Friday, 21 July 2017

হজৰত মহম্মদ (ছ:) আৰু আয়েশা (ৰা:) ৰ বিবাহ , লেখক - শ্বাহিদুল ইছলাম

হজৰত মহম্মদ (ছ:) আৰু আয়েশা (ৰা:) ৰ বিবাহ

হজৰত মহম্মদ (ছঃ) ৰ লগত আয়েশা (ৰা:) ৰ বিয়াৰ সময়ত আয়েশা (ৰাঃ) ৰ বয়স 6 (ছয়) বছৰ আছিল আৰু উক্ত বিয়া যেতিয়া তাইৰ 9 (ন) বছৰ পূৰ্ণ হৈছিল তেতিয়াহে সম্পূৰ্ণ হৈছিল ।
এতিয়া প্ৰশ্ন হল 6 বা 9 বছৰীয়া নাবালিকা এগৰাকীৰ বিয়া হোৱাটো কিমান যুক্তিপূৰ্ণ বা আয়েশা (ৰাঃ) নাবালিকা আছিল নেকি?

আগতে কৈছো আয়েশা (ৰাঃ) ৰ বিয়াই পৰিপূৰ্নতা লাভ কৰিছিল তাইৰ যেতিয়া 9 বছৰ হৈছিল গতিকে আয়েশা (ৰাঃ) ৰ লগত হজৰত মহম্মদ(ছঃ) ৰ বিয়া প্ৰকৃততে তাইৰ যেতিয়া 9 বছৰ তেতিয়াহে সম্পূৰ্ণ হৈছিল বুলি কব পাৰি । কিন্তু এই তিনি বছৰ কাল অপেক্ষা কৰাৰ কাৰন কি?

ইয়াৰ উত্তৰ হল ইচলাম ধৰ্মমতে ছোৱালী এগৰাকীয়ে ঋৃতুশ্ৰাব আৰাম্ভ হোৱাৰ লগে লগে পূৰ্নপ্ৰাপ্ত বয়স্ক হোৱা বুলি গন্য কৰা হয় আৰু সেয়েহে বিয়াৰ পিছতো সেই বিয়াক পৰিপূৰ্নতা দিবলৈ তিনি বছৰ কাল অপেক্ষা কৰা হৈছিল। তাৰমানে তাই 9 (ন) বছৰ বয়সত প্ৰাপ্ত বয়স্ক হৈছিল আৰু হজৰত মহম্মদ (ছঃ) ৰ লগত আয়েশা (ৰাঃ) ৰ বিয়াৰ সময়ত তাই নাবালিকা নাছিল ।
চিকিৎসা বিজ্ঞানৰ মতেও ঋৃতুশ্ৰাব আৰাম্ভ হোৱাৰ প্ৰায় এবছৰৰ পূৰ্বে অৰ্থাৎ ছোৱালী এগৰাকীৰ ডিম্বাশয়ত ডিম্বানু উৎপন্ন আৰাম্ভ হোৱাৰ লগে লগে তাই শাৰিৰিক ভাবে সন্তান জন্ম দিবলৈ সক্ষম হৈ উঠে । কিছু বছৰ আগতে পেৰুৰ লিনা মেডিনা নামৰ ছোৱালী জনীয়ে মাত্ৰ ৫.৫ বছৰ বয়সত সুস্হ লৰা সন্তান জন্ম দি বিশ্বৰ কনিষ্ঠতম মাতৃ হিচাপে পৰিগনিত হৈছে । মানব ইতিহাসত 5 পৰা 10 বছৰ বয়সত মাতৃ হোৱাৰ বহু বহু উদাহৰণ আছে। তলৰ #Wikipedia ৰ লিংটো চাই লওঁক
"List of youngest birth mothers between 5 and 10 years of age" -
(https://en.m.wikipedia.org/wiki/List_of_youngest_birth_mothers)

হজৰত মহম্মদ (ছঃ) আৰু আয়েশা (ৰাঃ) ৰ বিয়া হৈছিল আজিৰ পৰা 1400 শ বছৰ আগতে আৰু তাকে লৈ সমালোচনা কৰা ইচলাম বিদ্বেষী সকলে জনা উচিত যে মাত্ৰ কেইদশক মান আগতে সভ্য দেশ আমেৰিকাৰ ডেলাৱাৰা প্ৰদেশত ছোৱালী এগৰাকীৰ Age of Consent অৰ্থাৎ আইনত ছোৱালী এগৰাকীৰ বিয়াৰ বয়স আছিল মাত্ৰ 7 (সাত) বছৰ। পৃথিৱীৰ বহু সভ্য দেশত আজিও ছোৱালীৰ বিয়াৰ বয়স 10/12 বছৰ ।

তলৰ লিংকটোত গৈ বিভিন্ন দেশৰ Age of Consent Laws [Table] লিষ্টটো চাই বিজ্ঞান পাগল নাস্তিক সকলে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক।
 (http://chnm.gmu.edu/cyh/primary-sources/24)

আমেৰিকাত এতিয়াওঁ বছৰি 13 হাজাৰ নাবালিকা ছোৱালীৰ বিয়া হয়,যিহতঁৰ বয়স 10 ল পৰা 11 বছৰৰ ভিতৰত ।
Independent ৰ লিংটো চাওঁক ...
(http://www.independent.co.uk/news/world/americas/200000-children-married-us-15-years-child-marriage-child-brides-new-jersey-chris-christie-a7830266.html)

গতিকে আজিৰ একবিংশ শতিকাৰ লগত খাপ নাখালেওঁ 1400 শ বছৰ আগতে 6 বা 9 বছৰীয়া ছোৱালী এগৰাকীৰ বিয়া হোৱাটোত কি অতিৰঞ্জিত কথা দেখা পায় ইচলামৰ শত্ৰু সকলে এয়া একপ্ৰকাৰ বিস্ময়কৰ কথা। 1400 শ বছৰ আগত আৰবৰ সামাজিক সাংস্কৃতিক আৰু ভৌগোলিক পৰিৱেশৰ লগত মিলাই চালে সেই সময়ত 6 বছৰীয়া ছোৱালী এগৰাকীৰ বিয়া হোৱাটো কোনো অতিৰন্জিত কথা নাছিল।

জীৱনৰ ৫৪ টা বছৰ তেওঁতকৈ ১৫ বছৰ বেছি বয়সীয়াল এগৰাকী বিধবা মহিলা খাতিজা (ৰাঃ) ৰ লগত কটাই পাৰ কৰা হজৰত মহম্মদ(ছঃ) য়ে আয়েশা (ৰাঃ) ক ছয় বছৰ বয়সত বিয়া কৰোৱাৰ কোনো শাৰিৰিক প্ৰয়োজন আছিল বুলি একমাত্ৰ অজ্ঞ সকলেহে বিশ্বাস কৰিব পাৰে আৰু ইচলামিক পন্ডিত সকলে বিশ্লেষণ কৰা মতে ইচলামত উক্ত বিয়াৰ ধাৰ্মিক গুৰুত্ব যথেষ্ট পৰিমাণে আছিল ।
আয়েশা (ৰাঃ) আছিল অতি চোকা,তীক্ষ্ণ বুদ্ধি সম্পন্ন মেধাবী মহিলা। 6 বছৰ বয়সত বিয়া হৈ 9 বছৰ বয়সত পৰিপূৰ্ণতা লাভ কৰি হজৰত মহম্মদ (ছঃ) ৰ লগত অন্তত কিছু বছৰ বৈবাহিক জীৱন অতিবাহিত কৰি হজৰত মহম্মদ (ছঃ) ৰ ইন্তেকলৰ বহু বছৰ পাছলৈ জীৱিত থকাৰ ফলত আমি আজিৰ মুছলমান সকলে বহু সঠিক হাদিছত তাইৰ বৰ্ননা পাবলৈ সক্ষম হৈছে । হজৰত মহম্মদ (ছঃ) ইন্তেকালৰ বহু বছৰ পাছলৈকে হাদিছ সমূহৰ ভিতৰত মূলত স্বচ্ছতা,বিবাহ ও গৃহস্হী জীৱনৰ লগত সম্পৰ্কিত বহু সঠিক হাদিছৰ একমাত্ৰ বৰ্ননাকাৰী আছিল আয়েশা (ৰাঃ) । ইচলামিক ইতিহাসত আয়েশা (ৰাঃ) ক তাইৰ সৌন্দর্য বা ধন-সম্পদৰ বাবে নহয় ইচলাম সম্পৰ্কে তাইৰ জ্ঞান ও পবিত্ৰ কোৰআনৰ সঠিক বিশ্লেষক ৰূপে জনা যায়। গতিকে সেয়া একমাত্ৰ আল্লাই সঠিক জানে কিন্তু আয়েশা (ৰাঃ) ৰ অতি কম বয়সত বিয়া হৈ অন্তত কিছুবছৰ হজৰত মহম্মদ (ছঃ) লগত অতিবাহিত নকৰা হলে আজি হওঁতো আমি মুছলমান সকলে হালাল/হাৰাম সহ বহু সঠিক হাদিছ লাভ কৰাৰ পৰা বন্চিত হব লগা হলোঁ হেতেন কিন্তু সেইবুলি আজিৰ মুছলমানে 6 বা 9 বছৰীয়া নাবালিকা বা আন কোনো নিদিৰ্ষ্ট বয়সৰ ছোৱালীক বিয়া পাতিবই লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই । অৱশ্যে ইছলামৰ দৃষ্টিভংগীৰে ছোৱালী এগৰাকীৰ ঋৃতুশ্ৰাব আৰাম্ভ হলে যিহেতু সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী হৈ উঠে (চিকিৎসা বিজ্ঞানৰ মতেও)  গতিকে এই অৱস্থাত ছোৱালী এগৰাকীৰ মত সাপেক্ষে তাইৰ অভিভাৱকে তাইক কোনো উপযুক্ত লৰাৰ লগত বিয়া দিব পাৰে কিন্তু তথাপি তাইক বিয়া দিবই লাগিব বুলি কোনো আইন যিহেতু ইচলামত নাই সেয়েহে মুছলমানে যি দেশত বসবাস কৰিব সেই দেশৰ Age of Consent Law মানি নিজৰ ছোৱালীক বিয়া বাৰু দিলে বা কৰালে ইচলামে কেতিয়াও বাধা আৰোপ নকৰে ।

