Wednesday, 14 March 2018

ইছলামত অমঙ্গল বুলি কিবা আছ নেকি ? লিখক - মুফতি জামালুদ্দিন


ইছলামত অমঙ্গল বা কুলক্ষণক বিশ্বাস কৰা এটি কুসংস্কাৰ বুলি গন‍্য কৰা হয়, যিটো সম্পূর্ণ হাৰাম।কুলক্ষণ সম্পর্কে কোৰআনত আল্লাহ তা‘আলাই কৈছে,
" এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেইটো নাজানে।" (আল-‘আৰাফ ১৩১)।
আৰবসকলে যাত্রা ইত্যাদি কামৰ প্রাকক্ষণত চৰাই উৰুৱাই দি তাৰ শুভাশুভ নির্ণয় কৰিছিল। চৰাই সোঁফালে গ’লে শুভ বুলি ভাৱি সেই কামত নামি পৰিছিল আৰু বাওঁফালে গ’লে অশুভ বুলি ভাৱি তাৰ পৰা বিৰত আছিল। এনেদৰে শুভাশুভ নির্ণয়ৰ বিধান প্রসঙ্গত মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে-
‘কুলক্ষণত বিশ্বাস কৰা শ্বিৰ্ক’।
(আবুদাঊদ, তিৰমিযী; মিশকাত হা/৪৫৮৪)
মাহ, দিন, সংখ্যা, নাম ইত্যাদিক দুর্ভাগ্য বা অশুভ প্রতীক হিচাবে চিহ্নিত কৰাও তাওহীদ পৰিপন্থী হাৰাম আক্কীদাৰ অন্তর্ভুক্ত। যেনে- বহু দেশত হিজৰী চনৰ ছফৰ মাহত বিবাহ কৰাৰ পৰা বিৰত থকা হয় আৰু প্রতি মাহৰ শেষ বুধবাৰক চিৰস্থায়ী কুলক্ষণ বুলি ভৱা হয়। বিশ্বজুৰি আজি ১৩ সংখ্যাক ‘অশুভ তেৰ’ বা (Unluckey thirteen) বোলা হয়। কোনোৱে যদি এবাৰ তেৰ ক্রমিকত পৰি যায় তেনেহ’লে তাৰ আৰু দুশ্চিন্তাৰ সীমা নাথাকে। বহুতে কণা, খোৰা, পাগল আদি প্রতিবন্ধীসকলক কামৰ আৰম্ভণিতে দেখিলে মূৰৰ ওপৰত হাত দি বহি যায়। দোকান খুলিবলৈ গৈ পথত এনেকুৱা কোনো কণা-খোৰাক বা বিধবা দেখিবলৈ পালে তেওঁৰ আৰু দোকান খোলা নহয়। অশুভ বুলি ভাৱি তেওঁ উভতি আহে। অথচ এনে জাতীয় আক্কীদা পোষণ কৰা হাৰাম আৰু শ্বিৰ্ক। এইকাৰণে যিসকলে কুলক্ষণত বিশ্বাসী ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে  তেওঁলোকক তেখেতৰ উম্মতৰ অন্তর্ভুক্ত বুলি গণ্য কৰা নাই। ইমৰান বিন হুছাইন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে-
‘যি ব্যক্তিয়ে নিজে কুলক্ষণত বিশ্বাস কৰে আৰু যাৰ কাৰণে আনৰ মাজত কুলক্ষণৰ প্রতি বিশ্বাসৰ প্রৱণতা সৃষ্টি হয় আৰু যি ব্যক্তিয়ে ভাগ্য গণনা কৰে ও যাৰ কাৰণে ভাগ্য গণনা কৰা হয় (বর্ণনাকাৰীয়ে ভাৱে যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই সম্পর্কেও কৈছিল) আৰু যিয়ে জাদু কৰে ও যাৰ কাৰণে জাদু কৰা হয় সেই ব্যক্তি আমাৰ দলভুক্ত নহয়’।
( তাবাৰাণী, ছিলছিলা ছহীহাহ হা/২১৯৫)
কোনোবাই কোনো বিষয়ে কুলক্ষণত নিপতিত হ’লে সি ইয়াৰ কাৰণে কাফফাৰা দিব লাগিব। কাফফাৰা ইয়াত কোনো অর্থ নাইবা ইবাদত নহয়; বৰং পাপ বিমোচক এটি দু‘আ, যিটো আব্দুল্লাহ বিন আমৰ বর্ণিত হাদীছত আহিছে। তেওঁ কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিন ক’লে, কুলক্ষণে যি ব্যক্তিক কোনো কামৰ পৰা ফিৰাই ৰাখে, নিশ্চয় সি শ্বিৰ্ক কৰে। ছাহাবীসকলে আৰজ কৰিলে, ইয়া ৰাছূলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম)! তাৰ কাফফাৰা কি হ’ব? তেওঁ ক’লে, সেই ব্যক্তিয়ে কব-
উচ্চাৰণ : আল্লা-হুম্মা লা খায়ৰা ইল্লা খায়ৰুকা ওৱালা ত্বায়ৰা ইল্লা ত্বায়ৰুকা ওৱালা ইলা-হা গায়ৰুকা।
অৰ্থাৎ
‘হে আল্লাহ! আপোনাৰ কল্যাণৰ বাহিৰে কোনো কল্যাণ নাই। আপোনাৰ সৃষ্ট কুলক্ষণৰ বাহিৰে কোনো কুলক্ষণ নাই। আৰু আপোনাৰ বাহিৰে কোনো (হক) মা‘বূদও নাই’।
(আহমাদ হা/৭০৪৫; ছিলছিলা ছহীহাহ হা/১০৬৫)
সুলক্ষণ-কুলক্ষণৰ ধাৰণা মনত জন্ম লোৱা স্বভাৱগত বিষয়, যিটো সময়ত বাঢ়ে ও কমে। ইয়াৰ সকলোতকৈ গুৰুত্বপূর্ণ চিকিৎসা আল্লাহৰ ওপৰত তাওৱাক্কুল বা নির্ভৰ কৰা। যেনে- ইবনু মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,
‘আমাৰ মাজত এনেকুৱা কোনো নাই যে, মনত কুলক্ষণ সংক্রান্ত একোৱেই উঁকি নিদিয়ে। কিন্তু তাওৱাক্কুলৰ (আল্লাহৰ ওপৰত নির্ভৰতা) দ্বাৰা আল্লাহ তা‘আলাই তাক দূৰ কৰি দিয়ে’।
( আবুদাঊদ হা/৩৯১০; মিশকাত হা/৪৫৮৪)

