Thursday, 20 July 2017

প্ৰাক ইচলামিক আৰু ইছলামৰ চালুকিয়া পৰ্য্যায়ত আৰবত নাৰীৰ স্থান। লেখক - শ্বাহিদুল ইছলাম

প্ৰাক ইচলামিক আৰু ইছলামৰ চালুকিয়া পৰ্য্যায়ত আৰবত নাৰীৰ স্থান ।

ইচলামৰ পূৰ্বে আৰব সমাজ বহু বিভক্ত গোত্ৰত বিভক্ত আছিল তাৰ ভিতৰত আছিল Tribes of Quraysh, Bedouin tribes, Ḥutaymi tribes, Bani tribes, Ajman tribes, Al balawi tribes, Al-Farahidi tribes, Al-Ja'aliyin tribes ইত্যাদি ইত্যাদি । এইবোৰৰ ভিতৰত আকৌ উপ-গ্ৰোত্ৰও আছিল। এনেকৈ হাজাৰ হাজাৰ জাতি গোত্ৰত বিভক্ত আৰবৰ সমাজৰ কেইটামান সামান্য সংখ্যক গোত্ৰৰ মহিলাই কিছু স্বাধীনতা ভোগ কৰিবলৈ সক্ষম হৈছিল । হজৰত মহম্মদ (ছঃ) প্ৰথম পত্নী খাদিজা (ৰাঃ) Quraysh গোত্ৰৰ মহিলা। এই গোত্ৰৰ মহিলাই  প্ৰাক ইচলামিক যুগৰ পৰাই কিছু স্বাধীনতা লাভ কৰিবলৈ ভাগ্য লাভ অৰ্জন কৰিছিল যাৰ সুবাদতে তাই আছিল এগৰাকী ব্যৱসায়ী মহিলা। Quraysh সকল আছিল সেই সময়ত আৰবৰ অতি প্ৰভাৱশালী ও ক্ষমতাশালী গোষ্ঠী সকলৰ মাজত এটা যাৰ মহিলা সকলৰ ওপৰত চকু দিয়াৰ দূ:সাহস কোনেও কৰিব পৰা নাছিল । হজৰত মহম্মদ(ছঃ) নিজেওঁ এই গোষ্ঠীৰ অন্তভূৰ্ক্ত আছিল।
Quraysh সকলৰ পাছতে Bani Tribe আছিল আৰবৰ আন এক ক্ষমতাশালী গোষ্ঠী। Bani গোষ্ঠীৰ মাজত bani aslam উপগোষ্টীৰ আছিল #Rufaidah_bint_Saad যাক Rufaida Al-Aslamia বা Rufayda al-Aslamiyyah বুলিও জনা যায় যাক মুছলমান সকলৰ প্ৰথম প্ৰফেচনেল নাৰ্চ বুলি ইতিহাসে অভিহিত কৰে। এই মহান মুছলমান নাৰী গৰাকীৰ জন্ম হৈছিল মদিনাত 620 EC ত অৰ্থাৎ হজৰত মহম্মদ (ছঃ) য়ে নবীউত লাভ কৰাৰ 10 বছৰ পিছত । ইচলামৰ ইতিহাসত যি কেইগৰাকী মুছলমান মহিলাৰ নাম শ্ৰদ্ধা ও সন্মানেৰে লোৱা হয় তাৰ ভিতৰত Rufaidah bint Saad (R.A) ও এগৰাকী ।