বাল্মিকি ৰামায়নৰ মতে ৰামৰ লগত সীতাৰ বিয়াৰ সময়ত সীতাৰ বয়স আছিল 6 (ছয়) বছৰ ।

ৰামায়নৰ কিতাপ নং ৩, অৰন্য কান্ডত (Ramayana 3-47-4) সীতা হৰণৰ সময়ত সীতা আৰু ৰাবনৰ কথনোকথনৰ পৰা আমি সীতাৰ বিবাহৰ সময়ৰ বয়সৰ হিচাপ উলিয়াব পাৰি।
নিজ ধৰ্মৰ ধৰ্ম গ্ৰন্থ অধ্যয়ণ নকৰি আনৰ ধৰ্ম লৈ অনবৰত ব্যস্ত থকা আমাৰ একাংশ হিন্দু ভাইয়ে বাল্মীকি ৰামায়নৰ তলৰ লিংকটোত গৈ চাব পাৰে বিয়াৰ সময়ত সীতা মাতাৰ বয়স কিমান আছিল ?

(http://www.valmikiramayan.net/utf8/aranya/sarga47/aranya_47_frame.htm)

এতিয়া প্ৰশ্ন হল-
হজৰত মহম্মদ (ছঃ) এজন মানুহ আছিল । যুক্তিৰ খাতিৰত যদি মানিও লওঁ যে মানুহৰ ভূল হব পাৰে কিন্তু ৰামতো ভগবান আছিল তেনেহলে ভগবানৰ ভুল হৈছিল কেনেকৈ ?

গতিকে ওপৰৰ আলোচনাৰ পৰা আমি ইয়াকে কব পাৰো যে , 1400 শ বছৰ আগৰ আৰবৰ সামাজিক পৰিবেশ, পৰিস্থিতি ও সংস্কৃতিৰ লগত খাপ থোৱাব পৰাকৈ হজৰত মহম্মদ (ছঃ) ৰ লগত আয়েশা (ৰাঃ) বিয়া হোৱাটো কোনো অতিৰন্জিত কথা নাছিল। ইয়াৰ উপৰিও সেই সময়ত আৰবৰ মানুহৰ জীৱন কাল আছিল চুটি গতিকে ছোৱালী সকলক যৌৱন প্ৰাপ্তিৰ লগে লগে বিয়া দিয়া হৈছিল। আজিও তৃতীয় বিশ্বৰ দেশ সমূহত ৬/৭ বছৰ বয়সত ছোৱালীৰ বিয়া হোৱাটো তেনেই সাধাৰন কথা। ভাৰতত বাল্য-বিবাহ এতিয়াও এক সামাজিক ব্যাধি ।
                                 ***

হজৰত মহম্মদ (ছঃ) আৰু জয়নব বিন জাহস্ (ৰাঃ) ৰ বিবাহ , লেখক - শ্বাহিদুল ইছলাম

একাংশ ইচলামৰ শত্ৰুয়ে হজৰত মহম্মদ (ছঃ) আৰু জয়নব বিন জাহস্ (ৰাঃ) ৰ সম্পৰ্কক লৈ নানা ভূৱা, ভিত্তিহীন, মনেসজা ও মুখৰোচক হাদিছ আৰু কাহিনীৰে প্ৰচাৰ চলাই মানুহৰ মাজত বিভ্ৰান্তৰ সৃষ্টি কৰি আহিছে । হজৰত মহম্মদ (ছঃ) আৰু জয়নব (ৰাঃ) সম্পৰ্ক আৰু বিয়াক লৈ ইছলামৰ শত্ৰু সকলে বহু মুখৰোচক কাহিনী প্ৰচাৰ কৰা বুলি বিখ্যাত ইচলামিক পন্ডিত ইবনে কটহিৰে ইচলামিক ইতিহাসৰ ওপৰত ৰচনা কৰা তেওঁৰ স্মাৰক পুথি "অল বিদাহ ওৱা অল নিকাহত " উল্লেখ কৰিছে যিবোৰ কাহিনীৰ ইচলামৰ লগত কোনো সম্পৰ্ক নাই কিন্তু ইচলামৰ শত্ৰু সকলে প্ৰচাৰ কৰা কাহিনী বোৰকে হাথিয়াৰ হিচাপে লৈ একাংশ ইচলামৰ শত্ৰুয়ে হজৰত মহম্মদ (ছঃ) বিৰুদ্ধে নানা অপপ্ৰচাৰত লিপ্ত হৈ নিজে পথভ্ৰষ্ট হোৱাই নহয় বেলেগ মানুহ আনকি বহু সময়ত ইচলামৰ বিষয়ে কম জ্ঞান থকা মুছলমান সকলৰ ঈমান ও একিন নষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

নিৰাশ্ৰয়,মাক-বাপেক হেৰুৱা ইতিম অসহায় কোনো শিশুক আশ্ৰয় দি তুলিতালি পোহপাল দিয়াত ইচলাম ধৰ্মই কেতিয়াওঁ বাধা দিয়া নাই বৰং তেনে কোনো শিশুক কোনো মুছলমানে তুলিতালি ডাঙৰ কৰিব পাৰিলে সেইজন মুছলমানক আল্লাই পূৰস্কৃত কৰিব বুলি আল-কোৰআনৰ কেবা ঠাইত ঘোষনা কৰিছে। ইচলামৰ মতে মাত্ৰ সেইজন শিশুয়ে তুলিতালি ডাঙৰ কৰাজনৰ পৰা নিজ পুত্ৰৰ মৰ্যাদা নাপায় বুলি কৈছে।  কোনো অসহায় শিশুক কেবল পুত্ৰৰ মৰ্যাদা দিলেহে মৰম কৰিব পাৰি এনে নোৱাৰি বুলি ভৱা আৰু কোনো জীৱ-জন্তুক মা-দেউতা বুলি বুলি মাতিলেহে জন্তু প্ৰেমী হব পাৰি বুলি ভবা সকল একে শ্ৰেণীৰ মানুহ।

হজৰত মহম্মদ (ছঃ) আৰু জয়নব (ৰাঃ) সম্পৰ্কে ইচলামৰ শত্ৰু সকলে নানা কাল্পনিক কাহিনী বনাই প্ৰচাৰ কৰিলেওঁ ইচলামৰ নবী যাক Nepolean Bonaparte ,M.K Gandhi, Lamartine, Edward Gibbon , Simon Ocklay, Rev Bosworth Smith, Annie Besant, Montgomery Watt, James A Michener, Michael H Hart, Sarojini Naidu, Thomas Caryle, Stanley Lane Poole, George Bernard Shaw আদিৰ দৰে বিশ্বৰ মহান মহান অ-মুছলমান মনিষী সকলে বিশ্বৰ শ্ৰেষ্ঠতম মানুহ সকলৰ ভিতৰত এজন বুলি অভিহিত কৰিছে সেইজন মহান ব্যক্তিৰ চৰিত্ৰৰ ওপৰত একমাত্ৰ ধাৰ্মিক আক্ৰোশৰ বলি হৈ কিছুমানে কৰা বজৰুৱা মন্তব্য কেবল হাস্যকৰে নহয় গৰিহনা যোগ্যও।

 আমি মুছলমান সকলে ভালকৈ অবগত যে ,হজৰত মহম্মদ (ছঃ) আৰু জয়নব (ৰাঃ) বিয়া কোন পৰিস্থিতিত কিয় সম্পন্ন হৈছিল । আল-কোৰআনৰ তলৰ বাণীটো নাজিল হোৱাৰ আগলৈকে আৰবৰ সংস্কৃতিত তোলনীয়া পুত্ৰ লোৱাৰ এক কু-প্ৰথা ব্যাপক ভাবে প্ৰচলিত আছিল, যিটো কমবেছি পৰিমাণে মুছলমান সকলৰ মাজতো বিদ্যমান আছিল। তোলনীয়া পুত্ৰই নিজ পুত্ৰৰ দৰে সম্পত্তিকে বিভিন্ন ক্ষেত্ৰত সমান অংশিদাৰিত্ব দাবী কৰাক লৈ সমাজত বিশৃংখলতা সৃষ্টি হৈছিল। সমাজত এই কূ-প্ৰথা নিৰাময়ৰ উদ্দেশ্য তোলনীয়া পুত্ৰ প্ৰথাটোকে আল্লাই কোৰআনত অবৈধ বুলি ঘোষণা কৰিছিল । মুছলমানে কোনো অসহায় শিশুক নিজ পুত্ৰৰ দৰে তুলিতালি ডাঙৰ কৰিব পাৰে সেইবুলি সি নিজ পুত্ৰৰ মৰ্যাদা লাভ নকৰিব ।