ইছমাইল (আঃ) ৰ ভৰিৰ আঘাতত জমজম কুঁৱাৰ সৃষ্টি হৈছিল নেকি ? লেখক - জুবাইৰ ৰহমান


ইছমাইল (আঃ) ৰ ভৰিৰ আঘাতত জমজম কুঁৱাৰ সৃষ্টি হৈছিল এইটো এটা গোগাট মিছা কথা আৰু ই চহীহ বুখাৰী হাদিছৰ দ্বাৰা_্ প্ৰমাণিত।
ছা‘ঈদ ইবনু জুবাইৰ (ৰাঃ)ৰ পৰা বর্ণিত। ইবনু ‘আব্বাছ (ৰাঃ)য়ে কৈছে, নাৰী জাতিয়ে সর্বপ্রথম কঁকালবান্ধ বনোৱা শিকিছে ইছমাঈল (আঃ)ৰ মাকৰ পৰা। হাযেৰা (আঃ)য়ে কঁকালবান্ধ লগাইছিল ছাৰাহ (আঃ)ৰ পৰা নিজৰ মর্যাদা গোপনে ৰখাৰ কাৰণে। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে হাযেৰা (আঃ) আৰু তেখেতৰ শিশু সন্তান ইছমাঈল (আঃ)ক লগত লৈ বাহিৰ হ’ল এই অৱস্থাত যে, হাযেৰা (আঃ)য়ে সন্তানক দুধ পান কৰাই আছিল। অৱশেষত য’ত কা‘বা ঘৰ অৱস্থিত, ইব্ৰাহীম (আঃ)য়ে তেওঁলোক উভয়কে তালৈ লৈ আহি মছজিদৰ ওখ অংশত যমযম কুঁৱাৰ ওপৰত অৱস্থিত এডাল ডাঙৰ গছৰ তলত তেওঁলোকক ৰাখিলে। তেতিয়া মক্কাত নাছিল কোনো মানুহ, নাছিল কোনো পানীৰ ব্যৱস্থা। পিছত তেখেতে তেওঁলোকক তাতেই এৰি থৈ গ’ল। ইয়াৰোপৰি তেখেতে তেওঁলোকৰ ওচৰত থৈ গ’ল এখন মোনাৰ ভিতৰত কিছু খেজুৰ আৰু এটি পাত্ৰত কিছু পৰিমাণে পানী। ইয়াৰ পিছত ইব্ৰাহীম (আঃ) উভতি গ’ল। তেতিয়া ইছমাঈল (আঃ) ৰ মা পিছুৱাই আহিল আৰু কবলৈ ধৰিলে, হে ইব্ৰাহীম! আপুনি ক’লৈ গৈ আছে? আমাক এনেকুৱা এক ময়দানত এৰি থৈ গৈছে, য’ত নাই কোনো সাহায্যকাৰী আৰু নাই কোনো ব্যৱস্থা। তেওঁ বাৰে বাৰে এই কথা তেখেতক ক’লে। কিন্তু ইব্ৰাহীম (আঃ) য়ে তেওঁৰ ফালে দৃষ্টিপাত নকৰিলে। তেতিয়া হাযেৰা (আঃ) য়ে তেখেতক ক’লে, ইয়াৰ আদেশ আপোনাক আল্লাহে দিছে নেকি? তেখেতে ক’লে, হয়। হাযেৰা (আঃ)য়ে ক’লে, তেনেহ’লে আল্লাহে আমাক ধ্বংস নকৰে।  পিছত তেওঁ উভতি আহিল আৰু ইব্ৰাহীম (আঃ) য়েও সন্মুখলৈ গুচি গ’ল। গৈ গৈ তেখেতে যেতিয়া গিৰিপথৰ বাওঁফালে উপস্থিত হ’ল, য’ত স্ত্রী আৰু সন্তানে তেখেতক আৰু দেখা পোৱা নাছিল, তেতিয়া তেখেতে কা‘বা ঘৰৰ ফালে মুখ কৰি থিয় হ’ল। ইয়াৰ পিছত তেখেতে দুই হাত তুলি এই দু‘আ কৰিলে, আৰু ক’লে,
‘হে আমাৰ ৰব! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালো। হে আমাৰ ৰব! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’। (ইব্ৰাহীম ৩৭) ।
আৰু ইছমাঈল (আঃ)ৰ মাকে ইছমাঈল (আঃ) ক স্বীয় স্তনৰ দুধপান কৰালে আৰু নিজে সেই পাত্ৰৰ পৰা পানী পান কৰিলে। অৱশেষত পাত্ৰত যি পানী আছিল সেইখিনি নাইকিয়া হ’ল। তেওঁ নিজে তৃষ্ণার্ত হ’ল আৰু তেওঁৰ শিশু পুত্রটিও তৃষ্ণাত কাতৰ হৈ পৰিল। তেওঁ শিশুটিৰ ফালে চাবলৈ ধৰিলে। তৃষ্ণাত তেওঁৰ বুকু ধৰফৰ কৰিছে অথবা ৰাবীয়ে কৈছে, তেওঁ মাটিত পৰি ছটফটাই আছে। শিশু পুত্রৰ এই কৰুণ অৱস্থাৰ প্রতি চোৱাটো অসহনীয় হৈ পৰাত তেওঁ আঁতৰি গ’ল আৰু তেওঁৰ অৱস্থানৰ ওচৰৰ ‘ছাফা’ পৰ্বতক একমাত্র তেওঁৰ নিকটতম পর্বত হিচাবে পালে। ইয়াৰ পিছত তেওঁ তাৰ ওপৰত উঠি থিয় হ’ল আৰু ময়দানৰ ফালে লক্ষ কৰিলে। ইফালে-সিফালে চাই দেখিলে, ক’ৰবাত কাৰোবাক দেখা পাই নেকি? কিন্তু তেওঁ কাকো দেখা নাপালে। তেতিয়া ‘ছাফা’ পর্বতৰ পৰা নামি আহিল। আনকি যেতিয়া তেওঁ ময়দানৰ তললৈকে আহি পালে, তেতিয়া তেওঁ তেওঁৰ কামিজৰ এক প্রান্ত তুলি ধৰি এজন ক্লান্ত-শ্রান্ত মানুহৰ দৰে দৌৰিবলৈ ধৰিলে। অৱশেষত ময়দান অতিক্রম কৰি ‘মাৰওৱা’ পাহাৰৰ ওচৰলৈ আহি তাৰ ওপৰত উঠি থিয় হ’ল। ইয়াৰ পিছত ইফালে-সিফালে লক্ষ কৰিলে, কাৰোবাক দেখা পাই নেকি? কিন্তু কাকো দেখা নাপালে। এনেদৰে সাতবাৰ দৌৰা-দৌৰি কৰিলে।
ইবনু ‘আব্বাছ (ৰাঃ) য়ে ক’লে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, এইকাৰণেই মানুহে এই পর্বতদ্বয়ৰ মাজত ছায়ী কৰি থাকে। ইয়াৰ পিছত তেওঁ যেতিয়া মাৰওৱা পাহাৰত উঠিল, তেতিয়া এটি শব্দ শুনিবলৈ পালে আৰু তেওঁ নিজকে নিজেই ক’লে, অলপ অপেক্ষা কৰা। তেওঁ মনোযোগেৰে শুনিলে। তেতিয়া তেওঁ ক’লে, তুমি তো তোমাৰ শব্দ শুনাইছা। যদি তোমাৰ ওচৰত কোনো সাহায্যকাৰী থাকে। হঠাৎ য’ত যমযম কুঁৱা অৱস্থিত তাত তেওঁ এজন ফিৰিস্তা দেখিবলৈ পালে। সেই ফিৰিস্তাই নিজ ভৰিৰ গোৰোৱাৰ দ্বাৰা আঘাত কৰিলে অথবা তেওঁ কৈছে, নিজ পাখিৰ দ্বাৰা আঘাত কৰিলে। ফলত পানী বাহিৰ হব ধৰিলে। তেতিয়া হাযেৰা (আঃ) য়ে চাৰিওফালে নিজ হাতে বান্ধ দি এটা হাউজৰ দৰে কৰি দিলে আৰু হাতৰ অঞ্জলিৰে তেওঁৰ পাত্ৰটিত পানী ভৰাবলৈ ধৰিলে। তেতিয়াও পানী উপচি উঠি আছিল। ইবনু ‘আব্বাছ (ৰাঃ) য়ে ক’লে, নাবী চাল্লাল্লাহু আলাইহি অাল্লামে কৈছে, ইছমাঈলৰ মাকক আল্লাহে ৰহম কৰক। যদি তেওঁ বান্ধ নিদি যমযমক এনেদৰে এৰি দিলেহেঁতেন নাইবা কৈছে, যদি অঞ্জলি ভৰাই পানী পাত্ৰত জমা নকৰিলেহেঁতেন, তেনেহ’লে যমযম এটি কুঁৱা নহৈ এটি প্রবাহমান নিজৰাত পৰিণত হ’লহেঁতেন। ৰাবীয়ে কৈছে, ইয়াৰ পিছত হাযেৰা (আঃ) য়ে পানী পান কৰিলে, আৰু শিশু পুত্রকো দুধ পান কৰালে, তেতিয়া ফিৰিস্তাই তেওঁক ক’লে, আপুনি ধ্বংসৰ কোনো আশঙ্কা নকৰিব। কিয়নো ইয়াতেই আল্লাহৰ ঘৰ আছে। এই শিশুটি আৰু তেওঁৰ পিতা দুয়োজনে মিলি ইয়াত ঘৰ নির্মাণ কৰিব আৰু আল্লাহে তেওঁৰ আপোনজনক কেতিয়াও ধ্বংস নকৰে। সেই সময়ত আল্লাহৰ ঘৰৰ স্থানটি যমীনৰ পৰা টিলাৰ দৰে ওখ আছিল। বানপানীৰ ফলত সেইটো সোঁফালে বাওঁফালে ভাঙি গৈছিল। ইয়াৰ পিছত হাযেৰা (আঃ) য়ে এনেদৰেই দিন যাপন কৰিছিল। অৱশেষত জুৰহুম গোত্রৰ এদল লোক তেওঁলোকৰ কাষেৰে অতিক্রম কৰিছিল। অথবা ৰাবীয়ে কৈছে, জুৰহুম পৰিবাৰৰ কিছু লোক কাদা নামৰ ওখ ভূমিৰ পথেৰে এইফালে আহিছিল। সিহঁতে মক্কাত সমতল ভূমিত অৱতৰণ কৰিলে আৰু সিহঁতে দেখিবলৈ পালে এজাক পক্ষী চক্রাকাৰে উৰিছে। তেতিয়া সিহঁতে ক’লে, নিশ্চয় এই পক্ষীসমূহে পানীৰ ওপৰত উৰিছে। আমি এই ময়দানৰ পথেৰে বহুবাৰ অতিক্রম কৰিছোঁ। কিন্তু ইয়াত কোনো পানী নাছিল। তেতিয়া সিহঁতৰ এজন বা দুজন লোকক তালৈ পঠালে। সিহঁতে তালৈ গৈয়েই পানী দেখিবলৈ পালে। সিহঁতে তাৰ পৰা উভতি আহি সকলোকে পানীৰ সংবাদ দিলে। সংবাদ শুনি সকলোৱেই সেইফালে অগ্রসৰ হ’ল। ৰাবীয়ে কৈছে, ইছমাঈল (আঃ)ৰ মা পানীৰ ওচৰত আছিল। সিহঁতে তেখেতক ক’লে, আমি আপোনাৰ নিকটৱর্তী স্থানত বসবাস কৰিব বিচাৰোঁ। আপুনি আমাক অনুমতি দিবনে? তেখেতে জবাব দিলে, হয়। কিন্তু, এই পানীৰ ওপৰত তোমালোকৰ কোনো অধিকাৰ নাথাকিব। সিহঁতে হ’ব বুলি মত প্রকাশ কৰিলে।