ইচলামৰ ইতিহাসত আন এগৰাকী নাৰী যাৰ নাম মুছলমান সকলে সন্মান সহকাৰে লয় সেয়া হল Nusseibeh bint Kaab (RW) । এইগৰাকীয়ে হল সেইজনী মুছলমান নাৰী যি গৰাকীৰ লগত আন এগৰাকী নাৰী Umm Munee Asma bint ʿAmr bin 'Adi (RA) য়ে হজৰত মহম্মদ (ছঃ) ৰ ওচৰত ইচলামৰ হৈ অন্যায়কাৰী, অত্যাচাৰী আৰবৰ অনামুছলিম কাফেৰ মুশৰিক সকলৰ বিৰুদ্ধে জিহাদত অংশ গ্ৰহণৰ বাবে প্ৰতক্ষ্য ভাবে অংগীকাৰ বদ্ধ হৈছিল। বিখ্যাত Uhud ৰ যুদ্ধত কাফিৰ/মুশৰিকৰ বিৰুদ্ধে কেৱল Nusseibeh bint Kaab (RW) নামৰ মুছলমান মহিলা গৰাকীয়ে অংশ গ্ৰহণ কৰা নাছিল আৰু কিছু মুছলমান নাৰীয়ে প্ৰত্যক্ষ ও পৰোক্ষ ভাবে জিহাদত অংশ গ্ৰহণ কৰিছিল,কোনো মুছলমান নাৰীয়ে ঘৰত বহি থকা নাছিল, হয় যুদ্ধ ক্ষেত্ৰত মুছলমান সেনাক পানী যোগান ধৰিছিল নহলে যুদ্ধৰ কবিতা ৰচনা কৰি সেইবোৰ গাই মুছলমান সেনাক উৎসাহিত কৰিছিল। বিৰঙ্গনা সেই সকল মুছলমান নাৰীৰ বীৰত্ব কথা আজিও প্ৰতিগৰাকী ধৰ্মপ্ৰাণ মুছলমানে সোঁৱৰণ কৰি গৌৰব বোধ কৰে আৰু এয়া আছিল ইচলামৰে শিক্ষা নহলে কাফিৰ অবস্থাত আৰবৰ কোনো নাৰীয়ে পুৰুষৰ সৈতে সমানে যুদ্ধত অংশ গ্ৰহণ কৰাৰ উদাহৰণ পোৱা নাযায়। হজৰত মহম্মদ (ছঃ) ইন্তেকালৰ বহু যুগ পাছলৈকে ইচলামৰ শিক্ষাৰে শিক্ষিত বহু মুছলমান নাৰীয়ে সমাজৰ বহু ক্ষেত্ৰত বিভিন্ন ধৰনে অবদান আগবঢ়াই যোৱাৰ উদাহৰণ আছে। 12 শ শতিকাত মুছলমান নাৰীয়ে দিল্লীৰ সিংহাসনত বহাৰ উদাহৰণ আছে ,যাৰ নাম চুলতানা ৰেজিয়া।

এতিয়া আহক ইচলাম আগমনৰ পূৰ্বে আৰবত নাৰী সকলৰ অবস্থা কি আছিল সেই বিষয়ে থুলমুলকৈ আলোচনা কৰোঁ-

এই বিষয়ে ইতিহাস বিদ সকলৰ মাজত মতভেদ আছে। পুৰ্বে কোৱাৰ দৰে আৰবৰ বহু বিভক্ত ট্ৰাইবচ সকলৰ মাজত সামান্য সংখ্যক ট্ৰাইবেল জনগোষ্ঠীৰ নাৰীয়ে কিছু স্বাধীনতা লাভ কৰিছিল । কিছুমান জনগোষ্ঠীৰ নাৰীয়ে আনকি আজিৰ আধুনিক যুগৰ নাৰীৰ দৰে সমসাময়িক স্বাধীনতা লাভ কৰিছিল এইটোওঁ সচাঁ কিন্তু অধিকাংশ জনগোষ্ঠীৰ মহিলা সকলৰ স্বাধীনতা বুলি একো নাছিল। (Ref Turner, Brian S. Islam (ISBN 0-415-12347-X). Routledge: 2003, Page 77-78)

নাৰী সকলৰ সম্পত্তিৰ অধিকাৰ বুলি একো নাছিল  ( Ref Beck, lois. and Keddic, Nikki. "Women in the Muslim world",Harvard University Press, London, 1978, Page .37)

অধিকাংশ জনগোষ্ঠীতে আজিৰ ভাৰতৰ বহু অন্চলত ভ্ৰুন হত্যাৰ দৰে ছোৱালীৰ জন্ম হলেই হত্যা কৰি পেলোৱাৰ দৰে কুপ্ৰথাৰ প্ৰচলন আছিল।

ওপৰত কোৱা কূ-প্ৰথা সমুহৰ বাদে আৰু বহু কু-প্ৰথা  আৰবত প্ৰচলিত আছিল যিবোৰ অধ্যয়ন কৰিলে আমি সহজতেই প্ৰাক ইছলামিক যুগ বা ইছলামৰ চালুকিয়া পৰ্য্যায়ত আৰবত মহিলাৰ অবস্থাৰ বিষয়ে সহজে অবগত হব পাৰো। এতিয়া প্ৰশ্ন হল ইচলামে কিদৰে আৰবৰ সেই সকল নাৰীৰ ত্ৰানকৰ্তা ৰূপে অবতীৰ্ণ হৈছিল ?

