Friday, 21 July 2017

হজৰত মহম্মদ (ছঃ) আৰু জয়নব বিন জাহস্ (ৰাঃ) ৰ বিবাহ , লেখক - শ্বাহিদুল ইছলাম

একাংশ ইচলামৰ শত্ৰুয়ে হজৰত মহম্মদ (ছঃ) আৰু জয়নব বিন জাহস্ (ৰাঃ) ৰ সম্পৰ্কক লৈ নানা ভূৱা, ভিত্তিহীন, মনেসজা ও মুখৰোচক হাদিছ আৰু কাহিনীৰে প্ৰচাৰ চলাই মানুহৰ মাজত বিভ্ৰান্তৰ সৃষ্টি কৰি আহিছে । হজৰত মহম্মদ (ছঃ) আৰু জয়নব (ৰাঃ) সম্পৰ্ক আৰু বিয়াক লৈ ইছলামৰ শত্ৰু সকলে বহু মুখৰোচক কাহিনী প্ৰচাৰ কৰা বুলি বিখ্যাত ইচলামিক পন্ডিত ইবনে কটহিৰে ইচলামিক ইতিহাসৰ ওপৰত ৰচনা কৰা তেওঁৰ স্মাৰক পুথি "অল বিদাহ ওৱা অল নিকাহত " উল্লেখ কৰিছে যিবোৰ কাহিনীৰ ইচলামৰ লগত কোনো সম্পৰ্ক নাই কিন্তু ইচলামৰ শত্ৰু সকলে প্ৰচাৰ কৰা কাহিনী বোৰকে হাথিয়াৰ হিচাপে লৈ একাংশ ইচলামৰ শত্ৰুয়ে হজৰত মহম্মদ (ছঃ) বিৰুদ্ধে নানা অপপ্ৰচাৰত লিপ্ত হৈ নিজে পথভ্ৰষ্ট হোৱাই নহয় বেলেগ মানুহ আনকি বহু সময়ত ইচলামৰ বিষয়ে কম জ্ঞান থকা মুছলমান সকলৰ ঈমান ও একিন নষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

নিৰাশ্ৰয়,মাক-বাপেক হেৰুৱা ইতিম অসহায় কোনো শিশুক আশ্ৰয় দি তুলিতালি পোহপাল দিয়াত ইচলাম ধৰ্মই কেতিয়াওঁ বাধা দিয়া নাই বৰং তেনে কোনো শিশুক কোনো মুছলমানে তুলিতালি ডাঙৰ কৰিব পাৰিলে সেইজন মুছলমানক আল্লাই পূৰস্কৃত কৰিব বুলি আল-কোৰআনৰ কেবা ঠাইত ঘোষনা কৰিছে। ইচলামৰ মতে মাত্ৰ সেইজন শিশুয়ে তুলিতালি ডাঙৰ কৰাজনৰ পৰা নিজ পুত্ৰৰ মৰ্যাদা নাপায় বুলি কৈছে।  কোনো অসহায় শিশুক কেবল পুত্ৰৰ মৰ্যাদা দিলেহে মৰম কৰিব পাৰি এনে নোৱাৰি বুলি ভৱা আৰু কোনো জীৱ-জন্তুক মা-দেউতা বুলি বুলি মাতিলেহে জন্তু প্ৰেমী হব পাৰি বুলি ভবা সকল একে শ্ৰেণীৰ মানুহ।

হজৰত মহম্মদ (ছঃ) আৰু জয়নব (ৰাঃ) সম্পৰ্কে ইচলামৰ শত্ৰু সকলে নানা কাল্পনিক কাহিনী বনাই প্ৰচাৰ কৰিলেওঁ ইচলামৰ নবী যাক Nepolean Bonaparte ,M.K Gandhi, Lamartine, Edward Gibbon , Simon Ocklay, Rev Bosworth Smith, Annie Besant, Montgomery Watt, James A Michener, Michael H Hart, Sarojini Naidu, Thomas Caryle, Stanley Lane Poole, George Bernard Shaw আদিৰ দৰে বিশ্বৰ মহান মহান অ-মুছলমান মনিষী সকলে বিশ্বৰ শ্ৰেষ্ঠতম মানুহ সকলৰ ভিতৰত এজন বুলি অভিহিত কৰিছে সেইজন মহান ব্যক্তিৰ চৰিত্ৰৰ ওপৰত একমাত্ৰ ধাৰ্মিক আক্ৰোশৰ বলি হৈ কিছুমানে কৰা বজৰুৱা মন্তব্য কেবল হাস্যকৰে নহয় গৰিহনা যোগ্যও।