ইবনু ‘আব্বাছ (ৰাঃ)য়ে ক’লে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, এই ঘটনাই ইছমাঈলৰ মাকক এটি সুযোগ আনি দিলে। আৰু তেখেতেও মানুহৰ সাহচর্য বিচাৰিছিল। ইয়াৰ পিছত সিহঁতে তাত বসতি স্থাপন কৰিলে আৰু সিহঁতৰ পৰিবাৰ-পৰিজনৰ ওচৰতো সংবাদ পঠালে। তাৰ পিছত সিহঁতেও আহি তাত একেলগে বসবাস কৰিলে। পৰিশেষত তাত সিহঁতৰো কেইটিমান পৰিয়ালৰ বসতি স্থাপন হ’ল। আনহাতে ইছমাঈলও যৌৱনত উপনীত হ’ল আৰু সিহঁতৰ পৰা আৰবী ভাষা শিকিলে। যৌৱনত উপস্থিত হৈ তেওঁ সিহঁতৰ ওচৰত অধিক আকর্ষণীয় ও প্রিয়পাত্র হৈ উঠিল। ইয়াৰ পিছত যেতিয়া তেওঁ পূর্ণ যৌৱনপ্ৰাপ্ত হ’ল, তেতিয়া সিহঁতে তেওঁৰ লগত সিহঁতৰেই এগৰাকী ছোৱালীক বিবাহ দিলে। এই সময়তে ইছমাঈলৰ মা হাযেৰা (আঃ)য়ে ইন্তিকাল কৰে। ইছমাঈলৰ বিবাহৰ পিছত ইব্ৰাহীম (আঃ)য়ে তেখেতৰ পৰিত্যক্ত পৰিজনৰ অৱস্থা চোৱাৰ কাৰণে ইয়ালৈ আহিল। কিন্তু তেখেতে ইছমাঈলক নাপালে। তেখেতে তেওঁৰ স্ত্রীক তেওঁৰ সম্বন্ধে প্ৰশ্ন কৰিলে। স্ত্রীয়ে ক’লে, তেওঁ আমাৰ জীৱিকাৰ সন্ধানত বাহিৰলৈ গৈছে। ইয়াৰ পিছত তেখেতে পুত্রবধূক তেওঁলোকৰ জীৱন যাত্রা আৰু অৱস্থা সম্বন্ধে প্ৰশ্ন কৰিলে। তেওঁ ক’লে, আমি অতি দূৰৱস্থাত, অত্যধিক অভাৱ ও খুব কষ্টত আছোঁ। তেওঁ ইব্ৰাহীম (আঃ)ৰ ওচৰত তেওঁলোকৰ দুর্দশাৰ অভিযোগ কৰিলে। তেখেতে ক’লে, তোমাৰ স্বামী ঘৰলৈ আহিলে, তেওঁক মোৰ ছালাম জনাই কবা, তেওঁ যেন তেওঁৰ ঘৰৰ দৰ্জাৰ চৌকাঠ সলনি কৰি লয়। ইয়াৰ পিছত যেতিয়া ইছমাঈল (আঃ) ঘৰলৈ আহিল, তেতিয়া তেওঁ যেন কিছু আভাস পালে। তেতিয়া তেওঁ তেওঁৰ স্ত্রীক প্ৰশ্ন কৰিলে, তোমালোকৰ ওচৰলৈ কোনোবা আহিছিল নেকি? স্ত্রীয়ে ক’লে, হয়। এনেকুৱা এনেকুৱা আকৃতিৰ এজন বৃদ্ধ লোক আহিছিল আৰু মোক আপোনাৰ সম্বন্ধে প্ৰশ্ন কৰিছিল। মই তেখেতক আপোনাৰ সংবাদ দিলোঁ। তেখেতে মোক আমাৰ জীৱন যাত্রা সম্পর্কে প্ৰশ্ন কৰিলে, মই তেখেতক জনালোঁ, আমি খুব কষ্ট ও অভাৱত আছোঁ। ইছমাঈল (আঃ)য়ে প্ৰশ্ন কৰিলে, তেখেতে তোমাক কিবা নাছীহাত কৰিছে নেকি? স্ত্রীয়ে ক’লে, হয়। তেখেতে মোক নির্দেশ দিছে, মই যেন আপোনাক তেখেতৰ ছালাম পৌঁছাই দিওঁ আৰু তেখেতে পুনৰ কৈছে, আপুনি যেন আপোনাৰ ঘৰৰ দৰ্জাৰ চৌকাঠ সলনি কৰি লয়। ইছমাঈল (আঃ)য়ে ক’লে, এইজনেই মোৰ পিতা। এই কথাৰ দ্বাৰা তেখেতে মোক নির্দেশ দি গৈছে, মই যেন তোমাক পৃথক কৰি দিওঁ। এতেকে তুমি তোমাৰ আপোনজনৰ ওচৰলৈ গুচি যোৱা। এই কথা কৈ, ইছমাঈল (আঃ)য়ে তেওঁক তালাক দি দিলে আৰু সেই লোকসকলৰ পৰা অন্য এগৰাকী ছোৱালীক বিবাহ কৰালে। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে এওঁলোকৰ পৰা দূৰত থাকিল, আল্লাহে যিমানদিন ইচ্ছা কৰিলে। ইয়াৰ পিছত তেখেতে পুনৰ এওঁলোকক চাবলৈ আহিল। কিন্তু এইবাৰো তেখেতে ইছমাঈল (আঃ)ক দেখা নাপালে। তেখেতে পুত্রবধূৰ ওচৰত উপস্থিত হ’ল আৰু তেওঁক ইছমাঈল (আঃ) সম্পর্কে প্ৰশ্ন কৰিলে। তেওঁ ক’লে, তেওঁ আমাৰ খাদ্যৰ সন্ধানত বাহিৰলৈ গৈছে। ইব্বাহীম (আঃ)য়ে প্ৰশ্ন কৰিলে, তোমালোক কেনে আছা? তেখেতে তেওঁলোকৰ জীৱন-যাপন ও অৱস্থা জানিব বিচাৰিলে। তেতিয়া তেওঁ ক’লে, আমাৰ ভাল আৰু আমি স্বচ্ছল অৱস্থাত আছোঁ। আৰু তেওঁ আল্লাহৰ প্রশংসাও কৰিলে। ইব্ৰাহীম (আঃ)য়ে প্ৰশ্ন কৰিলে, তোমালোকৰ প্রধান খাদ্য কি? তেওঁ ক’লে, মাংস। তেখেতে পুনৰ জানিব ইচ্ছা কৰিলে, তোমালোকৰ পানীয় কি? তেওঁ ক’লে, পানী। ইব্ৰাহীম (আঃ)য়ে দু‘আ কৰিলে, হে আল্লাহ! তেওঁলোকৰ মাংস আৰু পানীত বৰকত দিয়া। নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, সেই সময়ত তেওঁলোকৰ তাত খাদ্যশস্য উৎপাদন হোৱা নাছিল। যদি হ’লহেঁতেন তেনেহ’লে ইব্ৰাহীম (আঃ)য়ে সেই বিষয়েও তেওঁলোকৰ কাৰণে দু‘আ কৰিলেহেঁতেন। বর্ণনাকাৰীয়ে কৈছে, মক্কাৰ বাহিৰে অন্য ক’তো কোনেও কেৱল মাংস আৰু পানীৰ দ্বাৰা জীৱন ধাৰণ কৰিব নোৱাৰে। কিয়নো, কেৱল মাংস আৰু পানী জীবন-যাপনৰ অনুকূল হ’ব নোৱাৰে।
ইব্ৰাহীম (আঃ)য়ে ক’লে, যেতিয়া তোমাৰ স্বামী উভতি আহিব, তেতিয়া তেওঁক ছালাম কবা, আৰু তেওঁক মোৰ পক্ষৰ পৰা হুকুম কৰিবা যে, তেওঁ যেন তেওঁৰ ঘৰৰ দৰ্জাৰ চৌকাঠ ঠিক ৰাখে। ইয়াৰ পিছত ইছমাঈল (আঃ) যেতিয়া উভতি আহিল, তেতিয়া তেওঁ ক’লে, তোমালোকৰ ওচৰলৈ কোনোবা আহিছিল নেকি? তেওঁ ক’লে, হয়। এজন সুন্দৰ চেহেৰাৰ বৃদ্ধ লোক আহিছিল আৰু তেওঁ তেখেতৰ প্রশংসা কৰিলে, তেখেতে মোক আপোনাৰ বিষয়ে প্ৰশ্ন কৰিছিল। মই তেখেতক আপোনাৰ সংবাদ জনাইছোঁ। ইয়াৰ পিছত তেখেতে মোৰ ওচৰত আমাৰ জীৱন-যাপন সম্পর্কে জানিব বিচাৰিলে। মই তেখেতক জনাইছোঁ যে, আমি ভালে আছোঁ। ইছমাঈল (আঃ)য়ে ক’লে, তেখেতে তোমাকে আন একো আদেশ কৰা নাই? তেওঁ ক’লে, হয়। তেখেতে আপোনাৰ প্রতি ছালাম জনাই আপোনাক নির্দেশ দিছে যে, আপুনি যেন আপোনাৰ ঘৰৰ চৌকাঠ ঠিক ৰাখে। ইছমাঈল (আঃ)য়ে ক’লে, এইজনেই মোৰ পিতা। আনহাতে তুমি হ’লা মোৰ ঘৰৰ দৰ্জাৰ চৌকাঠ। এই কথাৰ দ্বাৰা তেখেতে মোক নির্দেশ দিছে, মই যেন তোমাক স্ত্রী হিচাবে বাহাল ৰাখো। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে এওঁলোকৰ পৰা দূৰত থাকিল, যিমান দিন আল্লাহে বিচাৰিলে। ইয়াৰ পিছত তেখেত পুনৰ আহিল। (দেখিবলৈ পালে) যমযম কুঁৱাৰ ওচৰত থকা এডাল বৃহৎ গছৰ তলত বহি ইছমাঈল (আঃ)য়ে তেওঁৰ এডাল তীৰ মেৰামতি কৰি আছে। যেতিয়া তেওঁ নিজ পিতৃক দেখা পালে, তেওঁ থিয় হৈ তেখেতৰ ফালে আগুৱাই গ’ল। ইয়াৰ পিছত এজন বাপ-বেটাৰ লগত, এজন বেটা-বাপৰ সাক্ষাৎ হ’লে যেনেকুৱা কৰে তেওঁলোক উভয়ে তাকেই কৰিলে। ইয়াৰ পিছত ইব্ৰাহীম (আঃ)য়ে ক’লে, হে ইছমাঈল! আল্লাহে মোক এটি কামৰ নির্দেশ দিছে। ইছমাঈল (আঃ)য়ে ক’লে, আপোনাৰ ৰব! আপোনাক যি আদেশ কৰিছে, সেইটো কৰক। ইব্ৰাহীম (আঃ)য়ে ক’লে, তুমি মোক সহায় কৰিবা নে? ইছমাঈল (আঃ)য়ে ক’লে, মই আপোনাক সহায় কৰিম। ইব্ৰাহীম (আঃ)য়ে ক’লে, আল্লাহে মোক ইয়াত এটি ঘৰ বনাবলৈ নির্দেশ দিছে। এইবুলি তেওঁ ওখ টিলাটোৰ ফালে ইঙ্গিত কৰিলে যে, ইয়াৰ চাৰিওফালে ঘেৰ দি। তেতিয়া তেওঁলোক উভয়ে কা‘বা ঘৰৰ দেৱাল তুলিবলৈ লাগি গ’ল। ইছমাঈল (আঃ)য়ে পাথৰ আনিলে, আৰু ইব্ৰাহীম (আঃ)য়ে নির্মাণ কৰিলে। পৰিশেষত যেতিয়া দেৱাল ওখ হৈ গ’ল, তেতিয়া ইছমাঈল (আঃ)য়ে (মাকামে ইব্ৰাহীম নামে খ্যাত) পাথৰটি আনিলে আৰু ইব্ৰাহীম (আঃ)ৰ কাৰণে তাক যথাস্থানত ৰাখিলে। ইব্ৰাহীম (আঃ)য়ে তাৰ ওপৰত থিয় হৈ নির্মাণৰ কাম কৰিবলৈ ধৰিলে। আৰু ইছমাঈল (আঃ)য়ে তেখেতক পাথৰ যোগান ধৰি থাকে। তেতিয়া তেওঁলোক উভয়ে এই দু‘আ কৰি থাকিল, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’। তেওঁলোক উভয়ে পুনৰ কা‘বা ঘৰ তৈয়াৰ কৰি থাকে আৰু কা‘বা ঘৰৰ চাৰিওফালে ঘূৰি ঘূৰি এই দু‘আ কৰি থাকে- ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’। (আল-বাকাৰাহঃ ১২৭) (বুখাৰী ৩৩৬৪, ২৩৬৮) (আঃ প্রঃ ৩১১৪, ইঃ ফাঃ ৩১২২)