আল্লাহে কোনো মানুহৰেই অভ্যন্তৰত দুটা হৃদয় সৃষ্টি কৰা নাই। তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিবিলাকৰ লগত তোমালোকে যিহাৰ কৰা, তেওঁ সিহঁতক তোমালোকৰ মাতৃ কৰি দিয়া নাই আৰু তোমালোকৰ তোলনীয়া পুত্ৰ বিলাককো তেওঁ তোমালোকৰ প্ৰকৃত পুত্ৰ কৰি দিয়া নাই। এইবোৰ তোমালোকৰ মুখৰ কথাহে। আল্লাহে কেৱল সত্য কথাই কয় আৰু তেৱেঁই সৰল পথ নিৰ্দেশ কৰে।( আল-কোৰআন ৩৩:৪)

ইয়াত উল্লেখ কৰা ভাল হব যে জিহাৰ হল আৰবৰ অমুছলমান পাগান সকলৰ মাজত প্ৰচলিত এক প্ৰথা যাৰ দ্বাৰা তেওঁলোকে নিজ পত্নীক তালাক দিছিল অৰ্থাৎ কোনো পুৰুষে নিজ স্ত্ৰীক তালাক দিব খুজিলে 'আজিৰ পৰা তুমি মোৰ মা' বুলি কলেই তালাক হৈ যোৱা বুলি বিশ্বাস কৰা হৈছিল।

"তোমালোকে সিহঁতক (তোলনীয়া পুত্ৰক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত তোমালোকৰ দ্বীনি ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেয়া অপৰাধ); আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু। (আল-কোৰআন ৩৩:৫)"

জাইদ (ৰাঃ) আছিল এজন কৃতদাস আৰু হজৰত মহম্মদ (ছঃ) য়ে জাইদক 8 বছৰ বয়সত দাসত্বৰ পৰা মুক্ত কৰি লগত পুত্ৰৰ দৰে মৰম কৰি লগত ৰাখিছিল আৰু পাছত হজৰত মহম্মদ (ছঃ) তত্বাৱধানতে জাইদ (ৰাঃ) ৰ লগত জয়নব (ৰাঃ) বিয়া দিয়া হৈছিল সেয়ে ইচলামৰ শত্ৰু সকলে হজৰত মহম্মদ (ছঃ) জয়নব (ৰাঃ) ক হঠাৎতে এদিন দেখি বিয়া পাতিব খোজা কথাটো গোগাট গাজাখুৰি কথা।সেয়া যিয়ে নহওঁক কোৰআনৰ ওপৰোক্ত আয়াত
নাজিল হোৱাৰ পাছত জাইদ (ৰাঃ) লগত হজৰত মহম্মদ (ছঃ) সম্পৰ্ক এজন দ্বীনি ভাই আৰু বন্ধু বাহিৰে একো অবশিষ্ট থকা নাছিল। ইয়াত আৰু এটা কথা উনুকিয়াই থোৱা ভাল হব যে হজৰত মহম্মদ (ছঃ) ৰ লগত বিয়া হোৱাৰ পুৰ্বে জাইদ (ৰাঃ) আৰু জয়নব (ৰাঃ) ৰ বৈবাহিক সম্পৰ্কত ফাট মেলিছিল আৰু অবশেষত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল আৰু জয়নব (ৰাঃ) যেতিয়া 35 বছৰ বয়স হৈছিল তেতিয়া তাইৰ লগত হজৰত মহম্মদ (ছঃ) বিয়া সম্পন্ন হৈছিল ।

ধৰ্মীয় দৃষ্টিত হজৰত মহম্মদ (ছঃ) আৰু জয়নব (ৰাঃ) বিয়া আছিল এক প্ৰকাশ্য আৰু জলন্ত দৃষ্টান্ত যাৰ দ্বাৰা আল্লাই মুছলমান সকলক তোলনীয়া পুত্ৰ পুত্ৰীৰ ধাৰনাটো নসাৎ কৰি স্পষ্ট ৰূপে দেখুৱাই দিছিল। তাৰোপৰি জয়নব (ৰাঃ) ক বিয়া কৰোৱাটো আল্লাহৰ আদেশ আছিল আৰু আল্লাহৰ কোনো নবী বা ৰছুলে আল্লাহৰ আদেশ অমান্য কৰাৰ উপায় নাই। আল্লাহৰ আদেশ হোৱাৰ পাছত হজৰত মহম্মদ(ছঃ) সমাজৰ ভয়ত তাক গোপন কৰিবলৈ চেষ্টা কৰিছিল যিহেতু তেওঁ মানুহ আছিল আৰু
তেতিয়াই আল্লাই তলৰ আয়াত টো নাজিল কৰি হজৰত মহম্মদ (ছঃ) ক স্পষ্ট ভাষাত মানুহক নহয় একমাত্ৰ আল্লাহক ভয় কৰিবলৈ সকিয়াই দিছিল ।

" আৰু স্মৰণ কৰা, আল্লাহে যাক অনুগ্ৰহ কৰিছে আৰু তুমিও যাৰ প্ৰতি অনুগ্ৰহ কৰিছা, তুমি তাক কৈছিলা, তুমি তোমাৰ স্ত্ৰীৰ লগত সম্পৰ্ক বজায় ৰখা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। কিন্তু তুমি তোমাৰ অন্তৰত যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰি দিলে, তুমি মানুহক ভয় কৰিছিলা অথচ আল্লাহক ভয় কৰাটোহে তোমাৰ বেছি দৰকাৰ। তাৰ পিছত যেতিয়া যায়েদে তাৰ (স্ত্ৰীৰ) সৈতে প্ৰয়োজন শেষ কৰিলে (তালাক দিলে), তেতিয়া আমি তেওঁক (জয়নবক) তোমাৰ লগত বিয়া দিলো, যাতে মুমিনসকলৰ তোলনীয়া পুত্ৰৰ স্ত্ৰীক (স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ) কোনো সমস্যা নহয়, যেতিয়া সিহঁতে (তোলনীয়া পুত্ৰসকলে) নিজ স্ত্ৰীৰ লগত প্ৰয়োজন শেষ কৰিব (তালাক দিব)। আল্লাহৰ আদেশ কাৰ্যকৰি হ’বই। (আল-কোৰআন ৩৩:৩৭)"

তাৰ পৰবৰ্তী আয়াতটোত আল্লাই আকৌ ঘোষণা কৰে-
:সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী। (আল-কোৰআন ৩৩:৩৮)"

গতিকে ওপৰৰ আয়াত সমূহৰ পৰা এটা কথা স্পষ্ট যে হজৰত মহম্মদ (ছঃ) নিজ ইচ্ছাত বা জয়নব (ৰাঃ) প্ৰতি আকৃষ্ট হৈ তাইক বিয়া পতা নাছিল বা সেই বিয়া কোনো অবৈধ বিয়া নাছিল। ইচলাম কোনো বিশেষ অন্চলৰ প্ৰচলিত প্ৰথা,সংস্কাৰ-কুসংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰি নচলে । তোলনীয়া পুত্ৰ বা তোলনীয়া পুত্ৰী লোৱাৰ নিয়ম মুছলমান সকলে বিশ্বাস নকৰে । মুছলমান সকলে গোটেই পৃথিৱীত হাজাৰ হাজাৰ এতিমখানা চলাই আছে যত লাখ লাখ মাউৰা, অসহায় শিশু আশ্ৰয় দি পোহপাল দি থকা হৈ আছে কিন্তু সিহঁতৰ বাপেক সিহঁতৰ বাপেকে হয় নতুন বাপেক সৃষ্টি কৰি লোৱাৰ দৰকাৰ হোৱা নাই এতিয়ালৈকে ।

নোট - এই স্পষ্টিকৰণ ও বিশ্লেষণ মোৰ নিজা নহয়। বিশ্বৰ বিভিন্ন ইচলামিক এলেম-উলেমাই কৰা বিশ্লেষণৰ ওপৰত ভিত্তি কৰি যুগুত কৰা হৈছে, কিবা ভুল-ভ্ৰান্তি থাকি গলে আল্লাহ ক্ষমাশীল । নিশ্চিত ভাবে আল্লাহ সৰ্ব বিষয়ত সৰ্বজ্ঞানী।

সন্ত্ৰাসবাদ বনাম ইছলাম: লিখক - আকিব খান

1. সন্ত্ৰাসবাদী সকলে মানুহক জোৰ-জবৰদস্তি ধৰ্ম পৰিবৰ্তন কৰিবলৈ বাধ্য কৰোৱাৰ বিপৰিতে ইচলামে কয়-
✔দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। (আল-কোৰআন ২:২৫৬)
✔আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। (আল-কোৰআন ১৮:২৯)

2 . সন্ত্ৰাসবাদী সকলে মহিলা সকলক দূ:ব্যৱহাৰ কৰে জোৰ- জবৰদস্তি তেওঁলোকক বিয়া পাতি লৈ তেওঁলোকৰ অভিভাৱক হৈ তেওঁলোকক আবদ্ধ কৰি ৰখাৰ বিপৰীতে ইচলামে কয়-
✔ হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নাৰীসকলৰ উত্তৰাধিকাৰ হোৱা তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা ...(আল-কোৰআন ৪:১৯)

