ইচলাম আৰু নাস্তিকতাবাদ
ইচলামত নাস্তিক বুলি কোনো কথা নাই যদিও ধৰ্মত্যাগী বা ইংৰাজীত যি সকলক Apostates বুলি কোৱা হয় সেই সম্পৰ্কে উল্লেখ আছে গতিকে আমি সেই সকলকে নাস্তিক বুলি কব পাৰি। ইয়াত ধৰ্ম ত্যাগী বুলি কলে আমি একমাত্ৰ মুছলমান ধৰ্ম ত্যাগী সকলক কব লাগিব যিসকলে এটা সময়ত মুছলমান আছিল কিন্তু পাছলৈ ইচলাম ধৰ্ম ত্যাগ কৰিছে। যিসকল পূৰ্বৰে পৰা অমুছলমান সেই সকল এই আলোচনাৰ বিষয়বস্তু নহয়।
কোৰআনৰ কেবাটাও আয়াতত এই ধৰ্মত্যাগী সকলৰ কথা আলোচনা কৰা হৈছে যদিও কোনো আয়াততে কোনোবাই ধৰ্ম ত্যাগ কৰিলেই তাক কিবা শান্তি বিহিব লাগিব সেই কথা কোৱা হোৱা নাই । চুৰি ,ডকাইতি, হত্যা আদিক অপৰাধ হিচাপে গন্য কৰি কোৰআনত সেইবিলাকৰ শান্তিৰ বিধান দিয়া হৈছে যদিও ধৰ্মত্যাগ কৰা সকলৰ কোনো শাস্তিৰ বিধান দিয়া হোৱা নাই, কিয় ? ধৰ্মত্যাগ যদি অপৰাধ তেন্তে ইয়াৰ শাস্তিৰ বিধান কোৰআনত নাই কিয় ? বুজোতাৰ বাবে এইখিনিয়েই বুজাৰ বাবে যথেষ্ট যদিও কথাখিনি আৰু বিস্তাৰিত আলোচনা কৰোঁ আহক...
তলৰ আয়াতটো মন কৰক
"... আৰু তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ দ্বীনৰ পৰা উভতি যাব আৰু কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’। (আল-কোৰআন ২:২১৭)
ওপৰৰ আয়াতটোত দ্বীনৰ পৰা উভতি অৰ্থাৎ ধৰ্ম ত্যাগ কৰিলে তেওঁক কাফিৰ অৰ্থাৎ অবিশ্বাসী বুলি গন্য কৰা হব আৰু তেনে ব্যক্তিক জাহান্নামত অৰ্থাৎ মৃত্যুৰ পাছত শান্তি দিয়াৰ কথা কোৱা হৈছে। এই পৃথিৱীত শাস্তি দিব লাগিব বুলি কোনো কথাৰ উল্লেখ নাই।
ইচলামত মুছলমান এজনক ৰাতিপুৱা শুই উঠি ৰাতি শুৱালৈকে নিজৰ দিনটোৰ জীৱন যাত্ৰাত অসংখ্য বাধা নিষেধ আৰোপ কৰা হৈছে । কি পিন্ধিব পাৰিব কি নোৱাৰিব, কি শুনিব পাৰিব কি নোৱাৰিব ,কি খাব পাৰিব কি নোৱাৰিব, কি কব পাৰিব কি নোৱাৰিব ... সব বিষয়তে দিশ নিৰ্দেশ দিয়াৰ উপৰিও দিনটোত 5 বাৰ বাধ্যতামূলক প্ৰাৰ্থনা আছেই। কষ্ট কৰি উপাৰ্জনৰ ওপৰতো জাকাতৰ দ্বাৰা সম্পত্তিৰ এক বৃহৎ অংশ ত্যাগ কৰাৰ পদ্ধতি, বছৰত পুৰা এটা মাহ অনাহাৰে ৰখাৰ বিধি এইবোৰে যে বহু তথাকথিত দুৰ্বল ঈমানৰ মুছলমানক ধৰ্মৰ প্ৰতি বিদ্বেষী কৰি তুলিব সেই কথা আল্লাই ভালদৰে জানিছিল সেয়ে আল্লাই কোৰআনৰ ৫:৪৯ নং আয়াতত অধিকাংশ মানুহক ফাছিক্ব বা বিদ্ৰোহী বুলি অভিহিত কৰি সেই একে আয়াততে কৈছে "যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা যে, আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুণাহৰ বাবে শাস্তি দিব বিচাৰে " অৰ্থাৎ আল্লাই নিজে সিহঁতক কি শান্তি দিব সেয়া নিৰ্ধাৰণ কৰিব , মানুহক সেই অধিকাৰ দিয়া নাই বৰং মুছলমান সকলক কোনোবাই ধৰ্ম ত্যাগ কৰিলে নিৰাশ নহবলৈ কোৰআনৰ আয়াত নং ৫:৫৪ কোৱা হৈছে
হে মুমিনসকল! তোমালোকৰ মাজৰ কোনোবাই দ্বীনৰ পৰা উভতি গ’লে নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভালপায় আৰু সিহঁতেও তেওঁক ভালপায় ...."