মছজিদত মহিলাৰ প্ৰৱেশ নিষেধ নেকি? লিখক - মুকিব আলী


" মছজিদ চৌহদত মহিলাৰ প্ৰৱেশ নিষেধ " শীৰ্ষক ফলকখনি বহুতো মছজিদৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত আঁৰি থোৱা আমি বহতেই প্ৰত্যক্ষ কৰিছোঁ । অসম তথা ভাৰতবৰ্ষৰ গৰিষ্ঠ সংখ্যক মুচলীমেই মহিলাই মছজিদত প্ৰৱেশ কৰাটো এক অপৰাধ হিচাবে গণ্য কৰি আহিছে ! কিন্তু শ্বৰীয়তৰ দৃষ্টিভংগীত এনে ধাৰণা কিমান শুদ্ধ , সেই দিশটো আমি তথ্য ভিত্তিক অনুসন্ধান কৰি চাইছো নে ?
এই সন্দৰ্ভত আলোচনাৰ আৰম্ভণিতে আমি কেইটিমান দিশ অতি সুক্ষ্মভাৱে পৰ্য্যালোচনা কৰাৰ প্ৰয়োজন আছে ! উদাহৰণ স্বৰূপে, শ্বৰীয়তে মহিলাক মছজিদত চালাত (নামাজ) আদায় কৰাতকৈ নিজৰ ঘৰৰ আভ্যন্তৰীণ কোঠাতহে চালাত আদায় কৰাটো উত্তম বুলি ঘোষণা কৰিছে । কিন্তু এই ঘোষণাই মছজিদত মহিলা প্ৰৱেশ কৰাটো অপৰাধ নুবুজাই যদিও আমাৰ কিছু সংখ্যক তথাকথিত নেতাই মুহাম্মদ (চঃ) য়ে এই সন্দৰ্ভৰ বিধান অতি স্পষ্ট কৰি থৈ যোৱাৰ পাছতো শ্বৰীয়তক নিজ খেয়াল খুচিৰে নিজৰ হাতত তুলি লৈছে ! নবী(চঃ) য়ে দি যোৱা বিধানক অগ্ৰাজ্য কৰি মুচলীম সমাজক বিপথে পৰিচালিত কৰিছে । নিম্ন উল্লেখিত হাদীছ কেইটিয়ে এই অভিযোগৰ বাস্তৱতা বহন কৰে -
১] ইবনু ওমৰ (ৰাঃ) বৰ্ণনা কৰিছে , ৰাছূল (চঃ) কৈছে : " আল্লাহৰ দাসী বা বান্দী সকলক মছজিদলৈ যাবলৈ বাধা নিদিবা ( আবুদাউদ /৫৬৬ )।
২] চালিম ইবনু আব্দুল্লাহ (ৰাঃ) তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে , নবী (চঃ) কৈছে : "তোমালোকৰ কাৰোবাৰ স্ত্ৰী চালাতৰ বাবে মছজিদলৈ যোৱাৰ অনুমতি বিচাৰিলে স্বামীয়ে যেন তেওঁক বাধা নিদিয়ে ( বুখাৰী /৮২৪)।
৩] ইবনু ওমৰ (ৰাঃ) ৰ পৰা বৰ্ণিত , ৰাছূল (চঃ) কৈছে : " তোমালোকৰ পত্নী সকলে যদি ৰাতি মছজিদলৈ যোৱাৰ অনুমতি বিচাৰে তেন্তে যাবলৈ দিবা ( বুখাৰী / ৮১৬ )।
৪] আবু হুৰাইৰাহ ( ৰাঃ) বৰ্ণনা কৰিছে , নবী (চঃ) কৈছে : " চালাতত পুৰুষৰ সৰ্ব্বোত্তম শাৰী হৈছে প্ৰথম শাৰী আৰু মহিলাৰ সৰ্ব্বোত্তম শাৰী হৈছে শেষৰ শাৰী ( আবুদাউদ /৬৭৮ )।
৫] আবু হুৰাইৰাহ (ৰাঃ) দ্বাৰা বৰ্ণিত , ৰাছূল (চঃ) কৈছে : " আল্লাহৰ মছজিদলৈ যোৱাত মহিলা সকলক বাধা নিদিবা , কিন্তু তেওঁলোকে যেন সুগন্ধি ব্যৱহাৰ কৰি নাযায় ( আবুদাউদ /৫৬৫ )।
৬] আবুবক্কৰ (ৰাঃ) ৰ ছোৱালী আছমা (ৰাঃ) কৈছে : " মই ৰাছূলুল্লাহ (চঃ) ক কোৱা শুনিছো -" তোমালোকৰ যিসকল বান্দী আল্লাহ ও শেষ দিনৰ ওপৰত বিশ্বাসী, তেওঁলোকে যেন চালাতত পুৰুষ সকলে মূৰ তোলাৰ আগতে তেওঁলোকে আগতীয়াকৈ মূৰ নোতোলে যাতে পুৰুষৰ গুপ্তাংগ দৃষ্টিগোচৰ নহয় ( আবুদাউদ /৮৫০ )।
এনে অসংখ্য হাদীছে মহিলাই মছজিদত চালাত আদায় কৰাৰ বৈধতা দাঙি ধৰে। কোৱা বাহুল্য যে, নিশ্চিত ভাবে মহিলাই মছজিদলৈ যোৱাটো ওমৰ(ৰাঃ) বাবে অপছন্দীয় আছিল, কিন্তু নবী (চঃ)ৰ স্পষ্ট হুকুমৰ বিপৰীতে তেখেতে কেতিয়াও মন্তব্য দিয়া নাছিল। নিম্ন উল্লেখিত হাদীছে ইয়াৰ প্ৰমাণ বহন কৰিছে -
" ওমৰ(ৰাঃ) এগৰাকী পত্নী আতিকা বিন্তে জায়িদ ফজৰ আৰু ঈশ্বাৰ চালাতত সদায়েই মছজিদত উপস্থিত আছিল । এবাৰ তেখেতক প্ৰশ্ন কৰা হল -" আপুনি কিয় চালাতৰ বাবে ঘৰৰ বাহিৰলৈ আহে, অথচ আপুনি ভালদৰে জানে যে ওমৰ ( ৰাঃ) ইয়াক মাথোঁ অপছন্দ কৰাই নহয়, মৰ্য্যদা হানি বুলিও গন্য কৰে ? এনে কি প্ৰতিবন্ধক আছে যাৰ বাবে আপোনাৰ স্বামীয়ে বাধা দিয়া নাই?  উত্তৰত কোৱা হল , প্ৰতিবন্ধক এয়েই যে আল্লাহৰ ৰাছূল (চঃ) কৈছে, 'বান্দীসকলক মছজিদলৈ যাবলৈ নিষেধ নকৰিবা' ( বুখাৰী /৮৪৭ )।
ইয়াৰ পাছতো বহুতেই ওমৰ(ৰাঃ) ই মহিলা মছজিদলৈ যোৱাটো বন্ধ কৰোৱা বুলি কৰা অপপ্ৰচাৰ প্ৰকৃততে এগৰাকী মহান চাহাবীৰ ওপৰত অনা এক ভূৱা অপবাদহে মাথোঁ !
ইয়াতকৈ ৰহস্যজনক বিষয় যে, সাম্প্ৰতিক সময়ত মহিলাই বজাৰ-হাট, ক'ৰ্ট-কাছাৰী আদি সকলো ৰাজহুৱা স্থানত মুক্ত মনেৰে ঘূৰি ফূৰোতেও কাহানিও কাকো আপত্তি কৰা দেখা নাযায় ! কিন্তু চালাতৰ বাবে মছজিদলৈ অহাৰ প্ৰশ্ন আহিলেই, বৰ্তমান জামানাৰ দোহাই দি ইয়াক বাধা দিয়াৰ ফতোৱাৰ অভাৱ নাই ! অথচ আবু হুৰাইৰাহ (ৰাঃ) ই ৰাছূল (চঃ) ৰ পৰা বৰ্ণনা কৰিছে, আল্লাহে কৈছে : " আদম সন্তান সকলে জামানা বা সময়ক দূষাৰুপ কৰি মোক কষ্ট দিয়ে ! অথচ ময়েই জামানা, সকলো কাৰ্য্যব্যৱস্থা মোৰ হাততেই ! ৰাতি আৰু দিনক ময়েই সলনি কৰো ( বুখাৰী /৫৭৪২ )।
আমি পাহৰি গলে নহব যে মহান আল্লাহে নিৰ্দ্ধাৰণ কৰি দিয়া বিধান পৃথিৱীৰ কোনো ব্যক্তিৰেই সলনি কৰাৰ তিলমানো অধিকাৰ নাই ! যিহেতু আল্লাহে কৈছে -" আল্লাহ আৰু তেখেতৰ ৰাছূল গৰাকীয়ে কোনো বিষয় সিদ্ধান্ত দিয়াৰ পাছত কোনো মুমিন পুৰুষ আৰু মুমিন নাৰীয়ে সেই বিষয়ত নিজে আন সিদ্ধান্ত দিয়াৰ অধিকাৰ নাই । যি আল্লাহ আৰু তেওঁৰ ৰাছূলৰ অবাধ্য হয় , সি প্ৰকাশ্যেই বিপথগামী ( আল- কোৰআন , ৩৩/৩৬ )।
সেয়েহে মহান আল্লাহৰ বিপৰীতে লোৱা যিকোনো সিদ্ধান্ত আমি সদায় প্ৰতিবাদ কৰা উচিত। সমাজৰ সকলো মছজিদতেই মহিলাই চালাত আদায় কৰিব পৰাকৈ আচুতীয়া ব্যৱস্থা ৰখাৰ ওপৰত গুৰুত্ব দিয়া উচিত। কিয়নো সময় অতিবাহিত হোৱাটো স্বাভাৱিক, কিন্তু মানচুখ ঘোষিত নোহোৱাকৈ হাদীছক কাহানিও পুৰণি হোৱা বুলি অৱজ্ঞা কৰাটো একেবাৰেই অনুচিত।