 3 . সন্ত্ৰাসবাদী সকলে তেওঁলোকৰ মতবাদ বেলেগৰ ওপৰত জাপি দিব খোজাৰ বিপৰীতে ইচলামে কয়-

✔ আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীত যিসকল আছে সিহঁত সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰাবা নেকি? (আল-কোৰআন ১০:৯৯)

 4. সন্ত্ৰাসবাদী সকলে নিজকে মুছলমান অমুছলমান সকলোৰে অভিভাৱক বুলি গন্য কৰাৰ বিপৰীতে ইচলামে কয় -
✔ আৰু যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে, আল্লাহ সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা। আৰু তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয়। (আল-কোৰআন ৪২:৬)

 5. সন্ত্ৰাসবাদী সকলে শ শ নিৰিহ মানুহক হত্যা কৰাৰ বিপৰীতে ইচলামে কয় -
✔হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। (আল-কোৰআন ৫:৩২)

 6. সন্ত্ৰাসবাদী সকলে ইচলামৰ নামত সীমা লংঘন কৰি তেওঁলোকৰ কৰ্মকাণ্ডক জিহাদ বুলি কোৱাৰ বিপৰীতে ইচলামে কয় -
✔আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহ সীমালংঘনকাৰী সকলক ভাল নাপায়। (আল-কোৰআন ২:১৯০)

 7. সন্ত্ৰাসবাদী তেওঁলোকক সমৰ্থন নকৰিলে মানুহক শত্ৰু জ্ঞান কৰাৰ বিপৰীতে ইচলামে কয় -
✔হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।(আল-কোৰআন ৪৯:১৩)

 8. সন্ত্ৰাসবাদী বিশ্বজুৰি স্বৈৰাতন্ত্ৰ, অন্যায়, অসৎকৰ্ম, সীমালঙ্ঘন আৰু অশ্লীলতা
 কায়েম কৰিব খোজাৰ বিপৰীতে ইচলামে কয় -
✔নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে আৰু তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা। (আল-কোৰআন ১৬:৯০)
শেষত ...
 ইচলামে সন্ত্ৰাসবাদী সকলক যেতিয়া কয় "তোমালোকে পৃথিৱীৰ বুকুত বিপৰ্যয় আৰু হাই কাজিয়াৰ সৃষ্টি নকৰিবা তেতিয়া সন্ত্ৰাসবাদী সকলে কয় "আমিহে কেৱল সংশোধনকাৰী,আমিয়ে শান্তি ৰক্ষাকাৰী !"

✔আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে পৃথিৱীত ফাছাদ (বিপৰ্যয়) সৃষ্টি নকৰিবা', সিহঁতে কয়, 'আমিহে কেৱল সংশোধনকাৰী'। (আল-কোৰআন ২:১১)
                                  ***

Thursday, 20 July 2017

ইচলাম আৰু নাস্তিকতাবাদ, লেখক - শ্বাহিদুল ইছলাম

ইচলাম আৰু নাস্তিকতাবাদ

 ইচলামত নাস্তিক বুলি কোনো কথা নাই যদিও ধৰ্মত্যাগী বা ইংৰাজীত যি সকলক Apostates বুলি কোৱা হয় সেই সম্পৰ্কে উল্লেখ আছে গতিকে আমি সেই সকলকে নাস্তিক বুলি কব পাৰি। ইয়াত ধৰ্ম ত্যাগী বুলি কলে আমি একমাত্ৰ মুছলমান ধৰ্ম ত্যাগী সকলক কব লাগিব যিসকলে এটা সময়ত মুছলমান আছিল কিন্তু পাছলৈ ইচলাম ধৰ্ম ত্যাগ কৰিছে। যিসকল পূৰ্বৰে পৰা অমুছলমান সেই সকল এই আলোচনাৰ বিষয়বস্তু নহয়।

কোৰআনৰ কেবাটাও আয়াতত এই ধৰ্মত্যাগী সকলৰ কথা আলোচনা কৰা হৈছে যদিও কোনো আয়াততে কোনোবাই ধৰ্ম ত্যাগ কৰিলেই তাক কিবা শান্তি বিহিব লাগিব সেই কথা কোৱা হোৱা নাই । চুৰি ,ডকাইতি, হত্যা আদিক অপৰাধ হিচাপে গন্য কৰি কোৰআনত সেইবিলাকৰ শান্তিৰ বিধান দিয়া হৈছে যদিও ধৰ্মত্যাগ কৰা সকলৰ কোনো শাস্তিৰ বিধান দিয়া হোৱা নাই, কিয় ? ধৰ্মত্যাগ যদি অপৰাধ তেন্তে ইয়াৰ শাস্তিৰ বিধান কোৰআনত নাই কিয় ? বুজোতাৰ বাবে এইখিনিয়েই বুজাৰ বাবে যথেষ্ট যদিও কথাখিনি আৰু বিস্তাৰিত আলোচনা কৰোঁ আহক...

তলৰ আয়াতটো মন কৰক
"... আৰু তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ দ্বীনৰ পৰা উভতি যাব আৰু কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’। (আল-কোৰআন ২:২১৭)

ওপৰৰ আয়াতটোত দ্বীনৰ পৰা উভতি অৰ্থাৎ ধৰ্ম ত্যাগ কৰিলে তেওঁক কাফিৰ অৰ্থাৎ অবিশ্বাসী বুলি গন্য কৰা হব আৰু তেনে ব্যক্তিক জাহান্নামত অৰ্থাৎ মৃত্যুৰ পাছত শান্তি দিয়াৰ কথা কোৱা হৈছে। এই পৃথিৱীত শাস্তি দিব লাগিব বুলি কোনো কথাৰ উল্লেখ নাই।

ইচলামত মুছলমান এজনক ৰাতিপুৱা শুই উঠি ৰাতি শুৱালৈকে নিজৰ দিনটোৰ জীৱন যাত্ৰাত অসংখ্য বাধা নিষেধ আৰোপ কৰা হৈছে । কি পিন্ধিব পাৰিব কি নোৱাৰিব, কি শুনিব পাৰিব কি নোৱাৰিব ,কি খাব পাৰিব কি নোৱাৰিব, কি কব পাৰিব কি নোৱাৰিব ... সব বিষয়তে দিশ নিৰ্দেশ দিয়াৰ উপৰিও দিনটোত 5 বাৰ বাধ্যতামূলক প্ৰাৰ্থনা আছেই। কষ্ট কৰি উপাৰ্জনৰ ওপৰতো জাকাতৰ দ্বাৰা সম্পত্তিৰ এক বৃহৎ অংশ ত্যাগ কৰাৰ পদ্ধতি, বছৰত পুৰা এটা মাহ অনাহাৰে ৰখাৰ বিধি এইবোৰে যে বহু তথাকথিত দুৰ্বল ঈমানৰ মুছলমানক ধৰ্মৰ প্ৰতি বিদ্বেষী কৰি তুলিব সেই কথা আল্লাই ভালদৰে জানিছিল সেয়ে আল্লাই কোৰআনৰ ৫:৪৯ নং আয়াতত অধিকাংশ মানুহক ফাছিক্ব বা বিদ্ৰোহী বুলি অভিহিত কৰি সেই একে আয়াততে কৈছে "যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা যে, আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুণাহৰ বাবে শাস্তি দিব বিচাৰে " অৰ্থাৎ আল্লাই নিজে সিহঁতক কি শান্তি দিব সেয়া নিৰ্ধাৰণ কৰিব , মানুহক সেই অধিকাৰ দিয়া নাই বৰং মুছলমান সকলক কোনোবাই ধৰ্ম ত্যাগ কৰিলে নিৰাশ নহবলৈ কোৰআনৰ আয়াত নং ৫:৫৪ কোৱা হৈছে

হে মুমিনসকল! তোমালোকৰ মাজৰ কোনোবাই দ্বীনৰ পৰা উভতি গ’লে নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভালপায় আৰু সিহঁতেও তেওঁক ভালপায় ...."

ইয়াৰ উপৰিও কোৰআনত এনে বহু আয়াত আছে যাৰ দ্বাৰা প্ৰমান হয় যে আল্লাই মানুহক পৃথিৱীত ধৰ্ম মানা বা নামানা আল্লাহৰ অস্তিত্ব স্বীকাৰ কৰা বা নকৰা সম্পৰ্কে পূৰ্ণ স্বাধীনতা দিছে। আৰু সিহঁতৰ লগত DEAL আল্লাই কৰিব এজন মানুহ আল্লাহক বিশ্বাস নকৰে বুলিয়ে তাক শাস্তি দিব লাগিব বুলি কোনো কথা নাই । এই খিনিতে উল্লেখ কৰিব পাৰি যে বেদত বৈদিক ভগবানক নামানিলে আৰু বাইবেলত বাইবেলৰ ইশ্বৰক নামানিলে সেই সকলক
শাস্তি দিয়াৰ বিধান আছে যদিও কোৰআনত আল্লাহক নামানিলেই কাৰোবাক শাস্তি দিব লাগিব বুলি কোনো কথা নাই বৰং কোৰআনত শান্তিপ্ৰিয় অমুছলমান সকলৰ লগত মুছলমান সকলক শান্তিপূৰ্ণ ভাবে সহ অৱস্থান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । এই খিনিতে আকৌ কোনোবাই 'কাফিৰক যতে পাবা হত্যা কৰা' বুলি উল্লেখ থকা আয়াত সমূহৰ কথা কৈ লাভ নাই কাৰন সেইবোৰ যুদ্ধৰ সময়ত নাজিল হোৱা আয়াত। কি পৰিস্থিতিত কিয় কি টাইপৰ কাফিৰক হত্যা কৰাৰ নিৰ্দেশ দিয়া হৈছিল সেই বিষয়ে একো নাজানি কেবল মাজৰ পৰা আয়াত এটা তুলি দি নাচিলে নহব। কোৰআনে একমাত্ৰ ধৰ্ম পুথি যি ইতিহাসৰ ওপৰত প্ৰতিষ্ঠিত। কোৰআন প্ৰতিটো আয়াত চুৰা নাজিল কৰাৰ কাৰন আছিল গতিকে কাৰন জানিলেহে কোৰআনক প্ৰকৃতপক্ষে বুজা বুলি কব পাৰি।

