Thursday, 20 July 2017

সনাতন ধৰ্ম হৈছে ইছলাম আৰু মানব জাতিৰ আদি পিতাৰ ধৰ্ম আছিল ইছলাম। লেখক - শ্বাহিদুল ইছলাম

          নিসন্দেহে 'এক অদৃশ্য আৰু অদ্বিতীয় ঈশ্বৰৰ উপাসনাই হৈছে মানব জাতিৰ সনাতন ধৰ্ম আৰু আৰু মানব জাতিৰ আদি পিতাই এই ধৰ্মকে মানি চলিছিল।            
মানব জাতিৰ আদি পিতা কোন ?

          হিন্দু ধৰ্ম মতে মানব জাতিৰ আদি পিতা হৈছে মনু (মনু/শ্বতৰুপা) আৰু মনুৰ পৰাই মানব জাতিৰ সৃষ্টি হৈছে। ইচলাম আৰু খৃষ্টান ধৰ্ম মতে আদি মানব হৈছে আদম। বাইবেলৰ আদম-ইভ আৰু কোৰআনৰ আদম-হাওৱাৰ কাহিনীৰ মাজত বিশেষ পাৰ্থক্য নাই একমাত্ৰ Original Sin তত্বৰ বাহিৰে। Original Sin মানে ইভে প্ৰথমতে নিষিদ্ধ ফল ভক্ষণ কৰিছিল কাৰনে বাইবেলৰ মতে সকলো পাপৰ বাবে দ্বায়ী নাৰী সকল, কোৰআনৰ মতে আদম হাবা উভয়ে দ্বায়ী। নাৰী-পূৰুষ উভয়ে নিজৰ নিজৰ কৰ্মৰ বাবে সতন্ত্ৰ ভাবে দ্বায়ী ।
          হিন্দু ধৰ্ম মতে যিহেতু মানব জাতিৰ আদি পিতা মনু গতিকে ধৰি লোৱা হল মনুৰ পৰাই হিন্দু ধৰ্মৰ উৎপত্তি যদিও মনুয়ে সনাতন বা হিন্দু ধৰ্ম মানি চলিছিল বুলি হিন্দু শাস্ত্ৰৰ কতো কোনো উল্লেখ নাই । ঠিক সেইদৰে খৃষ্টান ধৰ্ম মতে আদম হৈছে মানব জাতিৰ আদি পিতা কিন্তু আদমে যে খৃষ্টান ধৰ্ম মানি চলিছিল তাৰো কোনো উল্লেখ বাইবেলত পোৱা নাযায়। তাৰোপৰি আদম খৃষ্টান ধৰ্ম মতে কোনো নবী ৰছুল বা Prophet ও নহয় । হিব্ৰু ভাষাৰ বাইবেলৰ Genesis 20:7 ত আব্ৰাহামক প্ৰথম 'nabiy' বা Nabi (নবী) বুলি অভিহিত কৰা হৈছে। এই ফালৰ পৰা চালেওঁ আদম খৃষ্টান নাছিল। ইয়াৰ বিপৰীতে ইচলাম ধৰ্মৰ মতে আদম (আঃ) আছিল আল্লাহৰ প্ৰথম নবী যিজনে আল্লাহৰ দ্বাৰা প্ৰদত্ত দ্বীন বা ধৰ্ম 'এক নিৰাকাৰ ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা ধৰ্ম যাক চমুকৈ ইচলাম বুলি কব পাৰি তাকে মানি চলিছিল । ইয়াত বুজাৰ কাৰনে উনুকিয়াই থোৱা ভাল হব যে আদম ( আঃ) য়ে আল্লাই হজৰত মহম্মদ (ছঃ) দ্বাৰা প্ৰবৰ্তন কৰা দ্বীন বা ধৰ্মৰ শেহতীয়া সংস্কৰণ যিটো আজিৰ যুগৰ মুছলমানে মানি চলে সেয়া মানি নচলিলেওঁ, আল্লাহৰ প্ৰদত্ব ধৰ্ম "এক নিৰাকৰ ইশ্বৰৰ উপাসনা কৰা' যাক ইচলাম বুলি কোৱা হয় সেয়া মানি চলিছিল। ধৰ্ম এটাই কিন্তু যুগৰ লগত পদ্ধতিৰ সালসলনি কৰা হৈছে।