ফতোৱা কি, কোনে দিব পাৰে আৰু ফতোৱা দিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন ? লেখক - শ্বাহিদুল ইছলাম

ফতোৱা কি ?
দি ইছলামিক ছুপ্ৰিম কাউন্সিল অফ আমেৰিকাৰ মতে যুগৰ পৰিবৰ্তনৰ লগে লগে কোনো পৰিবৰ্তিত পৰিস্থিতত কোনো বিষয়ৰ লগত ইচলাম ধৰ্মীয় কোনো বিষয়ৰ মতানৈক্য সৃষ্টিৰ উপক্রম হলে বা সেই বিষয়ত কিবা স্পষ্টীকৰণৰ প্ৰয়োজন হলে সেই নিদিষ্ট বিষয়টোৰ ওপৰত যদি কোনো মুছলমানে মতামত বিচাৰে তেতিয়া তাৰ ওপৰত উপযুক্ত অৰ্হতা সম্পন্ন কোনো মুছলমান আলিমে দিয়া ৰায়ক সাংক্ষেপে ফতোৱা বুলি কোৱা হয়।

ফাতোৱা কোনে দিব পাৰে ?
অটোমান সাম্ৰাজ্যৰ পতনৰ পাছত বৰ্তমান বিশ্বৰ কতো মুছলমান সকলৰ বাবে কোনো উমৈহতীয়া কেন্দ্রীয় ইছলামিক ধাৰ্মিক কর্তৃপক্ষ নাই গতিকে ইছলামিক দেশ সমূহত সাধাৰণতে তাৰে চৰকাৰৰ তত্বাৱধানত যি সর্বোচ্চ ধর্মীয় পৰিষদ (Supreme Religious Council) গঠন কৰি দিয়া হয় তেওঁলোকে ফতোৱা দিয়াৰ ক্ষমতা লাভ কৰে। অনা-মুছলমান দেশ সমূহত প্ৰকৃতপক্ষে ফতোৱা জাৰি কৰাৰ বাবে কোনো নিদিষ্ট কর্তৃপক্ষ নাই যদিও এইবোৰ দেশত কোনো উচ্চ স্তৰৰ ইছলামিক ধাৰ্মিক প্ৰতিষ্ঠান বা সংগঠনে ফতোৱা দিয়ে আৰু আমিও তাকে মানি লওঁ, যেনে ভাৰতত দাৰুল উলুম দেওঁবন্দে ফতোৱা জাৰি কৰা ফতোৱা যথেষ্ঠ গুৰুত্ব সহকাৰে লোৱা হয়। দেওঁবন্দৰ ফতোৱা জাৰি কৰাৰ সুকীয়া বিভাগ এটাও আছে।
এতিয়া প্ৰশ্নটো হল, ফতোৱা দিব পাৰিব কোনে বা ফতোৱা দিয়া জনৰ কি কি যোগ্যতা থাকিব লাগিব এই সম্পৰ্কে আমাৰ আলিম উলেমা সকলৰ মাজত মতভেদ আছে যদিও সংখ্যাগৰিষ্ঠ আলিম উলেমাৰ মতে " ফতোৱা দিব পাৰে এজন বা এদল উপযুক্ত অৰ্হতা সম্পন্ন মুফতিয়েহে। ইয়াত আৰু এটা মনকৰিবলগীয়া কথা হল ফতোৱা জাৰি কৰিবলৈ মুফতি ডিগ্ৰী থকাটোৱে যথেষ্ট নহয় মুফতি জন ইজতিহাত সম্পন্ন অৰ্থাৎ কোৰআন আৰু হাদিছ সমূহ বিশ্লেষণ কৰাৰ সতন্ত্ৰ ক্ষমতা থাকিব লাগিব বুলি সকলো আলিম-উলেমাই মত পোষন কৰে। ইয়াৰ উপৰিও কিছুমান আলিমৰ মতে মুফতি গৰাকী ' অনুশীলন কৰি থকা মুফতি,(Practising Mufti) হোৱা উচিত । কথাটো আমি এনেকৈ বুজাব পাৰি, যিদৰে আইনৰ ডিগ্ৰী ললেই ব্যক্তি এগৰাকী উকিল হব নোৱাৰে তাৰ বাবে তেওঁ আদালতত গৈ অনুশীলন কৰিব লাগিব। ঠিক সেইদৰে ফতোৱা দিয়াৰ বাবে মুফতি ডিগ্ৰীটোৱে প্ৰযাপ্ত নহয় তাৰ বাবে তেওঁৰ অনুশীলনৰো প্ৰয়োজন আছে। এই নীতি অনুসৰন কৰি ইছলামিক দেশসমূহৰ "সর্বোচ্চ ধর্মীয় পৰিষদ" দেশৰ ইজতিহাত সম্পন্ন উৎকৃষ্ট মুফতিৰ দল এখনেৰে গঠন কৰা হয় । ঠিক সেইদৰে দাৰুল উলুম দেওঁবন্দৰ ফতোৱা কমিটিয়ো এজন মূখ্য মুফতিৰ নেতৃত্বত এদল উচ্চ স্তৰৰ মুফতি সকলৰ দ্বাৰাই গঠন কৰা হয়।
গতিকে ওপৰৰ আলোচনাৰ পৰা আমি কব পাৰি যে ফতোৱা কোনো মৌলবী, মৌলানা, ক্বাৰী ডিগ্ৰীধাৰী কোনো আলিম আনকি গোটেই কোৰআন খনকে মুখস্থ কৰি পেলোৱা হাফিজ এজনেও দিয়াৰ ক্ষমতা বা অধিকাৰ নাই। ফতোৱা কেবল এজন ইজতিহাত সম্পন্ন মুফতিয়ে দিব পাৰে আৰু মুফতি গৰাকী অনুশীলন কৰি থকা মুফতি হলে ভাল ।

ফতোৱা দিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন ?
ইচলামিক Jurisprudence ৰ এজন অন্যতম প্ৰবক্তা ইমান শাহাফি (ৰ:) ৰ মতে -
"সেইসকল লোকেহে কোৰআন মজিদক ব্যাখা কৰা বা ফতোৱা দিয়াৰ অধিকাৰ আছে যিসকলে কোৰআন সম্পূৰ্ণৰূপে বুজি পায়, কোৰআনৰ কোনবোৰ আয়াতক ৰহিত (abrogated) কৰা হৈছে আৰু কোনবোৰ আয়াতৰ দ্বাৰা ৰহিত কৰা হৈছে (by which verses they were abrogated) সেইবোৰক চিনাক্ত কৰাৰ দক্ষতা আছে, কোৰআনৰ কোনবোৰ আয়াত ইটোৰ লগত সিটো অনুৰূপ (resemble to each other) তাক নিৰ্ধাৰণ কৰাৰ দক্ষতা থকাৰ লগতে, কোনবোৰ আয়াত মক্কাত নাজিল (revealed) আৰু কোনবোৰ মদিনাত নাজিল হৈছিল তাক নিৰ্নয় কৰিব পাৰে । হাদিছ সমূহৰ কোষ ( corpus - মানব দেহৰ কোষ , ৰক্তকনিকা ) সম্পৰ্কে তেওঁৰ সম্পূৰ্ণ জ্ঞানৰ লগতে চহিহ,জাল,জঈফ হাদিছ সমূহ চিনাক্তকৰণ কৰিৰ যোগ্যতা আছে । তেওঁ নবী (ছ:) ৰ যুগৰ আৰবী ভাষা জনাৰ উপৰিও আৰবী ব্যাকৰন (grammar) আৰু উচ্চাৰণ (eloquence) ৰ লগতে আৰবৰ কবিতা (poetry) সম্পৰ্কে জ্ঞাত।  উপৰঞ্চি ভাবে তেওঁ যি ঠাইত বাস কৰে সেই ঠাইত বসবাস কৰা বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ সংস্কৃতি সম্পর্কেও ভালদৰে অবগত। যদি কোনো ব্যক্তিৰ মাজত এই বৈশিষ্ট্য (attributes) সমূহ একেলগে বিদ্যমান থাকে তেওঁহে ইছলামত কি বৈধ (হালাল) আৰু কি অবৈধ (হাৰাম) তাৰ ওপৰত মাত মাতিব পাৰিব অৰ্থাৎ কোনো বিষয়ৰ ওপৰত ৰায় বা ফতোৱা দিব পাৰিব অন্যথাই নোৱাৰে"।

