেল - অভিনেত্ৰী সকলক সামান্য ধনহে প্ৰদান কৰে। নাৰীৰ দেহ আৰু সৌন্দৰ্য ক্ৰয় কৰে সামান্য ধনৰ বিনিময়ত আৰু বিক্ৰী কৰে প্ৰচুৰ ধনৰ বিনিময়ত। এগৰাকী নাৰীক ভোগ আৰু পণ্য সামগ্ৰিত পৰিণত কৰাৰ ইয়াতকৈ প্ৰকৃষ্ট উদাহৰণ আৰু আছেনে? এয়াই আধুনিক বুদ্ধিজীৱী প্ৰদত্ত নাৰী স্বাধীনতা আৰু অধিকাৰৰ প্ৰকৃত স্বৰূপ।

সৃষ্টিকৰ্তা মহাপ্ৰজ্ঞাময় আল্লাহ তাআ'লাই সৃষ্টিগতভাৱে নাৰীক এনে কিছুমান যোগ্যতা প্ৰদান কৰিছে যি, কোনো পুৰুষক প্ৰদান কৰা নাই। আনহাতে পুৰুষক এনে কিছুমান যোগ্যতা প্ৰদান কৰিছে যি, কোনো নাৰীক প্ৰদান কৰা নাই। জন্মগতভাৱেই নাৰী পুৰুষৰ যোগ্যতাৰ ব্যৱধান আছে। যোগ্যতাৰ ব্যৱধানৰ হেতু অনিবাৰ্যভাৱে কামৰ ব্যৱধানো বিদ্যমান। আৰু কামৰ ব্যৱধান হোৱা হেতুকে স্বাভাৱিকভাৱে কৰ্মস্থলৰো ব্যৱধান আহি যায়।

যোগ্যতাৰ ব্যৱধানঃ - নাৰীৰ গৰ্ভধাৰণ, সন্তান প্ৰতিপাল, সন্তানক দুগ্ধপান কৰোৱা, ঋতুস্ৰাৱ আৰু প্ৰসৱ কালীন কষ্ট সহ্য কৰা ক্ষমতা ইত্যাদি এনে এক যোগ্যতা যি, কোনো পুৰুষৰ মাজত নাই।
আনহাতে পুৰুষৰ  শাৰীৰিক  শ্ৰম কৰাৰ ক্ষমতা পৰিপূৰ্ণ ৰূপে বিদ্যমান। কিন্তু নাৰীৰ এই ক্ষমতা নিচেই সামান্য।

কৰ্মৰ ব্যৱধান - যোগ্যতাৰ তাৰতম্য ঘটাৰ কাৰণে স্বাভাৱিকতে কৰ্মৰো ব্যৱধান ঘটে। সেয়েহে বাহিৰৰ কঠোৰ শ্ৰমেৰে উপাৰ্জন কৰাৰ আৰু পৰিয়ালৰ ভৰণ - পোষণৰ গুৰুদায়িত্ব গ্ৰহণ কৰাৰ যোগ্যতা পুৰুষৰ  মাজত বিদ্যমান। সংশ্লিষ্ট কামৰ বাবে পৰ্যাপ্ত শাৰিৰীক শক্তি আৰু ক্ষমতা নথকা হেতুকে ৰন্ধা- বঢ়া, সন্তান চোৱা - চিতা কৰা সন্তানৰ প্ৰাথমিক শিক্ষা, নীতিশিক্ষা ইত্যাদি  ঘৰুৱা দায়িত্ব সমূহ যাৰ বাবে বিশেষ কোনো শাৰিৰীক শ্ৰম কৰিব লগা নহয় নাৰীৰ ওপৰত  অৰ্পন কৰা হৈছে।

কৰ্মস্থলীৰ ব্যৱধান - কৰ্মৰ ব্যৱধান হোৱাৰ লগে লগে কৰ্মস্থলীৰো ব্যৱধান ঘটে। কাৰণ কৰ্ম সম্পাদনৰ বাবে অনুকূল পৰিৱেশ আৰু ঠাইৰ প্ৰয়োজন। কৰ্তাৰ যোগ্যতা আৰু ক্ষমতাই  নিৰ্ভৰ কৰে উক্ত ঠাইৰ পৰিৱেশৰ ওপৰত। বাহিৰৰ ৰদ, বৰষুণ  ধুমুহা, দুৰ্ঘটনা, যুদ্ধ আদি প্ৰাকৃতিক - অপ্ৰাকৃতিক সকলো ঘাত প্ৰতিঘাতৰ সৈতে মুকাবালা কৰি উপাৰ্জন কৰা নাৰীৰ বাবে সম্পূৰ্ণৰূপে সম্ভৱপৰ নহয়। গতিকে উপাৰ্জনৰ সেই দায়িত্ব শক্তিশালী পুৰুষ জাতিক প্ৰদান কৰা হৈছে। 

সাৰকথা হ'ল - উল্লেখিত তিনিওটা ব্যৱধান পৰস্পৰে পৰস্পৰৰ সৈতে  সংপৃক্ত। দায়িত্বৰ শ্ৰেণীবিভাজন কৰিলে দেখা যায় যে, নাৰীৰ দায়ীত্ব চাৰিটা, যথা- গৰ্ভধাৰণ, দুগ্ধপান, সন্তান প্ৰতিপালন আৰু ঋতুস্ৰাৱ তথা প্ৰসৱৰ কষ্ট সহ্য কৰা। বিপৰীতে পুৰুষৰ কেৱল দুটা দায়িত্ব। যথা- উপাৰ্জন তথা স্ত্ৰী-সন্তানৰ চোৱা- চিতা কৰা আৰু পৰিয়ালৰ কৰ্তৃত্বভাৰ গ্ৰহণ কৰা। মাত্ৰ দুটা দায়িত্ব পোৱাৰ পিছতো আৰু দায়িত্ব সম্পাদনৰ পৰ্যাপ্ত ক্ষমতা থকাৰ স্বত্বেও চাৰিটা দায়িত্ব প্ৰাপ্ত নাৰীৰ দ্বাৰা পুৰুষৰ দুই দায়িত্বৰ অতিৰিক্ত বোজা নাৰীৰ ওপৰত জাপি দিয়া চৰম কাপুৰুষালিৰ পাৰিচায়ক নহয়ন? এয়া নাৰীৰ অধিকাৰ নে নাৰীৰ প্ৰতি চৰম অন্যায়? সম অধিকাৰৰ শ্লোগান চৰম গতিত চলিছে, পুৰুষে অকলে কিয় কৰ্তৃত্ব কৰিব? নাৰীয়েও কৰিব। পুৰুষে অকলে কিয় উপাৰ্জন কৰিব? নাৰীয়েও কৰিব লাগিব।  সম অধিকাৰৰ শ্লোগানদাতা সকলে যদি পুৰুষৰ দুটা দায়িত্ব নাৰীৰ ওপৰত জাপি দিব খোজে তেনেহ'লে নাৰীৰ চাৰিটাৰ পৰা কেৱল দুটা দায়িত্ব গৰ্ভধাৰণ আৰু সন্তানক দুগ্ধপান কৰোৱা এই দুই দায়িত্ব লৈ লওক, পাৰিবনে???

দূৰ্বল নাৰীৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়াৰ পিছতো গৰ্বেৰে সৈতে কৈ ফুৰিছ আমি নাৰীক অধিকাৰ দিছোঁ, আৰু অধিকাৰৰ হকে মাত মাতিছোঁ। তথাকথিত নাৰীবাদী সকলে এফালে নাৰীৰ দেহ-সৌন্দৰ্য্যৰ দ্বাৰা আনফালে শাৰিৰীক শ্ৰমৰ দ্বাৰা  নাৰীক অৰ্থ উপাৰ্জনৰ আহিলা বনাই কৃতদাসীৰ স্তৰলৈ অৱনমিত কৰি পেলাইছে। এয়া অধিকাৰ নে শোষণ?

শ্ৰদ্ধাৰ পাঠক সমাজ! পৱিত্ৰ ইছলামে নাৰীক কিয় উপাৰ্জন আৰু কৰ্তৃত্ব (বাহ্যিক - আভ্যন্তৰীণ আদি পৰিয়ালৰ সামগ্ৰিক দিশ চোৱা- চিতা আৰু পৰিচালনা) ৰ দায়িত্ব অৰ্পন কৰা নাই। সেইফালে আলোকপাত কৰোঁ আহক! নাৰীৰ দায়িত্বৰ বিকেন্দ্ৰীকৰণৰ ফলত সমাজ ব্যৱস্থাত বিশেষকৈ নাৰীৰ ওপৰত অত্যন্ত বিৰূপ প্ৰভাৱ পৰাৰ সমান্তৰালকৈ কেইবাটাও গুৰুতৰ ক্ষতিকৰ  দিশ বিদ্যমান

 বৈজ্ঞানিক দৃষ্টিকোণত ক্ষতিকৰ দিশঃ-জন্মগতভাৱে দূৰ্বল নাৰী এগৰাকী ঋতুস্ৰাৱৰ ফলত অধিক দৃৰ্বল হৈ পৰে। তাৰ পিছত গৰ্ভৱতী থকা কালীন গৰ্ভস্থ সন্তানে মাতৃৰ শৰীৰৰ পৰা ভিটামিন, কেলছিয়াম, আয়ৰণ আদি অতি লাগতিয়াল উপাদান সমূহ মাতৃৰ পৰা শোষণ কৰি নিঃশেষপ্ৰায় কৰি পেলায়। ইয়াতে শেষ নহয়, বৰঞ্চ প্ৰসৱৰ সময়ত আৰু পিছত প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত দূৰ্বলতাৰ চৰম সীমাত উপনীত হৈ পৰে। ইয়াৰ পিছত আহি পৰে সন্তানৰ দুগ্ধপান, লালন-পালন, আৰু সন্তানৰ আলপৈচান ধৰা। এই প্ৰক্ৰিয়া সমূহৰ ফলত নাৰীৰ অৱস্থা অত্যন্ত পুতৌলগা হৈ পৰে। সেয়েহে এনে এগৰাকী দূৰ্বল সত্বাক উপাৰ্জনৰ দায়িত্বভাৰ অৰ্পন কৰা চৰম অমানৱীয়তাৰ পৰিচায়ক নহয়নে?
 
আৰ্থিক ক্ষতি - প্ৰসৱ পূৰ্ব্ব আৰু পৰৱৰ্তী সময়ত দীৰ্ঘকাল অৱধি কৰ্মক্ষেত্ৰত অনুপস্থিত থকা আৰু কৰ্তব্যৰত অৱস্থাত বাৰে বাৰে শিশুৰ চোৱা-চিতা কৰা স্তনপান কৰোৱা। এনে প্ৰক্ৰিয়াত কামত প্ৰচুৰ ব্যাঘাত জন্মে। ফলশ্ৰুতিত কৰ্তৃপক্ষই আৰ্থিকভাৱে ক্ষতিৰ সন্মূখীন হয়। বিপৰীতে কোনো পুৰুষ কৰ্মচাৰী থকিলে এনে ক্ষতিৰ সম্ভাৱনীয়তা শূন্য।

পাৰিবাৰিক ক্ষতি - ৰাতিপুৱাৰ পৰা গধুলি লৈকে যেন উশাহ লবলৈ আহৰি নাপায়। সন্তানৰ গা ধুওৱা, ৰন্ধা- বঢ়া কৰা, সন্তানৰ স্কুলৰ বাবে টিফিন, কিতাপ-পত্ৰ, ইত্যাদি প্ৰস্তুত কৰি দিয়া, স্বামীৰ আলপৈচান ধৰি সময়মতে অফিছত যোৱা। অফিছৰ ডিউটি সমাপন কৰি ঘৰত আহি পুনৰ ঘৰুৱা কামত মগ্ন হৈ পৰা ইত্যাদি সকলো প্ৰকাৰৰ কামৰ ব্যস্ততাৰ বাবে  পৰিয়ালৰ সদস্য সকলৰ  সৈতে এখন্তেক বহাৰ আহৰি নাপায়। ফলশ্ৰুতিত  পৰিয়ালৰ মাজত আন্তৰিকতা আৰু প্ৰেম - প্ৰীতি হ্ৰাস পায়।

সামাজিক ক্ষতি - মাতৃৰ ঘৰুৱা কাম-কাজ, চাকৰি ইত্যাদিত ব্যস্ত থকাৰ বাবে সন্তান মাতৃৰ মধুৰ সান্নিধ্যৰ পৰা বঞ্চিত হয়। সমান্তৰালকৈ মাতৃৰ পৰা লাভ কৰিব লগীয়া নীতি জ্ঞানৰ পৰাও চৰমভাবে শিশু বঞ্চিত হয়। শ্ৰেষ্ঠ বিদ্যালয়, নিজৰ ঘৰৰ পিতৃ-মাতৃ প্ৰদত্ত বাল্য কালীন শিক্ষাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ জীৱনৰ প্ৰত্যেক স্তৰতে বিদ্যমান থাকে। পিতৃ- মাতৃ উভয়ে বাহিৰা কাম-কাজত ব্যস্ত থাকিলে উক্ত শিক্ষাৰ পৰা সন্তান বঞ্চিত হয়, ফলত তাৰ জীৱনলৈ নৈতিক অৱক্ষয় নামি আহে। এনে সন্তান পৰৱৰ্ত্তী কালত মদাহী, লম্পট, চুৰ, ডকাইত ধৰ্ষণকাৰী ইত্যাদিত পৰিণত হয়। পশ্চিমীয় দেশ বিলাকত পিতৃ-মাতৃ বুঢ়া হলে সন্তানে বৃদ্ধাশ্ৰমত থৈ আহে।  সম্প্ৰতি এনে ঘটনা  উক্ত দেশবোৰত নিচেই স্বাভাৱিক হৈ পৰিছে । জন্মদাতা পিতৃ-মাতৃৰ বাবে সন্তানৰ ওচৰত দিবলৈ সময় নাই। যেনেদৰে সন্তানৰ পিতৃ-মাতৃৰ সান্নিধ্যৰ প্ৰয়োজনৰ সময়ত পিতৃ-মাতৃয়ে ব্যস্ততাৰ অজুহাত লৈ বঞ্চিত কৰিছিল তদ্ৰুপ সন্তানেও পিতৃ-মাতৃৰ জটিল সন্ধিক্ষণত নিজৰ সান্নিধ্যৰ পৰা বঞ্চিত ৰাখিছে। যেন এক মোক্ষম প্ৰতিশোধ পিতৃ-মাতৃৰ ওপৰত। পশ্চিমীয়া বিশ্ব সম্প্ৰতি এনেধৰনৰ ক্ৰমবৰ্ধমান সামাজিক আৰু নৈতিক অৱক্ষয়ত বাৰুকৈয়ে জৰ্জৰিত।

 প্ৰিয় পাঠক সমাজ! নাৰীৰ অধিকাৰৰ শ্লোগানদাতা সকলৰ স্বৰূপ   আৰু নাৰীয়ে নিজৰ অধিকাৰৰ প্ৰকৃত মৰ্মাৰ্থ উপলব্ধি কৰিব নোৱাৰি বিকৃতভাৱে স্বধীনতা আৰু অধিকাৰৰ দাবী কৰা আৰু ইয়াৰ অন্তৰালত নিহিত হৈ থকা ক্ষতিকৰ দিশ সমূহ নিশ্চয় উপলব্ধি কৰিব পাৰিছে।। এতিয়া আহোঁ পৱিত্ৰ ইছলামে নাৰীক কেনে ধৰণৰ অধিকাৰ দিছে সেইফালে আলোকপাত কৰোঁ 

