Thursday, 20 July 2017

আলিমৰ অৰ্থ কি ? লিখক - ক্বাৰী জাকিৰ হুছেইন নদভী

"আলিম" এইটো এটা আৰবী শব্দ যাৰ অৰ্থ হল "জনা ব্যাক্তি"। "ইলিম" মানে জ্ঞান আৰু তাৰে পৰাই হৈছে আলিম অৰ্থাৎ আলিম বুলি কলে এজন জ্ঞানী ব্যক্তি বুলি আপুনি কব পাৰে। ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ আদি ভালেমান দেশত আলিমক "মৌলানা" বা "মৌলবী" বুলি মাতে,ইফালে স্বয়ং আল্লাহই পৱিত্ৰ কোৰআনত নিজকে "মৌলানা" বুলি সম্বোধন কৰিছে, গতিকে এজন আলিমক বা মাদ্ৰাছাৰ পৰা পঢ়ি অহা এজন ব্যক্তিক মৌলানা বুলি কব পাৰি নেকি?
'মৌলা' শব্দটো ক্বোৰআন শ্বৰীফত ১০ ঠাইত আছে । 'মৌলা'ৰ আৰু কেইটামান অৰ্থ আছে। যেনে--নিজৰ আজাদ কৰা গোলামক মৌলা বুলি কোৱা হয়, আকৌ মালিককো মৌলা বুলি কোৱা হয়। আৰু নিজৰ দোস্ত (বন্ধু) কো মৌলা বুলি কোৱা হয়। যেনে, বুখাৰী শ্বৰীফৰ হাদীছ আছে য'ত মুহাম্মাদ (ছঃ) ক হজৰত জায়েদ (ৰাঃ) য়ে কৈছিল যে "আপুনি মোৰ ভাই আৰু মৌলা হয়" ( أنت أخونا و مولانا) [কিতাবুল মাগাজী,বাবু ঊমৰাতুল ক্বাজা.হাদীছ নং ৪২৫১ ] গতিকে এই হাদীছৰ দ্বাৰা প্ৰমাণ হ'ল যে নিজৰ বন্ধু বা ডাঙৰীয়াক সন্মানপূৰ্বক মৌলা বুলি কব পাৰি তাত কোনো অসুবিধা নাই। আচল কথাটো হ'ল নিয়ত। আপুনি যেতিয়া সন্মূখৰ মানুহজনক মৌলানা বুলি কয় তেতিয়া কোনেও এইটো ধাৰণা নকৰে যে এয়াই মোৰ ঈশ্বৰ বা প্ৰভূ বা আল্লাহ। নিয়তৰ দ্বিতীয় নাম হ'ল ধাৰণা। আপুনি কিবা এটা কাম কৰিবৰ বাবে যেতিয়া মনে মনে সেই কামৰ বিষয়ে ধাৰণা কৰে সেইটোকেই আনটো শব্দত নিয়ত বুলি কোৱা হয়। এই বিষয়ে বুখাৰীৰ প্ৰথম হাদীছটো চাই লওঁক য'ত কোৱা হৈছে যে সকলো কাম তাৰ নিয়তৰ ওপৰত নিৰ্ভৰ কৰে। (إنما الاعمال بالنيات)
[ কিতাবুল ৱাহী, বাবু আল-ৱাহী.হাদীছ নং ১]
গতিকে আপুনি যদি কাৰোবাক দোস্ত বা সন্মানপূৰ্বক মৌলানা বুলি কয় তেন্তে কোনো অসুবিধা নাই।

আলিম সম্পৰ্কে কূৰ’আনত কি কোৱা হৈছে ?