         সকলো ধৰ্ম মতে মহাপ্লাবন হৈছিল কিন্তু প্ৰশ্ন হয় মহাপ্লাবনৰ পাছৰ পৰাই মানুহৰ আৰাম্ভ নে তাৰ আগতো মানুহ আছিল?

          হিন্দু ধৰ্ম গ্ৰন্থ সতাপথ ব্ৰাহ্মনৰ মতে ব্ৰহ্মাৰ পুত্ৰ মনুৰ সময়তে পৃথিৱীত মহাপ্লাবন হৈছিল আৰু মহাপ্লাবনৰ পাছতে মনুৰ পৰাই পৃথিৱীত মানব জাতিয়ে বিস্তাৰ লাভ কৰে। গতিকে হিন্দু ধৰ্মৰ মতে মানুহৰ সৃষ্টি মহাপ্লাবনৰ পাছত হৈছিল আৰু তাৰ লগে লগে হিন্দু বা সনাতন ধৰ্মৰো হৈছিল বুলি কব পাৰি । খৃষ্টান ধৰ্ম বাইবেলৰ মতে নুহৰ সময়ত আৰু ইছলাম ধৰ্মৰ কোৰআনৰ মতেওঁ নুহ (আঃ) সময়ত মহাপ্লাবন হৈছিল। আদমৰ দৰে বাইবেলৰ নুহ খৃষ্টান বা খৃষ্টান ধৰ্মৰ কোনো প্ৰফেট আছিল বুলি বাইবেলত কতো কোৱা হোৱা নাই কিন্তু ইচলাম ধৰ্ম মতে নুহ (আঃ) আছিল আল্লাহৰ তৃতীয় প্ৰফেট আৰু যিজনে আল্লাহৰ প্ৰদত্ব দ্বীন বা ধৰ্ম "এক অদৃশ্য আৰু অদ্বিতীয় ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা" অৰ্থাৎ ইচলাম অনুসৰণ কৰিছিল মহাপ্লাবনৰ সময়ত নুহ (আঃ) নিৰ্মাণ কৰা বৃহৎ নৌকা বা Noah's Ark তুৰস্কৰ কোনোৱা পৰ্বতৰ চুড়াত আবিস্কৃত হোৱা বুলি বহুতে দাবী কৰে। পৃথিৱীত মহাপ্লাবন এবাৰেই হৈছিল বুলি বৈজ্ঞানিক ভাবে প্ৰমানিত হৈছে গতিকে মনুয়ে নুহ আৰু নুহে মনু হয় বুলি আমি অনুমান কৰিব পাৰো কিন্তু ইয়াত লক্ষ্য কৰিব লগা বিষয়টো হৈছে হিন্দু ধৰ্মৰ মতে মহাপ্লাবনৰ আগত মানুহ নাছিল গতিকে ধৰ্মও নাছিল, সনাতন বা হিন্দু ধৰ্ম থকাটো দুৰৰ কথা । কিন্তু খৃষ্টান আৰু ইছলামৰ মতে মহাপ্লাবনৰ আগতো মানুহ আছিল । কোৰআনত নুহ (আঃ) ৰ পূৰ্ববৰ্তী প্ৰফেট সকলৰ নাম প্ৰযন্ত স্পষ্ট ভাবে উল্লেখ আছে আৰু নুহ (আঃ) পূৰ্ববৰ্তী প্ৰফেট কেইজন হৈছে আদম (আঃ) আৰু ইদ্ৰিছ (আঃ)।