আত্মীক অধিকাৰ - সন্তান ল'ৰা বা ছোৱালী যিয়েই নহওক কিয়,  সিঁহতৰ মৰম - চেনেহ, খোৱা-পিন্ধা ইত্যাদিৰ ক্ষেত্ৰত কোনো ধৰণৰ তাৰতম্য কৰিব নোৱাৰিব।  ইছলাম পূৰ্ব আৰবত কন্যা সন্তান হত্যাৰ দৰে  হৃদয় বিদাৰক আৰু ভয়ংকৰ প্ৰথা বিদ্যমান আছিল। কন্যা সন্তান জন্মৰ পিছতে কেৱল এই ভয়তে হত্যা কৰা হৈছিল যে, কাৰোবাক জোৱাই বনাব লাগিব। ফুল কুমলীয়া কন্যাশশিশু বিলাকক বিভিন্ন পদ্ধতিৰে হত্যা কৰা হৈছিল। কিছুমানক জীৱন্তে মাটিত দাফন (সমাধিস্থ) কৰি দিয়া হৈছিল । পৱিত্ৰ ইছলামে এইকু প্ৰথা নিৰ্মূল কৰে। আৰু ঘোষণা কৰে জীয়াই থকাৰ অধিকাৰ যেনেদৰে ল'ৰাৰ আছে তদ্ৰূপ ছোৱালীৰো আছে।

শিক্ষাৰ অধিকাৰ - পৃথক শিক্ষালয়ৰ আৰু শিক্ষয়িত্ৰীৰ মাধ্যমত পুৰুষৰ দৰে যিকোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। চৰ্ত হল নিজৰ শৰীৰ আবৃত কৰি পৰপুৰুষৰ দৃষ্টিৰ পৰা নিজকে বচাই ৰাখিব লাগিব পুৰুষ মহিলা উভয়ে একত্ৰিত হৈ শিক্ষা গ্ৰহণ   অৰ্থাৎ সহশিক্ষা (CO EDUCATION) হব নোৱাৰিব ।সম্প্ৰতি ইউৰোপ-আমেৰিকাৰ শিক্ষা ব্যৱস্থাত সহশিক্ষা আৰু সহাৱস্থানৰ কু প্ৰভাৱৰ ফলত তেনে শিক্ষালয় সমূহত যৌনতাৰ ইমানেই পয়োভৰ ঘটিছে যে, স্বয়ং নাৰী মুক্তিৰ আন্দোলন কাৰী সকলো স্তম্ভিত হৈ পৰিছে। কুমাৰী মাতৃ আৰু অবৈধ সন্তানেৰে দেশ ভৰি পৰিছে। 
ইছলামে এনে সৰুঙা বন্ধ কৰাৰ নিমিত্তে নাৰী পুৰুষৰ শিক্ষালয় পৃথক কৰণৰ নিৰ্দ্দেশ দিছে।

ঘনিষ্টতা বা আত্মীয়তাৰ অধিকাৰ - কন্যাৰ প্ৰতি মৰম চেনেহৰ নিৰ্দেশ  পিতৃক, ভগ্নীৰ প্ৰতি মৰম চেনেহৰ নিৰ্দ্দেশ ভ্ৰাতৃক, পত্নীৰ প্ৰতি প্ৰেম ভালপোৱাৰ আৰু আন্তৰিকতাৰ নিৰ্দেশ স্বামীক আৰু মাতৃৰ প্ৰতি সন্মান আৰু সম্ভ্ৰম কৰাৰ নিৰ্দেশ পুত্ৰক পৱিত্ৰ ইছলামে গুৰুত্ব সহকাৰে প্ৰদান কৰিছে। বস্তুত কন্যা, ভগ্নী, স্ত্ৰী, আৰু মাতৃ এই চাৰিওটা স্তৰতে নাৰীক ইছলামে বিশেষকৈ অন্যান্য নাৰীক সাধাৰণ ভাৱে সন্মানৰ পাত্ৰ বনাইছে। 

আৰ্থিক বা সম্পত্তিৰ অধিকাৰ-কন্যাই পিতৃৰ সম্পত্তিৰ অধিকাৰী, ভগ্নীয়ে ভ্ৰাতৃৰ সম্পত্তিৰ অধিকাৰ, স্ত্ৰীয়ে স্বামীৰ সম্পত্তিৰ অধিকাৰ, আৰু মাতৃয়ে সন্তানৰ সম্পত্তিৰ অধিকাৰ লাভ কৰে, অৰ্থাৎ এগৰাকী নাৰীয়ে পৰিপূৰ্ণ মালিকানা - অধিকাৰ লাভ কৰে।  পুৰুষৰ দৰে নাৰীয়েও  গাড়ী, কল- কাৰখানা, ঘৰ, মাটিবাৰী, প্ৰতিষ্ঠান, স্থাৱৰ, অস্থাৱৰ ইত্যাদি সকলো সম্পত্তিৰ মালিক হ'ব পাৰে । লাভ কৰা সম্পত্তি বা নিজে অৰ্জন কৰা সম্পত্তিত কৰো হস্তক্ষেপ কৰাৰ অধিকাৰ নাই । নাৰীৰ নিজৰ পৈতৃক সম্পত্তি, মোহৰাণাৰ বাবদ স্বামীৰ পৰা প্ৰাপ্ত সম্পত্তি, নিজৰ অৰ্জিত সম্পতি ইত্যাদিত স্বামীৰ  বাবে স্ত্ৰীৰ অনুমতি অবিহনে খৰছ কৰাৰ কোনো অধিকাৰ নাই। সেই সম্পত্তিৰ একছত্ৰী মালিক স্ত্ৰী নিজে। আনকি স্বামীৰ বাবে স্ত্ৰী, সন্তান, অতিথি ইত্যাদি সকলোৰে ভৰণ পোষণ, আপ্যায়ন আদি যাৱতীয় খৰছ পুৰুষ স্বামীয়ে কৰিব লাগিব। স্ত্ৰীৰ প্ৰাপ্ত আৰু অৰ্জিত সসলো ধন তেওঁৰ হাতত সম্পুৰ্ণ অক্ষত আৰু সুৰক্ষিত থাকিব। 
উপৰত উল্লেখিত চাৰিওটা স্তৰতে নাৰীয়ে সকলো প্ৰকাৰৰ অধিকাৰ পুৰুষৰ পৰা লাভ কৰে।

প্ৰণিধানযোগ্য যে, এনেধৰণৰ অধিকাৰ কেৱল পৱিত্ৰ ইছলামেহে প্ৰদান কৰিছে। অন্য কোনো ধৰ্ম বা মতবাদে প্ৰদান কৰা নাই পৱিত্ৰ ক্বুৰআনত প্ৰথমে নাৰীয়ে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সম্পত্তিৰ কথা উল্লেখ কৰা হৈছে আৰু নাৰীৰ সম্পত্তিক মাপকাঠি বনাই পুৰুষে পাব লগা সম্পত্তিৰ অংশ বৰ্ণনা কৰা হৈছে "(এজন) পুৰুষে  দুগৰাকী নাৰীৰ সমান সম্পত্তি লাভ কৰিব" 

এই আয়াতত কোৱা হৈছে দুগৰাকী নাৰীয়ে যিমান সম্পত্তি লাভ কৰিব এগৰাকী পুৰুষে সিমান লাভ কৰিব অৰ্থাৎ পুৰুষে নাৰীৰ দ্বিগুণ সম্পত্তি লাভ কৰিব।  প্ৰশ্নৰ উদয় হয়। সকলো ক্ষেত্ৰতে  নাৰীৰ অধিকাৰৰ কথা কোৱা ইছলামে সম্পত্তিৰ ক্ষেত্ৰত এই বৈষম্যমূলক আচৰণ কিয় কৰিলে? 

পাঠক সমাজ! এই প্ৰশ্নৰ উত্তৰ জানিবলৈ এক উদাহৰণৰ ফালে আলোকপাত কৰোঁ আহক! ধৰা হওক এগৰাকী ব্যক্তিৰ এজন ল'ৰা আৰু এজনী ছোৱালী। ল' ৰাজন ডাঙৰ আৰু ছোৱালীজনী সৰু। ব্যক্তিগৰাকীয়ে মৃত্যুৰ সময়ত দেৰলাখ টকা এৰি থৈ গ ল। ইছলামৰ নিয়ম অনুযায়ী লৰাই পাব দ্বিগুণ  অৰ্থাৎ ল'ৰাই একলাখ  আৰু ছোৱালীজনী ফ ৫০হাজাৰ টকা  পিতৃৰ মৃত্যুৰ পিছত ঘৰৰ কৰ্তৃত্বভাৰ যিহেতু লৰাৰ ওপৰত ন্যস্ত হয় গতিকে লৰাৰ হাতত থকা একলাখ টকাৰে ভনীয়েকৰ লিখা পঢ়া খৰছ,  মাতৃৰ চিকিৎসা আদিৰ বাবদ খৰছ, অতিথিৰসবাবে খৰছ, ভগ্নীৰ বিয়া, যৌতুক আদিৰ খৰছ নিজৰ বিয়াৰ খৰছ,বিবাহৰ সময়ত পত্নীক দিব লগা মোহৰাণাৰ বাবৎ খৰছ ইত্যাদি যাৱতীয় প্ৰকাৰৰ খৰছ বহন কৰাৰ পিছত উক্ত লৰাজনৰ হাতত এটা ফুটা কড়ি অৱশিষ্ট থাকিব নে নাই সন্দেহ আছে। ইয়াৰ বিপৰীতে ছোৱালীয়ে লাভ কৰা 50 হাজাৰ টকাত কেৱল তাইৰেই অধিকাৰ আছে। কোনো খৰছ নাই। বিবাহৰ সময়ত স্বামীৰ পৰা মোহৰাণাৰ বাবত ধন লাভ কৰিব হাতত থকা মূলধনৰ সৈতে অধিক ধন যুক্ত হৈ থাকিব। ইয়াৰ পিছত স্বামীৰ পৰাও উত্তৰাধিকাৰী সূত্ৰে ধন লাভ কৰিব। মুঠতে উক্ত ছোৱালীজনীয়ে পৈতৃক সম্পত্তি হিছাপে লাভ কৰা 50 হাজৰ টকাৰ সৈতে আৰু অতিৰিক্ত যুক্ত হৈ থাকিব, কম নহব !

আশা কৰোঁ উল্লেখিত উদাহৰণৰ দ্বাৰা স্পষ্টভাৱে প্ৰতীয়মান হৈছে যে, পুৰুষৰ সম্পত্তি মহিলাৰ দ্বিগুণ কিয়? পশ্চিম বংগৰ এগৰাকী  মুছলমান অধ্যাপকক হিন্দু ছাত্ৰী এগৰাকীয়ে নাৰীক পুৰুষৰ আধা সম্পত্তি দিয়া সন্দৰ্ভত অভিযোগ উত্থাপন কৰাত অধ্যাপক গৰাকীয়ে সুন্দৰ যুক্তিৰে সৈতে বুজাই দিয়াত ছাত্ৰী গৰকীয়ে কবলৈ বাধ্য হৈছে যে, নাৰীক পুৰুষৰ আধা সম্পত্তি প্ৰদান কৰি নাৰীক পুৰুষতকৈ বহুত বেছি অধিকাৰ প্ৰদান কৰিছে ইছলামে ।

ধৰ্মীয় অধিকাৰ - সকলো প্ৰকাৰৰ ইবাদতৰ বাবে পুৰুষে যিমান ছাৱাব (পুণ্য) লাভ কৰিব নাৰীয়েও কোনো কম বেছি নহোৱাকৈ সমান ছাৱাব লাভ কৰিব। পুৰুষে দেশ-ধৰ্ম ৰক্ষা কৰাৰ বাবে যুদ্ধ কৰাৰ নিমিত্তে যিমান ছাৱাব লাভ কৰিব নাৰীয়ে ঘৰত বহি থাকিয়ে সেই ছাৱাব লাভ কৰিব। পুৰুষে কষ্ট কৰি মছজিদত গৈ নামাজ পঢ়ি যিমান নেকী লাভ কৰিব নাৰীয়ে ঘৰত নামাজ পঢ়ি সিমানখিনি লাভ কৰিব। সাৰকথা হল ইবাদত সংক্ৰান্তত ছাৱাবৰ ক্ষেত্ৰত নাৰী পুৰুষৰ মাজত কোনো তাৰতম্য নাই।

বৈবাহিক  অধিকাৰ - বিবাহৰ ক্ষেত্ৰত যেতিয়ালৈকে নাৰীয়ে অনুমতি নিদিয়ে তেতিয়ালৈকে বিবাহ সম্পাদিত নহয়। নাৰী যেতিয়া প্ৰাপ্তবয়স্কা হয় ইছলামে তাইক পাত্ৰ নিৰ্বাচন  আৰু বিবাহৰ অনুমতি প্ৰদান কৰিছে। অৱশ্যে এইক্ষেত্ৰত নাৰীক তাইৰ অভিভাৱকৰ পছন্দক নিজৰ পছন্দৰ ওপৰত অগ্ৰাধিকাৰ দিয়াৰ পৰামৰ্শ আগবঢ়াইছে। কিন্তু পাত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত নাবালিকাক এই স্বাধীনতা প্ৰদান কৰা নাই। কাৰণ বয়স আৰু  জ্ঞান কম থকাৰ বাবে আৱেগৰ বশৱৰ্তী হৈ অনুপযুক্ত পাত্ৰ পছন্দ কৰি পেলাব আৰু এই ভুল সিদ্ধান্তৰ বাবে গোটেই জীৱন আক্ষেপ কৰিব লগা হব পাৰে। । গতিকে অপ্ৰাপ্তবয়ষ্কা নাৰীক এই কৰ্তৃত্ব ইছলামে প্ৰদান কৰা নাই। এই অধিকাৰ অভিভাৱকৰ হাতত দিয়াৰ হৈছে, ইয়াৰ  মাজতো নাৰীৰেই লাভ নিহিত হৈ আছে। যদি কোনোবাই জবৰদস্তি কোনো মহিলাক বিবাহ কৰায় তেনেহ'লে উক্ত মহিলাগৰাকীৰ ক্বাজীৰ মাধ্যমত বিবাহ ভংগ কৰাৰ সম্পূৰ্ণ অধিকাৰ থাকিব।

চৰকাৰী অধিকাৰ ভোগ - ইছলামী শাসনব্যৱস্থাত কোনো পুৰুষ যদি বেমাৰ আজাৰ, বাৰ্ধক্যজনিত বা অন্য কোনো কাৰণত নিজে উপাৰ্জন কৰিব নোৱাৰে আৰু উপাৰ্জনক্ষম কোনো ব্যক্তিও নাথাকে তেনেহলে সংশ্লিষ্ট ব্যক্তিজনৰ সম্পূৰ্ণ ভৰণ - পোষণৰ দায়িত্ব লবলৈ চৰকাৰ বাধ্য থাকিব। ইয়াৰ বিপৰীতে কোনো মহিলাৰ যদি উপাৰ্জন কৰিব পৰা কোনো আত্মীয় নাথাকে তেনেহ লে চৰকাৰ উক্ত মহিলা গৰাকী সম্পূৰ্ণ সুস্থ আৰু কাৰ্য্যক্ষম হৈ থকা সত্বেও উক্ত মহিলা গৰাকীৰ ভৰণ পোষণৰ যাৱতীয় খৰছ বহন কৰিবলৈ বাধ্য থাকিব যদি। বিনা কাম বা চাকৰীত চৰকাৰৰ পৰা সুবিধা লাভ কৰিব পাৰে। 
     ربنا تقبل منا إنك أنت السميع العليم