ইমান শাহাফি (ৰ:) য়ে নিৰ্ধাৰণ কৰি দিয়া ওপৰোক্ত বৈশিষ্ট্য সমুহৰ ভিত্তিত যদি আমি ফতোৱা দিব পৰা যোগ্যতা সম্পন্ন আলিম বিচাৰিব যাওঁ তেনেহলে গোটেই পৃথিৱীত কেইজন যোগ্য আলিম ওলাব তাত সন্দেহ আছে কিন্তু একাংশ মিডিয়াৰ বাবে কাঠ মোল্লা এজনৰ মুখৰ পৰা কিবা মন্তব্য ওলালেই সেয়াই ফতোৱা । সেয়া বাৰু যিয়ে নহওঁক ইছলামৰ কোনো জ্ঞান নথকা বা থাকিলেও মুছলমানক বদনাম কৰাৰ বাবে বা টিআৰপিৰ আশাত মিডিয়াই কৃতত্বহীন একাংশ আলিম-উলেমাই কোনো বিবাদীত বিষয়ৰ ওপৰত দিয়া মন্তব্যক কোনোৱাই ফতোৱা বুলি অপ-প্ৰচাৰ চলালেও আমি মুছলমান সকলে এই বিষয় বোৰ লৈ অতি সাবধগন হব লাগিব। 

Tuesday, 13 March 2018

মৃতকৰ নামত প্ৰচলিত কিছুমান বিদ‘আত আৰু মৃতকৰ কাৰণে কৰণীয় : লেখক জুবাইৰ ৰহমান


মানুহৰ মৃত্যুৰ পিছত মৃতকৰ হকে আম্বিয়া খতম, কুৰআন খতম, জিয়াৰতৰ অনুষ্ঠান, ভোজ-ভাত বা দু‘আৰ অনুষ্ঠান ইত্যাদি কৰা দেখা যায়। এয়া বিধৰ্মীৰ অনুকৰণত কৰা অনুষ্ঠান। এই সকলোবোৰ বিদ‘আত। বিদ‘আতীৰ কোনো আমল কবুল নহয়। ইয়াত টকা খৰচ কৰা আৰু মানুহক দেখুৱাৰ বাহিৰে আন একো লাভ নহয়¸ বৰং বিদ‘আত কৰাৰ কাৰণে জাহান্নামত স্থান নিৰ্ধাৰণ কৰা হয়। মনত যদি আনক দেখুৱাৰ ভাৱ আহে তেনেহ’লে সেইটো ‘ৰিয়া’ত পৰিণত হয়। ‘ৰিয়া’ হ’ল সৰু শ্বিৰ্ক। সৰু শ্বিৰ্ক হ’ল কবিৰা গুনাহ। তৌবাহ নকৰিলে মাফ নহয়।
মানুহৰ মৃত্যু হোৱাৰ লগে লগে তাৰ যাৱতীয় আমল বন্ধ হৈ যায় আৰু সি তাৰ পৰিণতিৰ শেষ পর্যায়ত উপস্থিত হয়। কিন্তু তিনিটা আমল বন্ধ নহয়। সেই তিনিটা আমলৰ ছওৱাব মৃত ব্যক্তিয়ে তাৰ কবৰত পাই থাকে।
.
আমল তিনিটা হ’লঃ-
.
১। ছদকায়ে জাৰিয়া,
২। এনেকুৱা জ্ঞান- যাৰ দ্বাৰা উপকৃত হোৱা যায় আৰু
৩। এনেকুৱা নেক সন্তান- যিয়ে তেওঁৰ কাৰণে দু‘আ কৰে। (ছহীহ বুখাৰী ১২৯১, ছহীহ মুছলিম ৪৩১০, তিৰমিযী ১৩৮০)
দান খয়ৰাত কৰা।
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, ‘মোৰ মা হঠাৎ ইন্তেকাল হৈছে। মোৰ ধাৰণা যে, তেওঁ কথা কোৱাৰ সুযোগ পালে ছাদকাহ কৰিলেহেঁতেন। এতেকে মই যদি তেওঁৰ পক্ষৰ পৰা ছাদকাহ কৰোঁ, তেনেহ’লে তেওঁ নেকী পাবনে?’ তেওঁ ক’লে, “হয়।”  (বুখাৰী ও মুছলিম)
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “মুমিনৰ মৃত্যুৰ পিছত তাৰ আমল ও পুণ্যকর্মসমূহৰ পৰা নিশ্চিতভাৱে যিবোৰ আহি তাৰ সৈতে মিলিত হয়, সেইবোৰ হ’ল; সেই ইলম, যিটো সি শিকি লৈ প্রচাৰ কৰিছে অথবা নেক সন্তান, যাক ৰাখি সি ইন্তেকাল কৰিছে, অথবা কুৰআন মজিদ, যাক সি মিৰাছৰূপে এৰি গৈছে, অথবা মছজিদ, যিটো সি নিজে নির্মাণ কৰি গৈছে, অথবা মুছাফিৰখানা, যিটো সি মুছাফিৰসকলৰ সুবিধার্থে নির্মাণ কৰি গৈছে, অথবা পানীৰ নলা যাক সি (খেতি-বাতি ইত্যাদিৰ উদ্দেশ্যে) প্রবাহিত কৰি গৈছে, অথবা ছাদকাহ, যিটো সি নিজৰ মালৰ পৰা তাৰ সুস্থ ও জীৱিতাৱস্থাত দান কৰি গৈছে। এইবোৰ কর্মৰ ছওৱাব তাৰ মৃত্যুৰ পিছতো সি পাই থাকিব।” (ইবনে মাজাহ, বায়হাকী, ইবনে খুজাইমাহ ভিন্ন শব্দত, ছহীহ তাৰগীব ১০৭ নং)
হজ্জ উমৰাহ কৰা।
আব্দুল্লাহ ইবন আমৰ (ৰাঃ)য়ে কৈছে, আচ বিন ওৱাইল ছাহমীয়ে তেওঁৰ তৰফৰ পৰা ১০০ ক্রীতদাস মুক্ত কৰাৰ অছীয়ত কৰি মৃত্যু বৰণ কৰে। গতিকে তেওঁৰ সৰু ল’ৰা হিছামে ৫০ জন দাস মুক্ত কৰে। ইয়াৰ পিছত তাৰ ডাঙৰ ল’ৰা আমৰ বাকিয়ে ৫০ জন দাস মুক্ত কৰাৰ ইচ্ছা প্রকাশ কৰি ক’লে, ‘(বাপেকৰ তো কাফিৰ অৱস্থাত মৃত্যু গেছে) সেয়েহে মই এই কাম আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক নোসোধাকৈ নকৰোঁ।’ সেয়েহে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ঘটনাটো খুলি কৈ প্ৰশ্ন কৰিলে, “মই বাকী ৫০ জন দাস তেওঁৰ তৰফৰ পৰা মুক্ত কৰিম নে?” উত্তৰত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “তেওঁ যদি মুছলিম হ’লহেঁতেন আৰু তোমালোকে তেওঁৰ তৰফৰ পৰা দাস মুক্ত কৰিলে, অথবা ছাদকাহ কৰিলে অথবা হাজ্জ কৰিলে তাৰ ছওৱাব তেওঁৰ ওচৰ পালেহেঁতেন।” (আবু দাউদ হা/২৮৮৩, বায়হাকী ৬/২৭৯, আহমাদ হা/৬৭০৪)
তেওঁলোকৰ কোনো অছীয়ত থাকিলে তাক পালন কৰক।
তেওঁলোকৰ কোনো বন্ধু থাকিলে তেওঁৰ খাতিৰ কৰক।
তেওঁলোকৰ সম্পৰ্কীয়সকলৰ লগত আত্মীয়তাৰ বন্ধন বজায় ৰাখক।
জানি লব, যিটো আপুনি নিজৰ স্বার্থৰ হকে বা সুনামৰ কাৰণে কৰিব অথবা বদনামৰ পৰা বাঁচিবৰ কাৰণে কৰিব, সেইটো কোনো উপকাৰত নাহিব। বিদ‘আতী কোনো আমল উপকাৰত নাহিব। বৰং নিজেই ক্ষতিগ্ৰস্থ হ’ব।
সকলোতকৈ বেছি উপকাৰী হিচাবে আপুনি প্রত্যেক ফৰজ নামাজৰ শেষাংশত তেওঁলোকৰ কাৰণে দু‘আ কৰক। তেনেহ’লে তেওঁলোকৰ হক আদায় কৰিব পাৰিব। আল্লাহে আমাক সঠিক জ্ঞান দিয়ক। আমিন।