এইখিনিতে আৰু এটা কথা উল্লেখ কৰিবই লাগিব যদিও আল-কোৰআনে হৈছে মুছলমান সকলৰ একমাত্ৰ আইন যিটো যিকোনো মুছলমানে বিনা দ্বিধাই আল্লাহৰ বাণী বুলি একবাক্যে মানি লয় তথাপি আমি ইয়াত এই সম্পৰ্কে চহী হাদিছৰ কথাও আলোচনা কৰিব লাগিব কাৰন ইচলামত চহী হাদিছ বোৰক কোৰআনৰ পাছতে স্থান দিয়া হয়।

বুখাৰী Book 9, Hadith 1214 নং আৰু তেনে কোনো হাদিছত ধৰ্ম ত্যাগ কৰা সকলক কঠোৰ শাস্তি দিয়াৰ কথা উল্লেখ কৰা হৈছে যদিও Sahih Muslim 1862 নং হাদিছত আকৌ আল আকোৱাৰ পুত্ৰক ধৰ্ম ত্যাগ কৰাৰ পাছতো ৰছুল হজৰত মহম্মদ (ছঃ) য়ে তেওঁক কোনো ধৰনৰ শাস্তি নিদি বৰং তেওঁক বেদুইন সকলৰ লগত বসবাস কৰিবলৈ অনুমতি প্ৰদান কৰিছিল কিন্তু  কিয় ?

 চহী বুখাৰীৰ Hadith 1214 নং বা তেনে 2/1 টা হাদিছত ধৰ্ম ত্যাগ কৰা সকলক শাস্তিৰ বিধান দিয়াৰ কথা কোৱা হৈছে আকৌ Sahih Muslim 1862 নং হাদিছত ধৰ্ম ত্যাগ কৰা এজনক শাস্তি নিদিয়াৰ কাৰন কি??

এই সম্পৰ্কে অধিকাংশ ইচলামিক এলেম-উলেমাই মত প্ৰকাশ কৰে যে ওপৰোক্ত হাদিছ বা হাদিছ সমূহ ইচলামৰ প্ৰাৰম্ভিক পৰ্য্যায়ত দিয়া হৈছিল যেতিয়া ইচলামে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আৰবৰ সেইসকল হিংস্ৰক পাগান অমুছলমান সকলৰ লগত যুদ্ধত লিপ্ত হৈছিল যি সকলে মুছলমান সকলৰ ওপৰত অনাহকতে যুদ্ধ জাপি দিছিল। হজৰত মহম্মদ (ছঃ) য়ে 1400 শ বছৰ আগত আৰব মৰুভূমিত ইচলামৰ বাণী প্ৰচাৰ কৰিব লোৱাৰ সময়ত আৰবত প্ৰচলিত সংস্কৃতি ও জীৱন পদ্ধতি আছিল ইচলামৰ সম্পূৰ্ণ ওলোটা গতিকে ইচলামক সেই সময়ত আৰবৰ বহু অমুছলমানে কোনো মতে সহ্য কৰিব পৰা নাছিল আৰু সেয়েহে স্বাভাৱিকতে তেওঁলোকে মুছলমান সকলৰ চৰম শত্ৰু হৈ উঠি যিকোনো মুল্যৰ বিনিময়ত হজৰত মহম্মদ (ছঃ) আৰু ইচলামক প্ৰতিহত কৰিবলৈ উঠিপৰি লাগিছিল তাৰ ভিতৰত এটা আছিল সিহঁতৰ কিছুমানে লোক দেখুৱাই ইচলাম ধৰ্ম লোৱা বুলি কৈ মুছলমান সকলৰ দলত চামিল হৈ মুছলমান সকলে কৰা যুদ্ধৰ প্ৰস্তুতি সম্পৰ্কে জানি আকৌ দুদিন পাছতে ইচলাম ধৰ্ম ত্যাগ কৰি শত্ৰু পক্ষত যোগ দি মুছলমান সকলৰ বাবে সমস্যা সৃষ্টি কৰিছিল । এই সকলে মুছলমান সকলৰ লগত কুফৰী কৰিছিল আৰু সেয়ে সিহঁত ধৰা পৰিলে সিহঁতক ইয়াৰ বাবে কঠোৰ শাস্তিৰ বিধান দিছিল ইচলামৰ নবী হজৰত মহম্মদ (ছঃ) য়ে। উদাহৰণ স্বৰূপে ভাৰত আৰু চীন বা পাকিস্তানৰ যুদ্ধ হলে কোনো ভাৰতীয় সেনাই যড়যন্ত্ৰ কৰি চীন বা পাকিস্তানৰ লগত যোগ দিলে ভাৰতে তাক সন্মানিত কৰিব নে কি কৰিব, এইটো বুজি পালে সব বুজিব পাৰি।

 গতিকে স্বাভাবিক ভাবে কোনো মুছলমানে ইচলাম ত্যাগ কৰি নাস্তিক হলে বা আন কোনো ধৰ্ম গ্ৰহণ কৰিলে মুছলমান সকলে সেইবোৰ লৈ মুৰ ঘমোৱাৰ দৰকাৰ নাই অৱশ্যে কোনোবাই ইছলাম ত্যাগ কৰিব বুলি কোনো মুছলমানে আগতিয়াকৈ জানিব পাৰিলে তাক বুজাই বঢ়াই এনে পথ অৱলম্বন নকৰিবলৈ সামৰ্থ্য অনুসৰি বাধা দিয়াটো সকলো মুছলমানৰে কৰ্তব্য বা নাস্তিক হোৱাৰ পাছতো সেইসকলক বুজাই বঢ়াই পুনৰ আল্লাহৰ প্ৰতি বিশ্বাসী কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰখাটো প্ৰতিজন মুছলমানৰ কৰ্তব্য ।  তথাপি কোনো মুছলমানে ধৰ্ম ত্যাগ কৰি নাস্তিক হৈ যেতিয়ালৈকে কুফুৰিত লিপ্ত নহব তেতিয়ালৈকে সেইজন নাস্তিকক হাৰাশাস্তি কৰাৰ কোনো বিধান ইচলামত নাই তাৰ লগত Dealings আল্লাই কৰিব আমি নহয়। কিন্ত নাস্তিক নাম লৈ আল্লাহ বা নবী/ৰছুলক গালি গালাজত লিপ্ত হৈ কাৰোবাৰ ধৰ্মীয় বিশ্বাসক আঘাত দিয়াটো মত প্ৰকাশৰ স্বাধীনতা (Freedom of Speech) বুলি নকয় অসভ্যালি বুলি কয় আৰু ই আইন বিৰোধী কথা গতিকে এইবোৰ কাৰ্য্যক কোনো মুছলমানে সহ্য নকৰে।

নোট - ওপৰত ইছলাম আৰু নাস্তিকতাবাদৰ ওপৰত কৰা আলোচনা মোৰ নিজৰ নহয়। এই সম্পৰ্কে ইচলামৰ আলেম-উলেমা সকলে বিভিন্ন ঠাইত কৰা আলোচনাৰ ওপৰত ভিত্তি কৰি এই পোষ্টটো যুগুত  কৰা হৈছে আৰু ইয়াত ভূল ভ্ৰান্তি ৰৈ যোৱাটো স্বাভাৱিক। আল্লাহ ক্ষমাশীল আৰু সকলো বিষয়ে সৰ্বক ভাবে জ্ঞাত ।