Monday, 17 February 2020

ভণ্ড ফকীৰ ! আদি আৰু ইতি : সঙ্কলন আৰু অনুবাদঃ হাঃ মৌঃ হিদায়াতুল ৱদুদ

অসমৰ মাজাৰবোৰত উৰুচৰ আয়োজন বৰ ধুম-ধামেৰে চলিছে ৷ মাজাৰ, উৰুচ ইত্যাদিলৈ কেতিয়াও যোৱাৰ সুযোগ হোৱা নাছিল ৷ এইবোৰ বিষয়ত অনেকে অনেক ধৰণে শুনাৰ দৰে ময়ো শুনিছিলো ৷ এইবেলি জলেশ্বৰৰ উৰুচলৈ যোৱাৰ সুযোগ হৈছিল কিবা ব্যক্তিগত প্ৰয়োজনত ৷ তাৰে অভিজ্ঞতাৰ কথা এটা বাক্যত কবলৈ গলে- ‘ইছলাম বা মুছলমানৰ নামত কৰা এইবোৰ আয়োজন তথা মেলত কেৱল মুছলমান সমাজৰ লোক কিছুমানৰ বাহিৰে ইছলাম বা মুছলমানৰ আন একোৱে বিচাৰি পাবৰ নাই ৷’ ইছলামৰ কোনো আদৰ্শ, সংস্কৃতি বা ধাৰণাৰ বিন্দুমাত্ৰও পোৱা নাযায় ৷ সেয়ে ইয়াৰ বিষয়ে অধিক জানিবৰ মন গল ৷ জানিব বিচাৰিলো ইয়াৰ পাতনি আৰু ঐতিহাসিক পটভূমি ৷ সেই অধ্যয়নত যিখিনি জানিব পাৰিলো, ধাৰণা হল প্ৰত্যেকেই জ্ঞাত হোৱা প্ৰয়োজন ৷ সেই ভাৱনাই মোক এই লেখা প্ৰস্তুত কৰাৰ উদগনী দিলে ৷
 পিছে মাজাৰ বুলি কলে দুই প্ৰকৃতিৰ মুছলমান ইয়াৰে জড়িত ৷ প্ৰথমঃ ‘আহমদ ৰেজা খাঁ’ৰ মতাদৰ্শৰ অনুসাৰী, যিসকলৰ বৰেলৱী বুলি সম্বোধন কৰা হয় ৷ অসমত এই মতাদৰ্শৰ লোকৰ উপস্থিতি কম যদিও আজিকালি উত্তৰপ্ৰদেশত আৱিস্কৃত এই ধাৰণা কলকাতা হৈ অসমৰ মুছলমানৰ মাজলৈ আহিব ধৰিছে ৷ মীলাদ, ফাতিহা, ছীৰাতুন্নবীৰ মেল পাতি বা মাজাৰ সাজি বম্তি জলোৱা ইত্যাদিৰে মুছলিম সমাজক বোচ আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে ৷ দ্বিতীয়ঃ বাউল মতাদৰ্শৰ বিশ্বাসী একাংশ ফকীৰ, যিসকলক আমি ভণ্ড-ফকীৰ বুলি সম্বোধন কৰো ৷ এই মতাদৰ্শৰ অনুসাৰীৰ অধিকাংশ পূৰ্ব-বঙ্গতে সীমিত ৷ ধুবুৰী, গোৱালপাৰাৰে আগবাঢ়ি হাজো হৈ উজনিমুৱা হোৱা এই মতাদৰ্শই আজিৰ আলোচনাৰ বিষয়বস্তু ৷ (প্ৰথম ধাৰণাৰ মাজাৰী মুছলমানৰ বিষয়টো আন এবাৰ আলোচনা কৰা হব ইন্ শ্বা আল্লাহ)

বাউল মতবাদ বা বাউল দর্শন পৰিচিতিঃ
বাউল শব্দৰ উৎপত্তিক লৈ গৱেষকসকলৰ মাজত মতদ্বন্দ্ব আছে । কাৰো মতে বাউল শব্দটো ‘বাতুল’ শব্দৰ পৰা উদ্ভূত । তেখেত সকলৰ মতে ‘বাউল’ শব্দটো আচলতে ‘বাতুল’ শব্দৰ অপভ্রংশৰূপ । ‘বাতুল’ মানে বলিয়া বা পাগল ৷বাউল সম্প্রদায়ৰ অৰ্থ হলগৈ পাগলৰ দল । আনাহাতে কাৰো মতে বাউল্যা....বাউলা.....বাউল....অর্থাৎ বাউল শব্দটি বাউলা শব্দৰ অপভ্রংশ । আনকি কাৰো মতে বাউল শব্দটি আৰবী বাওৱাল শব্দৰ সৈতে সংযোজ্যপূর্ণ । তেখেতসকলে বাউল শব্দটোক আউলিয়া শব্দৰ বিকৃতৰূপ বুলি উল্লেখ কৰিছে ৷
বাউলসকল সর্বদা আত্মগোপনশীল ৷ কল্পনাৰ পৃথিৱীত মনস্ক ৷ সাংসাৰিক ভোগ-বিলাসৰ প্রতি উদাসীন ৷ সিহঁতৰ কোনো সামাজিক মর্যাদা নাই ৷ সিহঁত গেৰুৱাধাৰী, আত্মভোলা, অঘৰী, বৈৰাগ্যপন্থী ৷ সিহঁত গান গাই মনৰ মানুহজনৰ সন্ধান কৰে ৷ বাউলসকলৰ বাহ্যিক পৰিচয়ত কোৱা হয় যে, বাউল মাত্র গোঁফ-দাড়ি, বাবৰী চুলি অথবা চূড়াবন্ধা মূৰৰ চুলি, সোঁহাতত একতাৰা, বাওঁহাতত সূতাৰ ওপৰত সূতা বন্ধা থাকে কঁকালৰ সৈতে ৷কোনো কোনোৱে ভৰিত নূপুৰো বান্ধে ৷ গলত ৰুদ্রাক্ষ-প্রৱাল পদ্মবিজৰ মালা, কান্ধত ভিক্ষাৰ বেগ, কঁকাল-দেহ দুলাই নাচে ৷ সিহঁত ঊর্ধমুখি হৈ গান গায় ৷ উদাসভাবে গাৱেঁ-ভূঞেঁ বাটে-ঘাটে বিচৰণ কৰে আৰু আজিকালি একাংশ মাজাৰেই ইহঁতৰ বাসস্থান তথা কেন্দ্ৰ হৈ পৰিছে ৷

বাউল সম্প্রদায়ৰ উদ্ভৱঃ
বাউল মতবাদৰ উদ্ভৱ সম্বন্ধেও নানা মনীষীৰ নানা অভিমত আছে ৷ কাৰোবাৰ মতে ‘এটা সময়ত বাংলাৰ নাথ পন্থা আৰু সাহজিয়া মতৰ প্রাদূৰ্ভাৱ আছিল ৷এই দুটা সম্প্রদায়ৰ লোক একে সময়তে ইছলাম আৰু বৈষ্ণৱ ধর্মত দিক্ষিত হয় ৷ কিন্তু বদ্ধমূল পুৰণা বিশ্বাস সংস্কাৰ বর্জন কৰা সম্ভৱ নোহোৱাত ইছলাম আৰু বৈষ্ণৱ ধর্মৰ আওতাত থাকিও সিহঁত নিজৰ পুৰ্বৰ প্রথাৰ ধর্ম সাধন কৰি থাকে ৷ তাৰ ফলতে হিন্দু মুছলমানৰ সমবায়ত বাউল মতাদৰ্শৰ উদ্ভৱ হৈছে ৷মাদব বিবি আৰু আউল চাঁদ নামৰ ব্যক্তিক এই মতাদৰ্শৰ প্রৱর্তক বুলি একাংশ ইতিহাসবিদে উল্লেখ কৰিছে ৷ আনহাতে কাৰোবাৰ মতে উদাৰপন্থী আৰু যোগসাধক বৈষ্ণৱ সাহজিয়াৰ সৈতে ভ্রাম্যমান গোপনচাৰী এক শ্রেণীৰ মুছলমান ফকীৰ সম্প্রদায়ৰ মিলন-মিশ্রণত বাউল নামধাৰী এক স্বতন্ত্র ধর্মীয় সম্প্রদায়ৰ উদ্ভৱ হয় ৷পলাশীৰ ৰাজনৈতিক বিপর্যয়ৰ পিছত যেতিয়া দ্বৈতশাসন ইস্ট ইন্ডিয়া কম্পানীৰ অবাধ লুণ্ঠন নিপীড়ন চৰম ৰূপ ধাৰণ কৰে, সমাজক আসহনীয় বিপর্যয়ৰ পিনে ঠেলি দিয়ে, তেতিয়া সমাজৰ নিম্নশ্ৰেণীৰ হিন্দু আৰু ফকীৰ ৰূপী মুছলমানৰ মিলন সম্ভৱ হৈছিল ৷ঐতিহাসিকভাবে ফকীৰ সন্নাসীৰ মিলন এই সময়ত দেখা যায় ৷মুঠতে আঠাৰো শতিকাৰ মধ্যভাগতে বাউল সম্প্রদায়ৰ আবির্ভাৱ হোৱা বুলি চিহ্নিত কৰা যায় ।

বাউলসকলৰ ধর্ম বিশ্বাসঃ
বাউল সম্প্রদায়ৰ কোনো লিখিত ধর্মগ্রন্থ নাই ৷ সেয়ে সিহঁত নিজৰ ধর্মৰ দার্শনিক পৰিচয়ো দিয়াত সক্ষম নহয় ৷ বাউলসকলে গুৰূবাদী মানৱ ধর্মত বিশ্বাস কৰে ৷এই ধর্মৰ মূল সাধন পদ্ধতি তান্ত্রিক বৌদ্ধ ধর্মৰ ওপৰত প্রতিষ্ঠিত । বাউল ধর্মৰ ওপৰত শিৱশক্তিবাদ, ৰামকৃষ্ণবাদ, বৈষ্ণৱ সাহজিয়াবাদ ছুফীদর্শন আৰু গৌড়ৰ বৈষ্ণৱ ধর্ম তত্ত্ব প্রভৃতিৰ প্রভাৱ দেখা যায় । উল্লেখযোগ্য যে, বাউল ধর্মমতৰ সৈতে প্রতিষ্টিত ধর্ম ‘ইছলাম’ৰ অন্তর্ভূক্ত কৰি দেখাৰ চেষ্টা কৰা ভ্রান্তিকৰ মাথোঁ । কাৰণ এইটো এটা উপধর্মস্বৰূপ । য’ত ধর্ম বিশ্বাসৰ আওতাৰ পাৰ ফালৰি কাটি বৌদ্ধপূর্ব লোকায়ত ধর্ম, সাংখা, যোগ-সাধনা, বৌদ্ধ সাহজিয়ামত তন্ত্র, বৈষ্ণব ৰসবাদ, ইছলামী সূফীবাদ, প্রভৃতি মতবাদৰ সংমিশ্ৰিত প্রভাৱ আছে।

বাউল ধর্মৰ মূল বৈশিষ্ট্য সমূহঃ
১. বাউলসকলে কোনো প্রচলিত ধর্মীয় অনুশাসনত বিশ্বাস নকৰে । সিহঁত ইছলামী শৰীয়ত, হিন্দু ধর্মীয় বিধান তথা সমাজ নির্দেশিত জাত-পাত নামানে । প্রচলিত ধর্ম মত তথা সমাজ নির্দেশিত পথৰ বিৰোধিতা কৰিয়েই বাউলসকলে নিজৰ ভিন্ন জীৱন দর্শন গঢ়ি তুলিছে ।
২. বাউলসকলে গুৰূবাদী সম্প্রদায় । গুৰুৰ পৰা দীক্ষা লৈ বাউল সাধনাত লিপ্ত হব লাগে । বাউলসকলে বিশ্বাস কৰে মানৱ দেহৰ মাজতে বিৰাজ কৰে পৰম পুৰুষ ৷ যাক সিহঁতৰ পৰিভাষাত ‘ৰসেৰ মানুষ’ অচল মানুষ, অধৰ মানুষ, ভাবেৰ মানুষ, মনেৰ মানুষ, অচিন পাখি, মন-মনুয়া বা সাঁই নিৰঞ্জন বোলে ৷সিহঁতৰ মতে গুৰুবাদী সম্প্রদায়ত গুৰুসকলেই সমস্ত শক্তিৰ উৎস ৷
৩. বাউলসকল লৌকিক ধর্মৰ অনুসাৰী ৷বাউলসকলে আধ্যাত্মবাদী হোৱাত অর্ন্তমূখী ভাববাদী চেতনাক লালন কৰে ৷বাউল দর্শনৰ প্রধান লক্ষ্য আৰু উদ্দেশ্য হল- ইচ্ছা শক্তিক জাগ্রত কৰা ৷
৪. বাউল দর্শনৰ আৰু এটা অন্যতম বৈশিষ্ট্য হল- কাম-বাসনাক নিয়ন্ত্রিত কৰা বা ঊর্ধ্ববাহু কৰা । সিহঁত যৌনতাক নিয়ন্ত্রিত কৰা বুলিলে যৌন-বাসনাক নির্দিষ্ট চক্ৰত নিয়ন্ত্রণ বা পৰিচালনা কৰা বুজায় । সিহঁতৰ মতে- দেহ এটা জটিল যন্ত্র । এই যন্ত্রৰ অভ্যন্তৰত জটিল প্রতিক্রিয়াৰ মাধ্যমত যৌন কামনাৰ উদ্ভৱ ক্ষেত্র দেখা যায় ৷ বাউলসকলৰ প্রধান সাধনা হল যৌন শক্তিক ঊর্ধ্বগতি কৰা । বাউলসকলে বিশ্বাস কৰে যে, পৰিদৃশ্যমান জগতৰ মনক আকৃষ্টকাৰী এনে চাঞ্চল্যৰ পৰা মনক সংযত কৰা আৰু সকল ইন্দ্রিয়ৰ ৰোধ কৰা আৱশ্যক । ইন্দ্রিয়ক ৰোধ কৰাই হল বাউল সাধনা । একাগ্রতা নহলে সাধনা সিদ্ধিলাভ সম্ভৱ নহয় ।
৫. বাউল দর্শনৰ আন এটি প্রধান দিশ হল, অবাধ যৌনাচাৰৰ স্বাধীনতা । কিয়নো বাউল সাধনাত নাৰীক সাধনাৰ যন্ত্র ৰূপে ব্যৱহাৰ কৰা হয় । সেয়ে সাধনা সঙ্গিনী হিচাপে নাৰীৰ সংসর্গ তথা যোগ সাধনাৰ অঙ্গ হিচাপে নাৰী সম্ভোগ বাউল ধর্মত স্বীকৃত । এই সাধনাত সিদ্ধি লাভৰ প্রধান উপায় হৈছে নাৰী সাধিকা । নাৰী সাধিকা ব্যতিত বাউলসকলৰ সাধনা চলিব নোৱাৰে । বাউলসলৰ ধাৰণা যে, নাৰীৰ পৰাই জগৎ সৃষ্টি । নাৰী ব্যতিত জগৎ চলিব নোৱাৰে । নাৰী ৰহস্যময়ী । যৌনক্ৰিয়াৰ মাধ্যমেৰে তাৰ ৰহস্য উৎঘাটনেই হল বাউলসকলৰ এটা বিশিষ্ট সাধনা ৷
৬. বাউলসকল জন্মান্তৰবাদত বিশ্বাসী । সিহঁতৰ গানত পোৱা যায়,“পিতাৰ বীজে পুত্রেৰ সৃজন/তাইতে পিতাৰ পুনৰজনম।”

আল্লাহ আৰু ৰছুল ছঃ সম্পর্কে বাউলসকলৰ বিশ্বাসঃ
বাউলসকল সিহঁতৰ গানত আল্লাহ আৰু ৰছুল ছঃ ৰ নাম উল্লেখ কৰি থাকে ৷ কৰিলেও সিহঁত প্ৰকৃততে আল্লাহ আৰু ৰছুল ছঃ সম্পর্কে সঠিক ধাৰণা নাৰাখে । সিহঁতৰ মতে মুৰশিদ ৰছুল আৰু আল্লাহ অভিন্ন সত্তা । আনকি আদম আঃ ও আল্লাহ । এই প্রসঙ্গত সিহঁতৰ নিন্মোক্ত গানবোৰ প্ৰমাণযোগ্য:

১. মুর্শিদেৰ চৰন সুধা/
পান কৰিলে যাবে ক্ষুধা/
কৰো নাৰে দিলে দ্বিধা/
যেহি মুর্শিদ সেই খোদা/
বোঝ অলিয়স মৰশেদা/
আয়াতে লেখা কোৰানেতে/

২. যেহি মুর্শিদ সেইতো ৰাছুল/
ইহাতে নেই কোনো ভুল/
খোদাও সে হয়;/
লালন কয় না এমন কথা/
কোৰানেতে কয় /

৩. আপন ছুৰাতে আদম গঠলেন দয়াময়/
তা নইলে কি ফেৰেশতাৰে সেজদা দিতে কয়/
আল্লাহ আদম না হইলে/
পাপ হইত সেজদা দিলে/
শেৰেকী যাৰে বলে/
এ দীন দুনিয়ায় ।