Sunday, 11 March 2018

ইজমা আৰু কিয়াছ কি ? লেখক - জুবাইৰ ৰহমান


ইজমা আৰু কিয়াছক লৈ আমাৰ সমাজত ব্যাপক ভুল ধাৰণা বিদ্যমান। আমি বহুতেই নাজানোঁ যে ইজমা কি আৰু কিয়াছ কি! মানুহে ইজমা-কিয়াছ সম্পর্কে মাৰাত্মক ভুল জ্ঞান ৰখাৰ কাৰণে প্রতিদিনে নতুন নতুন বিষয় ধর্মৰ মাজত ইজমা-কিয়াছৰ নাম দি সুমুৱাই দিয়া হৈছে। বিশেষকৈ বিদ‘আতী, খুব কব জ্ঞানী চুফিবাদী আলিম নামধাৰী লোকসকলে সাধাৰণ মানুহৰ ওচৰত নতুন নতুন বিষয় উপস্থাপন কৰি কয় এইটো ইজমা হৈ গৈছে, সেইটো কিয়াছ হৈ গৈছে। সাধাৰণ মানুহেও নুবুজি সেইবোৰ গ্রহণ কৰিছে আৰু ছহীহ বিষয় উপস্থাপন হ’লেও তেওঁলোকে সেইটো মানিবলৈ অস্বীকাৰ কৰি ইজমা কিয়াছৰ যুক্তি দাঙি ধৰে। অথচ তেওঁলোকে নাজানে ইজমা কি বা কিয়াছ কি!
প্ৰথমতে কোৰআনত আল্লাহে কি কৈছে সেয়া চাওঁ আঁহক-
“আজি মই তোমালোকৰ কাৰণে তোমালোকৰ দ্বীনক পৰিপূর্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূর্ণ কৰিলোঁ আৰু তোমালোকৰ কাৰণে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ।” (ছুৰা আল-মায়িদাহ : ৩)
“হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ দায়িত্বশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত উৎকৃষ্টতৰ।” (ছুৰা আন-নিছা : ৫৯)
“সিহঁত ইমানদাৰ হ’ব নোৱাৰে¸ যেতিয়ালৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্ট বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক [ৰাছুল ছঃ] ন্যায়বিচাৰক বুলি স্বীকাৰ নকৰে।’’ (ছুৰা আন-নিছা : ৬৫)
“কোৱা! তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’’ (আলে-ইমৰান : ৩২, ১৩২; আন-নিছা : ৫৯; আল-আনফাল : ১, ২০, ৪৬; আন-নুৰ : ৫৪, ৫৬; মুহাম্মদ : ৩৩; আল-মুজাদালাহ : ১৩; আত-তাগাবুন : ১২)
“তোমালোকৰ প্রতিপালকৰ ফালৰ পৰা যি অৱতীর্ণ হৈছে তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁক (আল্লাহক) বাদ দি আন কাকো অভিভাভকৰূপে (আউলিয়াৰ) অনুসৰণ নকৰিবা। তোমালোকৰ কম সংখ্যকেই উপদেশ গ্ৰহণ কৰা।’’ (ছুৰা আল-আ’ৰাফ, আয়াত ৩)
     বহুতেই কৈ থাকে কোৰআন হাদীছত সমাধান নাপালে কি কৰিব? অথচ স্বয়ং আল্লাহে কৈছে ,ছুৰা আন-নিছাৰ ৫৯নং আয়াতত মতানৈক্য হ’লে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু কোৰআনৰ ফালে ঘূৰি আহিবলৈ! অর্থাৎ কোৰআন আৰু হাদীছৰ মাজতেই সমাধান নিশ্চয় আছে। তাৰ পিছতো যদি কয় কোৰআন আৰু হাদীছত তো নাই! তেনেহ’লেতো আৰু সহজ, যিটো কোৰআন আৰু হাদীছত নাই সেইটো ইছলামতো নাই!
     ‘‘নিশ্চয় সর্বোত্তম বাণী আল্লাহৰ কিতাব আৰু সর্বোত্তম আদর্শ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদর্শ। আৰু সকলোতকৈ নিকৃষ্ট বিষয় হ’ল (দ্বীনৰ মাজত) নৱ আৱিষ্কৃত বিষয়; আৰু নৱ আৱিষ্কৃত প্রত্যেক বিষয় বিদ‘আত আৰু প্রত্যেক বিদ‘আত হ’ল ভ্রষ্টতা আৰু প্রত্যেক ভ্রষ্টতাৰ পৰিণাম জাহান্নাম।” (ছহীহ মুছলিম : ১৫৩৫ ও ছুনান আন-নাছাঈ : ১৫৭৮, হাদীছৰ শব্দ চয়ন নাছাঈৰ পৰা)
     দ্বীন ইছলাম পৰিপূর্ণ। (ছুৰা আল-মায়িদাহ : ৩)।
     এতিয়া ইজমা কিয়াছৰ নামত দ্বীন ইছলামত নতুন নতুন সংযোজন কি আদৌ সম্ভৱ? ইছলামী শ্বৰীয়তৰ (আইনৰ) তৃতীয় উৎস হ’ল ইজমা। ইজমা হ’ল এই উম্মতৰ দীনি জ্ঞানসম্পন্ন মুজতাহিদসকলৰ ঐক্যমত পোষণ আৰু ইয়াৰ ভিত্তি হ’ল ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামৰ ছহীহ হাদীছ-
‘‘মোৰ উম্মত কেতিয়াও ভ্রষ্ট পথত একমত নহ’ব’’। (মুস্তাদৰাকে হাকিম (১/২০০-২০১) হাদীছ নং- ৩৯৪, ৩৯৬, ৩৯৭, ৩৯৯, ৪০০ আৰু চাওঁক: আবু দাউদ (৪/৯৮) হাদীছ নং- ৪২৫৩; তিৰমিযী (৪/৪৬৬) হাদীছ নং- ২১৬৭; ইবনে মাজাহ (২/১৩০৩) হাদীছ নং- ৩৯৫০)।
     গতিকে উম্মতৰ সকলোৱে যদি কোনো বিষয়ত একমত হয়, তেনেহ’লে সেইটোও আল্লাহ আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুমতিক্রমেই হ’ব আৰু সেইটো হ’ব গ্রহণযোগ্য। এনেধৰণৰ পূর্বৱর্তী কোনো দ্বীনৰ ক্ষেত্রত সিহঁতৰ নবীৰ মুখৰ পৰা কোনো অভয়বাণী শুনোৱা হোৱা নাই। ফলত সিহঁতৰ সকলোৱে একমত হ’লেও সেই মতটো সঠিক হোৱাৰ নিশ্চয়তা নাই। অথচ আমাৰ ইয়াত কম জ্ঞানী লোকসকলেও ইজমাৰ বয়ান কৰি সমাজ চলাই আছে! আজিৰ সমাজৰ ফালে লক্ষ্য কৰিলে সহজে বুজা যায় যে আহলে ছুন্নাত ওৱাল জাম‘আতৰ আলিমসকলে অন্যান্য প্রচলিত বিভিন্ন ফিৰ্কাৰ নিজস্ব মতামত গ্রহণ কৰা নাই। তেওঁলোকে কোৰআন আৰু ছহীহ হাদীছৰ বাহিৰে কোনো মতামত গ্রহণ নকৰে। ব্যক্তিগত কোনো মতামত তেওঁলোকে গ্রহণ নকৰে। গতিকে ইজমা ইজমা কৰি যিসকলে নতুন বিষয় দ্বীনত প্রৱেশ কৰাইছে তেওঁলোকে মূলতঃ ইজমাক লৈ মানুহক বুৰ্বক বনাইছে। আজিৰ সমাজত কিছু সংখ্যক বিদ‘আতী আলিমে নতুনকৈ ইজমা ইজমা কৰি আছে, অথচ আলিমসকলৰ কিছুমানে ৰীতিমতে তেওঁলোকৰ বিৰোধিতা কৰিছে! তেনেহ’লে ইজমা কি ধৰণে হ’ল?
     “যিয়ে আমাৰ এই ধর্মত এনেকুৱা কোনো নতুন বিষয় উদ্ভাৱন কৰিব যিটো ধর্মৰ অন্তর্ভুক্ত নাছিল সি প্রত্যাখ্যাত হব”। (বুখাৰী ও মুছলিম)