          মুঠতে হিন্দু ধৰ্ম মতে মনুৰ আগত মানুহৰ সৃষ্টি হোৱা নাছিল ধৰ্ম সৃষ্টি হোৱা দুৰৰ কথা, খৃষ্টান আৰু ইছলামৰ মতে নুহ বা মনুৰ আগতো মানুহ আছিল কিন্তু খৃষ্টান ধৰ্মই তেওঁলোক খৃষ্টান আছিল বুলি দাবী নকৰে কিন্তু ইচলামৰ মতে তেওঁলোকৰ দ্বীন বা ধৰ্ম আছিল "এক অদৃশ্য ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা" অৰ্থাৎ ইচলাম।

          গতিকে সকলো ধৰ্মৰ তত্বৰ তুলনামূলক বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হয় যে সনাতন ধৰ্ম হল "এক অদৃশ্য আৰু অদ্বিতীয় ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা" অৰ্থাৎ ইচলাম।

          গতিকে ইয়াৰ দ্বাৰা প্ৰমান হয় যে সনাতন ধৰ্ম হৈছে "এক অদৃশ্য আৰু অদ্বিতীয় ঈশ্বৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি এক ইশ্বৰৰ উপাসনা কৰা" অৰ্থাৎ ইচলাম।

7 comments:

  1. ক্ৰমবিকাশৰ সুত্ৰহে আচল। এনে ভিত্তিহীন কথা লিখি মানুহক বিপথে পৰিচালিত নকৰিব।

    ReplyDelete
    Replies
    1. সনাতন ধৰ্ম কৰ্ম হিন্দু ধৰ্ম,প্ৰাচীন ইছলাম ধৰ্ম 1700 কিমান sonot আহিছে,প্ৰাচীন কালৰ পৰাই হিন্দু ধৰ্ম আছে,মহাভাৰত,ৰামায়ণ,উদাহৰণ, সত্য যুগৰ পৰাই বাৰমিন সকলেই যাগ joigo পূজা পাতল কৰি আহিছে,মিছাঁকে মানুহক ভুল নকব যদি একো আগ গুৰি নাজানিলে।মূৰ্খ পণ্ডিত হব নাহিব

      Delete
  2. ধৰ্ম মানুহ সৃষ্টি হোৱাৰ পিছত সৃষ্টি হৈছে। সেয়েহে ধৰ্মই নিৰ্ধাৰণ নকৰে মানব কোনে স্ৰজিলে।

    ReplyDelete
  3. কোন পগলাই লিখিছে এইটো যে সনাতন অৰ্থাৎ ইচলাম।মই কও সনাতন সনাতনেই হয়। হিন্দু,ইচলাম,খৃষ্টান ইত্যাদিতকৈ সনাতন একেবাৰে সুকীয়া।হিন্দু আৰু সনাতনো একে নহয়।হিন্দুএটি জাতি আৰু সনাতন হৈছে ধৰ্ম ।ভাৰত বা হিন্দুস্থানত বসবাস কৰা সকলোৱে হিন্দু কিন্তু সনাতন নহয়। সনাতন হবলৈ হ'লে সনাতনী নীতি বিধান মানি চলিব লাগিব । মই আকৌ কও হিন্দু জাতি আৰু সনাতন হৈছে ধৰ্ম ।

    ReplyDelete
  4. কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী বুলি দাবী কৰে আৰু লুট কৰা মালৰ উপৰত 20% কমিছন খাই,সেইজন ভগৱান হোৱাৰ যোগ্য নাই দেই আৰু ধৰ্মৰ লগত Religionক একাকাৰ নকৰিব ।

    ReplyDelete
  5. পৃথিৱীৰ প্ৰথম মানৱ আদম আঃ ছঃ, গতিকে ইছলাম ধৰ্মৰ লোক আদম আঃ ছঃ নবী হিচাপে মাণি আহিছে। ইয়াৰ পৰা বুজিব পাৰি প্ৰথম ধৰ্ম ইছলাম।

    ReplyDelete