আল্লাহ তা'লাই কোৰআনৰ ছুৰাহ আলে ইমৰাণ আয়াত নম্বৰ 79 ত উল্লেখ কৰিছে -  كونوا ربانيين
হজৰত ইবনে আব্বাছ ৰাজিঃ য়ে এই শব্দটোৰ তিনিটা অৰ্থ লৈছে । "ৰাব্বানী ঈন" মানে হল
(1) পণ্ডিত বা বিদ্বান ব্যক্তি।
(2) দাৰ্শনিক পণ্ডিত বা চিন্তাশীল জ্ঞানী ব্যক্তি আৰু
(3) সহনশীল বা সহ্য গুণ ।

দ্বিতীয় এটা অর্থ হল আল্লহৰ পচন্দনীয় বান্দা হৈ যোৱা । ইয়াত জ্ঞানী হোৱাৰ বাবে আদেশ পোৱা গৈছে আৰু আৰবী ভাষাত আলিম সকলক জ্ঞানী বুলি মানা হয়। এই আয়াতটোত كونوا (কোনো) শব্দটো ব্যবহাৰ কৰা হৈছে গতিকে এৰাবীক ব্যাকৰণ অনুযাই ইয়াত আল্লাহৰ আদেশ পোৱা গৈছে আৰু আল্লহৰ আদেশ মানাটো ফৰজ । তেনেহলে ইয়াত প্ৰশ্ন এটা উৎথাপন হব পাৰে , যেনে যিবিলাক মানুহ আলীম নহয় সেইবিলাকে কি আল্লাহৰ আদেশ পালন কৰা নাই নেকি ? আৰু এই বিষয়ে ধ্যান কৰিবলগীয়া কথাটো হল অকল মাদ্ৰাছাত পঢ়া ব্যক্তিকেই যে আলিম কব পাৰিম তেনে কোনো কথা নাই বৰং ওপৰত বৰ্নণা কৰা গুন কেইটা যাৰ ভিতৰত পোৱা যাব তাকেই আমি আলিম বুলি কব পাৰিম।

এতিয়া লৈকে আমি আলোচনা কৰিলোঁ যে আল্লাহ তা'লাই মানুহক জ্ঞান অৰ্জন কৰা বা জ্ঞানী হ'বলৈ আদেশ দিছে আৰু এজন জ্ঞানী ব্যক্তি বা আলিমৰ ভিতৰত কি কি গুণ থাকিব লাগে ।

 এতিয়া আহক চাওঁ আল্লাহ তা'লাই এই আলিম বা উলামাৰ প্ৰশংসা কেনেদৰে কৰিছে । পৱিত্ৰ কোৰআনত আল্লাহই এনেদৰে উল্লেখ কৰিছে - .إنما يخشى الله من عباده العلمؤا   চুৰা ফাতিৰ আয়াত নং ২৮ ত আল্লাহ তালাৰ সকলো বান্দা-বান্দিৰ ভিতৰত সকলোতকৈ বেছি আলিম সকলে আল্লাহক ভয় কৰে বুলি কৈছে।
হজৰত মাছুদ ৰাজিঃ য়ে এই আয়াতৰ তফছীৰত কৈছে যে আলিম হোৱাৰ অৰ্থ এইটো নহয় যে অতি জ্ঞানী বৰঞ্চ প্ৰকৃততে যি সকলে আল্লাহক বেছি ভয় কৰে তেওঁলোকে আলিম।
হজৰত ছায়েদ বিন জুবাইৰ ৰাজিঃও এই আয়াতটো তফছীৰ কৰোঁতে এনেদৰে কৈছে যে আল্লাহক ভয় কৰাৰ অৰ্থ হল সকলো ধৰণৰ গুনাহ (পাপ) ৰ পৰা আঁতৰি থকা ।
গতিকে যিজন ব্যক্তিৰ অন্তৰত আল্লাহৰ প্ৰতি ভয় থাকে আৰু সেই ভয়ে তেওঁক সকলো ধৰনৰ পাপৰ পৰা আতৰাই ৰাখে তেওঁক এজন আলিম বা জ্ঞানী ব্যক্তি বুলি কব পাৰি ।

No comments:

Post a Comment