বাউলসকলৰ এইৰূপ বিশ্বাসত খ্রিস্টানসকলৰ তৃত্ত্ববাদৰ সদৃশ্য আছে । খ্রিস্টানসকলে ঈছা (আ.) আল্লাহৰ অভিন্ন সত্ত্বা; আল্লাহৰ পুত্র বুলে দাবি কৰিছে । আৰু এই দাবিৰ কাৰণেই আল্লাহ সিহঁতক কাফিৰ বুলে ঘোষণা কৰি কোৰ’আনত কয়-
‘অৱশ্যই সিহঁত কুফৰ (আল্লাহক অস্বীকাৰ) কৰিছে যিসকলে কয় ‘নিশ্চয় মাৰয়াম পুত্র মাচীহেই আল্লাহ’ (মুহাম্মদ ছঃ, আপুনি ) কৈ দিয়ক- যদি আল্লাহ ধ্বংস কৰিব বিচাৰে মাৰয়াম পুত্র মাচীহ আৰু তাৰ মাক আৰু পৃথিৱীবাসীক তেনেহলে কোন আছে যিয়ে আল্লাহৰ বিপক্ষে কিবা কৰাৰ ক্ষমতা ৰাখে ?(ছুৰা-মাইদাহ/১৭)

‘অৱশ্যেই সিহঁত কুফৰ (আল্লাহক অস্বীকাৰ)কৰিছে, যিসকলে কয়, ‘নিশ্চয় আল্লাহ তিনি জনৰ তৃতীয়জন’। যদিও এক উপাস্য ব্যতিত কোনো (সত্য) উপাস্য নাই । আৰু যদি সিহঁত যি কৈ আছে, তাৰ পৰা বিৰত নহয়, অৱশ্যই সিহঁতৰ মাজৰ কাফিৰসকলক যন্ত্রণাদায়ক শাস্তি স্পর্শ কৰিব’।(ছুৰাহ মাইদাহ-৭৩)

বাউলসকলেও মহানবী ছল্লাল্লাহু আলাইহি ৱা ছাল্লামক আল্লাহৰ অভিন্ন সত্ত্বা বুলি দাবি কৰিছে । কেৱল এয়াই নহয়, ইহঁত আদমকও (আ.) আল্লাহৰ অভিন্ন সত্ত্বা বুলি দাবি কৰিছে । বিস্ময়কৰ বিষয় হল; ইহঁত এইবোৰ কথা কোৰ’আনত আছে বুলিও মিথ্যা দাবি কৰিছে । গতিকে যিসকল মানুহ এইধৰনৰ বিশ্বাস ৰাখে সিহঁত এই বিশ্বাসজনিত কাৰণত ইছলাম বা মুছলমানৰ শাৰীতে নপৰে ।

পবিত্র কোৰ’আন সম্পর্কে বাউলসকলৰ বিশ্বাসঃ
বাউলসকলৰ বিভিন্ন গান দেখি ভাব হয় সিহঁত পবিত্র কোৰআনৰ প্রতি আস্থাশীল । সিহঁত নিজেও কোৰ’আন মানে আৰু আনকো কোৰ’আন মানিবলৈ আহ্বান জনায় । এই প্রসঙ্গটো সিহঁতৰ নিম্নোক্ত কিছু গানৰ পৰা উমান পোৱা যায়-
১. মানো ভাই খোদাৰ বিধান,পঢ়ো কোৰান/
এই ভাবে দিন যাবে না/
২. আল্লা মানো কোৰান মানো/
ওৰে বান্দা গুনাহগাৰ/
পাইতে যদি চাও সাফাআত/
 দ্বীনেৰ নবী মোস্তাফাৰ।
৩. পড়ো খোদাৰ কালাম পঢ়ো/
ধৰো নবীৰ তৰীক ধৰো। ইত্যাদি……

উপর্যূক্ত গানবোৰৰ পৰা কোৰ’আন সম্বন্ধে সিহঁতৰ ধাৰণা সঠিক বুলি কবৰ মন গলেও অপৰ কিছু গানৰ পৰা কোৰ’আন সম্পর্কে সিহঁতৰ ধাৰণাৰ বিকৃত তথা বিভ্রান্ত বুলি বিশ্বাস হয় । তাৰে এটা নিম্নৰূপ:
১. কি কালাম পাঠাইলেন আমাৰ সাঁই দয়াময়/
এক এক দেশে এক এক বাণী কোন খোদায় পাঠায়?/....
 যদি একই খোদাৰ হয় বর্ণনা/
তাতে তো ভিন্ন থাকে না/
মানুষেৰ সব ৰচনা/
তাইতে ভিন্ন হয়।
 সিহঁতৰ এনে গানবোৰৰ পৰা স্পষ্ট হয় পবিত্র কোৰ’আন আল্লাহৰ বাণী হোৱোৰ সম্দৰ্ভত সিহঁতৰ সন্দেহ আছে । সিহঁত কোৰ’আনক মানুহৰ বাণী বুলি ভাবে । সিহঁত আনকি এই ধাৰণাও ৰাখে যে, পবিত্র কোৰ’আনত পৰস্পৰ বিৰোধী বক্তব্য আছে । নিঃসন্দেহে এনে ধৰণৰ বিশ্বাস এক কুফৰি বিশ্বাস । আল্লাহ তা’আলা কোৰ’আনত কৈছেঃ
সিহঁত কোৰ’আনৰ মাজত গৱেষণা নকৰে কিয় ? আৰু যদি কোৰ’আন আল্লাহ ব্যতিত অন্য কাৰো পক্ষৰ পৰা অৱতীৰ্ণ হলেহেঁতেন তেতিয়া অৱশ্যই সিহঁত ইয়াত অনেক বৈপৰীত্য দেখা পালেহেঁতেন । (ছুৰা নিছা’-৮২)

ইছলামী শৰীয়ত সম্পর্কে বাউলসকলৰ বিশ্বাসঃ
১.বাউলসকল ইছলামী শৰীয়ত সম্পর্কে মাৰাত্মক ভ্রান্ত বিশ্বাসৰ অধিকাৰী । সিহঁত ইছলামী শাৰীয়ত বুলিলে সমগ্ৰ বিশ্বৰ মুছলমানে যি বুজি পায়, সিহঁত সেয়া বুজি পাব নিবিচাৰে । সিহঁত ভাবে নামাজ, ৰোজা, যাকাত, হজ্জ আদায় কৰা আৰু হাৰাম পৰিহাৰ কৰি হালাল অৱলম্বন কৰাতেই ইছলামী শৰীয়ত সীমিত নহয়, বৰং ইছলামী শৰীয়ত অন্য ভাবে মানিব লাগে । যাৰ বিৱৰণ সিহঁতে অনুৰূপ দিয়ে:
‘‘নামাজ ৰোজা হজ্জ,কলমা জাকাত/
তাই কৰিলে কয় শৰীয়ত শৰা অনুসাৰে/
আমি ভাবে বুঝতে পাই/
এসব আসল শৰীয়ত নয়/
আৰও কিছু অর্থ থাকতে পাৰে ।’’
২.বাউলসকলে এয়াও ভাবে যে, শৰীয়ত বাস্তবায়নৰ মাধ্যমেদি ইছলাম কায়েম নহয়, বৰং নামাজ ৰোজা হজ্জ জাকাত ইত্যাদি বাদ দি সিহঁতৰ তথাকথিত ধাৰণা অনুযায়ী আধ্যত্মবাদ অনুসৰণ কৰিলেই ইছলাম প্ৰতিষ্ঠিত হয় ৷
ইসলাম কায়েম হয় যদি শৰায়/
কি জন্যে নবীজি ৰহে/
পনেৰ বছৰ হেৰা গুহায়?/
পঞ্চবেনায় শৰা জাৰী/
মৌলভীদেৰ তম্বীভাৰি/
নবীজি কি সাধ কৰি নবুয়তী পায় ।
এই কাৰণেই বাউলসকল ইছলামী শৰীয়তৰ বিধি-বিধান পালন নকৰে । নামায ৰোজা ইত্যাদিৰ কাষলৈও নাযায় । বাউল মতাদৰ্শত গাঁজা সেৱসনক সাধনাৰ অঙ্গ ধাৰণা কৰা হয়।”

বাউল মতাদৰ্শৰ প্ৰতিকাৰত উলামাসকলৰ ভূমিকাঃ
ঊনবিংশ শতাব্দিৰ আৰম্ভণিতে ফকীৰ লালন সাঁইৰ মাধ্যমত বাউল মতাদর্শৰ উৎকর্ষ সাধিত হৈছিল ৷ তেতিয়াৰে পৰা দেশৰ হিন্দু মুছলমান উভয় সম্প্রদায়ৰে বিশিষ্টসকলে বাউল মতবাদ প্রসঙ্গত তেখেত সকলৰ মতামত ব্যক্ত কৰিছে । বাউল মতবাদ ইছলাম, হিন্দু, খ্রিস্টান আৰু বৌদ্ধ ধর্মৰ আদর্শ আৰু শিক্ষাৰ সৈতে সাঙ্ঘর্ষিক এটা মতবাদ । বাংলাদেশত সর্বপ্রথম হাজী শৰীয়তুল্লাহ (১৭৮০-১৮৪৯ খৃ.) ফৰায়েজী আন্দোলনৰ মাধ্যমেৰে প্রচলিত অনৈছলামিক কার্যকলাপ তথা আচাৰ অনুষ্ঠান দূৰ কৰাৰ উদ্যোগ গ্রহণ কৰে । তেখেত বাউল বিৰোধী আন্দোলনত বিশেষ ভূমিকা নিয়ে । অতপৰ তেখেতৰ পুত্ৰ পীৰ মুহছিন উদ্দিন উৰফ দুদু মিয়াঁ (১৮১৯-১৮৬২ খৃ.) এই আন্দোলনৰ নেতৃত্ব বহন কৰে । ফৰায়েজী আন্দোলনৰ ফলত বাউলসকলৰ কার্যকলাপ বিশেষ বাধাপ্রাপ্ত হয় ।
হাজী শৰীয়ত উল্লাহৰ দৰে তিতুমীৰ (১৭৮২-১৮৩১ খৃ.) আৰু মৌলানা কেৰামত আলী জৌনপুৰী (১৮০০-১৮৬২ খৃ.) প্রমুখ ব্যক্তিসকলেও বাউল মতবাদ বিৰোধী প্রচাৰণা চলায় । তৎকালীন সময়ত বিভিন্ন কিতাপ-পুস্তক আৰু প্রচাৰ পত্র প্রকাশ তথা প্ৰচাৰ কৰি বাউল মতবাদৰ বিৰূদ্ধে অধিক যিসকলে অগ্রণী ভুমিকা ৰাখিছিল, তেখেতসকলৰ মাজত মৌলানা ৰিয়াজ উদ্দিন আহমেদ, তেখেতৰ ৰচিত ‘বাউল ধ্বংশ ফোতৱা’ (১৩৩২ বাং) মুহাম্মদ ওছমান খান ৰচিত ‘হেদায়েতুল ফাছেকীন’ (১৮৯৭ খৃ.) কাজী কেৰামত উল্লা আৰু মুন্সী গোলাম কিবৰিয়া প্রণীত ‘উচিত কথা’ (১২৯৬ বাং) মৌলানা ফজলুৰ ৰহমান ‘ভণ্ড ফকীৰ’ (১৩২১বাং) মৌলানা আবু জাফৰ ৰচিত ‘বাতিল ফিৰকা’ উল্লেখযোগ্য । বিশিষ্ট সমাজসেৱী মৌলানা আফছাৰ উদ্দিনো লালন পন্থী বাউলসকলৰ বিৰূদ্ধে তৎপৰতা চলাইছিল আৰু এই বিষয়ত তেখেত প্রচাৰপত্র আৰু প্রৱন্ধাবলী প্রকাশ কৰিছিল । মুছলমান সমাজৰ মাজত প্রবিষ্ট কুসংস্কাৰ আৰু অনৈছলামিক কার্যকালাপ তথা বাউলসকলৰ বিৰূদ্ধে জনগণক সতর্ক কৰি পুস্তকাকাৰে এক আবেদনপত্র প্রচাৰ কৰা হয় । আবেদনকাৰী সকলৰ মাজত অন্যতম আছিল মৌলানা আবুল কালাম আজাদ, মৌলানা মনিৰুজ্জমান ইছলামাবাদী, মৌলানা মুহাম্মদ আকৰাম খান, মৌলভী খাইৰুল আমান, এ.কে.এম. ফজলুল হক, মৌলবী নজম উদ্দিন, মৌলবী মুজিবুৰ ৰহমান, মৌলবী কাজী নাৱাজ খোদা, মৌলানা ওবাইদুল হক, মৌলানা আব্দুৰ ৰাজ্জাক, মৌলানা আব্দুল্লাহিল বাকী, মৌলবী মোহাম্মদ আব্বাছ আলী, ড.মুহাম্মদ শহীদুল্লাহ ৷”
মুঠতে “ধর্মৰ আচাৰ অনুষ্ঠানৰ সৈতে বাউল সকলৰ সম্পর্ক বেচি এটা নাই । সিহঁত আনকি মুখেৰেও ধর্মৰ আনুগত্য স্বীকাৰ নকৰে । এদল ভ্ৰান্ত মতবাদধাৰী ফকীৰ ৷ হয়তো নামাজ ৰোজা ইত্যাদি ইছলামৰ অৱশ্যকৰণীয় কোনো পালনেই নকৰে ৷ কিন্তু সিহঁত প্রকাশ কৰে যে সিহঁত আল্লাহ আৰু ৰছুলৰ ভক্ত । সিহঁতে কয়- সাধাৰণ মুছলমান শৰীয়ত বা ধর্মৰ সৈতে থাকে, আমি থাকোঁ মাৰেফত বা ধর্মৰ অন্তৰঙ্গ লৈ । সিহঁত জিকিৰত মচগুল থাকে, মাৰেফতী গানত মাতোৱালা হৈ নাচে । উলামা সকলে সিহঁতক শৰীয়তৰ পৰিপন্থী ফকীৰ বুলি কৈছে । সিহঁত ইছলামৰ গণ্ডীৰ বাহিৰত কাফিৰ (আল্লাহৰ আস্বীকাৰ কাৰী) বুলি ফতোৱা দিয়ে । প্ৰকৃততেও দলিল প্রমাণত এই সকল শৰীয়ত বিৰোধী ফকীৰ ইছলামৰ গণ্ডীৰ বাহিৰত পৰে।” আনহাতে আল-কোৰ’আন, পুৰান, বেদ, বাইবেল ইত্যাদি ধর্মীয় গ্রন্থবোৰতো সিহঁতৰ কোনো বিশ্বাস নাই । যাৰ বাবে বাউল মতাদৰ্শ সম্প্ৰতি প্রচলিত ধর্মবিশ্বাসৰ ক্ষেত্ৰত এক মহাব্যাধি স্বৰূপ আর্বিভূত হোৱা পৰিলক্ষিত হৈছে । য’ত কেৱল যে মূৰ্খ ফকীৰ কেইজনমানেই জড়িত হৈ আছে তেনে নহয়, বৰং অনেক শিক্ষিত, বিশেষজ্ঞও এই মতবাদৰ বিশ্বাসী তথা প্ৰচাৰত ব্ৰত দেখা যায় ৷ মাজাৰ-উৰুছবোৰ এনে হাজাৰ-হাজাৰ মুছলমানে দৰ্শন কৰে আৰু নিজৰ আস্থা আৰু ভক্তিত এইবোৰ অনৈছলামিক প্ৰথাক স্থান দিয়ে ৷ অথচ নিজেও নাজানে উৰুচ প্ৰথা কি, কিয় আৰু ক’ৰ পৰা আহিছে ৷ অথবা এইবোৰ প্ৰথা বা বিশ্বাস আৰু ভক্তিক ইছলামে কি দৃষ্টিৰে চায় ৷

আল্লাহ তা’আলাই আমাক শুদ্ধ জ্ঞান দান কৰক আৰু সমাজৰ এনেবোৰ কুপ্ৰথাৰ পৰা নিজকেও বাচি থকাৰ তৌফিক দিয়ক আৰু আনকো সজাগ কৰাৰ তৌফিক দিয়ক ৷
                             * আমীন *

Saturday, 15 February 2020

জিহাদ কি ? লেখক - শ্বাহিদুল ইছলাম

ফেচবুকত একাংশ মুছলমানে প্ৰায়ে দিয়া "সকলো মুছলমান জিহাদী নহয়" জাতীয় পোষ্ট এটাত পোষ্টদাতাক প্ৰশ্ন কৰিছিলোঁ - জিহাদ আৰু জিহাদী মানে কি ? উত্তৰ আহিছিল - সন্ত্ৰাস আৰু সন্ত্ৰাসবাদী। মিডিয়াই কি অবস্থা কৰি পেলাইছে চাওঁক জিহাদ আৰু জিহাদী মানে সন্ত্ৰাস আৰু সন্ত্ৰাসবাদী বুলি কবলৈ আৰাম্ভ কৰিছে আজিৰ মুছলমানে !!!

দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা বিভিন্ন ৰাজনৈতিক, ধাৰ্মিক আৰু অৰ্থনৈতিক কাৰনত পাশ্চাত‍্য মিডিয়াৰ ৰোষত পৰিছিল 'জিহাদ'। বিশ্বৰ অধিকাংশ অ-মুছলমান মিডিয়াই ইছলামৰ এই পবিত্ৰ ইবাদতক বিকৃত ৰূপত উপস্থাপন কৰি কৰি বৰ্তমানলৈকে ইয়াক এনে এক পৰ্যায়লৈ লৈ আনিবলৈ সফল হৈছে যত মুছলমান এজনেও বিনা দ্বিধাই কৈ দিব পাৰে জিহাদ মানে সন্ত্ৰাসবাদ ..... ইয়াতকৈ দূৰ্ভাগ‍্যজনক কিবা থাকিব পাৰে জানো ???

জিহাদক বুজাবলৈ আটাইতকৈ নিকটতম অসমীয়া প্ৰতিশব্দ হব - প্ৰচেষ্টা (Effort) সংগ্ৰাম (Struggle) আৰু এই প্ৰচেষ্টা আৰু সংগ্ৰামত আল্লাহৰ সন্তুষ্টিৰ বাবে অংশগ্ৰহণকাৰী সকলে হল জেহাদী।

কোৰআন আৰু ছহীহ হাদিছৰ আধাৰত আল্লাহৰ সন্তুষ্টি লাভৰ নিয়তৰে নিজে বাস কৰা সমাজ খনৰ ভালৰ বাবে, নিজৰ আত্মশুদ্ধি বা জটিলতম এই পাৰ্থিব জীৱনত সৎভাবে জীয়াই থকাৰ সংগ্ৰামত লিপ্ত হোৱাৰ লগতে আমাৰ পৰিয়াল আৰু আশে-পাশে থকা মানুহক সৎ কামৰ আদেশ আৰু অসৎ কামৰ পৰা বিৰত ৰাখিবলৈ কৰা আমাৰ প্ৰতিটো প্ৰচেষ্টা বা সংগ্ৰাম একো একোটা জিহাদ। এই অবস্থাৰ পৰা আৰু অলপ আগবাঢ়ি গৈ যদি আমি পৰিচিত/অপৰিচিত কোনো অ-মুছলমানক এক নিদিষ্ট সীমাৰ ভিতৰত থাকি আল্লাহৰ পিনে আহব্বান কৰি দ্বীন ইছলামৰ দাৱাত দিওঁ সেয়াও জিহাদ।

নিজৰ নফচ বা ৰিপু আৰু শয়তানৰ ধোকাৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ নামো জিহাদ। উদাহৰণস্বৰূপে -

ডিচেম্বৰ মাহৰ প্ৰচন্ড ঠান্ডাত যদি আমি একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ বাবে লেপৰ তলৰ পৰা উঠি আমাৰ মহল্লাৰ মছজিদটোলৈ ফজৰৰ নামাজ আদায় কৰিব যাব পাৰো আমাৰ এই প্ৰচেষ্টাৰ আন এক নাম হব জিহাদ আৰু এই প্ৰচেষ্টাত অংশগ্ৰহণকাৰী হিচাপে আমি জিহাদী ।

আমাৰ হাতত ২৪ ঘন্টাই থকা Android mobile টোত Google Search কৰি যিকোনো মুহূৰ্তত যতে ততে আমি অশ্লীল ছবি/ছিনেমা চাব পাৰো কিন্তু তাৰপাছতো যদি একমাত্ৰ আল্লাহৰ ভয়ত আমি নিজকে সেই অশ্লীলতাৰ পৰা বিৰত ৰাখিব পাৰো তেনেহলে সেয়া হব আমি আমাৰ নফচৰ বিৰুদ্ধে কৰা জিহাদ।

ঠিক সেইদৰে ...
ৰাস্তাত কোনো অৰ্ধনগ্ন আধুনিক যুবতীক দেখা পাই মুৰ নত কৰি তাইক ignore কৰি পাৰ হৈ যাব পৰাটো জিহাদ, উচ্চপদস্ত চৰকাৰী বিষয়া হৈওঁ হাৰাম (ঘোচ খোৱা) ৰ পৰা নিজকে বিৰত ৰাখিব পৰাটো জিহাদ।

আপোনাৰ/মোৰ জীৱনলৈ অহা আটাইতকৈ দুৰ্যোগময় মূহুৰ্ত খিনিত একমাত্ৰ আল্লাহৰ ওপৰত বিশ্বাস ও ভৰষা ৰাখি ধৈৰ্য্য সহকাৰে সেই দূৰ্যোগৰ মুখামুখি হব পৰাটোও জিহাদ।

পানীত পৰি ককবকাই নিজৰ জীৱন বছোৱাৰ বাবে কৰা সংগ্ৰামৰ নাম জিহাদ, গৰ্ভৰ সন্তান ভুমিষ্ট কৰাবলৈ এজনী গৰ্ভৱতী মাকে অসহ‍্য যন্ত্ৰণাৰ মাজেৰে কৰা প্ৰচেষ্টাৰ নাম জিহাদ । ঘৰৰ কাষৰ চলাচলৰ অনুপযোগী হৈ পৰা ৰাস্তাটোৰে মানুহৰ চলাচলৰ ব্যৱস্থা কৰিবলৈ কান্ধত উঠাই দু-পাচিঁ মাটি বা শিল ৰাস্তাটোত পেলাই দি ৰাস্তাটো মানুহ চলাচলৰ উপযোগী কৰি তোলা প্ৰচেষ্টাৰ নাম জিহাদ, ঘৰৰ কাষৰ দুখীয়া অনাহাৰে থকা দূৰ্ভগীয়া পৰিয়ালটোৰ লগত নিজৰ খাদ্যৰ আধা অংশ  Share কৰিব পৰাটো জিহাদ ।

কোনো আক্ৰমণকাৰীৰ হাতৰ পৰা নিজৰ ভেটি-মাটি পৰিয়ালৰ আবৰু-ইজ্জত ৰক্ষা কৰাৰ বাবে আক্ৰমণকাৰীৰ বিৰুদ্ধে দৃঢ় ভাবে থিয় দিয়াটো জিহাদ। অন্যায়কাৰীৰ অন্যায়ৰ কথা মনত পেলাই দি অন্যায়ৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ নাম জিহাদ।

গতিকে মনত ৰাখিব মিডিয়াই অহৰহভাবে আমাক কোৱা ধৰনে সন্ত্ৰাসবাদৰ দৰে অন্যায় কামত লিপ্ত হোৱাটো জিহাদ নহয় বৰং সন্ত্ৰাসবাদৰ দৰে অন্যায়ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ নাম জিহাদ। জিহাদ হৈছে আল্লাহ প্ৰদন্ত এক সৰ্বশ্ৰেষ্ঠ নিয়ামত যাৰ ওপৰত আমোল কৰি ঈমানদাৰ মুছলমানে আল্লাহক সন্তুষ্ট কৰি নিজৰ আখিৰাত সফল কৰাৰ চেষ্টা কৰে।

মিডিয়াৰ পাল্লাত পৰি নিজ ঈমান , আমোল আৰু আখিৰাত বৰবাদ নকৰিব।

Monday, 12 August 2019

জীৱ-জন্তুৰ প্ৰতি দয়া-মমতা আৰু কৰুনা প্ৰদৰ্শন কৰাটো ঈমানৰ অংগ। লেখক- শ্বাহিদুল ইছলাম

কোনো বিশেষ জন্তুক নহয় ইছলাম ধৰ্মই পৃথিৱীৰ প্ৰতিটো জীৱ জন্তুৰ প্ৰতি দয়া, মমতা আৰু চেনেহ প্ৰদৰ্শন কৰাৰ উপদেশ আৰু শিক্ষা দিয়ে এয়া মুছলমানৰ ধাৰ্মিক কৰ্তব্য । জীৱ-জন্তুক আহাৰৰ বাবে হত্যা কৰাটো এক প্ৰাকৃতিক নিয়ম। মুছলমানৰ বাবে নিতান্ত প্ৰয়োজনত মাত্ৰ আহাৰৰ বাবে সামান্ন কেইবিধমান জন্তুক হত্যা কৰাটো জায়েজ বা বৈধ কৰি দিয়া হৈছে যদিও তাৰমানে এইটো নহয় যে মুছলমানে বৈধ বুলিয়ে কোনো জন্তৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শণ কৰি অকাৰনতে হকে-বিহকে হত্যা কৰি পূৱা-গধূলি তাৰ মাংহ ভক্ষণ কৰিব। সদায় সদায় হালাল পহু মাৰি তাৰ মাংস ভক্ষণ কৰিব লাগিব বুলি কোনো নিৰ্দেশ ইচলামৰ কতো দিয়া হোৱা নাই আৰু ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক।

কোৰআনত মুছলমান সকলক জীৱ-জন্ত সকলৰ প্ৰতি দয়া মমতা প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে। আল্লাহে কোৰআনত কৈছে-
👉 "আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব। (আল-কোৰআন ৬:৩৮)"

মানুহ হৈছে শ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ সেয়ে আল্লাহে মানুহৰ কামত সহায় হড পৰাকৈ বেলেগ বেলেগ জীৱ-জন্ত সমূহক সৃষ্টি কৰিছে । মানুহক জীৱ-জন্তুৰ ওপৰত শ্ৰেষ্টত্ব দিয়া হৈছে । আল্লাহে জীৱজন্তৰ ওপৰত মানুহৰ কতৃত্ব স্থাপন কৰি কোৰআনত ঘোষনা কৰিছে -

👉 "আৰু চতুষ্পদ জন্তুবোৰ তেৱেঁই সৃষ্টি কৰিছে,তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ লগতে আৰু নানা ধৰণৰ উপকাৰ আছে আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা। (আল-কোৰাআন ১৬:৫)"

👉 "আৰু তোমালোকৰ বাবে আছে তাত সৌন্দৰ্য,যেতিয়া তোমালোকে চৰাবলৈ পুৱাৰ ভাগত সেইবোৰক খেদি নিয়া আৰু যেতিয়া সন্ধিয়া (পথাৰৰ পৰা) ঘৰলৈ লৈ আহা। (আল-কোৰআন ১৬:৬)"

👉 "আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা দেশত, য’ত প্ৰাণান্তৰ কষ্টবিহীন তোমালোকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ ৰব অতি স্নেহশীল, পৰম দয়ালু। (আল-কোৰআন ১৬:৭)"

নিজে খোৱাৰ বাবে আৰু দুখীয়া দৰিদ্ৰক এসাঁজ খোৱাবৰ বাবেহে মুছলমান সকলে নিদিষ্ট কিছু জীৱ-জন্ত হত্যা কৰাৰ অনুমতি দি কোৰআনত কোৱা হৈছে -

👉 "সেইবোৰ পহুৰ ৰক্ত আৰু মাংস আল্লাহৰ ওচৰত গৈ নাপায়, বৰং তেওঁৰ ওচৰত গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, এই কাৰণে যে, তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণ সকলক। (আল-কোৰআন ২২:৩৭)

আল্লাহৰ প্ৰতিটো মখলুকাত অৰ্থাৎ সৃষ্টিৰ প্ৰতি দয়া ও চেনেহ প্ৰদৰ্শন কৰাৰ কথা বহুতো হাদিছত পোৱা যায় যিবোৰ হাদিছত কেতিয়া, কত আৰু কোন কোন ক্ষেত্ৰত মুছলমান সকলে জীৱ-জন্তু হত্যা কৰিব পাৰে তাক নিৰ্ধাৰণ কৰি দি জীৱ জন্তুৰ প্ৰতি মুছলমান এজনক তলত দিয়া ধৰনে দ্বায়িত্ব পালনৰ নিৰ্দেশ দিয়া হৈছে -
👉অনাহকতে জীৱ-জন্তুৰ হত্যা কৰাৰ পৰা বিৰত থকা।
👉জীৱ-জন্তুক দূ:ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা।
👉জীৱ-জন্তুক অধিক কামৰ বোজা দিয়াৰ পৰা বা সিহঁতক কষ্ট দিব পৰা যিকোনো কামৰ পৰা বিৰত থকা।
👉পালিত জীৱ-জন্তুৰ প্ৰতি অবহেলা কৰাৰ পৰা বিৰত থকা।
👉মনোৰঞ্জনৰ বাবে জীৱ-জন্তুক লৈ খেল-ধেমালী পতা যেনে জীৱ-জন্তুৰ মাজত যুঁজ বাগৰ লগাই দি আনন্দ লোৱাৰ পৰা বিৰত থকা।
👉জীৱ-জন্তক লৈ ব্যৱসায়ত লিপ্ত হোৱাৰ পৰা বিৰত থকা।

অনাহকত ঘন-চিৰিকা এটা মাৰিলেও আমি তাৰ বাবে আল্লাহ তা'আলাক জবাব দিব লাগিব । পানীৰ বাবে ছটফটাই থকা কুকুৰ এটাক কুৱাৰ নিজৰ পৰা পানী তুলি পাণ কৰোৱাই আল্লাহৰ সন্তুষ্টি লাভ কৰাৰ উল্লেখ চহীহ হাদিছত আছে।

#মনত_ৰাখিব
আল্লাহে মানুহক সমগ্ৰ মখলুকাতৰ সৰ্বোত্তম ৰূপে সৃষ্টি কৰিছে-
"নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো (কোৰআন ৯৫:৪)" কিন্ত সেই শ্ৰেষ্টত্ব বজাই ৰাখিব নোৱাৰিলে মানুহ হৈ যায় নিকৃষ্টতকৈও নিকৃষ্ট - "তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো (আল-কোৰাআন ৯৫:৫)"

জীৱ-জন্তুৰ প্ৰতি দয়া-মমতা আৰু কৰুনা প্ৰদেশৰ কৰাটো ঈমানৰ অংগ।

Sunday, 11 August 2019

ইছলামিক সন্ত্ৰাসবাদ কি ? লেখক - শ্বাহিদুল ইছলাম


পিপুলচ ৰিপ্লাবিক অফ চাইনাৰ প্ৰথম প্রিমিয়াৰ ঝো এনলাই (Zhou Enlai) য়ে আমেৰিকা সম্পৰ্কে এক আমোদজনক মন্তব্য কৰি কৈছিল "আমেৰিকান সকলে অতি সহজে ঐতিহাসিক স্মৃতি সমূহ পাহৰি পেলায়" !