আলিমৰ অৰ্থ কি ? লিখক - ক্বাৰী জাকিৰ হুছেইন নদভী

"আলিম" এইটো এটা আৰবী শব্দ যাৰ অৰ্থ হল "জনা ব্যাক্তি"। "ইলিম" মানে জ্ঞান আৰু তাৰে পৰাই হৈছে আলিম অৰ্থাৎ আলিম বুলি কলে এজন জ্ঞানী ব্যক্তি বুলি আপুনি কব পাৰে। ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ আদি ভালেমান দেশত আলিমক "মৌলানা" বা "মৌলবী" বুলি মাতে,ইফালে স্বয়ং আল্লাহই পৱিত্ৰ কোৰআনত নিজকে "মৌলানা" বুলি সম্বোধন কৰিছে, গতিকে এজন আলিমক বা মাদ্ৰাছাৰ পৰা পঢ়ি অহা এজন ব্যক্তিক মৌলানা বুলি কব পাৰি নেকি?
'মৌলা' শব্দটো ক্বোৰআন শ্বৰীফত ১০ ঠাইত আছে । 'মৌলা'ৰ আৰু কেইটামান অৰ্থ আছে। যেনে--নিজৰ আজাদ কৰা গোলামক মৌলা বুলি কোৱা হয়, আকৌ মালিককো মৌলা বুলি কোৱা হয়। আৰু নিজৰ দোস্ত (বন্ধু) কো মৌলা বুলি কোৱা হয়। যেনে, বুখাৰী শ্বৰীফৰ হাদীছ আছে য'ত মুহাম্মাদ (ছঃ) ক হজৰত জায়েদ (ৰাঃ) য়ে কৈছিল যে "আপুনি মোৰ ভাই আৰু মৌলা হয়" ( أنت أخونا و مولانا) [কিতাবুল মাগাজী,বাবু ঊমৰাতুল ক্বাজা.হাদীছ নং ৪২৫১ ] গতিকে এই হাদীছৰ দ্বাৰা প্ৰমাণ হ'ল যে নিজৰ বন্ধু বা ডাঙৰীয়াক সন্মানপূৰ্বক মৌলা বুলি কব পাৰি তাত কোনো অসুবিধা নাই। আচল কথাটো হ'ল নিয়ত। আপুনি যেতিয়া সন্মূখৰ মানুহজনক মৌলানা বুলি কয় তেতিয়া কোনেও এইটো ধাৰণা নকৰে যে এয়াই মোৰ ঈশ্বৰ বা প্ৰভূ বা আল্লাহ। নিয়তৰ দ্বিতীয় নাম হ'ল ধাৰণা। আপুনি কিবা এটা কাম কৰিবৰ বাবে যেতিয়া মনে মনে সেই কামৰ বিষয়ে ধাৰণা কৰে সেইটোকেই আনটো শব্দত নিয়ত বুলি কোৱা হয়। এই বিষয়ে বুখাৰীৰ প্ৰথম হাদীছটো চাই লওঁক য'ত কোৱা হৈছে যে সকলো কাম তাৰ নিয়তৰ ওপৰত নিৰ্ভৰ কৰে। (إنما الاعمال بالنيات)
[ কিতাবুল ৱাহী, বাবু আল-ৱাহী.হাদীছ নং ১]
গতিকে আপুনি যদি কাৰোবাক দোস্ত বা সন্মানপূৰ্বক মৌলানা বুলি কয় তেন্তে কোনো অসুবিধা নাই।

আলিম সম্পৰ্কে কূৰ’আনত কি কোৱা হৈছে ?

আল্লাহ তা'লাই কোৰআনৰ ছুৰাহ আলে ইমৰাণ আয়াত নম্বৰ 79 ত উল্লেখ কৰিছে -  كونوا ربانيين
হজৰত ইবনে আব্বাছ ৰাজিঃ য়ে এই শব্দটোৰ তিনিটা অৰ্থ লৈছে । "ৰাব্বানী ঈন" মানে হল
(1) পণ্ডিত বা বিদ্বান ব্যক্তি।
(2) দাৰ্শনিক পণ্ডিত বা চিন্তাশীল জ্ঞানী ব্যক্তি আৰু
(3) সহনশীল বা সহ্য গুণ ।

দ্বিতীয় এটা অর্থ হল আল্লহৰ পচন্দনীয় বান্দা হৈ যোৱা । ইয়াত জ্ঞানী হোৱাৰ বাবে আদেশ পোৱা গৈছে আৰু আৰবী ভাষাত আলিম সকলক জ্ঞানী বুলি মানা হয়। এই আয়াতটোত كونوا (কোনো) শব্দটো ব্যবহাৰ কৰা হৈছে গতিকে এৰাবীক ব্যাকৰণ অনুযাই ইয়াত আল্লাহৰ আদেশ পোৱা গৈছে আৰু আল্লহৰ আদেশ মানাটো ফৰজ । তেনেহলে ইয়াত প্ৰশ্ন এটা উৎথাপন হব পাৰে , যেনে যিবিলাক মানুহ আলীম নহয় সেইবিলাকে কি আল্লাহৰ আদেশ পালন কৰা নাই নেকি ? আৰু এই বিষয়ে ধ্যান কৰিবলগীয়া কথাটো হল অকল মাদ্ৰাছাত পঢ়া ব্যক্তিকেই যে আলিম কব পাৰিম তেনে কোনো কথা নাই বৰং ওপৰত বৰ্নণা কৰা গুন কেইটা যাৰ ভিতৰত পোৱা যাব তাকেই আমি আলিম বুলি কব পাৰিম।

এতিয়া লৈকে আমি আলোচনা কৰিলোঁ যে আল্লাহ তা'লাই মানুহক জ্ঞান অৰ্জন কৰা বা জ্ঞানী হ'বলৈ আদেশ দিছে আৰু এজন জ্ঞানী ব্যক্তি বা আলিমৰ ভিতৰত কি কি গুণ থাকিব লাগে ।

 এতিয়া আহক চাওঁ আল্লাহ তা'লাই এই আলিম বা উলামাৰ প্ৰশংসা কেনেদৰে কৰিছে । পৱিত্ৰ কোৰআনত আল্লাহই এনেদৰে উল্লেখ কৰিছে - .إنما يخشى الله من عباده العلمؤا   চুৰা ফাতিৰ আয়াত নং ২৮ ত আল্লাহ তালাৰ সকলো বান্দা-বান্দিৰ ভিতৰত সকলোতকৈ বেছি আলিম সকলে আল্লাহক ভয় কৰে বুলি কৈছে।
হজৰত মাছুদ ৰাজিঃ য়ে এই আয়াতৰ তফছীৰত কৈছে যে আলিম হোৱাৰ অৰ্থ এইটো নহয় যে অতি জ্ঞানী বৰঞ্চ প্ৰকৃততে যি সকলে আল্লাহক বেছি ভয় কৰে তেওঁলোকে আলিম।
হজৰত ছায়েদ বিন জুবাইৰ ৰাজিঃও এই আয়াতটো তফছীৰ কৰোঁতে এনেদৰে কৈছে যে আল্লাহক ভয় কৰাৰ অৰ্থ হল সকলো ধৰণৰ গুনাহ (পাপ) ৰ পৰা আঁতৰি থকা ।
গতিকে যিজন ব্যক্তিৰ অন্তৰত আল্লাহৰ প্ৰতি ভয় থাকে আৰু সেই ভয়ে তেওঁক সকলো ধৰনৰ পাপৰ পৰা আতৰাই ৰাখে তেওঁক এজন আলিম বা জ্ঞানী ব্যক্তি বুলি কব পাৰি ।

প্ৰাক ইচলামিক আৰু ইছলামৰ চালুকিয়া পৰ্য্যায়ত আৰবত নাৰীৰ স্থান। লেখক - শ্বাহিদুল ইছলাম

প্ৰাক ইচলামিক আৰু ইছলামৰ চালুকিয়া পৰ্য্যায়ত আৰবত নাৰীৰ স্থান ।

ইচলামৰ পূৰ্বে আৰব সমাজ বহু বিভক্ত গোত্ৰত বিভক্ত আছিল তাৰ ভিতৰত আছিল Tribes of Quraysh, Bedouin tribes, Ḥutaymi tribes, Bani tribes, Ajman tribes, Al balawi tribes, Al-Farahidi tribes, Al-Ja'aliyin tribes ইত্যাদি ইত্যাদি । এইবোৰৰ ভিতৰত আকৌ উপ-গ্ৰোত্ৰও আছিল। এনেকৈ হাজাৰ হাজাৰ জাতি গোত্ৰত বিভক্ত আৰবৰ সমাজৰ কেইটামান সামান্য সংখ্যক গোত্ৰৰ মহিলাই কিছু স্বাধীনতা ভোগ কৰিবলৈ সক্ষম হৈছিল । হজৰত মহম্মদ (ছঃ) প্ৰথম পত্নী খাদিজা (ৰাঃ) Quraysh গোত্ৰৰ মহিলা। এই গোত্ৰৰ মহিলাই  প্ৰাক ইচলামিক যুগৰ পৰাই কিছু স্বাধীনতা লাভ কৰিবলৈ ভাগ্য লাভ অৰ্জন কৰিছিল যাৰ সুবাদতে তাই আছিল এগৰাকী ব্যৱসায়ী মহিলা। Quraysh সকল আছিল সেই সময়ত আৰবৰ অতি প্ৰভাৱশালী ও ক্ষমতাশালী গোষ্ঠী সকলৰ মাজত এটা যাৰ মহিলা সকলৰ ওপৰত চকু দিয়াৰ দূ:সাহস কোনেও কৰিব পৰা নাছিল । হজৰত মহম্মদ(ছঃ) নিজেওঁ এই গোষ্ঠীৰ অন্তভূৰ্ক্ত আছিল।
Quraysh সকলৰ পাছতে Bani Tribe আছিল আৰবৰ আন এক ক্ষমতাশালী গোষ্ঠী। Bani গোষ্ঠীৰ মাজত bani aslam উপগোষ্টীৰ আছিল #Rufaidah_bint_Saad যাক Rufaida Al-Aslamia বা Rufayda al-Aslamiyyah বুলিও জনা যায় যাক মুছলমান সকলৰ প্ৰথম প্ৰফেচনেল নাৰ্চ বুলি ইতিহাসে অভিহিত কৰে। এই মহান মুছলমান নাৰী গৰাকীৰ জন্ম হৈছিল মদিনাত 620 EC ত অৰ্থাৎ হজৰত মহম্মদ (ছঃ) য়ে নবীউত লাভ কৰাৰ 10 বছৰ পিছত । ইচলামৰ ইতিহাসত যি কেইগৰাকী মুছলমান মহিলাৰ নাম শ্ৰদ্ধা ও সন্মানেৰে লোৱা হয় তাৰ ভিতৰত Rufaidah bint Saad (R.A) ও এগৰাকী ।