আল কোৰআন খন অধ্যয়ন কৰিলেই আমি বুজিব পাৰো যে কোৰআনত কিদৰে চতুৰতাৰে আৰবত প্ৰচলিত দাস প্ৰথা পৰ্যায়ক্ৰমে বিলুপ্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। এটা আয়াত নাজিল কৰিয়েই হওঁতো আল্লাই এই কুপ্ৰথাৰ ওপৰত সম্পূৰ্ণ ভাবে নিষেধাজ্ঞা আৰোপ কৰিব পাৰিলে হেতেন কিন্তু তাকে নকৰি আল্লাই পৰ্য্যায়ক্ৰমে ইয়াক বিলুপ্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল কাৰন আৰবৰ সমাজত সেই সময়ত এই প্ৰথাই এনেদৰে শিপাইছিল যাক একে টানে উঘালি পেলোৱাটো হওঁতো সম্ভবপৰ বা ফলপ্ৰসূ নাছিল। ইচলাম অহাৰ পিছত মুছলমানে বজাৰৰ পৰা দাস ক্ৰয় কৰিব পাৰিছিল সচাঁ কিন্তু তাক মুক্ত কৰাৰ কাৰনে ,আকৌ বিক্ৰী কৰাৰ বাবে নহয়। দাসমুক্তি ইচলামৰ এক ইবাদত যাৰ কথা কোৰআনৰ বহু আয়াতত কোৱা হৈছে সেইবোৰ ইয়াত উল্লেখ কৰি আলোচনা দিঘলীয়া কৰাৰ প্ৰয়োজন নাই । আৰবত বিভিন্ন গোত্ৰৰ মাজত বিভিন্ন কাৰনত যুদ্ধ ইচলামৰ আবিৰ্ভাৱৰ আগতো হৈছিল। মানুহ আগতো মৰিছিল, যুদ্ধত কোনো পুৰুষৰ মৃত্যু হলে বিজয়ী পক্ষই মহিলা সকলক যুদ্ধবন্দী হিচাপে কৰায়ত্ব কৰি সেইসকল অসহায় নাৰীৰ ওপৰত কি দূৰ্বহ জীবন জাপি দিছিল তাক বৰ্ননা কৰি পোষ্ট দিঘলীয়া কৰাৰ দৰকাৰ নাই কিন্তু ইচলামত সেই যুদ্ধবন্দী মহিলা সকলক Right hand Possessor বুলি কৈ নিজৰ ঘৰত ৰাখি নিজ পত্নীৰ সমপৰ্যায়ৰ মৰ্য্যদা দিছিল। তেওঁলোকৰ গৰ্ভৰ পৰা জন্ম হোৱা সন্তানক নিজ সন্তানৰ মৰ্য্যদা দিছিল । সন্তান জন্ম লাভ কৰিলে মুক্তিৰ অধিকাৰ দিছিল ইচলামে। প্ৰাক ইচলামিক যুগত যুদ্ধবন্দী মহিলা সকলক বেশ্যাবৃত্তিত নিয়োগ কৰাৰ লগতে মুকলি ভাবে সেই সকল অসহায় নাৰীক মনোৰঞ্জনৰ আহিলা ৰূপে ব্যৱহাৰ কৰিছিল তাক বহলাই কোৱাৰ দৰকাৰ নাই আৰু ইচলামে স্পষ্ট ভাবে সেইবোৰ প্ৰথাৰ ওপৰত লেকাম লগাইছিল। বাকী বাদে দিয়ক আৰবৰ সেই সময়ৰ মুৰ্তিপূজক পাগান সকলে পবিত্ৰ কাবা ঘৰকো প্ৰাৰ্থনাৰ নামত নাৰীৰ উলংগ নৃত্যৰ ক্লাব ঘৰলৈ ৰূপান্তৰিত কৰি পেলাইছিল আৰু এইবোৰ অশ্লীলতাক বন্ধ কৰিছিল কোনে ? ইচলামে।

পবিত্ৰ কোৰআনত নাৰীক সম্পত্তি,শিক্ষাকে ধৰি বহু অধিকাৰ দিয়াৰ ঘোষনা কৰা হৈছে আৰু সমসাময়িক আৰবৰ ইতিহাসৰ ওপৰত গবেষনা কৰা বিখ্যাত গবেষক Professor William Montgomery Watt ৰ মতেও "Islam improved the status of women by "instituting rights of property ownership, inheritance, education and divorce".

No comments:

Post a Comment