হয়, তথাকথিত ইছলামিক সন্ত্ৰাসবাদৰ ইতিহাস আজি পাহৰি পেলাইছে আমেৰিকাই। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰায় চাৰিটা দশক জুৰি বিশ্বৰ বিভিন্ন ভৌগোলিক ক্ষেত্ৰত নিজৰ প্ৰভূত্ব স্থাপনৰ লক্ষ্যৰে আমেৰিকা আৰু ছভিয়েত ইউনিয়নৰ মাজত চলা শীতল যুদ্ধত ভৌগোলিক ভাবে গুৰুত্বপূৰ্ণ আফগানিস্তানক সজোৱা হৈছিল বলীৰ পঠা। দক্ষিণ-পূব এছিয়াত প্ৰভুত্ব বিস্তাৰ আৰু ইয়াৰ দেশসমূহৰ ওপৰত পুলিচগিৰি দেখুৱাবলৈ আফগানিস্তানত ঘাটি স্থাপন কৰিব খুজিছিল আমেৰিকাই কিন্ত তাৰ আগতে আফগানিস্তানৰ ভুমি দখল কৰি লৈছিল ছভিয়েত ইউনিয়নে। তাৰ পাছতে সমাজবাদী ছভিয়েত দখলদাৰী বাহিনীক উৎখাত কৰি নিজে খুটিপাতি বহাৰ লক্ষ্যৰে আফগানিস্তানৰ বুকুত আৰাম্ভ হৈছিল আমেৰিকাৰ দৰে সাম্ৰাজ্যবাদী শক্তিৰ কুটিল খেল। আমেৰিকাৰ ছত্ৰছায়াত ভলাৰ আৰু অস্ত্ৰৰে বলিয়ান হৈ আফগানিস্তানত জন্ম হৈছিল গেৰিলা মুজাহাদিন বাহিনীৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰোনান্ড ৰেগনৰ সময়ত বিশ্বৰ দুই মহাশক্তিৰ মাজত  তুংগত উঠিছিল শীতল যুদ্ধ। তেতিয়া হোৱাইট হাউচতো আমন্ত্ৰিত হৈছিল আফগান মুজাহাদিন সকল । নামমাত্ৰ ভিছা পাচপোৰ্টত আমেৰিকা ভ্ৰমনৰ সুবিধা পাইছিল আফগানিস্তানৰ চৰমপন্থী মুজাহাদিন নেতাসকল। দখলকাৰী ছভিয়েত বাহিনীৰ বিৰুদ্ধে আফগান সকলক চৰমপন্থী হবলৈ উৎসাহিত কৰি মুজাহাদিন সকলক ''আফগান স্বাধীনতা যোদ্ধা' (Afghan Freedom Figjter) বুলি অভিহিত কৰিছিল আমেৰিকাই। তেতিয়া আমেৰিকাৰ দৃষ্টিত ওচামা-বিন-লাডেন আছিল এজন আফগান বীৰ (Hero of Afghanistan)। আমেৰিকাৰ মিডিয়াই প্ৰকাশ কৰিছিল আফগান বীৰ ওছামা- বিন লাডেনৰ বিভিন্ন বীৰ গাথা । লাডেনৰ ওপৰত “Anti-Soviet warrior puts his army on the road  ৰ দৰে প্ৰবন্ধ লিখি তেওঁক শান্তিৰ বাৰ্তাবাহক বীৰ যোদ্ধা ৰূপে বিশ্ববাসীৰ আগত  প্ৰক্ষেপন কৰিছিল আমেৰিকাৰ মিডিয়াই একমাত্ৰ নিজ স্বাৰ্থ চৰিতাৰ্থ কৰিবলৈ। ফলত আমেৰিকান সাম্ৰাজ্যবাদৰ কুটিল চক্ৰান্তৰ সন্মুখত এটা সময়ত হাৰ মানিছিল সমাজতান্ত্ৰিক ছভিয়েত ইউনিয়ন। আফগানিস্তান ত্যাগ কৰিবলৈ বাধ্য হৈছিল ছভিয়েত বাহিনী আৰু সেই সুযোগতে শান্তিৰক্ষাৰ নাম লৈ এইবাৰ তেজপিয়া আমেৰিকাই নিজে খুটি পুতি বহিছিল আফগানিস্তানৰ বুকুত। চৰম প্ৰতাৰনা কৰিছিল আফগান জনগনক আৰু তাৰ পৰিনতিত আমেৰিকাৰ ছত্ৰছায়াতে ডাঙৰ দীঘল হোৱা আফগান মুজাহাদিন সকলে এইবাৰ আমেৰিকাই দিয়া বন্দুক আমেৰিকাৰ মুৰত ধৰি কৈছিল " তোমালোকেওঁ নিজৰ দেশলৈ যোৱাগৈ, স্বাধীনতা তোমালোকৰ পৰাও বিচাৰো আমি" আৰু তেতিয়াই সেই একে ছভিয়েত ইউনিয়নৰ বিৰুদ্ধে আখ্যা পোৱা আফগান স্বাধীনতা যোদ্ধা আৰু বীৰ লাডেন হৈ পৰিছিল কুখ্যাত ইছলামিক সন্ত্ৰাসবাদী। এইবাৰ আমেৰিকান সাম্ৰাজ্যবাদৰ কুটিল ষড়যন্ত্ৰৰ কবলত পৰিছিল আফগান মুজাহাদিন সকল। আফগানিস্তানৰ বুকুত কেবাটাও ভূৱা মুজাহাদিন বাহিনীৰ জন্ম দিছিল আমেৰিকাই আৰাম্ভ হৈছিল তেজৰ ফাকুখেল ..... বিশ্বৰ প্ৰান্তে প্ৰান্তে তথাকথিত ইছলামিক সন্ত্ৰাসবাদৰ এই একেই ইতিহাস আৰু এই ইতিহাস সৌ সিদিনাৰ, মাত্ৰ চাৰি দশক আগৰ। মাত্ৰ দুটা দশকৰ অন্তৰালত আমেৰিকাই পাহৰি পেলোৱা এই কলা ইতিহাসৰ লগত ইছলামৰ ১৪০০ বছৰীয়া সোনালী ইতিহাসৰ কোনো সম্পৰ্ক নাই। নিজে জনম দি লালন-পালন কৰি ডাঙৰ দীঘল কৰা তথাকথিত ইছলামিক সন্ত্ৰাসবাদ বৰ্তমান আমেৰিকাৰ দৰে সাম্ৰাজ্যবাদী শক্তিৰ বাবে এফালে যেনেকৈ নিজৰ ক্ষমতা দখলৰ আহিলা আনফালে ইছলামক বদনাম কৰাৰো এক অঘোন অস্ত্ৰ।

সেয়ে, বিশ্ব সাম্ৰাজ্যবাদৰ হাতোৰাত বন্দী আজিৰ সাধাৰণ মুছলমান । তথাকথিত ইছলামিক সন্ত্ৰাসবাদৰ হাতত আটাইতকৈ অধিক জীৱননাশ হৈছে মুছলমানৰ অথচ সেই একে সন্ত্ৰাসবাদৰ নামতে পদে পদে লাঞ্ছনা আৰু বদনাম মুৰ পাতি লব লাগে মুছলমান সকলেই। ইছলামিক সন্ত্ৰাসবাদৰ প্ৰকৃত জন্মদাতাই এদিন তাৰ পৰিনতি ভোগ কৰিবই। দুনিয়া আৰু আখিৰাত মিলিয়ে মানব জীবন, এয়ে মুছলমানৰ বিশ্বাস । গতিকে ধৈৰ্য্য ধৰা কাকো একো ছাফাই দিয়াৰ দৰকাৰ নাই, সত্য এদিন প্ৰকাশ পাবই, ন্যায় সকলোৱে পাব, এই দুনিয়াত নহলে.... আখিৰাতত।

Sunday, 15 July 2018

উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্ৰহণ লেখক - জুবাইৰ ৰহমান

উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্ৰহন

অন্যায় অত্যাচাৰৰ বিস্তৃতি পৰিমণ্ডলত ঘনকৃষ্ণ মেঘমালাৰ বুকু ফালি পুনৰ এটি জ্যোতিষ্মান বিদ্যুতৰ চমকত আৰব গগণ উদ্ভাসিত হৈ উঠিল। আৰব জাহানৰ অন্যতম তেজস্বী পুৰুষ উমাৰ বিন খাত্তাবে ইছলাম ধর্ম গ্রহণ কৰিলে। তেওঁৰ ইছলাম গ্রহণৰ ঘটনা সংঘটিত হয় নবুওৱতৰ ৬ষ্ঠ বর্ষত [1] হামযাহ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণৰ মাত্র ৩ দিন পিছত। নাবী কাৰীম চাল্লাল্লাহু আলাইহি অছাল্লামে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণৰ কাৰণে আল্লাহৰ সমীপত প্রার্থনা কৰিছিল।

ইমাম তিৰমিযীয়ে আব্দুল্লাহ বিন উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা এই বিষয়টি বর্ণনা কৰিছে আৰু ইয়াক বিশুদ্ধ হিচাবে সাব্যস্ত কৰিছে। অনুৰূপভাৱে তাবাৰাণীয়ে ইবনে মাছউদ আৰু আনাছ ৰাদ্বিয়াল্লাহু আনহুমৰ মাধ্যমত বর্ণনা কৰিছে যে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ‘হে আল্লাহ! উমাৰ বিন খাত্তাব অথবা আবূ জাহিল বিন হিশ্বামৰ মাজৰ পৰা যিজন তোমাৰ ওচৰত অধিক প্রিয় তেওঁৰ দ্বাৰা ইছলামক শক্তিশালী কৰি দিয়া’।

আল্লাহে এই প্রার্থনা গ্রহণ কৰিলে আৰু উমাৰ মুছলিম হৈ গ’ল। এই দুজনৰ মাজত আল্লাহৰ ওচৰত উমাৰ ৰাদ্বিয়াল্লাহু আনহু অধিক প্রিয় আছিল। [2]

উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণ সম্পর্কিত সমস্ত বর্ণনা একত্রিত কৰি দৃষ্টি নিক্ষেপ কৰিলে এইটো স্পষ্ট হৈ উঠে যে, তেওঁৰ অন্তৰত ইছলামে ধীৰে ধীৰে স্থান লাভ কৰি থাকে। ইছলাম গ্রহণ সম্পর্কিত বিষয়াদি চমুকৈ তুলি ধৰাৰ পূর্বে তেওঁৰ মেজাজ আৰু আবেগ ও অনুভূতি সম্পর্কে সংক্ষেপে আলোকপাত কৰাটো উচিত বুলি ভাৱোঁ। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ উগ্র মেজায, ৰূঢ় প্রকৃতি আৰু বীৰত্বৰ কাৰণে তেওঁ আৰব সমাজত বিশেষভাৱে বিখ্যাত আছিল। মুছলিমসকলে কিছুকালৰ কাৰণে তেওঁৰ হাতত উৎপীড়িত ও নিগৃহীত হ’বলগীয়া হৈছিল। কিন্তু তৎসত্ত্বেও এটি লক্ষ্যণীয় বৈশিষ্ট্যৰ আভাষ যেন প্রথমৰ পৰাই তেওঁৰ মাজত পৰিলক্ষিত হৈছিল। তেওঁৰ আচৰণ দেখি ধাৰণা হৈছিল যে , ভাৱাবেগৰ দুই বিপৰীতমুখী শক্তিয়ে যেন তেওঁৰ অন্তৰ ৰাজ্যত পৰস্পৰে পৰস্পৰৰ লগত সংঘর্ষত লিপ্ত হৈ আছে। ইফালে তেওঁ তেওঁৰ পূর্ব-পুৰুষসকলৰ অনুসৃত ৰীতি-নীতি ও আচাৰ-অনুষ্ঠানৰ প্রতি অত্যন্ত শ্রদ্ধাশীল আছিল আৰু মদ্যপান ও আমোদ-প্রমোদৰ প্রতি তেওঁৰ যথেষ্ট আসক্তি আছিল। আনহাতে মুছলিমসকলৰ ঈমান ও আকীদা আৰু বিপদ-আপদত তেওঁলোকৰ ধৈর্য ধাৰণৰ অসাধাৰণ ক্ষমতা দেখি তেওঁ হতবাক হৈ গৈছিল আৰু সপ্রশংস দৃষ্টিত তেওঁলোকৰ ফালে চাই আছিল। অধিকন্তু কোনো কোনো সময়ত জ্ঞানী ব্যক্তিসকলৰ দৰে তেওঁৰ মনত তত্ত্ব-চিন্তাৰ উদ্রেকও হৈছিল। তেওঁ নিজ মনতে নানা বিষয়, নানা কথা চিন্তা কৰি থাকে। কোনো কোনো সময়ত এইটোও তেওঁৰ ভাৱ হৈছিল যে, ইছলামে যি পথৰ সন্ধান দিছে, যি পথত চলাৰ কাৰণে উদাত্ত আহ্বান জনাইছে সম্ভৱতঃ সেইটোৱেই উত্তম ও পবিত্রতম পথ। এইকাৰণে প্রায়েই তেওঁ দ্বিধা দ্বন্দ্বত ভুগিছিল, কোনো কোনো সময়ত বিচলিত বোধ কৰিছিল, কেতিয়াবা বা নিৰুৎসাহিত বোধ কৰিছিল। [3]
উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্রহণ সম্পর্কিত বিৱৰণাদিৰ সমন্বিত চমুকৈ হৈছে- এদিন ৰাতি তেওঁ ঘৰৰ বাহিৰত অৱস্থানৰ  মাজেৰে ৰাতি যাপন কৰিবলগীয়া হয়। তেওঁ হাৰামলৈ আগমন কৰে আৰু ক্কাবা’হ গৃহৰ পর্দাৰ অভ্যন্তৰত প্রৱেশ কৰে। নাবী কাৰীম চাল্লাল্লাহু আলাইহি অছাল্লামে সেই সময়ত নামাজত লিপ্ত আছিল। নামাজত তেওঁ ছূৰাহ ‘আলহাক্কা’ তিলাওৱাত কৰিছিল। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে নীৰৱে গভীৰ মনোযোগৰ সৈতে তিলাওৱাত শ্রৱণ কৰিলে আৰু ইয়াৰ ঝংকাৰ, বাক্য বিন্যাস ও সুৰ-মাধূর্যত মুগ্ধ, চমৎকৃত ও হতবাক হৈ গ’ল।
উমাৰৰ বর্ণনা সূত্রে এইটো কোৱা হৈছে যে, তেওঁ কৈছেঃ মই মনতে ভাৱিলোঁ, আল্লাহৰ কছম, কুৰাইশ্বসকলে যেনেকৈ কৈ থাকে তেওঁ হৈছে এজন কবি। কিন্তু এই সময়ত নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত পাঠ কৰেঃ
‘নিশ্চয় এয়া (কুৰআন) এক মহা সন্মানিত ৰাছূলৰ (জিব্ৰীল ‘আঃ)-ৰ (বাহিত) বাণী। আৰু এয়া কোনো কবিৰ কথা নহয়, তোমালোকে খুবেই কম বিশ্বাস কৰা’। (আল-হাক্কাহ ৬৯/৪০-৪১)
উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘মই মনে মনে ক’লো, আৰু এয়াতো হৈছে মোৰেই মনৰ কথা, সেয়া কেনেকৈ তেওঁ জানিলে! নিশ্চয় মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে এজন মন্ত্র-তন্ত্রধাৰী গনক। মোৰ মনত এই ভাৱৰ উদয় হোৱাৰ ঠিক পিছতেই মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে তিলাওৱাত কৰিলেঃ
‘‘আৰু এয়া কোনো গণকৰ কথাও নহয়, তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। এয়া বিশ্বজগতৰ প্রতিপালকৰ ওচৰৰ পৰা অৱতীর্ণ।’ (আল-হাক্কাহ ৬৯/৪২-৪৩)
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাতত ছূৰাহৰ শেষলৈকে তিলাওৱাত কৰিলে আৰু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে সেইটো শ্রৱণ কৰিলে। এই প্রসঙ্গত উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, ‘সেই সময়ত ইছলামে মোৰ অন্তৰ ৰাজ্যত স্থান অধিকাৰ কৰি বহি পৰিল’। [4]
প্রকৃতপক্ষে, উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ অন্তৰ ৰাজ্যত এইটোৱেই আছিল ইছলামৰ বীজ ৰোপনৰ প্রথম সময়। কিন্তু তেতিয়াও তেওঁৰ চেতনাত অজ্ঞতাপ্রসূত আবেগ, আত্মপক্ষ সমর্থনৰ প্রতি প্রবল আকর্ষণ আৰু পূর্ব-পুৰুষসকলৰ ধর্মীয় অনুভূতি ও বিশ্বাসৰ ঐতিহ্যগত প্রভাৱে জগদ্দল প্রস্তৰৰ দৰে তেওঁৰ মন-মস্তিষ্কক ইমানেই প্রভাৱিত কৰি ৰাখিছিল যে ইছলামৰ প্রাথমিক অনুভূতিৰ কার্যকাৰিতা তেনেকুৱা এটা নাছিল বুলিয়েই কব পাৰি। সেয়েহে, বাপ-দাদাৰ আমলৰ পৰা চলি অহা সংস্কাৰক জীয়াই ৰখাৰ ক্ষেত্ৰতেই তেওঁৰ আগ্রহ আছিল ঐকান্তিক।