ইচলামৰ ইতিহাসত আন এগৰাকী নাৰী যাৰ নাম মুছলমান সকলে সন্মান সহকাৰে লয় সেয়া হল Nusseibeh bint Kaab (RW) । এইগৰাকীয়ে হল সেইজনী মুছলমান নাৰী যি গৰাকীৰ লগত আন এগৰাকী নাৰী Umm Munee Asma bint ʿAmr bin 'Adi (RA) য়ে হজৰত মহম্মদ (ছঃ) ৰ ওচৰত ইচলামৰ হৈ অন্যায়কাৰী, অত্যাচাৰী আৰবৰ অনামুছলিম কাফেৰ মুশৰিক সকলৰ বিৰুদ্ধে জিহাদত অংশ গ্ৰহণৰ বাবে প্ৰতক্ষ্য ভাবে অংগীকাৰ বদ্ধ হৈছিল। বিখ্যাত Uhud ৰ যুদ্ধত কাফিৰ/মুশৰিকৰ বিৰুদ্ধে কেৱল Nusseibeh bint Kaab (RW) নামৰ মুছলমান মহিলা গৰাকীয়ে অংশ গ্ৰহণ কৰা নাছিল আৰু কিছু মুছলমান নাৰীয়ে প্ৰত্যক্ষ ও পৰোক্ষ ভাবে জিহাদত অংশ গ্ৰহণ কৰিছিল,কোনো মুছলমান নাৰীয়ে ঘৰত বহি থকা নাছিল, হয় যুদ্ধ ক্ষেত্ৰত মুছলমান সেনাক পানী যোগান ধৰিছিল নহলে যুদ্ধৰ কবিতা ৰচনা কৰি সেইবোৰ গাই মুছলমান সেনাক উৎসাহিত কৰিছিল। বিৰঙ্গনা সেই সকল মুছলমান নাৰীৰ বীৰত্ব কথা আজিও প্ৰতিগৰাকী ধৰ্মপ্ৰাণ মুছলমানে সোঁৱৰণ কৰি গৌৰব বোধ কৰে আৰু এয়া আছিল ইচলামৰে শিক্ষা নহলে কাফিৰ অবস্থাত আৰবৰ কোনো নাৰীয়ে পুৰুষৰ সৈতে সমানে যুদ্ধত অংশ গ্ৰহণ কৰাৰ উদাহৰণ পোৱা নাযায়। হজৰত মহম্মদ (ছঃ) ইন্তেকালৰ বহু যুগ পাছলৈকে ইচলামৰ শিক্ষাৰে শিক্ষিত বহু মুছলমান নাৰীয়ে সমাজৰ বহু ক্ষেত্ৰত বিভিন্ন ধৰনে অবদান আগবঢ়াই যোৱাৰ উদাহৰণ আছে। 12 শ শতিকাত মুছলমান নাৰীয়ে দিল্লীৰ সিংহাসনত বহাৰ উদাহৰণ আছে ,যাৰ নাম চুলতানা ৰেজিয়া।

এতিয়া আহক ইচলাম আগমনৰ পূৰ্বে আৰবত নাৰী সকলৰ অবস্থা কি আছিল সেই বিষয়ে থুলমুলকৈ আলোচনা কৰোঁ-

এই বিষয়ে ইতিহাস বিদ সকলৰ মাজত মতভেদ আছে। পুৰ্বে কোৱাৰ দৰে আৰবৰ বহু বিভক্ত ট্ৰাইবচ সকলৰ মাজত সামান্য সংখ্যক ট্ৰাইবেল জনগোষ্ঠীৰ নাৰীয়ে কিছু স্বাধীনতা লাভ কৰিছিল । কিছুমান জনগোষ্ঠীৰ নাৰীয়ে আনকি আজিৰ আধুনিক যুগৰ নাৰীৰ দৰে সমসাময়িক স্বাধীনতা লাভ কৰিছিল এইটোওঁ সচাঁ কিন্তু অধিকাংশ জনগোষ্ঠীৰ মহিলা সকলৰ স্বাধীনতা বুলি একো নাছিল। (Ref Turner, Brian S. Islam (ISBN 0-415-12347-X). Routledge: 2003, Page 77-78)

নাৰী সকলৰ সম্পত্তিৰ অধিকাৰ বুলি একো নাছিল  ( Ref Beck, lois. and Keddic, Nikki. "Women in the Muslim world",Harvard University Press, London, 1978, Page .37)

অধিকাংশ জনগোষ্ঠীতে আজিৰ ভাৰতৰ বহু অন্চলত ভ্ৰুন হত্যাৰ দৰে ছোৱালীৰ জন্ম হলেই হত্যা কৰি পেলোৱাৰ দৰে কুপ্ৰথাৰ প্ৰচলন আছিল।

ওপৰত কোৱা কূ-প্ৰথা সমুহৰ বাদে আৰু বহু কু-প্ৰথা  আৰবত প্ৰচলিত আছিল যিবোৰ অধ্যয়ন কৰিলে আমি সহজতেই প্ৰাক ইছলামিক যুগ বা ইছলামৰ চালুকিয়া পৰ্য্যায়ত আৰবত মহিলাৰ অবস্থাৰ বিষয়ে সহজে অবগত হব পাৰো। এতিয়া প্ৰশ্ন হল ইচলামে কিদৰে আৰবৰ সেই সকল নাৰীৰ ত্ৰানকৰ্তা ৰূপে অবতীৰ্ণ হৈছিল ?

আল কোৰআন খন অধ্যয়ন কৰিলেই আমি বুজিব পাৰো যে কোৰআনত কিদৰে চতুৰতাৰে আৰবত প্ৰচলিত দাস প্ৰথা পৰ্যায়ক্ৰমে বিলুপ্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। এটা আয়াত নাজিল কৰিয়েই হওঁতো আল্লাই এই কুপ্ৰথাৰ ওপৰত সম্পূৰ্ণ ভাবে নিষেধাজ্ঞা আৰোপ কৰিব পাৰিলে হেতেন কিন্তু তাকে নকৰি আল্লাই পৰ্য্যায়ক্ৰমে ইয়াক বিলুপ্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল কাৰন আৰবৰ সমাজত সেই সময়ত এই প্ৰথাই এনেদৰে শিপাইছিল যাক একে টানে উঘালি পেলোৱাটো হওঁতো সম্ভবপৰ বা ফলপ্ৰসূ নাছিল। ইচলাম অহাৰ পিছত মুছলমানে বজাৰৰ পৰা দাস ক্ৰয় কৰিব পাৰিছিল সচাঁ কিন্তু তাক মুক্ত কৰাৰ কাৰনে ,আকৌ বিক্ৰী কৰাৰ বাবে নহয়। দাসমুক্তি ইচলামৰ এক ইবাদত যাৰ কথা কোৰআনৰ বহু আয়াতত কোৱা হৈছে সেইবোৰ ইয়াত উল্লেখ কৰি আলোচনা দিঘলীয়া কৰাৰ প্ৰয়োজন নাই । আৰবত বিভিন্ন গোত্ৰৰ মাজত বিভিন্ন কাৰনত যুদ্ধ ইচলামৰ আবিৰ্ভাৱৰ আগতো হৈছিল। মানুহ আগতো মৰিছিল, যুদ্ধত কোনো পুৰুষৰ মৃত্যু হলে বিজয়ী পক্ষই মহিলা সকলক যুদ্ধবন্দী হিচাপে কৰায়ত্ব কৰি সেইসকল অসহায় নাৰীৰ ওপৰত কি দূৰ্বহ জীবন জাপি দিছিল তাক বৰ্ননা কৰি পোষ্ট দিঘলীয়া কৰাৰ দৰকাৰ নাই কিন্তু ইচলামত সেই যুদ্ধবন্দী মহিলা সকলক Right hand Possessor বুলি কৈ নিজৰ ঘৰত ৰাখি নিজ পত্নীৰ সমপৰ্যায়ৰ মৰ্য্যদা দিছিল। তেওঁলোকৰ গৰ্ভৰ পৰা জন্ম হোৱা সন্তানক নিজ সন্তানৰ মৰ্য্যদা দিছিল । সন্তান জন্ম লাভ কৰিলে মুক্তিৰ অধিকাৰ দিছিল ইচলামে। প্ৰাক ইচলামিক যুগত যুদ্ধবন্দী মহিলা সকলক বেশ্যাবৃত্তিত নিয়োগ কৰাৰ লগতে মুকলি ভাবে সেই সকল অসহায় নাৰীক মনোৰঞ্জনৰ আহিলা ৰূপে ব্যৱহাৰ কৰিছিল তাক বহলাই কোৱাৰ দৰকাৰ নাই আৰু ইচলামে স্পষ্ট ভাবে সেইবোৰ প্ৰথাৰ ওপৰত লেকাম লগাইছিল। বাকী বাদে দিয়ক আৰবৰ সেই সময়ৰ মুৰ্তিপূজক পাগান সকলে পবিত্ৰ কাবা ঘৰকো প্ৰাৰ্থনাৰ নামত নাৰীৰ উলংগ নৃত্যৰ ক্লাব ঘৰলৈ ৰূপান্তৰিত কৰি পেলাইছিল আৰু এইবোৰ অশ্লীলতাক বন্ধ কৰিছিল কোনে ? ইচলামে।

পবিত্ৰ কোৰআনত নাৰীক সম্পত্তি,শিক্ষাকে ধৰি বহু অধিকাৰ দিয়াৰ ঘোষনা কৰা হৈছে আৰু সমসাময়িক আৰবৰ ইতিহাসৰ ওপৰত গবেষনা কৰা বিখ্যাত গবেষক Professor William Montgomery Watt ৰ মতেও "Islam improved the status of women by "instituting rights of property ownership, inheritance, education and divorce".