     অধিক সংখ্যক আলিমৰ মতে চাৰি খলিফাৰ পিছত উম্মতৰ মাজত ইজমা হোৱাৰ আৰু কোনো সুযোগেই নাই! ইজমাৰ উদাহৰণ হৈছে, যেনেকৈ প্রত্যেক ব্যক্তিৰ কাৰণে পাচ ওৱাক্তত ১৭ ৰাক‘আত ছালাত ফৰজ। এই ফৰজ কমও কৰিব নোৱাৰি বা বেছিও কৰিব পৰা নাযায়। এইটোৱেই হৈছে ইজমা। কোনোবাই যদি কয় ১৭ ৰাক‘আত নহয়, ১৮ ৰাক‘আত বা ১৯ ৰাক‘আত তেতিয়াহ’লে সেইটো গ্রহণযোগ্য নহ’ব। এইটোৱেই ইজমা যে ১৭ ৰাক‘আত ফৰজ ছালাত। এইটো ১৪৫০ বছৰ আগৰ পৰাই প্রকাশিত এটা বিষয়। নতুন বিষয় নহয়। কোনোবাই যদি কয় ৱিতিৰ ছালাত ফৰজ এইটো ইজমা, তেনেহ’লে এইটো ভুল। ফৰজ নিশ্চয় নহয়। ৱিতিৰ ছালাত ছুন্নাতে মুৱাক্কাদা অর্থাৎ খুব গুৰুত্বপূর্ণ ঠিক যেনেকৈ ফজৰৰ ছুন্নাত ছালাত খুব গুৰুত্বপূর্ণ, যদিও কোনো কোনোৱে ওৱাজিব বুলি কৈছে। কিন্তু অধিকাংশ আলিমৰ মতে এইটো ছুন্নাতে মুৱাক্কাদাহ। লক্ষণীয় বিষয় হ’ল কোনোবাই যদি কয় ৱিতিৰ ফৰজ বা ওৱাজিব এইটো ইজমা তেনেহ’লে ভুল। ওপৰৰ হাদীছ লক্ষ্য কৰক “একমত নহ’ব” অর্থাৎ অধিকাংশ আলিমে ছুন্নাতে মুৱাক্কাদাহ বুলি কৈছে যদিও কিছুমানে ওৱাজিব বুলি কৈছে। কিন্তু সকলোৱে একমত দৈনিক পাচ ওৱাক্ত ছালাত ফৰজ। চাৰি ওৱাক্ত নহয় বা ছয় ওৱাক্তও নহয়। এইটোৱেই ইজমা। জাকাত ফৰজ এইটো ইজমা। চিয়াম (ৰোজা) ফৰজ এইটো ইজমা।
ইছলামী শ্বৰীয়তৰ (আইনৰ) চতুর্থ উৎস হ’ল কিয়াছ:
_________________________
     কিয়াছ নির্ভৰ কৰে পূর্বৱর্তী তিনিটা উৎসৰ ওপৰত। গতিকে এইটো মনেসজা একো নহয়। কিয়াছ হৈছে কোৰআন আৰু হাদীছক কিয়ামত পর্যন্ত সংযোগ স্থাপন কৰা। এইটো নতুন কোনো বনোৱা বিষয় নহয়। ইয়াৰ সৰু এটা উদাহৰণ হ’ল- এখন কাগজত কোৰআন লিখা কি নিষেধ? ইয়াত কিয়াছ হৈছে- নিশ্চয় নহয়। কাৰণ তৎকালীন সময়ত চামড়াত¸ গছৰ পাতত¸ বাকলিত লিখা হৈছিল, যদি কাগজ থাকিলহেঁতেন তেনেহ’লে কাগজতো লিখিলেহেঁতেন। এই যে ১৪৫০ বছৰ আগতে নাজিল হোৱা কোৰআনৰ বিধান বর্তমান সময়ত সমন্বয় কৰা এইটোৱেই কিয়াছ। বিল্লাল ৰাদ্বিয়াল্লাহু আনহুক উচ্চস্বৰে আজান দিবলৈ কোৱা হৈছিল যাতে বেছি দূৰলৈকে মানুহে আজান শুনিবলৈ পায়। এজন অন্ধ লোকক আজান শুনিবলৈ পালে মছজিদত হাজিৰ হোৱাৰ নির্দেশ দিয়া হৈছিল। আজান যিমান বেছি দূৰলৈকে যাব সিমানে ছাওৱাব অর্জনৰ কথা হাদীছত আহিছে। ইছলামত জীৱনৰ প্রয়োজনীয়তাত নতুন টেকনোল’জি ব্যৱহাৰ কৰাত নিষেধ কৰা নাই। গতিকে বুজা গৈছে যদি সেই সময়ত মাইক থাকিলহেঁতেন তেনেহ’লে মাইক ব্যৱহাৰ কৰা হ’লহেঁতেন। মাইক ব্যৱহাৰে দ্বীন ইছলামৰ বিধান পৰিৱর্তন কৰা নাই।
     “যিয়ে কোনো ভাল পদ্ধতি প্রচলন কৰিলে তেওঁ তাৰ ছাওৱাব পাব আৰু সেই পদ্ধতি অনুযায়ী যিয়ে কাম কৰিব তেওঁলোকৰ ছাওৱাবো তেওঁ পাব, তাতে তেওঁৰ ছাওৱাবৰ কোনো কম কৰা নহ’ব। আনহাতে যি ব্যক্তিয়ে ইছলামত কোনো বেয়া পদ্ধতি প্রৱর্তন কৰিব তেওঁ তাৰ পাপ বহন কৰিব, আৰু যিসকলে সেই পদ্ধতি অনুসৰণ কৰিব তেওঁলোকৰ পাপও তেওঁ বহন কৰিব, তাতে তেওঁলোকৰ পাপৰ কোনো কম কৰা নহ’ব।” (মুছলিম)
     এই যে সংযোজন অর্থাৎ কানেক্টিভিটি ১৪৫০ বছৰ আগৰ কোৰআন আৰু হাদীছৰ বাণীৰ সৈতে এইটোৱেই হৈছে কিয়াছ, কিয়াছ কোৰআন আৰু হাদীছৰ বাহিৰত নহয়। অথচ সমাজত দ্বীনৰ নামত নতুন বিষয় সংযোজন কৰি কোৱা হৈছে এইটো কিয়াছ! অথচ দ্বীনৰ মাজত প্রত্যেক নতুন সংযোজন বিদ‘আত যিটো গোমৰাহী আৰু যাৰ পৰিণাম জাহান্নাম।
     গতিকে কিয়াছৰ নামত কোৰআন আৰু ছুন্নাহৰ বিপৰীত কোনো বিষয় গ্রহণ কৰা কেনেকৈ সমীচীন হ’ব?
     “যিয়ে আমাৰ এই ধর্মত এনেকুৱা কোনো নতুন বিষয় উদ্ভাৱন কৰিব যিটো ধর্মত অন্তর্ভুক্ত নাছিল সেইটো প্রত্যাখ্যাত হ’ব”। (বুখাৰী ও মুছলিম)
     একেদৰে বাছত যোৱা¸ বিমানত যোৱা, মেচিনত কাপোৰ চিলাই কৰা জায়েজ হয় নে, মাদ্রাছা প্রতিষ্ঠা কৰা জায়েজ নে ইত্যাদি এইবিলাক সম্পর্কে মাছা‘আলা কিয়াছৰ ভিত্তিত হয়। কিন্তু দ্বীন ইছলামৰ কোনো বিষয়েই হেৰ-ফেৰ কৰাৰ সুযোগ নাই।
     গতিকে আমি বুজিব পাৰিছোঁ যে, ইছলাম এনেকুৱা এটা দ্বীনৰ নাম, যিটো সম্পূর্ণভাৱে আগৰে পৰাই আছে আৰু তাৰ বিধানসমূহত বাহিৰৰ কোনো প্রভাৱ তাত পৰা নাই। যিহেতু আল্লাহ তা‘আলাই এই বিধান দিছে, আৰু জ্ঞান-বিজ্ঞানও আল্লাহৰ পক্ষৰ পৰাই দিয়া নিয়ামত বিশেষ, সেয়েহে এই দুটা কেতিয়াও পৰস্পৰ বিৰোধী হ’ব নোৱাৰে। বাস্তৱতো সেইটো ঘটা নাই। আল্লাহৰ কোৰআনৰ কোনো আয়াত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো ছহীহ হাদীছ বিজ্ঞানত পৰীক্ষিত কোনো ধ্রুৱসত্যৰ বিৰোধী হৈছে বুলি— এনেকুৱা কোনো প্রমাণ আজিলৈকে কোনেও দিব পৰা নাই। যদিও কোনো কোনো ক্ষেত্রত বিজ্ঞানৰ কোনো কোনো থিওৰি প্রাথমিকভাৱে আল-কোৰআন আৰু ছহীহ হাদীছৰ সৈতে বিৰোধী হৈছে বুলি ভাৱ হৈ থাকে, তথাপিও তাত আল্লাহৰ কোৰআন আৰু ছহীহ হাদীছেই মূলতঃ গ্রহণযোগ্য হ’ব, কাৰণ এই সমস্ত প্রাথমিক থিওৰি (যিবোৰ পৰীক্ষিত সেইবোৰ সত্য বুলি প্রমাণিত হোৱা নাই) পৰিৱর্তনশীল। আল্লাহৰ কোৰআনৰ কোনো আয়াত, আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো ছহীহ হাদীছ পৰিৱর্তনশীল নহয়। অৱশ্যে কোনো কোনো ক্ষেত্রত খৰধৰকৈ বহুতেই সঠিক অর্থ ও ব্যাখ্যা অনুধাৱন কৰিব নোৱাৰে। সেই ক্ষেত্রত দৰকাৰ প্রকৃত জ্ঞানীৰ ওচৰলৈ উভতি যোৱা। আনহাতে ইছলামে জ্ঞান-বিজ্ঞানক উৎসাহিত কৰিছে, জ্ঞান অর্জনক ফৰজ কৰিছে। ইছলামত বিজ্ঞানীসকলৰ যি কদৰ আছে, অন্যান্য ধর্মৰ সৈতে ইয়াৰ কোনো তুলনাই হ’ব নোৱাৰে। গতিকে দ্বীন (ইছলাম) আৰু জ্ঞান-বিজ্ঞান পৰস্পৰ বিৰোধী বোলা সম্পূর্ণ অযৌক্তিক। সেয়েহে ইছলামী বিধান বাস্তৱায়নত এই সন্দেহৰ অৱতাৰণা কৰা বাতুলতা মাত্র।
     ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নির্দেশ দিছে কোৰআন আৰু ছুন্নাহক দৃঢ়ভাৱে খামুচি ধৰিবলৈ। ইজমা আৰু কিয়াছ কোৰআন আৰু ছুন্নাহৰেই অংশ। বাহিৰৰ একো নহয়। দ্বীন ইছলাম পৰিপূর্ণ। নতুন সংযোজন বা বিয়োজনৰ কোনো সুযোগ নাই। তেনেহ’লে কেনেকৈ ইজমাৰ নামত কিয়াছৰ নামত নতুন বিষয় ইছলামত প্রৱেশ কৰোৱা সম্ভৱ???