তেওঁ আছিল অত্যন্ত কঠোৰ প্রকৃতিৰ লোক। তেওঁৰ স্বভাৱগত কঠোৰতাৰ কাৰণেই তেওঁ আছিল ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছলিমসকলৰ অন্যতম বিপজ্জনক শত্রু। তেওঁ ইমানেই বিপজ্জনক আছিল যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ উদ্দেশ্যে এদিনাখন তেওঁ খোলা তৰোৱাল হাতত লৈ বহির্গত হয়। ৰুদ্র মেজাজত যোৱাৰ পথত এটা পর্যায়ত আকস্মিকভাৱে নঈম বিন আব্দুল্লাহ নাহহাম আদভী [5] নাইবা বনু যুহৰা [6] নাইবা বনু মাখযুমৰ [7] কোনো এজন ব্যক্তিৰ লগত তেওঁৰ সাক্ষাৎ হয়। তেওঁৰ ভ্রূ-যুগল কুঞ্চিত অৱস্থাত দেখি সেই ব্যক্তিয়ে প্ৰশ্ন কৰিলে, ‘হে উমাৰ! কি উদ্দেশ্যত ক’লৈ যোৱা? তেওঁ ক’লে, ‘মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ উদ্দেশ্যে গৈ আছোঁ।’ লোকজনে ক’লে, ‘মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰি বনু হাশ্বিম আৰু বনু যুহৰাৰ পৰা কেনেকৈ ৰক্ষা পাবা? উমাৰে ক’লে, ‘ধাৰণা হৈছে তোমালোকেও পূর্ব পুৰুষসকলৰ ধর্ম পৰিত্যাগ কৰি বে-দ্বীন হৈ গৈছা। লোকজনে ক’লে, ‘উমাৰ! এটি আজব কথা তোমাক শুনাম নেকি? তোমাৰ ভগ্নী ও ভগ্নীপতিয়ে তোমালোকৰ ধর্ম পৰিত্যাগ কৰি বে-দ্বীন হৈ গৈছে।’

এই কথা শুনি উমাৰ প্রজ্জ্বলিত অগ্নিকুণ্ডত ঘৃতাহুতি দিয়াৰ দৰে ক্রোধাগ্নিত দপ দপকৈ জ্বলি উঠিল আৰু পোনে পোনে ভগ্নীপতিৰ গৃহাভিমুখে যাত্রা কৰিলে। তাত খাব্বাব বিন আৰাত্তে এখন ছহীফাৰ সাহায্যত ছূৰাহ ত্ব-হা’ৰ অংশ বিশেষ স্বামী-স্ত্রী দুয়োজনকে তালিম দি আছিল। খাব্বাবে তেওঁলোকক তালিম দিয়াৰ কাৰণে নিয়মিত তালৈ যাতায়াত কৰিছিল। খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া উমাৰ ৰাদ্বিয়াল্লাহু আনহু তালৈ গমন কৰাৰ শব্দ শ্রৱণ কৰিলে তেতিয়া তেওঁ ঘৰৰ ভিতৰলৈ গৈ আত্মগোপন কৰিলে আৰু উমাৰৰ ভগ্নী ফাত্বিমাই ছহীফাখন লুকুৱাই ৰাখিলে। কিন্তু উমাৰে ঘৰৰ ওচৰলৈ গৈ খাব্বাবৰ কণ্ঠস্বৰ শুনিবলৈ পাইছিল। সেয়ে তেওঁ প্ৰশ্ন কৰিলে, ‘কাৰোবাৰ কণ্ঠত যেন মধুৰ আওৱাজ শুনিবলৈ পাইছোঁ’!

তেওঁৰ ভগ্নীয়ে উত্তৰ দিলে, ‘নাই তেনেকুৱা একো নাই। আমিয়েই পৰস্পৰে কথাবার্তা কৈছিলোঁ’। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘সম্ভৱতঃ তোমালোক উভয়েই বে-দ্বীন হৈ গৈছা’? ভগ্নীপতি ছাঈদে ক’লে, ‘আচ্ছা উমাৰ! কোৱাচোন, তোমালোকৰ ধর্মৰ বাহিৰে অন্য কোনো ধর্মত যদি সত্য থাকে তেন্তে কৰণীয় কি হ’ব’? এই কথা শুনা মাত্রকে উমাৰ খঙত জ্বলি উঠি ভগ্নীপতিক নির্মমভাৱে প্রহাৰ কৰিবলৈ ধৰিলে। নিৰুপায় ভগ্নীয়ে জোৰ কৰি ভ্রাতাক স্বামীৰ পৰা পৃথক কৰি দিলে। ইয়াতে অধিক ক্রুব্ধ হৈ উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ ভগ্নীৰ গলত এনেদৰে চেপি ধৰিলে যে, লগে লগে তেওঁৰ মুখমণ্ডল ৰক্তাক্ত হৈ গ’ল। ইবনে ইছহাক্কৰ বর্ণনাত আছে যে, তেওঁ মূৰত আঘাতপ্রাপ্ত হৈছিল। ভগ্নীয়ে ক্রোধ ও আবেগ জড়িত কণ্ঠত ক’লে, ‘উমাৰ! তোমাৰ ধর্মৰ বাহিৰে অন্য ধর্ম যদি সত্য হয়, এই কথা কৈ তেওঁ কালেমা শ্বাহাদত পাঠ কৰিলে, ‘মই সাক্ষ্য প্রদান কৰিছোঁ যে, আল্লাহৰ বাহিৰে সত্য কোনো উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা ও ৰাছূল’। শ্বাহাদতৰ এই বাণী শ্রৱণ কৰা মাত্রেই উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ভাৱান্তৰ আৰম্ভ হৈ গ’ল। তেওঁ তেওঁৰ ভগ্নীৰ ৰক্তাক্ত মুখমণ্ডল দেখি লজ্জিত হ’ল। তাৰ পিছত তেওঁ ভগ্নীক সম্বোধন কৰি মৰমসনা মাতেৰে ক’লে, ‘তোমালোকৰ ওচৰত যে কিতাবখন আছে সেইখন মোক এবাৰ পঢ়ি চাবলৈ দিয়া’। ভগ্নীয়ে ক’লে, ‘তুমি অপবিত্র হৈ আছা। অপবিত্র লোকে এইখন স্পর্শ কৰিব নোৱাৰে। কেৱল-মাত্র পবিত্রসকলেই এই কিতাব স্পর্শ কৰিব পাৰিব। তুমি গোছল কৰি আহা, তেতিয়াই কিতাব স্পর্শ কৰিব পাৰিবা। উমাৰে গোছল কৰি পাক-পবিত্ৰ হ’ল। তাৰ পিছত ছহীফাখন হাতত ললে আৰু বিছমিল্লাহিৰ ৰহমানিৰ ৰহীম পঢ়িলে। কবলৈ ধৰিলে, এয়াতো অতি পবিত্র নাম! তাৰ পিছত ছূৰাহ ত্ব-হাৰ পৰা পাঠ কৰিলেঃ

‘‘১. ত্ব-হা-। ২. আমি তোমাক দুখ-কষ্টত পতিত কৰিবলৈ তোমাৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা নাই; ৩. বৰং যিয়ে ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছো), ৪. যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে তেওঁৰ তৰফৰ পৰা এই নাযিলকৃত, ৫. পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে। ৬. আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে লগতে ভূগৰ্ভত যি আছে সেই সকলো তেওঁৰেই। ৭. আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে। ৮. আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই। ৯. আৰু মূছাৰ বৃত্তান্ত তোমাৰ ওচৰত আহি পাইছেনে? ১০. তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছো। আশা কৰো মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰো’। ১১. যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মূছা! ১২. ‘নিশ্চয় ময়েই তোমাৰ ৰব, এতেকে তোমাৰ জোতা যোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা। ১৩. ‘আৰু মই তোমাক মনোনীত কৰিছো। সেয়ে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা। ১৪. ‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা’। (ত্ব-হা ২০/১-১৪)
তেওঁ ক’লে, ‘এয়াতো অতি উত্তম আৰু অতি সন্মানিত কথা। মোক মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)-ৰ সন্ধান কোৱা।’ উমাৰৰ এই কথা শুনি খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ গোপনীয় অৱস্থানৰ পৰা ওলাই আহি ক’লে, ‘উমাৰ! সন্তুষ্ট হৈ যোৱা। মোৰ আশা যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বিগত বৃহস্পতিবাৰে ৰাতি তোমাৰ সম্পর্কে যি প্রার্থনা কৰিছিল (হে আল্লাহ! উমাৰ বিন খাত্তাব অথবা আবূ জাহিল বিন হিশ্বামৰ দ্বাৰা ইছলামক শক্তিশালী কৰি দিয়া) সেইটো কবুল হৈছে। এই সময়ত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাফা পর্বতৰ ওচৰৰৰ গৃহত অৱস্থান কৰি আছে’।
খাব্বাব ৰাদ্বিয়াল্লাহু আনহুৰ মুখৰ পৰা এই কথা শুনাৰ পিছত উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ তৰোৱালখন কোষত ভৰাই লৈ সেই ঘৰৰ বহিৰাঙ্গনত উপস্থিত হৈ দৰ্জাত কৰাঘাত কৰিলে। দৰ্জাৰ ফাকেৰে এজন ব্যক্তিয়ে লক্ষ্য কৰি দেখিলে যে, কোষবদ্ধ তৰোৱালসহ উমাৰ থিয় হৈ আছে। তৎক্ষণাৎ ৰাছূলুল্লাহ ৰাদ্বিয়াল্লাহু আনহুক সেইটো অৱগত কৰোৱা হ’ল। উপস্থিত লোকৰ যিসকল তাত উপস্থিত আছিল সকলোৱেই লগে লগে সংঘবদ্ধ হৈ গ’ল। সকলোৰে মাজত এই সন্ত্রস্ত ভাৱ লক্ষ্য কৰি হামযাহ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰশ্ন কৰিলে, ‘বিষয়টো কি, এনেকুৱা কি হৈছে’? তেওঁলোকে উত্তৰ দিলে, ‘উমাৰ চোতালত থিয় হৈ আছে’।

হামযাহে ক’লে, ‘ঠিক আছে। উমাৰ আহিছে, দৰ্জা খুলি দিয়া। যদি তেওঁ সদিচ্ছা লৈ আগমন কৰিছে তেনেহ’লে আমাৰ তৰফৰ পৰাও ইন-শ্বা-আল্লাহ সদিচ্ছাৰ কোনো অভাৱ নহ’ব। আৰু যদি তেওঁ কোনো বেয়া উদ্দেশ্য লৈ আগমন কৰিছে তেনেহ’লে আমি তেওঁক তেওঁৰ তৰোৱালৰ দ্বাৰাই খতম কৰিম’। ইফালে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰৰ ভিতৰত অৱস্থান কৰি আছিল আৰু তেওঁৰ ওপৰত ওহী নাযিল হৈছিল। ওহী নাযিল সমাপ্ত হোৱাত তেওঁ বৈঠক ঘৰত উমাৰৰ ওচৰলৈ আগমন কৰিলে। তেওঁ তেওঁৰ কাপোৰ আৰু তৰোৱালৰ কোষত ধৰি জোৰকৈ টানি ক’লে,

‘উমাৰ! যেনেকৈ ওৱালীদ বিন মুগীৰাৰ ওপৰত অৱতীর্ণ হৈছিল তেনেকৈ আল্লাহৰ তৰফৰ পৰা যেতিয়ালৈকে তোমাৰ ওপৰত লাঞ্ছনা, অৱমাননা আৰু শিক্ষামূলক শাস্তি অৱতীর্ণ নহয় তেতিয়ালৈকে তুমি পাপাচাৰৰ পৰা বিৰত নহ’বা নেকি?’ তাৰ পিছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত দু‘আ কৰিলে,
‘হে সর্বশক্তিমান প্রভূ! তোমাৰ ইচ্ছা নাইবা অনিচ্ছাই হৈছে চূড়ান্ত। এই উমাৰ বিন খাত্তাবৰ দ্বাৰা ইছলামৰ শক্তি আৰু সন্মান বৃদ্ধি কৰা’। নাবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রার্থনা শ্রৱণৰ পিছত উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ অন্তৰত এনেকুৱা এক স্পন্দনৰ সৃষ্টি হৈ থাকিল যে, তেওঁ অস্থিৰ হৈ পৰিল আৰু পাঠ কৰিলে, ‘মই সাক্ষ্য প্রদান কৰিছোঁ যে, আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য নাই আৰু সচাঁকৈয়ে আপুনি আল্লাহৰ ৰাছূল।’

উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ মুখৰ পৰা তাওহীদৰ এই বাণী শুনাৰ লগে লগে ঘৰৰ ভিতৰত থকা লোকসকলে ইমান জোৰে ‘আল্লাহু আকবৰ’ ধ্বনি উচ্চাৰণ কৰিলে যে, মছজিদুল হাৰামত অৱস্থানকাৰী লোকসকলেও সেইটো স্পষ্টভাৱে শুনিবলৈ পালে। [8] আৰব মুলুকত এইটো সর্বজন বিদিত বিষয় আছিল যে, উমাৰ বিন খাত্তাব আছিল অত্যন্ত প্রতাপশালী আৰু প্রভাৱশালী ব্যক্তি। তেওঁ ইমানেই প্রতাপশালী আছিল যে, তেওঁৰ লগত প্রতিদ্বন্দ্বিতা কৰাৰ দৰে সাহস সেই সমাজত আন কাৰোৱেই নাছিল। এইকাৰণে তেওঁৰ ইছলাম গ্ৰহণৰ কথা প্রচাৰ হোৱা মাত্রকে মুশ্বৰিক মহলত ক্রন্দন আৰু বিলাপৰ ঢৌ উঠিল আৰু তেওঁলোকে অতি লাঞ্ছিত ও অপমানিত বোধ কৰিবলৈ ধৰিলে। পক্ষান্তৰে তেওঁৰ ইছলাম গ্রহণ কৰাৰ ফলত মুছলিমসকলৰ শক্তি সাহস ও মান মর্যাদা উল্লেখযোগ্য মাত্রাত বৃদ্ধি পাবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত আনন্দৰ জোৱাৰ উঠিল। ইবনে ইছহাক্কে নিজ সূত্রৰ বৰাতত উমাৰৰ বর্ণনাত উদ্ধৃত কৰিছে যে, ‘যেতিয়া মই মুছলিম হৈ গ’লো তেতিয়া চিন্তা-ভাৱনা কৰি থাকিলোঁ যে, মক্কাত কোন কোন ব্যক্তিয়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সকলোতকৈ প্রভাৱশালী শত্রু হিচাবে কাম কৰে গৈছে। তাৰ পিছত মনে মনে ক’লো, এই আবূ জাহিলেই হৈছে তেওঁৰ সকলোতকৈ ডাঙৰ শত্রু। তৎক্ষণাৎ তাৰ গৃহলৈ গমন কৰি দৰ্জাত কৰাঘাত কৰিলোঁ। সি বাহিৰলৈ ওলাই আহি (খুশ্ব আমদেদ, খুশ্ব আমদেদ) বুলি মোক অত্যন্ত আন্তৰিকতাৰ সৈতে স্বাগতম জনালে আৰু ক’লে, ‘কেনেকৈ এই অভগাৰ কথাটো আজি মনত পৰিল’? প্রত্যুত্তৰত কোনো ভূমিকা নকৰিয়েই মই প্ৰত্যক্ষভাৱে ক’লো, ‘তোমাক মই এই কথা কবলৈ আহিলোঁ যে, আল্লাহ আৰু তেওঁৰ ৰাছূল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনত মই বিশ্বাস স্থাপন কৰিছোঁ আৰু আল্লাহৰ তৰফৰ পৰা যি তেওঁৰ ওপৰত অৱতীর্ণ হৈছে তাৰ ওপৰতো বিশ্বাস স্থাপন কৰিছোঁ’। মোৰ কথা শ্রৱণ কৰা মাত্রেই সি সশব্দে দৰ্জা বন্ধ কৰি দি ক’লে, ‘আল্লাহে তোমাৰ বেয়া কৰক আৰু যিবোৰ মোৰ ওচৰত লৈ আহিছা সেইবোৰৰো বেয়া কৰক’।[9]