 আমি মুছলমান সকলে ভালকৈ অবগত যে ,হজৰত মহম্মদ (ছঃ) আৰু জয়নব (ৰাঃ) বিয়া কোন পৰিস্থিতিত কিয় সম্পন্ন হৈছিল । আল-কোৰআনৰ তলৰ বাণীটো নাজিল হোৱাৰ আগলৈকে আৰবৰ সংস্কৃতিত তোলনীয়া পুত্ৰ লোৱাৰ এক কু-প্ৰথা ব্যাপক ভাবে প্ৰচলিত আছিল, যিটো কমবেছি পৰিমাণে মুছলমান সকলৰ মাজতো বিদ্যমান আছিল। তোলনীয়া পুত্ৰই নিজ পুত্ৰৰ দৰে সম্পত্তিকে বিভিন্ন ক্ষেত্ৰত সমান অংশিদাৰিত্ব দাবী কৰাক লৈ সমাজত বিশৃংখলতা সৃষ্টি হৈছিল। সমাজত এই কূ-প্ৰথা নিৰাময়ৰ উদ্দেশ্য তোলনীয়া পুত্ৰ প্ৰথাটোকে আল্লাই কোৰআনত অবৈধ বুলি ঘোষণা কৰিছিল । মুছলমানে কোনো অসহায় শিশুক নিজ পুত্ৰৰ দৰে তুলিতালি ডাঙৰ কৰিব পাৰে সেইবুলি সি নিজ পুত্ৰৰ মৰ্যাদা লাভ নকৰিব ।

আল্লাহে কোনো মানুহৰেই অভ্যন্তৰত দুটা হৃদয় সৃষ্টি কৰা নাই। তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিবিলাকৰ লগত তোমালোকে যিহাৰ কৰা, তেওঁ সিহঁতক তোমালোকৰ মাতৃ কৰি দিয়া নাই আৰু তোমালোকৰ তোলনীয়া পুত্ৰ বিলাককো তেওঁ তোমালোকৰ প্ৰকৃত পুত্ৰ কৰি দিয়া নাই। এইবোৰ তোমালোকৰ মুখৰ কথাহে। আল্লাহে কেৱল সত্য কথাই কয় আৰু তেৱেঁই সৰল পথ নিৰ্দেশ কৰে।( আল-কোৰআন ৩৩:৪)

ইয়াত উল্লেখ কৰা ভাল হব যে জিহাৰ হল আৰবৰ অমুছলমান পাগান সকলৰ মাজত প্ৰচলিত এক প্ৰথা যাৰ দ্বাৰা তেওঁলোকে নিজ পত্নীক তালাক দিছিল অৰ্থাৎ কোনো পুৰুষে নিজ স্ত্ৰীক তালাক দিব খুজিলে 'আজিৰ পৰা তুমি মোৰ মা' বুলি কলেই তালাক হৈ যোৱা বুলি বিশ্বাস কৰা হৈছিল।

"তোমালোকে সিহঁতক (তোলনীয়া পুত্ৰক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত তোমালোকৰ দ্বীনি ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেয়া অপৰাধ); আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু। (আল-কোৰআন ৩৩:৫)"

জাইদ (ৰাঃ) আছিল এজন কৃতদাস আৰু হজৰত মহম্মদ (ছঃ) য়ে জাইদক 8 বছৰ বয়সত দাসত্বৰ পৰা মুক্ত কৰি লগত পুত্ৰৰ দৰে মৰম কৰি লগত ৰাখিছিল আৰু পাছত হজৰত মহম্মদ (ছঃ) তত্বাৱধানতে জাইদ (ৰাঃ) ৰ লগত জয়নব (ৰাঃ) বিয়া দিয়া হৈছিল সেয়ে ইচলামৰ শত্ৰু সকলে হজৰত মহম্মদ (ছঃ) জয়নব (ৰাঃ) ক হঠাৎতে এদিন দেখি বিয়া পাতিব খোজা কথাটো গোগাট গাজাখুৰি কথা।সেয়া যিয়ে নহওঁক কোৰআনৰ ওপৰোক্ত আয়াত
নাজিল হোৱাৰ পাছত জাইদ (ৰাঃ) লগত হজৰত মহম্মদ (ছঃ) সম্পৰ্ক এজন দ্বীনি ভাই আৰু বন্ধু বাহিৰে একো অবশিষ্ট থকা নাছিল। ইয়াত আৰু এটা কথা উনুকিয়াই থোৱা ভাল হব যে হজৰত মহম্মদ (ছঃ) ৰ লগত বিয়া হোৱাৰ পুৰ্বে জাইদ (ৰাঃ) আৰু জয়নব (ৰাঃ) ৰ বৈবাহিক সম্পৰ্কত ফাট মেলিছিল আৰু অবশেষত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল আৰু জয়নব (ৰাঃ) যেতিয়া 35 বছৰ বয়স হৈছিল তেতিয়া তাইৰ লগত হজৰত মহম্মদ (ছঃ) বিয়া সম্পন্ন হৈছিল ।