সনাতন ধৰ্ম হৈছে ইছলাম আৰু মানব জাতিৰ আদি পিতাৰ ধৰ্ম আছিল ইছলাম। লেখক - শ্বাহিদুল ইছলাম

          নিসন্দেহে 'এক অদৃশ্য আৰু অদ্বিতীয় ঈশ্বৰৰ উপাসনাই হৈছে মানব জাতিৰ সনাতন ধৰ্ম আৰু আৰু মানব জাতিৰ আদি পিতাই এই ধৰ্মকে মানি চলিছিল।            
মানব জাতিৰ আদি পিতা কোন ?

          হিন্দু ধৰ্ম মতে মানব জাতিৰ আদি পিতা হৈছে মনু (মনু/শ্বতৰুপা) আৰু মনুৰ পৰাই মানব জাতিৰ সৃষ্টি হৈছে। ইচলাম আৰু খৃষ্টান ধৰ্ম মতে আদি মানব হৈছে আদম। বাইবেলৰ আদম-ইভ আৰু কোৰআনৰ আদম-হাওৱাৰ কাহিনীৰ মাজত বিশেষ পাৰ্থক্য নাই একমাত্ৰ Original Sin তত্বৰ বাহিৰে। Original Sin মানে ইভে প্ৰথমতে নিষিদ্ধ ফল ভক্ষণ কৰিছিল কাৰনে বাইবেলৰ মতে সকলো পাপৰ বাবে দ্বায়ী নাৰী সকল, কোৰআনৰ মতে আদম হাবা উভয়ে দ্বায়ী। নাৰী-পূৰুষ উভয়ে নিজৰ নিজৰ কৰ্মৰ বাবে সতন্ত্ৰ ভাবে দ্বায়ী ।
          হিন্দু ধৰ্ম মতে যিহেতু মানব জাতিৰ আদি পিতা মনু গতিকে ধৰি লোৱা হল মনুৰ পৰাই হিন্দু ধৰ্মৰ উৎপত্তি যদিও মনুয়ে সনাতন বা হিন্দু ধৰ্ম মানি চলিছিল বুলি হিন্দু শাস্ত্ৰৰ কতো কোনো উল্লেখ নাই । ঠিক সেইদৰে খৃষ্টান ধৰ্ম মতে আদম হৈছে মানব জাতিৰ আদি পিতা কিন্তু আদমে যে খৃষ্টান ধৰ্ম মানি চলিছিল তাৰো কোনো উল্লেখ বাইবেলত পোৱা নাযায়। তাৰোপৰি আদম খৃষ্টান ধৰ্ম মতে কোনো নবী ৰছুল বা Prophet ও নহয় । হিব্ৰু ভাষাৰ বাইবেলৰ Genesis 20:7 ত আব্ৰাহামক প্ৰথম 'nabiy' বা Nabi (নবী) বুলি অভিহিত কৰা হৈছে। এই ফালৰ পৰা চালেওঁ আদম খৃষ্টান নাছিল। ইয়াৰ বিপৰীতে ইচলাম ধৰ্মৰ মতে আদম (আঃ) আছিল আল্লাহৰ প্ৰথম নবী যিজনে আল্লাহৰ দ্বাৰা প্ৰদত্ত দ্বীন বা ধৰ্ম 'এক নিৰাকাৰ ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা ধৰ্ম যাক চমুকৈ ইচলাম বুলি কব পাৰি তাকে মানি চলিছিল । ইয়াত বুজাৰ কাৰনে উনুকিয়াই থোৱা ভাল হব যে আদম ( আঃ) য়ে আল্লাই হজৰত মহম্মদ (ছঃ) দ্বাৰা প্ৰবৰ্তন কৰা দ্বীন বা ধৰ্মৰ শেহতীয়া সংস্কৰণ যিটো আজিৰ যুগৰ মুছলমানে মানি চলে সেয়া মানি নচলিলেওঁ, আল্লাহৰ প্ৰদত্ব ধৰ্ম "এক নিৰাকৰ ইশ্বৰৰ উপাসনা কৰা' যাক ইচলাম বুলি কোৱা হয় সেয়া মানি চলিছিল। ধৰ্ম এটাই কিন্তু যুগৰ লগত পদ্ধতিৰ সালসলনি কৰা হৈছে।

         সকলো ধৰ্ম মতে মহাপ্লাবন হৈছিল কিন্তু প্ৰশ্ন হয় মহাপ্লাবনৰ পাছৰ পৰাই মানুহৰ আৰাম্ভ নে তাৰ আগতো মানুহ আছিল?

          হিন্দু ধৰ্ম গ্ৰন্থ সতাপথ ব্ৰাহ্মনৰ মতে ব্ৰহ্মাৰ পুত্ৰ মনুৰ সময়তে পৃথিৱীত মহাপ্লাবন হৈছিল আৰু মহাপ্লাবনৰ পাছতে মনুৰ পৰাই পৃথিৱীত মানব জাতিয়ে বিস্তাৰ লাভ কৰে। গতিকে হিন্দু ধৰ্মৰ মতে মানুহৰ সৃষ্টি মহাপ্লাবনৰ পাছত হৈছিল আৰু তাৰ লগে লগে হিন্দু বা সনাতন ধৰ্মৰো হৈছিল বুলি কব পাৰি । খৃষ্টান ধৰ্ম বাইবেলৰ মতে নুহৰ সময়ত আৰু ইছলাম ধৰ্মৰ কোৰআনৰ মতেওঁ নুহ (আঃ) সময়ত মহাপ্লাবন হৈছিল। আদমৰ দৰে বাইবেলৰ নুহ খৃষ্টান বা খৃষ্টান ধৰ্মৰ কোনো প্ৰফেট আছিল বুলি বাইবেলত কতো কোৱা হোৱা নাই কিন্তু ইচলাম ধৰ্ম মতে নুহ (আঃ) আছিল আল্লাহৰ তৃতীয় প্ৰফেট আৰু যিজনে আল্লাহৰ প্ৰদত্ব দ্বীন বা ধৰ্ম "এক অদৃশ্য আৰু অদ্বিতীয় ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা" অৰ্থাৎ ইচলাম অনুসৰণ কৰিছিল মহাপ্লাবনৰ সময়ত নুহ (আঃ) নিৰ্মাণ কৰা বৃহৎ নৌকা বা Noah's Ark তুৰস্কৰ কোনোৱা পৰ্বতৰ চুড়াত আবিস্কৃত হোৱা বুলি বহুতে দাবী কৰে। পৃথিৱীত মহাপ্লাবন এবাৰেই হৈছিল বুলি বৈজ্ঞানিক ভাবে প্ৰমানিত হৈছে গতিকে মনুয়ে নুহ আৰু নুহে মনু হয় বুলি আমি অনুমান কৰিব পাৰো কিন্তু ইয়াত লক্ষ্য কৰিব লগা বিষয়টো হৈছে হিন্দু ধৰ্মৰ মতে মহাপ্লাবনৰ আগত মানুহ নাছিল গতিকে ধৰ্মও নাছিল, সনাতন বা হিন্দু ধৰ্ম থকাটো দুৰৰ কথা । কিন্তু খৃষ্টান আৰু ইছলামৰ মতে মহাপ্লাবনৰ আগতো মানুহ আছিল । কোৰআনত নুহ (আঃ) ৰ পূৰ্ববৰ্তী প্ৰফেট সকলৰ নাম প্ৰযন্ত স্পষ্ট ভাবে উল্লেখ আছে আৰু নুহ (আঃ) পূৰ্ববৰ্তী প্ৰফেট কেইজন হৈছে আদম (আঃ) আৰু ইদ্ৰিছ (আঃ)।

          মুঠতে হিন্দু ধৰ্ম মতে মনুৰ আগত মানুহৰ সৃষ্টি হোৱা নাছিল ধৰ্ম সৃষ্টি হোৱা দুৰৰ কথা, খৃষ্টান আৰু ইছলামৰ মতে নুহ বা মনুৰ আগতো মানুহ আছিল কিন্তু খৃষ্টান ধৰ্মই তেওঁলোক খৃষ্টান আছিল বুলি দাবী নকৰে কিন্তু ইচলামৰ মতে তেওঁলোকৰ দ্বীন বা ধৰ্ম আছিল "এক অদৃশ্য ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা" অৰ্থাৎ ইচলাম।

          গতিকে সকলো ধৰ্মৰ তত্বৰ তুলনামূলক বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হয় যে সনাতন ধৰ্ম হল "এক অদৃশ্য আৰু অদ্বিতীয় ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা" অৰ্থাৎ ইচলাম।

          গতিকে ইয়াৰ দ্বাৰা প্ৰমান হয় যে সনাতন ধৰ্ম হৈছে "এক অদৃশ্য আৰু অদ্বিতীয় ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা" অৰ্থাৎ ইচলাম।