ইয়াৰ উপৰিও কোৰআনত এনে বহু আয়াত আছে যাৰ দ্বাৰা প্ৰমান হয় যে আল্লাই মানুহক পৃথিৱীত ধৰ্ম মানা বা নামানা আল্লাহৰ অস্তিত্ব স্বীকাৰ কৰা বা নকৰা সম্পৰ্কে পূৰ্ণ স্বাধীনতা দিছে। আৰু সিহঁতৰ লগত DEAL আল্লাই কৰিব এজন মানুহ আল্লাহক বিশ্বাস নকৰে বুলিয়ে তাক শাস্তি দিব লাগিব বুলি কোনো কথা নাই । এই খিনিতে উল্লেখ কৰিব পাৰি যে বেদত বৈদিক ভগবানক নামানিলে আৰু বাইবেলত বাইবেলৰ ইশ্বৰক নামানিলে সেই সকলক
শাস্তি দিয়াৰ বিধান আছে যদিও কোৰআনত আল্লাহক নামানিলেই কাৰোবাক শাস্তি দিব লাগিব বুলি কোনো কথা নাই বৰং কোৰআনত শান্তিপ্ৰিয় অমুছলমান সকলৰ লগত মুছলমান সকলক শান্তিপূৰ্ণ ভাবে সহ অৱস্থান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । এই খিনিতে আকৌ কোনোবাই 'কাফিৰক যতে পাবা হত্যা কৰা' বুলি উল্লেখ থকা আয়াত সমূহৰ কথা কৈ লাভ নাই কাৰন সেইবোৰ যুদ্ধৰ সময়ত নাজিল হোৱা আয়াত। কি পৰিস্থিতিত কিয় কি টাইপৰ কাফিৰক হত্যা কৰাৰ নিৰ্দেশ দিয়া হৈছিল সেই বিষয়ে একো নাজানি কেবল মাজৰ পৰা আয়াত এটা তুলি দি নাচিলে নহব। কোৰআনে একমাত্ৰ ধৰ্ম পুথি যি ইতিহাসৰ ওপৰত প্ৰতিষ্ঠিত। কোৰআন প্ৰতিটো আয়াত চুৰা নাজিল কৰাৰ কাৰন আছিল গতিকে কাৰন জানিলেহে কোৰআনক প্ৰকৃতপক্ষে বুজা বুলি কব পাৰি।
এইখিনিতে আৰু এটা কথা উল্লেখ কৰিবই লাগিব যদিও আল-কোৰআনে হৈছে মুছলমান সকলৰ একমাত্ৰ আইন যিটো যিকোনো মুছলমানে বিনা দ্বিধাই আল্লাহৰ বাণী বুলি একবাক্যে মানি লয় তথাপি আমি ইয়াত এই সম্পৰ্কে চহী হাদিছৰ কথাও আলোচনা কৰিব লাগিব কাৰন ইচলামত চহী হাদিছ বোৰক কোৰআনৰ পাছতে স্থান দিয়া হয়।
বুখাৰী Book 9, Hadith 1214 নং আৰু তেনে কোনো হাদিছত ধৰ্ম ত্যাগ কৰা সকলক কঠোৰ শাস্তি দিয়াৰ কথা উল্লেখ কৰা হৈছে যদিও Sahih Muslim 1862 নং হাদিছত আকৌ আল আকোৱাৰ পুত্ৰক ধৰ্ম ত্যাগ কৰাৰ পাছতো ৰছুল হজৰত মহম্মদ (ছঃ) য়ে তেওঁক কোনো ধৰনৰ শাস্তি নিদি বৰং তেওঁক বেদুইন সকলৰ লগত বসবাস কৰিবলৈ অনুমতি প্ৰদান কৰিছিল কিন্তু কিয় ?
চহী বুখাৰীৰ Hadith 1214 নং বা তেনে 2/1 টা হাদিছত ধৰ্ম ত্যাগ কৰা সকলক শাস্তিৰ বিধান দিয়াৰ কথা কোৱা হৈছে আকৌ Sahih Muslim 1862 নং হাদিছত ধৰ্ম ত্যাগ কৰা এজনক শাস্তি নিদিয়াৰ কাৰন কি??