ধৰ্মীয় দৃষ্টিত হজৰত মহম্মদ (ছঃ) আৰু জয়নব (ৰাঃ) বিয়া আছিল এক প্ৰকাশ্য আৰু জলন্ত দৃষ্টান্ত যাৰ দ্বাৰা আল্লাই মুছলমান সকলক তোলনীয়া পুত্ৰ পুত্ৰীৰ ধাৰনাটো নসাৎ কৰি স্পষ্ট ৰূপে দেখুৱাই দিছিল। তাৰোপৰি জয়নব (ৰাঃ) ক বিয়া কৰোৱাটো আল্লাহৰ আদেশ আছিল আৰু আল্লাহৰ কোনো নবী বা ৰছুলে আল্লাহৰ আদেশ অমান্য কৰাৰ উপায় নাই। আল্লাহৰ আদেশ হোৱাৰ পাছত হজৰত মহম্মদ(ছঃ) সমাজৰ ভয়ত তাক গোপন কৰিবলৈ চেষ্টা কৰিছিল যিহেতু তেওঁ মানুহ আছিল আৰু
তেতিয়াই আল্লাই তলৰ আয়াত টো নাজিল কৰি হজৰত মহম্মদ (ছঃ) ক স্পষ্ট ভাষাত মানুহক নহয় একমাত্ৰ আল্লাহক ভয় কৰিবলৈ সকিয়াই দিছিল ।

" আৰু স্মৰণ কৰা, আল্লাহে যাক অনুগ্ৰহ কৰিছে আৰু তুমিও যাৰ প্ৰতি অনুগ্ৰহ কৰিছা, তুমি তাক কৈছিলা, তুমি তোমাৰ স্ত্ৰীৰ লগত সম্পৰ্ক বজায় ৰখা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। কিন্তু তুমি তোমাৰ অন্তৰত যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰি দিলে, তুমি মানুহক ভয় কৰিছিলা অথচ আল্লাহক ভয় কৰাটোহে তোমাৰ বেছি দৰকাৰ। তাৰ পিছত যেতিয়া যায়েদে তাৰ (স্ত্ৰীৰ) সৈতে প্ৰয়োজন শেষ কৰিলে (তালাক দিলে), তেতিয়া আমি তেওঁক (জয়নবক) তোমাৰ লগত বিয়া দিলো, যাতে মুমিনসকলৰ তোলনীয়া পুত্ৰৰ স্ত্ৰীক (স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ) কোনো সমস্যা নহয়, যেতিয়া সিহঁতে (তোলনীয়া পুত্ৰসকলে) নিজ স্ত্ৰীৰ লগত প্ৰয়োজন শেষ কৰিব (তালাক দিব)। আল্লাহৰ আদেশ কাৰ্যকৰি হ’বই। (আল-কোৰআন ৩৩:৩৭)"

তাৰ পৰবৰ্তী আয়াতটোত আল্লাই আকৌ ঘোষণা কৰে-
:সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী। (আল-কোৰআন ৩৩:৩৮)"

গতিকে ওপৰৰ আয়াত সমূহৰ পৰা এটা কথা স্পষ্ট যে হজৰত মহম্মদ (ছঃ) নিজ ইচ্ছাত বা জয়নব (ৰাঃ) প্ৰতি আকৃষ্ট হৈ তাইক বিয়া পতা নাছিল বা সেই বিয়া কোনো অবৈধ বিয়া নাছিল। ইচলাম কোনো বিশেষ অন্চলৰ প্ৰচলিত প্ৰথা,সংস্কাৰ-কুসংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰি নচলে । তোলনীয়া পুত্ৰ বা তোলনীয়া পুত্ৰী লোৱাৰ নিয়ম মুছলমান সকলে বিশ্বাস নকৰে । মুছলমান সকলে গোটেই পৃথিৱীত হাজাৰ হাজাৰ এতিমখানা চলাই আছে যত লাখ লাখ মাউৰা, অসহায় শিশু আশ্ৰয় দি পোহপাল দি থকা হৈ আছে কিন্তু সিহঁতৰ বাপেক সিহঁতৰ বাপেকে হয় নতুন বাপেক সৃষ্টি কৰি লোৱাৰ দৰকাৰ হোৱা নাই এতিয়ালৈকে ।

নোট - এই স্পষ্টিকৰণ ও বিশ্লেষণ মোৰ নিজা নহয়। বিশ্বৰ বিভিন্ন ইচলামিক এলেম-উলেমাই কৰা বিশ্লেষণৰ ওপৰত ভিত্তি কৰি যুগুত কৰা হৈছে, কিবা ভুল-ভ্ৰান্তি থাকি গলে আল্লাহ ক্ষমাশীল । নিশ্চিত ভাবে আল্লাহ সৰ্ব বিষয়ত সৰ্বজ্ঞানী।

No comments:

Post a Comment