ইমাম ইবনে জাওযীয়ে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ বর্ণনা উদ্ধৃত কৰি কৈছে যে, যেতিয়াই কোনো ব্যক্তি মুছলিম হৈ যায় তেতিয়াই জনসাধাৰণে তেওঁৰ পিছত লাগি পৰে আৰু তেওঁক মাৰধৰ কৰে। তেৱোঁ সিহঁতক ওলোটাই মাৰধৰ কৰে। এইকাৰণে যেতিয়া মই মুছলিম হৈ গ’লো তেতিয়া মোৰ মামা আছী বিন হাশ্বীমৰ ওচৰলৈ গ’লো  আৰু তেওঁক মই মুছলিম হোৱাৰ খবৰ জানলোঁ। মোৰ কথা শুনা মাত্রেই তেওঁ ঘৰৰ ভিতৰত প্রৱেশ কৰিলে। তাৰ পিছত কুৰাইশ্বৰ এজন ডাঙৰ নেতাৰ ঘৰলৈ গ’লো (সম্ভৱতঃ আবূ জাহিলৰ প্রতি ইঙ্গিত কৰা হৈছে) আৰু তেওঁকো বিষয়টি সম্পর্কে অৱগত কৰিলোঁ, কিন্তু তেৱোঁ গৈ ঘৰৰ ভিতৰত প্রৱেশ কৰিলে। [10]

ইবনে ইছহাক্কে বর্ণনা কৰিছে যে, ইবনে উমাৰে কৈছে, যেতিয়া ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম কবুল কৰিলে তেতিয়া তেওঁ ক’লে, এনেকুৱা কোন আছা যিয়ে কোনো কথাকে খুব দ্ৰুত প্রচাৰ কৰিব পাৰে? লোকসকলে ক’লে, জামীল বিন মা’মাৰ জুমাহী। এই কথা শুনাৰ পিছত তেওঁ জামীল বিন মা’মাৰ জুমাহীৰ ওচৰলৈ গ’ল, মই তেওঁৰ সৈতেই আছিলোঁ। উমাৰে তেওঁক ক’লে যে, তেওঁ মুছলিম হৈ গৈছে। আল্লাহৰ শপত এই কথা শুনা মাত্রেই অত্যন্ত উচ্চকণ্ঠত তেওঁ ঘোষণা কৰি থাকিল যে, খাত্তাবৰ পুত্র উমাৰ বে-দ্বীন হৈ গৈছে। উমাৰ তেওঁৰ পিছফালেই আছিল, তৎক্ষণাৎ তেওঁ এইবুলি উত্তৰ দিলে যে, ‘এওঁ মিছা কৈছে। মই বে-দ্বীন হোৱা নই, বৰং মুছলিম হৈছোঁ’।

যিয়েই নহওঁক, মানুহে তেওঁৰ ওপৰত লাগি পৰিল আৰু মাৰপিট আৰম্ভ হৈ গ’ল। এটা পক্ষত জনতা আৰু অন্য পক্ষত উমাৰ; মাৰপিট চলিয়েই থাকিল। সূর্য প্রায় মূৰৰ ওপৰলৈ উঠালৈকে মাৰপিট চলিয়েই থাকিল। উমাৰে ক্লান্ত হৈ বহি পৰিল। ৰাইজে তেওঁক আগুৰি ধৰি থিয় হৈ আছিল। উমাৰে ক’লে, ‘যোৱা আনন্দ কৰা। আল্লাহৰ শপত! আমি যদি সংখ্যাত তিনিশ হ’লোহেঁতেন তেনেহ’লে মক্কাত তোমালোকে অৱস্থান কৰিলাহেঁতেন, নে আমি কৰিলোহেঁতেন সেইটো দেখাদেখি হৈ গ’লহেঁতেন। [11]

এই ঘটনাৰ পিছত মুশ্বৰিকসকল অধিক ক্রোধান্বিত আৰু সংঘবদ্ধ হৈ উঠিল আৰু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ ঘৰত আক্রমণ কৰি তেওঁক হত্যা কৰাৰ এক গভীৰ ষড়যন্ত্রত লিপ্ত হ’ল। যিটো ছহীহুল বুখাৰীৰ মাজত ইবনে উমাৰৰ পৰা বর্ণিত হৈছে। তেওঁ কৈছে যে, উমাৰে ভীত-সন্ত্রস্ত অৱস্থাত ঘৰৰ ভিতৰতেই অৱস্থান কৰি আছিল। এনে সময়ত আবূ ‘আমৰ আছ বিন ওৱায়েল ছাহমীয়ে তালৈ আগমন কৰিলে। তেওঁ ইয়ামান দেশত তৈয়াৰ কৰা নক্সা অঁকা এযোৰ চাদৰ আৰু ৰেচমৰ দ্বাৰা সুসজ্জিত সুন্দৰ জামা পৰিহিত অৱস্থাত আছিল। তেওঁৰ সম্পর্ক আছিল ছাহম গোত্রৰ সৈতে আৰু জাহেলিয়াত যুগত এই গোত্রই বিপদ-আপদত আমাক সাহায্য কৰিব বুলি প্রতিজ্ঞাবদ্ধ আছিল।

তেওঁ প্ৰশ্ন কৰিলে, ‘বিষয়টো কি’? উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘মই মুছলিম হৈ গৈছোঁ আৰু এইকাৰণেই আপোনাৰ জাতিয়ে মোক হত্যা কৰিবলৈ ইচ্ছুক। আছ-এ ক’লে, ‘সেইটো সম্ভৱ নহয়’। আছ-ৰ এই কথা শুনি মই মনত কিছু শান্তি পালোঁ, কিছু তৃপ্তি অনুভব কৰিলোঁ। তাৰ পিছত আছ-এ তাৰ পৰা উভতি গৈ ৰাইজৰ লগত দেখা-সাক্ষাৎ কৰাৰ উদ্যোগ গ্রহণ কৰিলে। তেতিয়া জনতাৰ ভিৰত সমগ্র উপত্যকা ভৰি পৰিছিল। সাধাৰণ জনতাৰ সন্মুখভাগত থকা লোকসকলক প্ৰশ্ন কৰিলে, ‘তোমালোকে ক’লৈ গৈ আছা’? উত্তৰত তেওঁলোকে ক’লে, ‘আমি খাত্তাবৰ ল’ৰাৰ কিবা এটা হেস্তনেস্ত কৰিবলৈ ওলাইছোঁ। কাৰণ, সি বে-দ্বীন (বিধর্মী) হৈ গৈছে’। আছ-এ ক’লে, ‘নাই, সেইফালে যোৱাৰ কোনো পথ নাই’। এই কথা শুনা মাত্রেই ৰাইজ পুনৰ অগ্রসৰ নহৈ তেওঁলোকৰ পূর্বৰ স্থান অভিমুখে উভতি গ’ল। [12]

উমাৰৰ ইছলাম গ্রহণৰ কাৰণে মুশ্বৰিকসকলৰ এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল যিটো ইতিপূৰ্বে আলোচিত হ’ল। আনহাতে মুছলিমসকলৰ অৱস্থা সম্পর্কে কিছু ধাৰণা লাভ কৰা সম্ভৱ হ’ব ইয়াৰ সমান্তৰালভাৱে আলোচিত পিছৰ ঘটনাটিৰ পৰা। মুজাহিদে ইবনে আব্বাছৰ পৰা বর্ণনা কৰিছে, মই উমাৰ বিন খাত্তাব ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিলোঁ যে, কি কাৰণত লকব বা উপাধি ‘ফাৰূক’ হৈছে। তেতিয়া তেওঁ মোক ক’লে, ‘মোৰ তিনিদিন পূর্বে হামযাহ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম গ্ৰহণ কৰিছিল, তাৰ পিছত তেওঁ তেওঁৰ ইছলাম গ্রহণৰ ঘটনা বর্ণনা কৰি শেষত ক’লে যে, ‘মই যেতিয়া মুছলিম হ’লো তেতিয়া মই ক’লো, ‘হে আল্লাহৰ ৰাছূল (চাল্লাল্লাহু আলাইহি অছাল্লাম)! আমি সত্যৰ ওপৰত প্রতিষ্ঠিত নহয় নে, যদি জীৱিত থাকো নাইবা মৰি যাওঁ? নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘নিশ্চয়! সেই সত্ত্বাৰ শপথ যাৰ হাতত মোৰ জীৱন, তোমালোকে যদি জীৱিত থাকা নাইবা মৃত্যুমুখত পতিত হোৱা হক্ক বা সত্যৰ ওপৰতেই তোমালোক আছা’।

উমাৰৰ বর্ণনা : ‘তেতিয়া মই সকলোকে লক্ষ্য কৰি ক’লো যে, গোপনীয়তাৰ আৰু কি প্রয়োজন? সেই সত্তাৰ শপত যিয়ে আপোনাক সত্য সহকাৰে প্রেৰণ কৰিছে, আমি নিশ্চয় গোপনীয়তা পৰিহাৰ কৰি মুক্তভাৱে ওলাই আহিম’।
তাৰ পিছত আমি দুটি শাৰী বান্ধি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দু্ই শাৰীৰ মাজত লৈ বাহিৰলৈ ওলাই আহিলোঁ। এটা শাৰীৰ শীৰ্ষত আছিল হামযাহ ৰাদ্বিয়াল্লাহু আনহু আৰু আনটো শাৰীৰ শীৰ্ষত আছিলোঁ মই। আমাৰ যোৱাৰ কাৰণে ৰাষ্টাত যঁটাৰ আটাৰ দৰে পাতল ধূলিকণা উৰি গৈছিল। এনেদৰে আগুৱাই লাহে লাহে আমি মছজিদুল হাৰামত গৈ প্রৱেশ কৰিলোঁ। উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘কুৰাইশ্বসকলে যেতিয়া মোক আৰু হামযাহক মুছলিমসকলৰ লগত দেখিলে তেতিয়া মনে মনে তেওঁলোক ইমানেই আঘাতপ্রাপ্ত হ’ল যে, এনেকুৱা আঘাত ইতিপূর্বে আৰু কেতিয়াও পোৱা নাই। সেইদিনাই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ উপাধি দিছিল ‘ফাৰূক’ [13]

ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৱে  কৈছে যে, যেতিয়ালৈকে উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম ধর্ম গ্রহণ কৰা নাই তেতিয়ালৈকে আমি ক্বাবা’হগৃহৰ ওচৰত নামায আদায় কৰিবলৈ সাহস কৰা নাই’। [14]

ছুহাইব বিন ছিনান ৰূমীয়ে বর্ণনা কৰিছে যে,  ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে যিদিনা ইছলাম গ্রহণ কৰিলে সিদিনাৰ পৰা ইছলামে তাৰ গোপন প্রকোষ্ঠৰ পৰা ওলাই আহিল বহিৰ্জগতলৈ। সেইদিনাৰ পৰা প্রকাশ্যে প্রচাৰ আৰু মানুহক প্রকাশ্যে দ্বীনৰ আহ্বান জনোৱা সম্ভৱ হ’ল’।
পূর্বৰ সূত্রৰ পৰাই কোৱা হৈছে, ‘আমি গোলাকাৰ হৈ আল্লাহৰ ঘৰৰ ওচৰত বৈঠক কৰিলোঁ আৰু আল্লাহৰ ঘৰ প্রদক্ষিণ কৰিলোঁ। যিসকলে আমাৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছিল আমি তাৰ প্রতিশোধ গ্রহণ কৰিলোঁ আৰু সিহঁতৰ কোনো কোনো অন্যায়ৰ প্রতিবাদও কৰিলোঁ’। [15]
ইবনে মাছউদৰ বর্ণনাঃ ‘যেতিয়াৰ পৰা উমাৰ ৰাদ্বিয়াল্লাহু আনহু মুছলিম হৈছিল তেতিয়াৰ পৰা আমি সমানভাৱে শক্তিশালী হৈছিলোঁ আৰু মান-সন্মানৰ সৈতে বসবাস কৰিব পাৰিছিলোঁ’। [16]

[1] ইবনুল জাওযী লিখিত তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ১১। [2] তিৰমিযী আৰওৱাবুল মানাকৰ আবীহাফছ উমাৰ বিন খাত্তাব ২য় খণ্ড ২০৯ পৃঃ। [3] শাইখ মুহাম্মাদ গাযালীঃ ফিক্কহুছ ছীৰাহ ৯২-৯৩ পৃঃ। তেওঁ উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ মানসিকতাৰ দুই বিপৰীতমুখী ধাৰা সম্পর্কে আলোচনা কৰিছে। [4] ইবনে জাওযী তাৰীখে উমাৰ বিন খাত্তাব ৬ পৃঃ। ইবনে ইছহাক্কে আতা আৰু মোজাহিদৰ পৰা একেই ধৰণে বর্ণনা কৰিছে। কিন্তু তাৰ শেষাংশ এইটোৰ লগত সামান্য পৃথক। দ্রষ্টব্য ছীৰাতে ইবনে হিশ্বাম ১ম খণ্ড ৩৪৬ ও ৩৪৮ পৃঃ আৰু ইবনে জাওযীয়ে নিজেও যাবেৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা তেওঁৰ দৰেই বর্ণনা কৰিছে। কিন্তু ইয়াৰ শেষাংশতো এই বর্ণনাৰ বিপৰীত আছে, দ্রঃ তাৰীখে উমাৰ বিন খাত্তাব ৯-১০ পৃঃ। [5] এই বর্ণনা হৈছে ইবনে ইছহাক্কৰ দ্রঃ ইবনে হিশ্বাম ১ম খণ্ড ৩৪৪ পৃঃ। [6] এই বর্ণনা আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত দ্রঃ ইবনে জাওযী তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ১০ আৰু মুখতাছাৰুছ ছীৰাহ আব্দুল্লাহ ৰচিত ১০৩ পৃঃ। [7] এই বিষয়টি ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত হৈছে, দ্রঃ মুখতাছাৰুছ ছীৰাহ ১০২ পৃঃ। [8] তাৰীখে ইবনে উমাৰ পৃঃ ৭, ১০, ১১। শাইখ আব্দুল্লাহ মুখতাছাৰুছ ছীৰাহ পৃঃ ১০২-১০৩। ছীৰাতে ইবনে হিশ্বাম ১ম খণ্ড ৩৪৩-৩৪৬। [9] ইবনে হিশ্বাম ১ম খণ্ড পৃঃ ৩৪৯-৩৫০। [10] তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ৮। [11] তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ৮ ও ইবনে হিশ্বাম ১ম খণ্ড ৩৪৮-৩৪৯ পৃঃ। [12] ইবনে হিশ্বাম ১ম খণ্ড ৩৪৯ পৃঃ। [13] ইবনে জাওযী- তাৰীখে উমাৰ বিন খাত্তাব ৬-৭ পৃঃ। [14] শাইখ আব্দুল্লাহ - মুখতাছাৰুছ ছীৰাহ পৃঃ ১০৩। [15] ইবনে জাওযী, তাৰীখে উমাৰ বিন খাত্তাব পৃঃ ১৩। [16] ছহীহুল বুখাৰীৰ উমাৰ বিন খাত্তাবৰ ইছলাম গ্রহণ অধ্যায় ১ম খণ্ড ৫৪৫ পৃঃ।