এই সম্পৰ্কে অধিকাংশ ইচলামিক এলেম-উলেমাই মত প্ৰকাশ কৰে যে ওপৰোক্ত হাদিছ বা হাদিছ সমূহ ইচলামৰ প্ৰাৰম্ভিক পৰ্য্যায়ত দিয়া হৈছিল যেতিয়া ইচলামে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আৰবৰ সেইসকল হিংস্ৰক পাগান অমুছলমান সকলৰ লগত যুদ্ধত লিপ্ত হৈছিল যি সকলে মুছলমান সকলৰ ওপৰত অনাহকতে যুদ্ধ জাপি দিছিল। হজৰত মহম্মদ (ছঃ) য়ে 1400 শ বছৰ আগত আৰব মৰুভূমিত ইচলামৰ বাণী প্ৰচাৰ কৰিব লোৱাৰ সময়ত আৰবত প্ৰচলিত সংস্কৃতি ও জীৱন পদ্ধতি আছিল ইচলামৰ সম্পূৰ্ণ ওলোটা গতিকে ইচলামক সেই সময়ত আৰবৰ বহু অমুছলমানে কোনো মতে সহ্য কৰিব পৰা নাছিল আৰু সেয়েহে স্বাভাৱিকতে তেওঁলোকে মুছলমান সকলৰ চৰম শত্ৰু হৈ উঠি যিকোনো মুল্যৰ বিনিময়ত হজৰত মহম্মদ (ছঃ) আৰু ইচলামক প্ৰতিহত কৰিবলৈ উঠিপৰি লাগিছিল তাৰ ভিতৰত এটা আছিল সিহঁতৰ কিছুমানে লোক দেখুৱাই ইচলাম ধৰ্ম লোৱা বুলি কৈ মুছলমান সকলৰ দলত চামিল হৈ মুছলমান সকলে কৰা যুদ্ধৰ প্ৰস্তুতি সম্পৰ্কে জানি আকৌ দুদিন পাছতে ইচলাম ধৰ্ম ত্যাগ কৰি শত্ৰু পক্ষত যোগ দি মুছলমান সকলৰ বাবে সমস্যা সৃষ্টি কৰিছিল । এই সকলে মুছলমান সকলৰ লগত কুফৰী কৰিছিল আৰু সেয়ে সিহঁত ধৰা পৰিলে সিহঁতক ইয়াৰ বাবে কঠোৰ শাস্তিৰ বিধান দিছিল ইচলামৰ নবী হজৰত মহম্মদ (ছঃ) য়ে। উদাহৰণ স্বৰূপে ভাৰত আৰু চীন বা পাকিস্তানৰ যুদ্ধ হলে কোনো ভাৰতীয় সেনাই যড়যন্ত্ৰ কৰি চীন বা পাকিস্তানৰ লগত যোগ দিলে ভাৰতে তাক সন্মানিত কৰিব নে কি কৰিব, এইটো বুজি পালে সব বুজিব পাৰি।
গতিকে স্বাভাবিক ভাবে কোনো মুছলমানে ইচলাম ত্যাগ কৰি নাস্তিক হলে বা আন কোনো ধৰ্ম গ্ৰহণ কৰিলে মুছলমান সকলে সেইবোৰ লৈ মুৰ ঘমোৱাৰ দৰকাৰ নাই অৱশ্যে কোনোবাই ইছলাম ত্যাগ কৰিব বুলি কোনো মুছলমানে আগতিয়াকৈ জানিব পাৰিলে তাক বুজাই বঢ়াই এনে পথ অৱলম্বন নকৰিবলৈ সামৰ্থ্য অনুসৰি বাধা দিয়াটো সকলো মুছলমানৰে কৰ্তব্য বা নাস্তিক হোৱাৰ পাছতো সেইসকলক বুজাই বঢ়াই পুনৰ আল্লাহৰ প্ৰতি বিশ্বাসী কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰখাটো প্ৰতিজন মুছলমানৰ কৰ্তব্য । তথাপি কোনো মুছলমানে ধৰ্ম ত্যাগ কৰি নাস্তিক হৈ যেতিয়ালৈকে কুফুৰিত লিপ্ত নহব তেতিয়ালৈকে সেইজন নাস্তিকক হাৰাশাস্তি কৰাৰ কোনো বিধান ইচলামত নাই তাৰ লগত Dealings আল্লাই কৰিব আমি নহয়। কিন্ত নাস্তিক নাম লৈ আল্লাহ বা নবী/ৰছুলক গালি গালাজত লিপ্ত হৈ কাৰোবাৰ ধৰ্মীয় বিশ্বাসক আঘাত দিয়াটো মত প্ৰকাশৰ স্বাধীনতা (Freedom of Speech) বুলি নকয় অসভ্যালি বুলি কয় আৰু ই আইন বিৰোধী কথা গতিকে এইবোৰ কাৰ্য্যক কোনো মুছলমানে সহ্য নকৰে।
নোট - ওপৰত ইছলাম আৰু নাস্তিকতাবাদৰ ওপৰত কৰা আলোচনা মোৰ নিজৰ নহয়। এই সম্পৰ্কে ইচলামৰ আলেম-উলেমা সকলে বিভিন্ন ঠাইত কৰা আলোচনাৰ ওপৰত ভিত্তি কৰি এই পোষ্টটো যুগুত কৰা হৈছে আৰু ইয়াত ভূল ভ্ৰান্তি ৰৈ যোৱাটো স্বাভাৱিক। আল্লাহ ক্ষমাশীল আৰু সকলো বিষয়ে সৰ্বক ভাবে জ্ঞাত ।

No comments:
Post a Comment